দিল্লী-গাজিয়াবাদ-মীৰাট আৰআৰটিএছ কৰিডৰৰ মূল শাখা উদ্বোধন
চাহিবাবাদৰ পৰা দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে’ল সেৱাৰ শুভাৰম্ভ
বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
"দিল্লী-মীৰাট আৰআৰটিএছ কৰিডৰে আঞ্চলিক সংযোগত যথেষ্ট পৰিৱৰ্তন আনিব"
​"ভাৰতৰ প্ৰথম দ্ৰুত ৰেল সেৱা নমো ভাৰত ৰে’ল আজিৰে পৰা আৰম্ভ হৈছে"
"নমো ভাৰত ৰে’লখনে নতুন ভাৰতৰ নতুন যাত্ৰা আৰু ইয়াৰ নতুন সংকল্পৰ সংজ্ঞা দিছে"
"নতুন মেট্ৰ' সুবিধাৰ বাবে মই বেংগালুৰুৰ জনসাধাৰণক অভিনন্দন জনাইছো"
"নমো ভাৰত ৰে’ল হৈছে ভাৰতৰ প্ৰতিশ্ৰুতিপূৰ্ণ ভৱিষ্যতৰ এক আভাস"
"অমৃত ভাৰত,বন্দে ভাৰত আৰু নমো ভাৰত-এই ত্ৰিমূৰ্তি চলিত দশকৰ শেষৰ ফালে আধুনিক ৰে'লৰ প্ৰতীক হৈ পৰিব"
"কেন্দ্ৰীয় চৰকাৰে দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক আদি প্ৰতিখন চহৰতে আধুনিক আৰু সেউজ ৰাজহুৱা পৰিবহন বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে"
"আপোনালোক মোৰ পৰিয়ালৰ সদস্য, সেয়েহে আপোনালোক বাবে মোৰ বাবে অগ্ৰাধিকাৰ। এই কামটো আপোনালোকৰ বাবে কৰা হৈছে। যদি আপোনালো

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক দ্ৰুত পৰিবহন (আৰআৰটিএছ) কৰিডৰৰ মূল শাখাউদ্বোধন কৰে। তেওঁ চাহিবাবাদক দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে'লৰ শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰতত আৰআৰটিএছ মুকলি কৰা হয়। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ দেশবাসীক উৎসৰ্গিত কৰে। 

প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক দ্ৰুত ৰে'ল নমো ভাৰতত যাত্ৰাও ভ্ৰমণ কৰে। 

 

এই উপলক্ষে আয়োজিত সভাত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰথম দ্ৰুত ৰে'ল সেৱা হিচাপে আজি দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আৰু নমো ভাৰত ৰে'লখন জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হৈছে। শ্ৰী মোদীয়ে চাৰি বছৰ পূৰ্বে দিল্লী-গাজিয়াবাদ-মীৰাট আৰআৰটিএছ কৰিডৰৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰে। আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ উদ্বোধনৰ বাবে তেওঁ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰে আৰু ডেৰ বছৰৰ পিছত আৰআৰটিএছৰ মীৰাট প্ৰসাৰ সম্পূৰ্ণ হোৱাৰ পাছত উদ্বোধন কৰিবলৈ তেওঁ উপস্থিত থাকিব বুলি  বিশ্বাস ব্যক্ত কৰে। ইয়াৰ পূৰ্বে শ্ৰী মোদীয়ে আজি নমো ভাৰত ভ্ৰমণৰ অভিজ্ঞতা প্ৰকাশ কৰে আৰু দেশত ৰে'ল সেৱাৰ পৰিৱৰ্তনৰ বাবে আনন্দ প্ৰকাশ কৰে। নৱৰাত্ৰী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে নমো ভাৰতক মাতা কাত্যায়ানীয়ে আশীৰ্বাদ দিছে। তেওঁ লগতে কয় যে নমো ভাৰত ৰে’লৰ সমগ্ৰ সহায়ক কৰ্মচাৰী আৰু ইঞ্জিন পাইলট মহিলাসকলে গঠন কৰিছে। "নমো ভাৰত হৈছে দেশৰ শক্তিশালী নাৰী শক্তিৰ প্ৰতীক", শ্ৰীমোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰীৰ পৱিত্ৰ ষষ্ঠী উপলক্ষে আজিৰ প্ৰকল্পসমূহৰ বাবে দিল্লী, এনচিআৰ আৰু পশ্চিম উত্তৰ প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে নমো ভাৰত ৰে'লখনৰ আধুনিকতা আৰু গতি আছে। তেওঁ কয় যে "নমো ভাৰত ৰে'লে নতুন ভাৰতৰ নতুন যাত্ৰা আৰু ইয়াৰ নতুন সংকল্পৰ সংজ্ঞা দিছে"।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উন্নয়ন ৰাজ্যসমূহৰ উন্নয়নত নিহিত বুলি তেওঁৰ বিশ্বাসৰ কথা উল্লেখ কৰি কয় যে মেট্ৰ'ৰ দুটা অংশই বেংগালুৰুৰ আইটি হাবত সংযোগ আৰু অধিক শক্তিশালী কৰিব। তেওঁ লগতে যে প্ৰায় ৮ লাখ যাত্ৰীয়ে প্ৰতিদিনে মেট্ৰ'ৰ দ্বাৰা ভ্ৰমণ কৰি আছে।  

 

"একবিংশ শতিকাৰ ভাৰতে প্ৰতিটো ক্ষেত্ৰতে প্ৰগতি আৰু বিকাশৰ নিজা কাহিনী লিখি আছে", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ চন্দ্ৰযান-৩ৰ শেহতীয়া সফলতাৰ কথা উল্লেখ কৰি জি-২০ৰ সফল সংগঠনৰ বিষয়েওব্যক্ত কৰে যিয়ে ভাৰতক সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু কৰি তুলিছে। তেওঁ এছিয়ান গেমছত ভাৰতৰ এশৰো অধিক পদক অৰ্জন কৰাৰ অভিলেখ প্ৰদৰ্শন, ভাৰতত ৫জিৰ শুভাৰম্ভ আৰু সম্প্ৰসাৰণ আৰু অভিলেখ সংখ্যক ডিজিটেল লেনদেনৰ বিষয়েও উল্লেখ কৰে। শ্ৰী মোদীয়ে মেড ইন ইণ্ডিয়া প্ৰতিষেধকৰ কথাও উল্লেখ কৰে যিটো বিশ্বৰ কোটি কোটি লোকৰ বাবে জীৱন ৰক্ষাকৰ্তা হিচাপে পৰিগণিত হৈছে। উৎপাদন খণ্ডত ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মোবাইল ফোন, টিভি, লেপটপ আৰু কম্পিউটাৰৰ ক্ষেত্ৰত ভাৰতত উৎপাদন গোট স্থাপনৰ বাবে বহুজাতিক কোম্পানীসমূহৰ আগ্ৰহৰ কথা উল্লেখ কৰে। শ্ৰীমোডীয়ে যুঁজাৰু বিমান আৰু বিমান বাহক আইএনএছ বিক্ৰান্তকে ধৰি প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰখনৰ বিষয়েও উল্লেখ কৰে। ভাৰতত নিৰ্মিত "নমো ভাৰত ৰে'লখনৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে লগতে কয় যে নমো ভাৰত ৰে'লত শব্দৰ স্তৰ হেলিকপ্টাৰ আৰু বিমানতকৈ কম।      

প্ৰধানমন্ত্ৰীয়ে কয় যে নমো ভাৰত হৈছে ভৱিষ্যতৰ ভাৰতৰ এক আভাস আৰু বৰ্ধিত অৰ্থনৈতিক পেশীৰ সৈতে ৰাষ্ট্ৰৰ পৰিৱৰ্তনৰ উদাহৰণ। প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লী মীৰাটৰ এই ৮০ কিলোমিটাৰ পথটো মাত্ৰ আৰম্ভণি, কিয়নো প্ৰথম পৰ্যায়ত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানৰ বহুতো অঞ্চল নমো ভাৰত ৰে'লৰ সৈতে সংযুক্ত হৈ থকা দেখা যাব। আগন্তুক দিনত সংযোগ উন্নত কৰাৰ বাবে আৰু নিযুক্তিৰ নতুন পথ সৃষ্টি কৰাৰ বাবে দেশৰ আন প্ৰান্তত একে ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হ'ব বুলি শ্ৰী মোদীয়ে জানিবলৈ দিয়ে।  

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান শতিকাৰ এই তৃতীয় দশকটো হৈছে ভাৰতীয় ৰে'লৰ পৰিৱৰ্তনৰ দশক। মোৰ সৰু সপোন আৰু লাহে লাহে খোজ কঢ়াৰ অভ্যাস নাই। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই আজিৰ যুৱ প্ৰজন্মক নিশ্চয়তা দিব বিচাৰো যে এই দশকৰ শেষৰ ফালে, ভাৰতীয় ৰে'লসমূহবিশ্বৰ কোনো অঞ্চলৰ পৰাই দ্বিতীয় স্থানত দেখা পোৱা নাযাব।“ তেওঁ উল্লেখ কৰে যে ভাৰতীয় ৰে'লে সুৰক্ষা, পৰিচ্ছন্নতা, সুবিধা, সমন্বয়, সংবেদনশীলতা আৰু সামৰ্থ্যৰ ক্ষেত্ৰত বিশ্বত এক নতুন স্থান লাভ কৰিব। ভাৰতীয় ৰেল ১০০ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্যৰ পৰা বেছি দূৰত নাই বুলিও তেওঁ কয়। নমো ভাৰত আৰু বন্দে ভাৰতৰ  দৰে আধুনিক ৰে'লআৰু অমৃত ভাৰত ৰে'ল ষ্টেচন আঁচনিৰ অধীনত ৰে'ল ষ্টেচনৰ উন্নীতকৰণৰ দৰে পদক্ষেপৰ তালিকা তৈয়াৰ কৰা হৈছে বুলি শ্ৰীমোদীয়ে কয়। অমৃত ভাৰত,বন্দে ভাৰত আৰু নমো ভাৰত এই ত্ৰিমূৰ্তি চলিত দশকৰ শেষৰ ফালে আধুনিক ৰে'লপথৰ প্ৰতীক হৈ পৰিব বুলিওতেওঁ লগতে কয়। 

 

বহুমুখী সংযোগৰ চিন্তাধাৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে দিল্লীৰ ছাৰাই কালে খান, আনন্দ বিহাৰ, গাজিয়াবাদ, মীৰাট বাছ আস্থান, মেট্ৰ' ষ্টেচন আৰু ৰে'ল ষ্টেচনসমূহক নমো ভাৰত ব্যৱস্থাৰ দ্বাৰা সংযোগ কৰা হৈছে। 

শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনধাৰণৰ মান উন্নত কৰা, উন্নত বায়ুৰ মান প্ৰদান কৰা, আৱৰ্জনা পেলোৱা স্থানৰ পৰা পৰিত্ৰাণ পোৱা, উন্নত শৈক্ষিক সুবিধা আৰু ৰাজহুৱা পৰিবহণ সেৱা উন্নত কৰাৰ ওপৰত চৰকাৰৰ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে  চৰকাৰে দেশৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থাউন্নত কৰাৰ বাবে পূৰ্বতকৈ অধিক ব্যয় কৰিছে আৰু স্থল, বায়ু আৰু সাগৰৰ ক্ষেত্ৰত সৰ্বাংগীন উন্নয়নমূলক প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। জল পৰিবহণ ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নদীসমূহত এশৰো অধিক জলপথ বিকশিত কৰা হৈছে য'ত বাৰাণসীৰ পৰা হালদিয়ালৈকে গঙ্গাৰ কাষত সৰ্ববৃহৎ জলপথ বিকশিত কৰা হৈছে। তেওঁ কয় যে কৃষকসকলে এতিয়া আভ্যন্তৰীণ জলপথৰ সহায়ত অঞ্চলটোৰ বাহিৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ সমাপ্ত হোৱা গংগাবিলাস নদী ভ্ৰমণৰ কথাও উল্লেখ কৰে যিয়ে ৩২০০ কিলোমিটাৰৰো অধিক যাত্ৰা সম্পূৰ্ণ কৰে আৰু বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণৰ বাবে বিশ্ব অভিলেখ গঢ়ি তোলে। তেওঁ দেশত বন্দৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ বিষয়ে কয় যাৰ লাভালাভ কৰ্ণাটকৰ দৰে ৰাজ্যৰ দ্বাৰাও লাভ কৰা হয়। ভূমি নেটৱৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক এক্সপ্ৰেছৱে সম্প্ৰসাৰিত কৰাৰ বাবে ৪ লাখ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে।আনহাতে নমো ভাৰত বা মেট্ৰ' ৰে'লৰ দৰে আধুনিক ৰে'লৰ বাবে ৩ লাখ কোটি টকা ব্যয় কৰা হৈছে। দিল্লীত মেট্ৰ' নেটৱৰ্কৰ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ নয়ডা, গাজিয়াবাদ, লক্ষ্ণৌ, মীৰাট, আগ্ৰা আৰু কানপুৰৰ দৰে চহৰসমূহে একে ধৰণৰ পথ অনুসৰণ কৰি আছে। বৰ্ধিত বিমান সংযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত বিমানবন্দৰৰ সংখ্যা দুগুণ হৈছে আৰু ভাৰতৰ বিমান সেৱাসমূহে ১০০০তকৈও অধিক নতুন বিমানৰ অৰ্ডাৰ দিছে। প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ দ্ৰুত পদক্ষেপৰ বিষয়েও কয় আৰু চন্দ্ৰত ভৰি থোৱা চন্দ্ৰযানৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে চৰকাৰে ২০৪০ চনলৈকে এক ৰোডমেপ প্ৰস্তুত কৰিছে, যাৰ ভিতৰত আছে মানৱযুক্ত মহাকাশ যাত্ৰা আৰু ভাৰতৰ মহাকাশ কেন্দ্ৰ স্থাপনৰ বাবে গগনযান। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "সেই দিনটো বেছি দূৰ নহয় যেতিয়া আমি চন্দ্ৰত প্ৰথম ভাৰতীয়ক অৱতৰণ কৰাম"। তেওঁ পুনৰ কয় যে এই উন্নয়নসমূহ দেশৰ যুৱপ্ৰজন্মৰ বাবে সম্পন্ন কৰা হয় আৰু ই তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত সৃষ্টি কৰিব৷

 

প্ৰধানমন্ত্ৰীয়ে নগৰীয়া প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ ফলত দেশত বৈদ্যুতিক বাছৰ নেটৱৰ্ক বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ১০,০০০ বৈদ্যুতিক বাছ প্ৰদান কৰাৰ আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে জনায় যে ভাৰত চৰকাৰে ৬০০ কোটি টকা ব্যয়েৰে দিল্লীত ১৩০০তকৈও অধিক বৈদ্যুতিক বাছ চলাবলৈ প্ৰস্তুতি চলাই আছে। ইয়াৰ ভিতৰত, দিল্লীত ইতিমধ্যে ৮৫০খনতকৈও অধিক বৈদ্যুতিক বাছ চলাচল আৰম্ভ কৰাহৈছে। একেদৰে, বাংগালুৰুতো, ভাৰত চৰকাৰে ১২০০তকৈ অধিক বৈদ্যুতিক বাছ চলাবলৈ ৫০০কোটি টকাৰ সাহায্য আগবঢ়াইছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে দিল্লী, উত্তৰ প্ৰদেশ, কৰ্ণাটক আদিপ্ৰতিখন চহৰতে আধুনিক আৰু সেউজ ৰাজহুৱা পৰিবহণৰ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছে। 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত বিকশিত হৈ থকা আন্তঃগাঁথনিৰ ক্ষেত্ৰত নাগৰিকৰসুবিধাক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ মেট্ৰ' বা নমো ভাৰতৰ দৰে ৰে'লসমূহে যাত্ৰীসকলৰ জীৱনলৈ কেনেদৰে সুবিধা আনিব আৰু কেনেদৰে ইয়াৰ মানৰ আন্তঃগাঁথনিয়ে দেশৰ যুৱ, ব্যৱসায়ী আৰু কৰ্মজীৱি মহিলাসকলৰ বাবে নতুন সুযোগ আনিব তাৰ ওপৰত আলোকপাত কৰে। চিকিৎসালয়ৰ দৰে সামাজিক আন্তঃগাঁথনিৰ ফলত ৰোগী, চিকিৎসক আৰু চিকিৎসা বিদ্যাৰ্থীসকল উপকৃত হ'ব। ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা ধন ৰক্ষা আৰু মসৃণ লেনদেন নিশ্চিত হ'ব বুলিও তেওঁ কয়।

 

চলিত উৎসৱৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে কৃষক, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সুবিধাৰ বাবে কেন্দ্ৰীয় কেবিনেটে লোৱা শেহতীয়া সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ জানিবলৈ দিয়ে যে চৰকাৰে ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃহৎ পৰিমাণে বৃদ্ধি কৰিছে য'ত মচুৰ দাইলৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ৪২৫ টকা, সৰিয়হ ২০০ টকা আৰু ঘেঁহু প্ৰতি কুইন্টলত ১৫০ টকা বৃদ্ধি কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনত প্ৰতি কুইন্টলত ১৪০০ টকা কৈ ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য এতিয়া ২০ টকা অতিক্ৰম কৰিছে, যোৱা ৯ বছৰত মচুৰ দাইলৰ ন্যূনতম সমৰ্থন মূল্য দুগুণতকৈও অধিক হৈছে আৰু এই সময়ছোৱাত সৰিয়হৰ ন্যূনতম সমৰ্থন মূল্যপ্ৰতি কুইন্টলত ২৬০০ টকা বৃদ্ধি পাইছে। ই কৃষকসকলক ব্যয়ৰ ডেৰ গুণতকৈ অধিক সমৰ্থন মূল্য প্ৰদান কৰাৰ আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে বুলিও তেওঁ লগতে কয়। 

প্ৰধানমন্ত্ৰীয়ে সুলভ মূল্যত ইউৰিয়াৰ উপলভ্যতা নিশ্চিত কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩০০০ টকা খৰচ কৰা ইউৰিয়া বেগ ভাৰতীয় কৃষকসকলৰ বাবে ৩০০ টকাতকৈও কম মূল্যত উপলভ্য। চৰকাৰে ইয়াৰ বাবে প্ৰতি বছৰে ২.৫ লাখ কোটিতকৈও অধিক ব্যয় কৰি আছে। 

প্ৰধানমন্ত্ৰীয়ে শস্য চপোৱাৰ পিছত বাকী থকা অৱশিষ্টখিনি ব্যৱহাৰ কৰাৰ ওপৰত চৰকাৰৰ গুৰুত্বৰবিষয়ে উল্লেখ কৰি কয় যে সেয়া ধানৰ খেৰেই হওঁক বা অইন খেৰেই হওঁক। তেওঁ ৯ বছৰ আগৰ তুলনাত ১০ গুণ ইথানল উৎপাদন বৃদ্ধি কৰি সমগ্ৰ দেশতে জৈৱ ইন্ধন আৰু ইথানল গোট স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে কৃষকসকলেএতিয়ালৈকে ইথানল উৎপাদনৰ পৰা প্ৰায় ৬৫ হাজাৰ কোটি টকা লাভ কৰিছে। কেৱল যোৱা ১০ মাহত দেশৰ কৃষকসকলক মুঠ ১৮ হাজাৰ কোটি টকাৰ অধিক পৰিশোধ কৰা হৈছে বুলিও তেওঁ লগতে কয়। মীৰাট-গাজিয়াবাদ অঞ্চলৰ কৃষকসকলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ২০২৩ চনত মাত্ৰ ১০ মাহত ইথানলৰ বাবে ৩০০ কোটিৰো অধিক টকা পৰিশোধ কৰা হৈছে। 

প্ৰধানমন্ত্ৰীয়ে উজ্জ্বলা হিতাধিকাৰীসকলৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্য ৫০০ টকা হ্ৰাস কৰা, ৮০ কোটিতকৈও অধিক নাগৰিকক বিনামূলীয়া ৰেচন, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ৪ শতাংশ মৰগীয়া বানচ আৰু মৰগীয়া সকাহ আৰু লাখ লাখ গোট বি আৰু চি অৰাজপত্ৰিত ৰে'ল কৰ্মচাৰীৰ বাবে দিপাৱলীৰ বোনাচ প্ৰদান কৰি উৎসৱউপহাৰৰ কথাও উল্লেখ কৰে। তেওঁ কয় যেই সমগ্ৰ অৰ্থনীতিক লাভান্বিত কৰিব কিয়নো ই বজাৰত অৰ্থনৈতিক কাৰ্যকলাপ প্ৰচাৰ কৰিব।

 

এনে সংবেদনশীল সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰতিটো পৰিয়ালৰ উৎসৱৰ আনন্দ বৃদ্ধি পায় বুলি প্ৰধানমন্ত্ৰীয়ে কয়। "আপুনি মোৰ পৰিয়াল, সেয়েহে আপুনি মোৰ প্ৰাথমিকতা। এই কামটো আপোনাৰ বাবে কৰা হৈছে। যদি আপুনি সুখী হয়, মই সুখী হ'ম। যদি আপুনি সক্ষম হয়, তেন্তে দেশ সক্ষম হ'ব"-এইদৰে কৈ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে৷ আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী সিদ্ধাৰামাইয়াই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানত অংশগ্ৰহণ কৰে।  

দিল্লী-গাজিয়াবাদ-মীৰাট দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰচিএছ) কৰিডৰ

দিল্লী-গাজিয়াবাদ-মীৰাট আৰআৰটিএছ কৰিডৰৰ ১৭ কিলোমিটাৰ মূল শাখাই চাহিবাবাদক 'দুহাই ডিপো'ৰ সৈতে গাজিয়াবাদ, গুলধৰ আৰু দুহাইৰ ষ্টেচনৰ সৈতে সংযোগ কৰিব। ২০১৯ চনৰ ৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে দিল্লী-গাজিয়াবাদ-মীৰাট কৰিডৰৰ আধাৰশিলা স্থাপন কৰে।

নতুন বিশ্বমানৰ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে দেশত আঞ্চলিক সংযোগ পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ) প্ৰকল্পটো বিকশিত কৰা হৈছে। আৰ.আৰ.টি.এছ. হৈছে এক নতুন ৰেল-আধাৰিত, অৰ্ধ-উচ্চ-গতি, উচ্চ-কম্পনাঙ্কৰ যাত্ৰী পৰিবহন প্ৰণালী। প্ৰতি ১৮০কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গতিৰ সৈতে আৰআৰটিএছ হৈছে এক পৰিৱৰ্তনশীল, আঞ্চলিক উন্নয়ন প্ৰচেষ্টা, যাক প্ৰতি ১৫মিনিটত আন্তঃমহানগৰ ভ্ৰমণৰ বাবে উচ্চ গতিৰ ৰে’ল প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। ই প্ৰয়োজন অনুসৰি প্ৰতি ৫মিনিটৰ ব্যৱধানত যাব পাৰে।

 

এনচিআৰত মুঠ আঠটা আৰআৰটিএছ কৰিডৰ বিকশিত কৰা হ'ব বুলি চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত দিল্লী–গাজিয়াবাদ–মীৰাট কৰিডৰকে ধৰি প্ৰথম পৰ্যায়ত তিনিটা কৰিডৰ কাৰ্যকৰী কৰাৰ ওপৰ অগ্ৰাধিকাৰ দিয়া হৈছে; দিল্লী–গুৰুগ্ৰাম–এছএনবি– আলৱাৰ কৰিডৰ; আৰু দিল্লী–পানীপথ কৰিডৰ। দিল্লী-গাজিয়াবাদ-মীৰাট আৰআৰটিএছ ৩০,০০০ কোটি টকাতকৈও অধিক ব্যয়েৰে বিকশিত কৰা হৈছে আৰু গাজিয়াবাদ, মুৰাদনগৰ আৰু মোদীনগৰৰ নগৰীয় কেন্দ্ৰসমূহৰ মাজেৰে এঘণ্টাতকৈও কম সময়ৰ ভ্ৰমণকালত দিল্লীক মীৰাটৰ সৈতে সংযোগ কৰিব।

দেশত বিকশিত কৰা আৰআৰটিএছ হৈছে এক অত্যাধুনিক আঞ্চলিক গতিশীলতাৰ সমাধান আৰু ইয়াক বিশ্বৰ সৰ্বশ্ৰেষ্ঠসমূহৰ সৈতে তুলনা কৰিব পাৰি। ই দেশত সুৰক্ষিত, নিৰ্ভৰযোগ্য আৰু আধুনিক আন্তঃমহানগৰ যাতায়তৰ সমাধান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ সৈতে সংগতি ৰাখি, আৰআৰটিএছ নেটৱৰ্কত ৰে'ল ষ্টেচন, মেট্ৰ' ষ্টেচন, বাছ সেৱা আদিৰ সৈতে ব্যাপক মাল্টি-মডেল একত্ৰীকৰণ হ'ব। এনে ধৰণৰ পৰিৱৰ্তনশীল আঞ্চলিক গতিশীলতা সমাধানে অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব। ই নিযুক্তি, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ সুযোগ উন্নত কৰা; আৰু যানবাহনৰ ভিৰ আৰু বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস কৰাত সহায় কৰিব।

বেংগালুৰু মেট্ৰো

প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত হ'বলগীয়া দুয়োখন মেট্ৰ' প্ৰসাৰে বাইয়াপ্পানাহাল্লিক কৃষ্ণৰাজপুৰা আৰু কেংগেৰীক চাল্লাঘাট্টাৰ সৈতে সংযোগ কৰে। এই দুটা মেট্ৰ' প্ৰসাৰ ৰাজহুৱা সেৱাৰ বাবে ৯অক্টোবৰ, ২০২৩ৰ পৰা মুকলি কৰা হৈছিল যাতে আনুষ্ঠানিক উদ্বোধনৰ বাবে অপেক্ষা নকৰাকৈ এই কৰিডৰে ৰাইজক যাতায়তৰ সুবিধা প্ৰদান কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chronic therapies power 11% growth in Indian pharma market in May

Media Coverage

Chronic therapies power 11% growth in Indian pharma market in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
World Leaders Congratulate Prime Minister Shri Narendra Modi on Becoming India’s Longest-Serving Elected Prime Minister
June 09, 2026

Prime Minister Shri Narendra Modi received warm congratulations from world leaders on the eve of his becoming the longest-serving elected Prime Minister of India. World leaders from across the globe paid tribute to Prime Minister’s transformative governance, his advocacy for the Global South, and his vision of an inclusive and economically dynamic India.

H.E. Anura Kumara Disanayaka, the President of Sri Lanka, in a letter dated 8 June 2026 addressed to the Prime Minister, conveyed the warm congratulations of the Government and people of Sri Lanka to him, stating: “This milestone is a testament not only to your years in office, but also to the trust and confidence that the people of the world’s largest democracy have repeatedly placed in your leadership.” The President also highlighted India’s remarkable economic and social transformation and noted that Prime Minister Modi’s vision has inspired many beyond India’s borders, including Sri Lanka. Prime Minister Modi visited Sri Lanka from 4–6 April 2025, his fourth visit to the island nation, during which he was conferred the Mitra Vibhushana, Sri Lanka’s highest civilian honour accorded to a foreign dignitary. The visit reaffirmed India’s Neighbourhood First policy, with Sri Lanka among the closest beneficiaries of India’s steadfast partnership, including India’s pivotal support during Sri Lanka’s economic difficulties in 2022.

H.E. James Marape, the Prime Minister of Papua New Guinea, in a personal video message, described Prime Minister Modi as “a role model and an example of leadership”. He also stated - “Lifting over 200 million people out of poverty to good life today is an amazing feat.” Prime Minister Marape expressed Papua New Guinea’s warm friendship and its desire to further consolidate bilateral ties. Prime Minister Modi’s historic visit to Papua New Guinea in May 2023, the first-ever by an Indian Prime Minister, for the Third Forum for India–Pacific Islands Cooperation (FIPIC-III) Summit was a landmark moment in India’s engagement with the Pacific Island nations. The visit underscored India’s role as a committed partner of the Global South.

H.E. Kamla Persad-Bissessar, the Prime Minister of Trinidad and Tobago, congratulated Prime Minister Modi on this occassion, noting that “under the leadership of Prime Minister Modi, India has evolved as a leading voice on global matters.” She highlighted Prime Minister Modi’s journey from humble beginnings to leading a nation of 1.4 billion people across three terms, and underscored India’s significant achievements in foreign policy, economic growth, infrastructure, and socio-economic development. Prime Minister Modi paid a landmark visit to Trinidad and Tobago from 3–4 July 2025, the first bilateral visit by an Indian Prime Minister in 26 years, coinciding with the 180th anniversary of the arrival of Indian immigrants to Trinidad and Tobago.