বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছেঃ প্ৰধানমন্ত্ৰী
পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপঃ প্ৰধানমন্ত্ৰী

ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

শক্তিশালী আন্তঃগাঁথনিক সমগ্ৰ বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিকাশক চালিত কৰা এটা প্ৰধান কাৰক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে ই প্ৰতিখন দেশতে উল্লেখযোগ্য অগ্ৰগতি আৰু উন্নয়ন সাধন কৰিছে, আন্তঃগাঁথনিৰ অগ্ৰগতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতেও এই পথত দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন অঞ্চলত নতুনকৈ বন্দে ভাৰত ৰেল আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। বেনাৰস–খাজুৰাহো বন্দে ভাৰতৰ উপৰিও তেওঁ ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত, লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰত আৰু এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰতৰ ফ্লেগ-অফ কৰে। এই চাৰিখন নতুন ৰেলৰ জৰিয়তে এতিয়া দেশত মুঠ কাৰ্য্যক্ষম বন্দে ভাৰত ৰেলৰ সংখ্যাই ১৬০ খন অতিক্ৰম কৰিছে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীবাসী আৰু ভাৰতৰ সকলো নাগৰিকলৈ এই ৰেলসমূহ মুকলিৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

 

“বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰতৰ দৰে ৰেলে ভাৰতীয় ৰেলৱেৰ পৰৱৰ্তী প্ৰজন্মৰ ভেটি স্থাপন কৰিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰেলৱেৰ ৰূপান্তৰৰ বাবে এয়া এক ব্যাপক অভিযান। তেওঁ বন্দে ভাৰতক ভাৰতীয়ৰ বাবে, ভাৰতীয়ৰ দ্বাৰা আৰু ভাৰতীয়ৰ এখন ৰেল বুলি অভিহিত কৰে—যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱেৰে ভৰাই তোলে। তেওঁ উল্লেখ কৰে যে বন্দে ভাৰতক দেখি বিদেশী যাত্ৰীসকলো আচৰিত হৈ পৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতে এখনি উন্নত ভাৰতৰ বাবে নিজৰ সম্পদ বৃদ্ধিৰ অভিযান আৰম্ভ কৰিছে আৰু এই ৰেলসমূহ সেই যাত্ৰাৰ মাইলৰ খুঁটি হ’বলৈ সাজু হৈছে।

ভাৰতত যুগ-যুগ ধৰি তীৰ্থযাত্ৰাক ৰাষ্ট্ৰীয় চেতনাৰ মাধ্যম হিচাপে গণ্য কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই যাত্ৰাসমূহ কেৱল ঐশ্বৰিক দৰ্শনৰ পথ নহয়, বৰঞ্চ ভাৰতৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰা পবিত্ৰ পৰম্পৰা। তেওঁ প্ৰয়াগৰাজ, অযোধ্যা, হৰিদ্বাৰ, চিত্ৰকূট, কুৰুক্ষেত্ৰক ৰাষ্ট্ৰৰ ঐতিহ্যৰ আধ্যাত্মিক কেন্দ্ৰ হিচাপে অভিহিত কৰে। “পবিত্ৰ তীৰ্থস্থানসমূহক এতিয়া বন্দে ভাৰত নেটৱৰ্কৰ জৰিয়তে সংযোগ কৰা হৈছে, যিয়ে ভাৰতৰ সংস্কৃতি, বিশ্বাস আৰু উন্নয়ন যাত্ৰাৰ অভিসৰণক সূচিত কৰিছে; এয়া ঐতিহ্যমণ্ডিত চহৰসমূহক ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতীকলৈ ৰূপান্তৰিতকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

ভাৰতত তীৰ্থযাত্ৰাৰ সততে অৱহেলিত অৰ্থনৈতিক মাত্ৰাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত উত্তৰ প্ৰদেশৰ উন্নয়নমূলক পদক্ষেপে তীৰ্থযাত্ৰাক এক নতুন স্তৰলৈ উন্নীত কৰিছে। কেৱল যোৱা বছৰ বাবা বিশ্বনাথৰ দৰ্শনৰ বাবে ১১ কোটি ভক্তই বাৰাণসী ভ্ৰমণ কৰিছিল। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ পিছৰে পৰা ৬ কোটিৰো অধিক লোক ৰাম ললাৰ মন্দিৰত উপস্থিত হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই তীৰ্থযাত্ৰীসকলে উত্তৰ প্ৰদেশৰ অৰ্থনীতিত হাজাৰ-হাজাৰ কোটি টকাৰ বৰঙণি আগবঢ়াইছে। তেওঁ মন্তব্য কৰে যে এই প্ৰবাহে ৰাজ্যজুৰি হোটেল, ব্যৱসায়ী, পৰিবহণ কোম্পানী, স্থানীয় শিল্পী আৰু নাও পৰিচালকসকলক স্থায়ী উপাৰ্জনৰ সুযোগ প্ৰদান কৰিছে। ফলত বাৰাণসীৰ শ-শ যুৱকে এতিয়া নতুন উদ্যোগ আৰম্ভ কৰিছে— পৰিবহণ সেৱাৰ পৰা আৰম্ভ কৰি বেনাৰসী শাৰীৰ ব্যৱসায়লৈকে। তেওঁ দৃঢ়তাৰে কয় যে এই উন্নয়নসমূহে উত্তৰ প্ৰদেশ আৰু বাৰাণসীত সমৃদ্ধিৰ দুৱাৰ মুকলি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উন্নত বাৰাণসীৰ জৰিয়তে উন্নত ভাৰতৰ মন্ত্ৰ বাস্তৱায়িত কৰিবলৈ মহানগৰীত নিৰন্তৰ আন্তঃগাঁথনি উন্নয়নৰ কাম অব্যাহত আছে। তেওঁ কয় যে বাৰাণসী গুণগত চিকিৎসালয়, উন্নত পথ, গেছ পাইপলাইন নেটৱৰ্ক আৰু ইন্টাৰনেট সংযোগ স্থাপন, সম্প্ৰসাৰণ আৰু গুণগত অগ্ৰগতিৰ সাক্ষী হৈছে। তেওঁ উল্লেখ কৰে যে ৰ’পৱে’ প্ৰকল্পত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে। গঞ্জাৰি আৰু চিগ্ৰা ষ্টেডিয়ামৰ দৰে ক্ৰীড়া আন্তঃগাঁথনিও স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বেনাৰস ভ্ৰমণ, বাস কৰা, অভিজ্ঞতা লাভ কৰাটো সকলোৰে বাবে এক বিশেষ অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

 

বাৰাণসীত স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধনৰ বাবে চৰকাৰে ধাৰাবাহিকভাৱে কাম কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ১০–১১ বছৰৰ আগৰ পৰিস্থিতিৰ কথা স্মৰণ কৰে। গুৰুতৰ ৰোগৰ ক্ষেত্ৰত বিকল্প নাছিল আৰু ৰোগীৰ সংখ্যা অতি বেছি হোৱাৰ বাবে বহুতে ৰাতিটো অপেক্ষা কৰিও চিকিৎসা লাভ কৰিব পৰা নাছিল। কেন্সাৰৰ দৰে ৰোগৰ বাবে জনসাধাৰণে মাটি-বাৰী বিক্ৰী কৰি মুম্বাইত চিকিৎসা বিচাৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে এই উদ্বেগসমূহ হ্ৰাস কৰাৰ বাবে কাম কৰিছে। তেওঁ কেন্সাৰৰ চিকিৎসাৰ বাবে মহামনা কেন্সাৰ হাস্পতাল, চকুৰ যত্নৰ বাবে শংকৰ নেত্ৰালয়, বিএইচইউ-ৰ এডভান্স ট্ৰমা চেন্টাৰ আৰু চেন্টেনাৰী হাস্পতাল, পাণ্ডেপুৰৰ ডিভিজনেল হাস্পতালক বাৰাণসী, পূৰ্বাঞ্চল আৰু চুবুৰীয়া ৰাজ্যৰ বাবে আশীৰ্বাদ হৈ পৰা প্ৰতিষ্ঠান হিচাপে অভিহিত কৰে। তেওঁ লগতে কয় যে এই চিকিৎসালয়সমূহত আয়ুষ্মান ভাৰত আৰু জন ঔষধি কেন্দ্ৰৰ বাবে লাখ-লাখ দৰিদ্ৰ ৰোগীয়ে কোটি-কোটি টকা সঞ্চয় কৰি আছে। ইয়াৰ ফলত জনসাধাৰণৰ উদ্বিগ্নতা দূৰ হোৱাই নহয়, সমগ্ৰ অঞ্চলটোৰ স্বাস্থ্যৰ ৰাজধানী হিচাপেও বাৰাণসীয়ে স্বীকৃতি লাভ কৰিছে।

বাৰাণসীৰ উন্নয়নৰ গতি আৰু শক্তি অক্ষুণ্ণ ৰখাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

শ্ৰী মোদীয়ে ফ্লেগ-অফ অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলিত হোৱা সম্পৰ্কেও উল্লেখ কৰে। বন্দে ভাৰত ৰেল মুকলিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ ব্যৱস্থা কৰাটো এক পৰম্পৰা কৰি তোলাৰ বাবে শ্ৰী অশ্বিনী বৈষ্ণৱক প্ৰশংসা কৰে। বিকশিত ভাৰত, বিকশিত কাশী, সুৰক্ষিত ভাৰত আদি বিভিন্ন বিষয়বস্তুৰ আধাৰত প্রতিযোগিতাত উপস্থাপন কৰা চিত্ৰ আৰু কবিতাৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসা কৰে। লগতে তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকসকলক আগবঢ়োৱা সহায়, পথ প্ৰদৰ্শন আৰু উৎসাহৰ বাবে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ উপৰিও শিশু সাহিত্য সভাৰ আয়োজন কৰাৰ ধাৰণা আগবঢ়ায়।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সুৰেশ গোপী, শ্ৰী জৰ্জ কুৰিয়ান, শ্ৰী ৰৱনীত সিং বিট্টুকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই কাৰ্য্যসূচীত ভাগ লয়।

পটভূমি

৪ খন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ কাৰ্য্যই বিশ্বমানৰ ৰেল সেৱাৰ জৰিয়তে নাগৰিকসকলক সহজ, দ্ৰুত আৰু আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ আন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। বেনাৰস–খাজুৰাহো, লক্ষ্ণৌ–চাহাৰানপুৰ, ফিৰোজপুৰ–দিল্লী আৰু এৰ্নাকুলাম–বেংগালুৰু পথত এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলসমূহ চলিব। প্ৰধান গন্তব্যস্থানসমূহৰ মাজত যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰি এই ৰেলসমূহে আঞ্চলিক গতিশীলতা বৃদ্ধি কৰিব, পৰ্যটনক প্ৰসাৰিত কৰিব আৰু সমগ্ৰ দেশতে অৰ্থনৈতিক কাৰ্যকলাপত সহায় কৰিব।

 

এই পথত বেনাৰস–খাজুৰাহো বন্দে ভাৰতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰি বৰ্তমান চলি থকা বিশেষ ৰেলৰ তুলনাত প্ৰায় ২ ঘন্টা ৪০ মিনিট সময় ৰাহি কৰিব। বেনাৰস–খাজুৰাহো বন্দে ভাৰত এক্সপ্ৰেছে বাৰাণসী, প্ৰয়াগৰাজ, চিত্ৰকূট আৰু খাজুৰাহোকে ধৰি ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক গন্তব্যস্থানক সংযোগ কৰিব। এই সংযোগে কেৱল ধৰ্মীয় আৰু সাংস্কৃতিক পৰ্যটনক শক্তিশালী কৰাই নহয়, তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰীসকলক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ খাজুৰাহোলৈ দ্ৰুত, আধুনিক আৰু আৰামদায়ক যাত্ৰাও প্ৰদান কৰিব।

লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰতে প্ৰায় ৭ ঘন্টা ৪৫ মিনিটত এই যাত্ৰা সামৰি ল’ব, যাৰ ফলত প্ৰায় ১ ঘন্টা ৰাহি হ’ব। লক্ষ্ণৌ–চাহাৰানপুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে লক্ষ্ণৌ, সীতাপুৰ, শ্বাহজাহানপুৰ, বৰেলী, মোৰাদাবাদ, বিজনোৰ আৰু চাহাৰানপুৰৰ যাত্ৰীসকল যথেষ্ট উপকৃত হোৱাৰ লগতে ৰুৰকী হৈ পবিত্ৰ চহৰ হৰিদ্বাৰলৈ যোৱাৰ সুবিধাও উন্নত হ’ব। সমগ্ৰ মধ্য আৰু পশ্চিম উত্তৰ প্ৰদেশত আন্তঃচহৰীয়া ভ্ৰমণ সুচল আৰু দ্ৰুতগতিত নিশ্চিত কৰি এই সেৱাই সংযোগ আৰু আঞ্চলিক উন্নয়ন বৃদ্ধিত মূল ভূমিকা পালন কৰিব।

 

ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত এই পথৰ আটাইতকৈ দ্ৰুততম ৰেল হ’ব, মাত্ৰ ৬ ঘন্টা ৪০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। ফিৰোজপুৰ–দিল্লী বন্দে ভাৰত এক্সপ্ৰেছে ৰাষ্ট্ৰীয় ৰাজধানী আৰু ফিৰোজপুৰ, বাথিণ্ডা আৰু পাটিয়ালাকে ধৰি পঞ্জাৱৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ মাজত সংযোগ শক্তিশালী কৰিব। এই ৰেলে বাণিজ্য, পৰ্যটন আৰু নিয়োগৰ সুযোগ বৃদ্ধি কৰিব, সীমান্ত অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব আৰু ৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংহতি লাভ কৰিব বুলি আশা কৰা হৈছে।

দক্ষিণ ভাৰতত এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰতে যাত্ৰাৰ সময় ২ ঘন্টাৰো অধিক হ্ৰাস কৰি ৮ ঘন্টা ৪০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব। এৰ্নাকুলাম–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছে প্ৰধান আই টি আৰু বাণিজ্যিক কেন্দ্ৰসমূহ সংযোগ কৰিব, পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু পৰ্যটকসকলক দ্ৰুত আৰু অধিক আৰামদায়ক ভ্ৰমণ বিকল্প প্ৰদান কৰিব। এই পথটোৱে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকৰ মাজত অধিক অৰ্থনৈতিক কাৰ্য্যকলাপ আৰু পৰ্যটনক প্ৰসাৰিত কৰিব, যিয়ে আঞ্চলিক বৃদ্ধি আৰু সহযোগিতাত সহায় কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom

Media Coverage

Mapping the subsurface: How ICAR’s ‘Soil Intelligence’ is reshaping India’s mega infrastructure boom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 11, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আচাৰ্য বিনোবা ভাৱেৰ ‘জয় জগত’ৰ উজ্জীৱিত আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

শ্ৰী মোদীয়ে কয় যে বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে আচাৰ্য বিনোবা ভাৱে সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।

শ্ৰী মোদীয়ে এক্স-ত পোষ্ট কৰিছে;

‘আচাৰ্য্য বিনোবা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

তেওঁৰ ‘জয় জগত’ আহ্বানে প্ৰতিটো সীমা অতিক্ৰম কৰিছিল আৰু মানৱতাক সৰ্বোপৰি স্থান দিছিল।

বিভিন্ন প্ৰচেষ্টাৰ জৰিয়তে তেওঁ সকলোৰে কল্যাণ আৰু সবলীকৰণৰ দিশত কাম কৰিছিল। সমতা, মৰ্যাদা আৰু সেৱাৰ ওপৰত তেওঁৰ অটল বিশ্বাসে আটাইতকৈ প্রান্তীয় লোকসকলকো শক্তি প্ৰদান কৰিছিল।’