প্ৰধানমন্ত্ৰীয়ে ১৫০ সংখ্যক জয়ন্তীত ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ঝাৰখণ্ড হৈছে স্পন্দনশীল জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ এক গৌৰৱময় ভূমি। ভগৱান বীৰছা মুণ্ডাৰ উত্তৰাধিকাৰক স্মৰণেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই পবিত্ৰ ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু মৰ্য্যাদাৰ প্ৰেৰণাদায়ক কাহিনীৰে পৰিপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে লগতে এই বিশেষ উপলক্ষত ৰাজ্যখনৰ সকলো পৰিয়ালৰে নিৰন্তৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫০ সংখ্যক জয়ন্তী উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে জনজাতীয় গৌৰৱ দিৱসৰ পবিত্ৰ উপলক্ষত মাতৃভূমিৰ সন্মান আৰু মৰ্য্যাদা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানক সমগ্ৰ ৰাষ্ট্ৰই কৃতজ্ঞতাৰে স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে ভগৱান বীৰছা মুণ্ডাৰ সংগ্ৰাম আৰু ত্যাগৰ গাথাই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

“জনজাতীয় সংস্কৃতিৰে সমৃদ্ধ গৌৰৱময় ৰাজ্য ঝাৰখণ্ডৰ সমূহ জনসাধাৰণলৈ প্ৰতিষ্ঠা দিৱস উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান বীৰছা মুণ্ডাৰ এই ভূমিৰ ইতিহাস সাহসিকতা, সংগ্ৰাম আৰু স্বাভিমানৰ কাহিনীৰে পৰিপূৰ্ণ। এই বিশেষ উপলক্ষত মই ৰাজ্যখনৰ সকলো পৰিয়ালৰে প্ৰগতি আৰু সমৃদ্ধিৰ কামনা কৰিলোঁ।”

“দেশৰ মহান স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডা দেৱৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জনজাতীয় গৌৰৱ দিৱসৰ এই শুভ উপলক্ষত আমাৰ মাতৃভূমিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদানক সমগ্ৰ ৰাষ্ট্ৰই শ্ৰদ্ধাৰে স্মৰণ কৰে। বিদেশী শাসনৰ অন্যায়ৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু ত্যাগৰ গাথাই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।”

 

 

 

“देश के महान स्वतंत्रता सेनानी भगवान बिरसा मुंडा जी को उनकी 150वीं जयंती पर शत-शत नमन। जनजातीय गौरव दिवस के इस पावन अवसर पर पूरा देश मातृभूमि के स्वाभिमान की रक्षा के लिए उनके अतुलनीय योगदान को श्रद्धापूर्वक स्मरण कर रहा है। विदेशी हुकूमत के अन्याय के खिलाफ उनका संघर्ष और बलिदान हर पीढ़ी को प्रेरित करता रहेगा।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi