প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নাও পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ আশ্বাস দিয়ে যে ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীসকলক সকলো ধৰণে সহায় কৰাত নিয়োজিত হৈ আছে। 

প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়ঃ

"উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত পথ দুৰ্ঘটনাটো অতি বেদনাদায়ক। এই দুৰ্যটনাত যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। এই জটিল ক্ষণত ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক। মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে ভুক্তভোগীক সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাত নিয়োজিত হৈ আছেঃ প্ৰধানমন্ত্ৰী @narendramodi"

 

শ্ৰী মোদীয়ে লগতে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়ঃ

“প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Beyond Make in India: Building a globally competitive manufacturing ecosystem

Media Coverage

Beyond Make in India: Building a globally competitive manufacturing ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 6 জুন 2026
June 06, 2026

Viksit Bharat Rising: PM Modi's Vision Powers Energy, Defense & Digital Dominance