প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে। তেওঁ কয় যে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই আমাৰ নাগৰিকসকলৰ বাবে গুণগত মানদণ্ড আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লগতে কয় যে যোৱা ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন সুচল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ সফলতাই অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক সফলকাম কৰি তুলিব।

আজি এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम्॥

বিশ্ব স্বাস্থ্য দিৱসৰ শুভেচ্ছা। সকলোৱে সুস্বাস্থ্য আৰু সুস্থতাৰে আশীৰ্বাদপ্ৰাপ্ত হওঁক। আজিৰ দিনটো স্বাস্থ্যখণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ দিন। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেই আমাৰ বিশ্বক সুৰক্ষিত কৰি ৰাখিছে।"

"ভাৰত চৰকাৰে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে। দেশৰ নাগৰিকসকলৰ বাবে উন্নত মানদণ্ডৰ আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা আঁচনি আয়ুষ্মান ভাৰত আমাৰ দেশৰ।"

"যেতিয়া মই প্ৰধানমন্ত্ৰী জনঔষধিৰ দৰে আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে কথা পাতো, তেতিয়া মই অত্যন্ত সুখী অনুভৱ কৰোঁ। সুলভ স্বাস্থ্যসেৱাৰ ওপৰত আমি প্ৰদান কৰা গুৰুত্বই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সঞ্চয় সুনিশ্চিত কৰিছে। একে সময়তে আমি সামগ্ৰিক সুস্থতা আৰু অধিক বৃদ্ধি কৰিবলৈ আমাৰ আয়ুষ নেটৱৰ্ক শক্তিশালী কৰাৰ কামত ব্ৰতী হৈছো।"

"বিগত ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন ঘটিছে। কেবাখনো নতুন চিকিৎসা মহাবিদ্যালয় গঠন হৈছে, স্থাপন হৈছে। আমাৰ চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন সুচল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই প্ৰচেষ্টাৰ সাফল্যই দেশৰ অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিব।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win