প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।

প্রধানমন্ত্রীয়ে ৰাণী কমলাপতি-ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ প্রথম ডবাটো পৰিদর্শন কৰে। ট্রেইনত থকা শিশু আৰু ট্রেইনৰ কর্মীসকলৰ সৈতে কথা পাতে তেওঁ।

এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে,

আজি ভোপালত একেলগে পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰাৰ সৌভাগ্য হৈছে। দেশজুৰি পৰিকাঠামো আৰু যোগাযোগ ব্যৱস্থাৰ দ্রুত উন্নয়নত আমাৰ চৰকাৰ কিমান তৎপৰএয়া তাৰেই প্রতিফলন। 

 

ইন্দোৰৰ সাংসদ শ্রী শঙ্কৰ লালওৱানি ভোপাল (ৰাণী কমলাপতি)-ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছৰ যাত্রী আছিল। তেওঁৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে মধ্যপ্রদেশৰ মানুহক অভিনন্দন জনাই কৈছেএই ট্রেইনৰ ফলত তীর্থযাত্রীসকল উজ্জয়িনীলৈ যোৱাটো অধিক সুবিধাজনক হ'ব। 

 

জব্বলপুৰৰ সাংসদ শ্রী ৰাকেশ সিঙে ভোপাল (ৰাণী কমলাপতি)-জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ আৰম্ভ হোৱাত সন্তোষপ্রকাশ কৰিছে। তেওঁৰ ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছেএই ট্রেইনৰ সুবাদত মধ্যপ্রদেশৰ ৰাজধানী ভোপাল আৰু ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী জব্বলপুৰৰ মাজত যোগাযোগ অধিক মসৃণ হ'ব। ইয়াৰ ফলত পর্যটনৰ প্রসাৰ হ'তীর্থযাত্রীসকলেও ইয়াৰ সুফল পাব।  

 

ৰাঁচিৰ সাংসদ শ্রী সঞ্জয় শেঠৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে কৈছেৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছে খনিজ সম্পদ সমৃদ্ধ ঝাড়খণ্ড আৰু বিহাৰৰ প্রগতি আৰু বিকাশক অধিক গতি দিব।

গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ সন্দৰ্ভত গোৱাৰ মুখ্যমন্ত্রী ডঃ প্রমোদ সাৱান্তৰ এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে ট্যুইট কৰি কৈছে, “বন্দে ভাৰত ট্রেইনে আৰু বেছি সংখ্যক পর্যটকক গোৱাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ উৎসাহিত কৰিব। ইয়াৰ ফলত কোঙ্কন উপকূলীয় অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰো উন্নতি হ'ব। 

 

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী আৰু কর্ণাটকৰ ৰাজ্যপাল শ্রী থাওৱাৰ চন্দ গেহলট ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছৰ প্রথম যাত্রাৰ সাক্ষী আছিল। শ্রী যোশীয়ে কৰা এটা ট্যুইটৰ উত্তৰত প্রধানমন্ত্রীয়ে তেওঁৰ ট্যুইটত কৈছে, “ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছে কর্ণাটকজুৰি যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটাব। ৰাজ্যৰ বাণিজ্য আৰু পর্যটনৰ বিকাশতো সহায়ক হ'ব এই ট্রেইন। 

 

Union Minister, Shri Pralhad Joshi and Karnataka Governor Shri Thavarchand Gehlot traveled the Dharwad - Bengaluru Vande Bharat Express. In reply to a tweet by Shri Joshi the Prime Minister tweeted

"The Dharwad-Bengaluru Vande Bharat Express will improve connectivity across Karnataka. It will also improve commerce and tourism in the state."

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago

Media Coverage

Muffler, cap, gloves: PM recalls gifts a New Zealander gave him 25-30 years ago
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”