প্ৰধানমন্ত্ৰীয়ে আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ বীৰ পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

 

তেওঁ কয় যে সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ অনুশাসন, সংকল্প আৰু অদম্য মনোভাৱে দেশখনক ৰক্ষা কৰি আহিছে আৰু ইয়াৰ জনসাধাৰণক শক্তিশালী কৰিছে। তেওঁলোকৰ দায়বদ্ধতাই দেশৰ প্ৰতি কৰ্তব্য, অনুশাসন আৰু ভক্তিৰ এক উজ্জ্বল উদাহৰণ হিচাপে থিয় দিছে বুলি তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  লগতে সশস্ত্ৰ বাহিনীৰ বীৰত্ব তথা সেৱাৰ প্ৰতি সন্মান জনাই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পুঁজিলৈ সকলোকে বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে;

‘সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসত আমি অদম্য সাহসেৰে আমাৰ দেশক  ৰক্ষা কৰা সাহসী পুৰুষ-মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

 

তেওঁলোকৰ অনুশাসন, সংকল্প আৰু মনোভাৱে আমাৰ জনসাধাৰণক ৰক্ষা কৰে আৰু আমাৰ দেশখনক শক্তিশালী কৰে।

তেওঁলোকৰ দায়বদ্ধতাই আমাৰ দেশৰ  প্ৰতি কৰ্তব্য, অনুশাসন তথা  ভক্তিৰ এক শক্তিশালী নিদৰ্শন হিচাপে থিয় দিছে। সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিত আমি বৰঙণি আগবঢ়াওঁ আহক।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.