নতুনকৈ বিদ্যুত সংযোগ কৰা শাখা আৰু নতুনকৈ নিৰ্মাণ কৰা ডিইএমইউ/মেমু শ্বেড উৎসৰ্গা কৰে
"উত্তৰ-পূবৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছে পৰ্যটনবৃদ্ধি কৰিব আৰু সংযোগ বৃদ্ধি কৰিব"
“নতুন ভাৰত গঢ়াৰ দিশত যোৱা ৯ বছৰত অভূতপূৰ্ব সাফল্য দেখা গৈছে”
“আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণক অগ্ৰাধিকাৰ দিছে”
“আন্তঃগাঁথনি সকলোৰে বাবে আৰু ই কাৰো ক্ষেত্ৰত বৈষম্য নকৰে, আন্তঃগাঁথনি উন্নয়ন হৈছে প্ৰকৃত সামাজিক ন্যায় আৰু প্ৰকৃত ধৰ্মনিৰপেক্ষতা”
“আন্তঃগাঁথনি উন্নয়নৰ ফলত আটাইতকৈ বেছি লাভৱান হৈছে পূব আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ”
“ভাৰতীয় ৰে’লৱে গতিৰ সমান্তৰালকৈ জনসাধাৰণৰ হৃদয়, সমাজ আৰু সুযোগক সংযুক্ত কৰাৰ মাধ্যম হৈ পৰিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত এক্সপ্ৰেছে গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযুক্ত কৰিব আৰু এই যাত্ৰাত ৫ ঘন্টা ৩০ মিনিট সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে ১৮২ ৰুট কিলোমিটাৰ নতুনকৈ বিদ্যুৎ সংযোগী অংশ উচৰ্গা কৰাৰ লগতে অসমৰ লামডিঙত নতুনকৈ নিৰ্মিত DEMU/MEMU চেড উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ক্ষেত্ৰৰ বাবে এক বৃহৎ দিন। কাৰণ তিনিটা উন্নয়নমূলক কাম একেলগে সম্পন্ন কৰা হৈছে। তেওঁ কয়, নৰ্থ-ইষ্টে আজি প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিছে, একেদৰে এইখন হৈছে পশ্চিম বংগক সংযুক্ত কৰা তৃতীয়খন বন্দে ভাৰত এক্সপ্ৰেছ। দ্বিতীয়তে, অসম আৰু মেঘালয়ৰ প্ৰায় ৪২৫ কিলোমিটাৰ ৰেলপথত বিদ্যুৎ সংযোগ কৰা হৈছে। আৰু, তৃতীয়তে, অসমৰ লামডিঙত এটা নতুন DEMU/MEMU চেড উদ্বোধন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠান উপলক্ষে অসম, মেঘালয় আৰু পশ্চিম বংগৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৱাহাটী-নিউ জলপাইগুৰি বন্দে ভাৰত ৰে’লে অসম আৰু পশ্চিমবংগৰ মাজত শতিকা পুৰণি সম্পৰ্ক সুদৃঢ় কৰিব। ইয়াৰ ফলত ভ্ৰমণ অধিক সহজলভ্য হ’ব আৰু ছাত্ৰ-ছাত্ৰীসকল ব্যাপকভাৱে লাভান্বিত হ’ব। পৰ্যটন আৰু ব্যৱসায়ৰ পৰা উদ্ভৱ হোৱা চাকৰিৰ সুযোগ বৃদ্ধি পাব। তেওঁ কয় যে এই বন্দে ভাৰতে মা কামাখ্যা মন্দিৰ, কাজিৰঙা, মানস ৰাষ্ট্ৰীয় উদ্যান, আৰু পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে সংযোগ প্ৰদান কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ইয়াৰ দ্বাৰা শিলচৰ, মেঘালয়ৰ চেৰাপুঞ্জী আৰু অৰুণাচলৰ টাৱাং আৰু পাছিঘাটত ভ্ৰমণ আৰু পৰ্যটন বৃদ্ধি পাব।

এন ডি এ চৰকাৰৰ বিগত ৯ বছৰৰ শাসন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰবোৰত দেশে নতুন ভাৰতৰ দিশত অসংখ্য সাফল্য আৰু অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈ পৰিছে। তেওঁ স্বাধীন ভাৰতৰ নতুনকৈ উদ্বোধন কৰা সুবিশাল সংসদ ভৱনৰ ওপৰত আলোকপাত কৰি কয় যে ই ভাৰতৰ হাজাৰ বছৰীয়া গণতান্ত্ৰিক ইতিহাসক ইয়াৰ ভৱিষ্যতৰ সমৃদ্ধিশালী গণতন্ত্ৰৰ সৈতে সংযুক্ত কৰিব। বিগত চৰকাৰসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ কেলেংকাৰীয়ে সকলো অভিলেখ ভংগ কৰিছিল, য’ত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল দৰিদ্ৰ আৰু উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা ৰাজ্যসমূহ।

“আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণক অগ্ৰাধিকাৰ দিছে”, প্ৰধানমন্ত্ৰীয়ে ঘৰ, শৌচাগাৰ, পানী সংযোগ, বিদ্যুৎ, গেছ পাইপলাইন, এইমছৰ উন্নয়ন, পথ, ৰে’ল, বিমানপথ, বিমানপথ, জলপথ, বন্দৰ আৰু মোবাইল সংযোগ আদিৰ উদাহৰণ দাঙি ধৰি এইদৰে কয়। তেওঁ এই লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে সম্পূৰ্ণ শক্তিৰে কাম কৰা বুলি উল্লেখ কৰে। আন্তঃগাঁথনিয়ে মানুহৰ জীৱন সহজ কৰি তোলে, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰে আৰু উন্নয়নৰ ভিত্তি হৈ পৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ গতি সমগ্ৰ বিশ্বতে চৰ্চা চলি আছে। এই আন্তঃগাঁথনিয়ে সমাজৰ দুখীয়া, পিছপৰা, দলিত, আদিবাসী আৰু অন্যান্য বঞ্চিত শ্ৰেণীক শক্তিশালী আৰু সবল কৰি তোলে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। “আন্তঃগাঁথনি সকলোৰে বাবে আৰু ই কাৰো সৈতে বৈষম্য নকৰে, উন্নয়ন হৈছে সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ বিশুদ্ধ ৰূপ,” প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনি উন্নয়নৰ ফলত সৰ্বাধিক লাভান্বিত হৈছে পূব আৰু উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ। তেওঁ কয় যে ইয়াৰ পূৰ্বেও উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ দশক দশক ধৰি মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। তেওঁ কয় যে ৯ বছৰ আগলৈকে বিদ্যুৎ, টেলিফোন বা উন্নত ৰেলপথ, বিমান সংযোগ নথকা বৃহৎ সংখ্যক গাঁও আৰু পৰিয়াল উত্তৰ-পূৰ্বাঞ্চলৰ।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ ৰে’ল সংযোগক সেৱা মনোভাৱেৰে কাম কৰাৰ উদাহৰণ হিচাপে দাঙি ধৰে। উত্তৰ-পূবৰ ৰে’ল সংযোগ চৰকাৰৰ গতি, পৰিসৰ আৰু উদ্দেশ্যৰ প্ৰমাণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ঔপনিৱেশিক কালতো অসম, ত্ৰিপুৰা আৰু বংগ ৰে’লৱেৰ সৈতে সংযুক্ত আছিল, যদিও, অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ লুট কৰাৰ উদ্দেশ্যেৰেহে ইয়াক নিৰ্মাণ কৰা হৈছিল। কিন্তু স্বাধীনতাৰ পাছতো অঞ্চলটোৰ ৰে’লপথ সম্প্ৰসাৰণক আওকাণ কৰি থকা হ’ল আৰু অৱশেষত ২০১৪ চনৰ পিছত বৰ্তমানৰ চৰকাৰখনৰ ওপৰত ইয়াৰ দায়িত্ব পৰিল।

শ্ৰী মোদীয়ে কয় যে তেওঁ উত্তৰ-পূবৰ জনসাধাৰণৰ সংবেদনশীলতা আৰু সুবিধাসমূহক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। এই পৰিৱৰ্তন ব্যাপকভাৱে অনুভৱ কৰা হৈছে বুলি তেওঁ কয়। তেওঁ জনায় যে ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূবৰ বাবে গড় ৰে'ল বাজেট আছিল প্ৰায় ২৫০০ কোটি টকা যি এই বছৰ ১০ হাজাৰ কোটিতকৈও অধিক হৈছে, যি হৈছে চাৰিগুণ অধিক। এতিয়া মণিপুৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয় আৰু ছিকিমৰ ৰাজধানীসমূহক দেশৰ বাকী অংশৰ সৈতে সংযুক্ত কৰা হৈছে, "অতি সোনকালেই উত্তৰ-পূবৰ সকলো ৰাজধানী চহৰক এক ব্ৰডগজ নেটৱৰ্কৰ সৈতে সংযুক্ত কৰা হ'ব", তেওঁ কয়, "এই প্ৰকল্পসমূহত এক লাখ কোটি টকা ব্যয় কৰা হৈছে।"

“চৰকাৰৰ উন্নয়নমূলক কামৰ পৰিসৰ আৰু গতি অভূতপূৰ্ব হৈছে”, উত্তৰ-পূবত পূৰ্বতকৈ তিনিগুণ গতিৰে নতুন ৰে’ল লাইন স্থাপন কৰা হৈছে আৰু ৰে’ল লাইন দুগুণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে আগৰ তুলনাত ৯ গুণ বেছি বেগেৰে ৰে’ল লাইন স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৱা ৯ বছৰত ৰে’ল লাইন দুগুণ কৰাৰ কাম আৰম্ভ হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়নৰ গতিৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ বহু দুৰ্গম অঞ্চল ৰে’লপথৰ সৈতে সংযুক্ত হৈ পৰিছে। তেওঁ জনোৱা মতে, প্ৰায় ১০০ বছৰৰ পাছত নাগালেণ্ডে দ্বিতীয়টো ৰে’লৱে ষ্টেচন লাভ কৰিছে। এতিয়া প্ৰধানমন্ত্ৰীয়ে কয় যে বন্দে ভাৰত ছেমি হাইস্পীড ৰে’ল আৰু তেজছ এক্সপ্ৰেছ একেটা পথতে চলি আছে, য’ত এসময়ত কম গতিৰ সক্ষম নেৰ’ গেজ লাইন থিয় হৈ আছিল। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ভাৰতীয় ৰে’লৱেৰ ভিষ্টা ড’ম ডবাসমূহৰ কথাও তেওঁ উল্লেখ কৰে।

পটভূমিঃ

অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণে অধিক গতি আৰু আৰামত যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ জৰিয়তে অঞ্চলটোৰ পৰ্যটনৰো উত্থান ঘটিব। গুৱাহাটীক নিউ জলপাইগুৰিৰ সৈতে সংযোগ কৰা এই ৰে’লখনে প্ৰায় এঘণ্টাৰ যাত্ৰাৰ সময় ৰাহি কৰিব। বন্দে ভাৰতে ৫ ঘণ্টা ৩০ মিনিটত যাত্ৰা সম্পূৰ্ণ কৰিব, আনহাতে বৰ্তমানৰ দ্ৰুততম ৰেলখনে একে যাত্ৰা কভাৰ কৰিবলৈ ৬ ঘণ্টা ৩০ মিনিট সময় লয়।

প্ৰধানমন্ত্ৰীয়ে ১৮২টা ৰুট কিলোমিটাৰ পথছোৱাৰ নতুনকৈ বিদ্যুৎ সংযোজিত অংশ উচৰ্গা কৰে। ইয়াৰ দ্বাৰা অধিক বেগেৰে চলা ৰে’লৰ সৈতে প্ৰদূষণমুক্ত পৰিবহণ ব্যৱস্থা আৰু ৰে’লৰ ভ্ৰমণৰ সময় কম হ’ব। ইয়াৰ উপৰিও বৈদ্যুতিক ট্ৰেকচনত চলা ৰে’লসমূহে মেঘালয়ত প্ৰৱেশৰ দুৱাৰ মুকলি কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts

Media Coverage

Exports may hit $1 Tn in FY27 on new trade deals, tariff cuts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ফেব্ৰুৱাৰী 2026
February 10, 2026

Stable Banks, Soaring Growth, Sectoral Wins: Celebrating India's Unstoppable Rise in 2026 Under PM Modi