প্ৰধানমন্ত্ৰীয়ে চৰকাৰী আঁচনি আৰু পদক্ষেপৰ মূল অগ্ৰাধিকাৰ হিচাপে নাৰী সবলীকৰণত আলোকপাত কৰে
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ নাৰী শক্তিৰ কৃতিত্ব আৰু আকাংক্ষাই ৰাষ্ট্ৰৰ বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাক পথ প্ৰদৰ্শন কৰি আহিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাষ্ট্ৰলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য, দৃঢ়তা আৰু সাফল্যৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ মহিলাসকলক সম্ভাষণ জনাই ভাৰতৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ৰমবৰ্ধমান ভূমিকাক স্বীকাৰ কৰে। তেওঁ কয় যে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে দৃঢ়তা, সৃষ্টিশীলতা আৰু অতুলনীয় উদ্যমেৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সাফল্যই ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰাৰ লগতে এখনি বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্পক শক্তিশালী কৰিছে।

মহিলা-নেতৃত্বাধীন উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ কেইবাখনো আঁচনি আৰু একাধিক পদক্ষেপৰ মূল হৈছে নাৰী সবলীকৰণ। তেওঁ পুনৰ কয় যে চৰকাৰ এনে সুযোগ সৃষ্টিৰ বাবে অংগীকাৰবদ্ধ হৈ আছে যাতে প্ৰতিগৰাকী মহিলাই নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰিব পাৰে আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগাব পাৰে।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে ভাৰতৰ নাৰী শক্তিৰ কৃতিত্ব ৰাষ্ট্ৰখনৰ বাবে গৌৰৱৰ উৎস আৰু ৰাষ্ট্ৰ নিৰ্মাণত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাৰ এক গুৰুত্বপূৰ্ণ স্মাৰক। তেওঁ লগতে কয় যে ভাৰত অধিক আগবাঢ়ি যোৱাৰ লগে-লগে মহিলাসকলৰ আকাংক্ষা আৰু অৱদানসমূহে দেশৰ সামূহিক যাত্ৰাক এক শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ দিশত পথ প্ৰদৰ্শন কৰি থাকিব।

শ্ৰী মোদীয়ে বিগত দশকত তৃণমূল পৰ্য্যায়ৰ মহিলাসকলৰ জীৱনযাত্ৰা কেনেদৰে ৰূপান্তৰিত হৈছে তাৰ আভাসো শ্বেয়াৰ কৰি সমগ্ৰ দেশতে নাৰী সবলীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে।

এক্স-ত কৰা এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;

“আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমাৰ সকলো নাৰী শক্তিলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে দৃঢ়তা, সৃষ্টিশীলতা আৰু অতুলনীয় উদ্যমেৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সাফল্যই ৰাষ্ট্ৰখনক অনুপ্ৰাণিত কৰাৰ লগতে এখনি বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্পক শক্তিশালী কৰিছে।

চৰকাৰৰ কেইবাখনো আঁচনি আৰু একাধিক পদক্ষেপৰ মূল হৈছে নাৰী সবলীকৰণ। চৰকাৰ এনে সুযোগ সৃষ্টিৰ বাবে অংগীকাৰবদ্ধ হৈ আছে যাতে প্ৰতিগৰাকী মহিলাই নিজৰ সম্পূৰ্ণ সম্ভাৱনাক উপলব্ধি কৰিব পাৰে আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগাব পাৰে।

#NayeBharatKiNariShakti”

 

“ভাৰতৰ নাৰী শক্তিৰ কৃতিত্ব ৰাষ্ট্ৰখনৰ বাবে গৌৰৱৰ উৎস আৰু ৰাষ্ট্ৰ নিৰ্মাণত মহিলাসকলে পালন কৰা ৰূপান্তৰশীল ভূমিকাৰ এক গুৰুত্বপূৰ্ণ স্মাৰক। ভাৰত অধিক আগবাঢ়ি যোৱাৰ লগে-লগে মহিলাসকলৰ আকাংক্ষা আৰু অৱদানসমূহে দেশৰ সামূহিক যাত্ৰাক এক শক্তিশালী আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰৰ দিশত পথ প্ৰদৰ্শন কৰি থাকিব।

#NayeBharatKiNariShakti”

 

“বিগত দশকত তৃণমূল পৰ্য্যায়ৰ মহিলাসকলৰ জীৱনযাত্ৰা কেনেদৰে ৰূপান্তৰিত হৈছে তাৰ আভাস শ্বেয়াৰ কৰিছো…

#NayeBharatKiNariShakti”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"