প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত এক লাখ কোটিৰ নিশ্চয়তা স্পৰ্শ কৰি সুক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগৰ ঋণ নিশ্চয়তা আঁচনি (CGTMSE)ক লৈ সুখ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আমি আমাৰ অৰ্থনীতি আৰু অধিক উচ্চতালৈ আগুৱাই নিয়াৰ বাবে আমাৰ যুৱক-যুৱতীসকলৰ উদ্যোগীকৰণ দক্ষতাৰ ওপৰত বাজি ধৰিছো।
এম এছ এম ই মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
আমাৰ অৰ্থনীতি আৰু অধিক উচ্চতালৈ আগুৱাই নিবলৈ আমি আমাৰ যুৱক-যুৱতীসকলৰ উদ্যোগীকৰণৰ মানসিকতাক অনুপ্ৰাণিত কৰিব লাগিব।’
We are betting on the entrepreneurial zeal of our youth to propel our economy to even greater heights. https://t.co/58oWmR1D5s
— Narendra Modi (@narendramodi) March 30, 2023


