প্ৰধানমন্ত্ৰীয়ে তেখেতৰ জন্মদিনত শুভেচ্ছা জনোৱা প্ৰতিজন ব্যক্তিক কৃতজ্ঞতা জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈ তেখেতৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰপতিলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;


“সন্মানীয় @rashtrapatibhvn ডাঙৰীয়াণী, আপোনাৰ শুভেচ্ছাৰ বাবে বহু-বহু ধন্যবাদ! এখনি আত্মনিৰ্ভৰ আৰু উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত আপোনাৰ প্ৰেৰণাদায়ী মাৰ্গদৰ্শন অতিশয় উৎসাহজনক। দেশ আৰু দেশবাসীৰ প্ৰতি আমাৰ দায়িত্ব পালনৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ক্ৰুটি নকৰোঁ।”

 

 

উপ-ৰাষ্ট্ৰপতিলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;


“উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ডাঙৰীয়া, আপোনাৰ শুভেচ্ছাৰ বাবে মই কৃতজ্ঞ। ভিন্ন বিষয়ত আপোনাৰ দিহা-পৰামৰ্শ আৰু চিন্তাই মোক সমৃদ্ধ কৰি আহিছে।”

 

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, মোক জন্মদিনৰ শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জনাইছোঁ। এই স্নেহে মোক ৰাইজৰ বাবে অধিক কষ্ট কৰিবলৈ অসীম শক্তি প্ৰদান কৰে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স প’ষ্টত কয়;


“জনতাপৰা ইমান শুভেচ্ছা লাভ কৰি ধন্য হৈছোঁ।


মোক জন্মদিনৰ শুভেচ্ছা জনোৱা প্ৰতিজন ব্যক্তিক ধন্যবাদ জনাইছোঁ। এই স্নেহে মোক ৰাইজৰ বাবে অধিক কষ্ট কৰিবলৈ অসীম শক্তি প্ৰদান কৰে।


এই সময়তে আমাৰ তৃতীয় কাৰ্য্যকালৰ ১০০ দিন সম্পূৰ্ণ হৈছে। মই আনন্দিত যে যোৱা ১০০ দিনত এলানি জন-কেন্দ্ৰিক আৰু উন্নয়নমুখী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যিয়ে আমাৰ এখনি বিকশিত ভাৰত গঢ়াৰ অন্বেষণত বৰঙণি যোগাব।


আজি একাধিক লোকে সমাজ সেৱাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে। মই তেওঁলোকৰ এনে মনোভাৱক প্ৰণাম জনাইছোঁ আৰু এই প্ৰচেষ্টাসমূহৰ বাবে শলাগ লৈছোঁ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's creator economy quadruples in five years as non-metro creators dominate growth: Report

Media Coverage

India's creator economy quadruples in five years as non-metro creators dominate growth: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Thiru K. Kamaraj Ji on his birth anniversary
July 15, 2026

Prime Minister Shri Narendra Modi today, paid homage to Thiru K. Kamaraj Ji on his birth anniversary, remembering him as a stalwart of India's freedom movement and an exceptional public figure who dedicated his life to nation-building. Shri Modi said that Thiru K. Kamaraj Ji's unwavering commitment to education, inclusive development and the welfare of the underprivileged continues to inspire generations.

Shri Modi posted on X;

Remembering Thiru K. Kamaraj Ji on his birth anniversary. A stalwart of India’s freedom movement and an exceptional public figure, he dedicated his life to nation-building. His unwavering commitment to areas like education, inclusive development and the welfare of the underprivileged continues to guide generations.