বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপঃ প্ৰধানমন্ত্ৰী

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

শক্তিশালী আন্তঃগাঁথনিক সমগ্ৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিকাশক চালিত কৰা এটা প্ৰধান কাৰক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে ই প্ৰতিখন দেশতে উল্লেখযোগ্য অগ্ৰগতি আৰু উন্নয়ন সাধন কৰিছে, আন্তঃগাঁথনিৰ অগ্ৰগতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতেও এই পথত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন অঞ্চলত নতুনকৈ বন্দে ভাৰত ৰেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। বেনাৰস–খাজুৰাহো বন্দে ভাৰতৰ উপৰিও তেওঁ ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত, লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰত আৰু এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰতৰ ফ্লেগ-অফ কৰে। এই চাৰিখন নতুন ৰেলৰ জৰিয়তে এতিয়া দেশত মুঠ কাৰ্য্যক্ষম বন্দে ভাৰত ৰেলৰ সংখ্যাই ১৬০ খন অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীবাসী আৰু ভাৰতৰ সকলো নাগৰিকলৈ এই ৰেলসমূহ মুকলিৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

“বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰৰ বাবে এয়া এক ব্যাপক অভিযান। তেওঁ বন্দে ভাৰতক ভাৰতীয়ৰ বাবে, ভাৰতীয়ৰ দ্বাৰা আৰু ভাৰতীয়ৰ এখন ৰেল বুলি অভিহিত কৰে—যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তোলে। তেওঁ উল্লেখ কৰে যে বন্দে ভাৰতক দেখি বিদেশী যাত্ৰীসকলো আচৰিত হৈ পৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছে।

ভাৰতত যুগ-যুগ ধৰি তীৰ্থযাত্ৰাক ৰাষ্ট্ৰীয় চেতনাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই যাত্ৰাসমূহ কেৱল ঐশ্বৰিক দৰ্শনৰ পথ নহয়, বৰঞ্চ ভাৰতৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰা পবিত্ৰ পৰম্পৰা। তেওঁ প্ৰয়াগৰাজ, অযোধ্যা, হৰিদ্বাৰ, চিত্ৰকূট, কুৰুক্ষেত্ৰক ৰাষ্ট্ৰৰ ঐতিহ্যৰ আধ্যাত্মিক কেন্দ্ৰ হিচাপে অভিহিত কৰে। “পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

ভাৰতত তীৰ্থযাত্ৰাৰ সততে অৱহেলিত অৰ্থনৈতিক মাত্ৰাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত উত্তৰ প্ৰদেশৰ উন্নয়নমূলক পদক্ষেপে তীৰ্থযাত্ৰাক এক নতুন স্তৰলৈ উন্নীত কৰিছে। কেৱল যোৱা বছৰ বাবা বিশ্বনাথৰ দৰ্শনৰ বাবে ১১ কোটি ভক্তই বাৰাণসী ভ্ৰমণ কৰিছিল। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পিছৰে পৰা ৬ কোটিৰো অধিক লোক ৰাম ললাৰ মন্দিৰত উপস্থিত হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই তীৰ্থযাত্ৰীসকলে উত্তৰ প্ৰদেশৰ অৰ্থনীতিত হাজাৰ-হাজাৰ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। তেওঁ মন্তব্য কৰে যে এই প্ৰবাহে ৰাজ্যজুৰি হোটেল, ব্যৱসায়ী, পৰিবহণ কোম্পানী, স্থানীয় শিল্পী আৰু নাও পৰিচালকসকলক স্থায়ী উপাৰ্জনৰ সুযোগ প্ৰদান কৰিছে। ফলত বাৰাণসীৰ শ-শ যুৱকে এতিয়া নতুন উদ্যোগ আৰম্ভ কৰিছে— পৰিবহণ সেৱাৰ পৰা আৰম্ভ কৰি বেনাৰসী শাৰীৰ ব্যৱসায়লৈকে। তেওঁ দৃঢ়তাৰে কয় যে এই উন্নয়নসমূহে উত্তৰ প্ৰদেশ আৰু বাৰাণসীত সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উন্নত বাৰাণসীৰ জৰিয়তে উন্নত ভাৰতৰ মন্ত্ৰ বাস্তৱায়িত কৰিবলৈ মহানগৰীত নিৰন্তৰ আন্তঃগাঁথনি উন্নয়নৰ কাম অব্যাহত আছে। তেওঁ কয় যে বাৰাণসী গুণগত চিকিৎসালয়, উন্নত পথ, গেছ পাইপলাইন নেটৱৰ্ক আৰু ইন্টাৰনেট সংযোগ স্থাপন, সম্প্ৰসাৰণ আৰু গুণগত অগ্ৰগতিৰ সাক্ষী হৈছে। তেওঁ উল্লেখ কৰে যে ৰ’পৱে’ প্ৰকল্পত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে। গঞ্জাৰি আৰু চিগ্ৰা ষ্টেডিয়ামৰ দৰে ক্ৰীড়া আন্তঃগাঁথনিও স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বেনাৰস ভ্ৰমণ, বাস কৰা, অভিজ্ঞতা লাভ কৰাটো সকলোৰে বাবে এক বিশেষ অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

বাৰাণসীত স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ১০–১১ বছৰৰ আগৰ পৰিস্থিতিৰ কথা স্মৰণ কৰে। গুৰুতৰ ৰোগৰ ক্ষেত্ৰত বিকল্প নাছিল আৰু ৰোগীৰ সংখ্যা অতি বেছি হোৱাৰ বাবে বহুতে ৰাতিটো অপেক্ষা কৰিও চিকিৎসা লাভ কৰিব পৰা নাছিল। কেন্সাৰৰ দৰে ৰোগৰ বাবে জনসাধাৰণে মাটি-বাৰী বিক্ৰী কৰি মুম্বাইত চিকিৎসা বিচাৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে এই উদ্বেগসমূহ হ্ৰাস কৰাৰ বাবে কাম কৰিছে। তেওঁ কেন্সাৰৰ চিকিৎসাৰ বাবে মহামনা কেন্সাৰ হাস্পতাল, চকুৰ যত্নৰ বাবে শংকৰ নেত্ৰালয়, বিএইচইউ-ৰ এডভান্স ট্ৰমা চেন্টাৰ আৰু চেন্টেনাৰী হাস্পতাল, পাণ্ডেপুৰৰ ডিভিজনেল হাস্পতালক বাৰাণসী, পূৰ্বাঞ্চল আৰু চুবুৰীয়া ৰাজ্যৰ বাবে আশীৰ্বাদ হৈ পৰা প্ৰতিষ্ঠান হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে এই চিকিৎসালয়সমূহত আয়ুষ্মান ভাৰত আৰু জন ঔষধি কেন্দ্ৰৰ বাবে লাখ-লাখ দৰিদ্ৰ ৰোগীয়ে কোটি-কোটি টকা সঞ্চয় কৰি আছে। ইয়াৰ ফলত জনসাধাৰণৰ উদ্বিগ্নতা দূৰ হোৱাই নহয়, সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্যৰ ৰাজধানী হিচাপেও বাৰাণসীয়ে স্বীকৃতি লাভ কৰিছে।

বাৰাণসীৰ উন্নয়নৰ গতি আৰু শক্তি অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

শ্ৰী মোদীয়ে ফ্লেগ-অফ অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হোৱা সম্পৰ্কেও উল্লেখ কৰে। বন্দে ভাৰত ৰেল মুকলিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰাটো এক পৰম্পৰা কৰি তোলাৰ বাবে শ্ৰী অশ্বিনী বৈষ্ণৱক প্ৰশংসা কৰে। বিকশিত ভাৰত, বিকশিত কাশী, সুৰক্ষিত ভাৰত আদি বিভিন্ন বিষয়বস্তুৰ আধাৰত প্রতিযোগিতাত উপস্থাপন কৰা চিত্ৰ আৰু কবিতাৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰে। লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকসকলক আগবঢ়োৱা সহায়, পথ প্ৰদৰ্শন আৰু উৎসাহৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ উপৰিও শিশু সাহিত্য সভাৰ আয়োজন কৰাৰ ধাৰণা আগবঢ়ায়।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সুৰেশ গোপী, শ্ৰী জৰ্জ কুৰিয়ান, শ্ৰী ৰৱনীত সিং বিট্টুকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্য্যসূচীত ভাগ লয়।

পটভূমি

৪ খন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ কাৰ্য্যই বিশ্বমানৰ ৰেল সেৱাৰ জৰিয়তে নাগৰিকসকলক সহজ, দ্ৰুত আৰু আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বেনাৰস–খাজুৰাহো, লক্ষ্ণৌ–চাহাৰানপুৰ, ফিৰোজপুৰ–দিল্লী আৰু এৰ্নাকুলাম–বেংগালুৰু পথত এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলসমূহ চলিব। প্ৰধান গন্তব্যস্থানসমূহৰ মাজত যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰি এই ৰেলসমূহে আঞ্চলিক গতিশীলতা বৃদ্ধি কৰিব, পৰ্যটনক প্ৰসাৰিত কৰিব আৰু সমগ্ৰ দেশতে অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব।

 

এই পথত বেনাৰস–খাজুৰাহো বন্দে ভাৰতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰি বৰ্তমান চলি থকা বিশেষ ৰেলৰ তুলনাত প্ৰায় ২ ঘন্টা ৪০ মিনিট সময় ৰাহি কৰিব। বেনাৰস–খাজুৰাহো বন্দে ভাৰত এক্সপ্ৰেছে বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট আৰু খাজুৰাহোকে ধৰি ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক গন্তব্যস্থানক সংযোগ কৰিব। এই সংযোগে কেৱল ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনক শক্তিশালী কৰাই নহয়, তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকলক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ খাজুৰাহোলৈ দ্ৰুত, আধুনিক আৰু আৰামদায়ক যাত্ৰাও প্ৰদান কৰিব।

লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰতে প্ৰায় ৭ ঘন্টা ৪৫ মিনিটত এই যাত্ৰা সামৰি ল’ব, যাৰ ফলত প্ৰায় ১ ঘন্টা ৰাহি হ’ব। লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে লক্ষ্ণৌ, সীতাপুৰ, শ্বাহজাহানপুৰ, বৰেলী, মোৰাদাবাদ, বিজনোৰ আৰু চাহাৰানপুৰৰ যাত্ৰীসকল যথেষ্ট উপকৃত হোৱাৰ লগতে ৰুৰকী হৈ পবিত্ৰ চহৰ হৰিদ্বাৰলৈ যোৱাৰ সুবিধাও উন্নত হ’ব। সমগ্ৰ মধ্য আৰু পশ্চিম উত্তৰ প্ৰদেশত আন্তঃচহৰীয়া ভ্ৰমণ সুচল আৰু দ্ৰুতগতিত নিশ্চিত কৰি এই সেৱাই সংযোগ আৰু আঞ্চলিক উন্নয়ন বৃদ্ধিত মূল ভূমিকা পালন কৰিব।

 

ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত এই পথৰ আটাইতকৈ দ্ৰুততম ৰেল হ’ব, মাত্ৰ ৬ ঘন্টা ৪০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত এক্সপ্ৰেছে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ফিৰোজপুৰ, বাথিণ্ডা আৰু পাটিয়ালাকে ধৰি পঞ্জাৱৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ মাজত সংযোগ শক্তিশালী কৰিব। এই ৰেলে বাণিজ্য, পৰ্যটন আৰু নিয়োগৰ সুযোগ বৃদ্ধি কৰিব, সীমান্ত অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব আৰু ৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংহতি লাভ কৰিব বুলি আশা কৰা হৈছে।

দক্ষিণ ভাৰতত এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰতে যাত্ৰাৰ সময় ২ ঘন্টাৰো অধিক হ্ৰাস কৰি ৮ ঘন্টা ৪০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছে প্ৰধান আই টি আৰু বাণিজ্যিক কেন্দ্ৰসমূহ সংযোগ কৰিব, পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকসকলক দ্ৰুত আৰু অধিক আৰামদায়ক ভ্ৰমণ বিকল্প প্ৰদান কৰিব। এই পথটোৱে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ মাজত অধিক অৰ্থনৈতিক কাৰ্য্যকলাপ আৰু পৰ্যটনক প্ৰসাৰিত কৰিব, যিয়ে আঞ্চলিক বৃদ্ধি আৰু সহযোগিতাত সহায় কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi

Media Coverage

Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India–Russia friendship has remained steadfast like the Pole Star: PM Modi during the joint press meet with Russian President Putin
December 05, 2025

Your Excellency, My Friend, राष्ट्रपति पुतिन,
दोनों देशों के delegates,
मीडिया के साथियों,
नमस्कार!
"दोबरी देन"!

आज भारत और रूस के तेईसवें शिखर सम्मेलन में राष्ट्रपति पुतिन का स्वागत करते हुए मुझे बहुत खुशी हो रही है। उनकी यात्रा ऐसे समय हो रही है जब हमारे द्विपक्षीय संबंध कई ऐतिहासिक milestones के दौर से गुजर रहे हैं। ठीक 25 वर्ष पहले राष्ट्रपति पुतिन ने हमारी Strategic Partnership की नींव रखी थी। 15 वर्ष पहले 2010 में हमारी साझेदारी को "Special and Privileged Strategic Partnership” का दर्जा मिला।

पिछले ढाई दशक से उन्होंने अपने नेतृत्व और दूरदृष्टि से इन संबंधों को निरंतर सींचा है। हर परिस्थिति में उनके नेतृत्व ने आपसी संबंधों को नई ऊंचाई दी है। भारत के प्रति इस गहरी मित्रता और अटूट प्रतिबद्धता के लिए मैं राष्ट्रपति पुतिन का, मेरे मित्र का, हृदय से आभार व्यक्त करता हूँ।

Friends,

पिछले आठ दशकों में विश्व में अनेक उतार चढ़ाव आए हैं। मानवता को अनेक चुनौतियों और संकटों से गुज़रना पड़ा है। और इन सबके बीच भी भारत–रूस मित्रता एक ध्रुव तारे की तरह बनी रही है।परस्पर सम्मान और गहरे विश्वास पर टिके ये संबंध समय की हर कसौटी पर हमेशा खरे उतरे हैं। आज हमने इस नींव को और मजबूत करने के लिए सहयोग के सभी पहलुओं पर चर्चा की। आर्थिक सहयोग को नई ऊँचाइयों पर ले जाना हमारी साझा प्राथमिकता है। इसे साकार करने के लिए आज हमने 2030 तक के लिए एक Economic Cooperation प्रोग्राम पर सहमति बनाई है। इससे हमारा व्यापार और निवेश diversified, balanced, और sustainable बनेगा, और सहयोग के क्षेत्रों में नए आयाम भी जुड़ेंगे।

आज राष्ट्रपति पुतिन और मुझे India–Russia Business Forum में शामिल होने का अवसर मिलेगा। मुझे पूरा विश्वास है कि ये मंच हमारे business संबंधों को नई ताकत देगा। इससे export, co-production और co-innovation के नए दरवाजे भी खुलेंगे।

दोनों पक्ष यूरेशियन इकॉनॉमिक यूनियन के साथ FTA के शीघ्र समापन के लिए प्रयास कर रहे हैं। कृषि और Fertilisers के क्षेत्र में हमारा करीबी सहयोग,food सिक्युरिटी और किसान कल्याण के लिए महत्वपूर्ण है। मुझे खुशी है कि इसे आगे बढ़ाते हुए अब दोनों पक्ष साथ मिलकर यूरिया उत्पादन के प्रयास कर रहे हैं।

Friends,

दोनों देशों के बीच connectivity बढ़ाना हमारी मुख्य प्राथमिकता है। हम INSTC, Northern Sea Route, चेन्नई - व्लादिवोस्टोक Corridors पर नई ऊर्जा के साथ आगे बढ़ेंगे। मुजे खुशी है कि अब हम भारत के seafarersकी polar waters में ट्रेनिंग के लिए सहयोग करेंगे। यह आर्कटिक में हमारे सहयोग को नई ताकत तो देगा ही, साथ ही इससे भारत के युवाओं के लिए रोजगार के नए अवसर बनेंगे।

उसी प्रकार से Shipbuilding में हमारा गहरा सहयोग Make in India को सशक्त बनाने का सामर्थ्य रखता है। यह हमारेwin-win सहयोग का एक और उत्तम उदाहरण है, जिससे jobs, skills और regional connectivity – सभी को बल मिलेगा।

ऊर्जा सुरक्षा भारत–रूस साझेदारी का मजबूत और महत्वपूर्ण स्तंभ रहा है। Civil Nuclear Energy के क्षेत्र में हमारा दशकों पुराना सहयोग, Clean Energy की हमारी साझा प्राथमिकताओं को सार्थक बनाने में महत्वपूर्ण रहा है। हम इस win-win सहयोग को जारी रखेंगे।

Critical Minerals में हमारा सहयोग पूरे विश्व में secure और diversified supply chains सुनिश्चित करने के लिए महत्वपूर्ण है। इससे clean energy, high-tech manufacturing और new age industries में हमारी साझेदारी को ठोस समर्थन मिलेगा।

Friends,

भारत और रूस के संबंधों में हमारे सांस्कृतिक सहयोग और people-to-people ties का विशेष महत्व रहा है। दशकों से दोनों देशों के लोगों में एक-दूसरे के प्रति स्नेह, सम्मान, और आत्मीयताका भाव रहा है। इन संबंधों को और मजबूत करने के लिए हमने कई नए कदम उठाए हैं।

हाल ही में रूस में भारत के दो नए Consulates खोले गए हैं। इससे दोनों देशों के नागरिकों के बीच संपर्क और सुगम होगा, और आपसी नज़दीकियाँ बढ़ेंगी। इस वर्ष अक्टूबर में लाखों श्रद्धालुओं को "काल्मिकिया” में International Buddhist Forum मे भगवान बुद्ध के पवित्र अवशेषों का आशीर्वाद मिला।

मुझे खुशी है कि शीघ्र ही हम रूसी नागरिकों के लिए निशुल्क 30 day e-tourist visa और 30-day Group Tourist Visa की शुरुआत करने जा रहे हैं।

Manpower Mobility हमारे लोगों को जोड़ने के साथ-साथ दोनों देशों के लिए नई ताकत और नए अवसर create करेगी। मुझे खुशी है इसे बढ़ावा देने के लिए आज दो समझौतेकिए गए हैं। हम मिलकर vocational education, skilling और training पर भी काम करेंगे। हम दोनों देशों के students, scholars और खिलाड़ियों का आदान-प्रदान भी बढ़ाएंगे।

Friends,

आज हमने क्षेत्रीय और वैश्विक मुद्दों पर भी चर्चा की। यूक्रेन के संबंध में भारत ने शुरुआत से शांति का पक्ष रखा है। हम इस विषय के शांतिपूर्ण और स्थाई समाधान के लिए किए जा रहे सभी प्रयासों का स्वागत करते हैं। भारत सदैव अपना योगदान देने के लिए तैयार रहा है और आगे भी रहेगा।

आतंकवाद के विरुद्ध लड़ाई में भारत और रूस ने लंबे समय से कंधे से कंधा मिलाकर सहयोग किया है। पहलगाम में हुआ आतंकी हमला हो या क्रोकस City Hall पर किया गया कायरतापूर्ण आघात — इन सभी घटनाओं की जड़ एक ही है। भारत का अटल विश्वास है कि आतंकवाद मानवता के मूल्यों पर सीधा प्रहार है और इसके विरुद्ध वैश्विक एकता ही हमारी सबसे बड़ी ताक़त है।

भारत और रूस के बीच UN, G20, BRICS, SCO तथा अन्य मंचों पर करीबी सहयोग रहा है। करीबी तालमेल के साथ आगे बढ़ते हुए, हम इन सभी मंचों पर अपना संवाद और सहयोग जारी रखेंगे।

Excellency,

मुझे पूरा विश्वास है कि आने वाले समय में हमारी मित्रता हमें global challenges का सामना करने की शक्ति देगी — और यही भरोसा हमारे साझा भविष्य को और समृद्ध करेगा।

मैं एक बार फिर आपको और आपके पूरे delegation को भारत यात्रा के लिए बहुत बहुत धन्यवाद देता हूँ।