প্ৰধানমন্ত্ৰীয়ে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰ পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ অনুশাসন, সংকল্প আৰু অদম্য মনোভাৱে দেশখনক ৰক্ষা কৰি আহিছে আৰু ইয়াৰ জনসাধাৰণক শক্তিশালী কৰিছে। তেওঁলোকৰ দায়বদ্ধতাই দেশৰ প্ৰতি কৰ্তব্য, অনুশাসন আৰু ভক্তিৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে বুলি তেওঁ উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে লগতে সশস্ত্ৰ বাহিনীৰ বীৰত্ব তথা সেৱাৰ প্ৰতি সন্মান জনাই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ সকলোকে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
‘সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি অদম্য সাহসেৰে আমাৰ দেশক ৰক্ষা কৰা সাহসী পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।
তেওঁলোকৰ অনুশাসন, সংকল্প আৰু মনোভাৱে আমাৰ জনসাধাৰণক ৰক্ষা কৰে আৰু আমাৰ দেশখনক শক্তিশালী কৰে।
তেওঁলোকৰ দায়বদ্ধতাই আমাৰ দেশৰ প্ৰতি কৰ্তব্য, অনুশাসন তথা ভক্তিৰ এক শক্তিশালী নিদৰ্শন হিচাপে থিয় দিছে। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিত আমি বৰঙণি আগবঢ়াওঁ আহক।”
On Armed Forces Flag Day, we express our deepest gratitude to the brave men and women who protect our nation with unwavering courage. Their discipline, resolve and spirit shield our people and strengthen our nation. Their commitment stands as a powerful example of duty,… pic.twitter.com/94XWoCo1rU
— Narendra Modi (@narendramodi) December 7, 2025




