২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
সদায় দুখীয়াৰ বাবে কাম কৰা আৰু কেতিয়াও উৎকোচ ল’ব নালাগে বুলি মাতৃয়ে দিয়া পৰামৰ্শৰ কথা উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীয়ে
খৰাং প্ৰৱণ ৰাজ্যৰ পৰা সুশাসনৰ শক্তিশালী ৰাজ্যলৈ গুজৰাটৰ ৰূপান্তৰৰ কথা ক'লে প্ৰধানমন্ত্ৰীয়ে
বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এখন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ সংখ্যক বছৰত ভৰি দিয়াৰ লগে লগে ভাৰতবাসীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। ২০০১ চনৰ আজিৰ দিনটোতে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা কৰা যাত্ৰাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহৰ জীৱন উন্নত কৰাৰ লগতে দেশৰ  প্ৰগতিৰ ক্ষেত্ৰত অৰিহণা যোগোৱাটো তেওঁৰ অহৰহ প্ৰচেষ্টা হৈ আহিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে অতি পৰীক্ষামূলক পৰিস্থিতিত তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। সেই বছৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে ৰাজ্যখন ক্ষতিগ্ৰস্ত হৈছিল আৰু ইয়াৰ পূৰ্বৰ বছৰবোৰতো ছুপাৰ চাইক্লন, একেৰাহে হোৱা  খৰাং আৰু ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছিল। তেওঁ কয় যে এই প্ৰত্যাহ্বানসমূহে জনসাধাৰণৰ সেৱাৰ সংকল্প শক্তিশালী কৰি তুলিছিল আৰু নৱীকৃত শক্তি তথা আশাৰে গুজৰাটক  পুনৰ গঢ়ি তোলা হৈছে।

শ্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত মাতৃয়ে কোৱা কথা এই বুলি  স্মৰণ কৰে যে  তেওঁ সদায় দুখীয়াৰ বাবে কাম কৰিব লাগে আৰু কেতিয়াও উৎকোচ ল’ব নালাগে বুলি কৈছিল। তেওঁ কয় যে তেওঁ যিয়েই নকৰক কিয়, সেয়া হ’ব উত্তম উদ্দেশ্যৰে  কৰা   হ’ব  লাগে আৰু শাৰীৰ শেষৰজন ব্যক্তিকো সেৱা আগবঢ়োৱাৰ দৃষ্টিভংগীৰে সেয়া কৰিব লাগিব বুলি তেওঁ মানুহক আশ্বাস দিয়ে ।

গুজৰাটত থকা কাৰ্যকালৰ কথা স্মৰণ  কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই সময়ত মানুহে বিশ্বাস কৰিছিল যে ৰাজ্যখনৰ আৰু কেতিয়াও উত্থান হ’ব নোৱাৰে। কৃষকসকলে বিদ্যুৎ আৰু পানীৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল, কৃষি স্তব্ধ হৈ পৰিছিল আৰু ঔদ্যোগিক বৃদ্ধি স্থবিৰ হৈ পৰিছিল। তেওঁ কয় যে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে গুজৰাট সুশাসনৰ শক্তিশালী স্থানলৈ ৰূপান্তৰিত হ’ল। এসময়ত খৰাং প্ৰৱণ ৰাজ্যখনে কৃষিৰ ক্ষেত্ৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হ’ল,  বাণিজ্য উৎপাদন আৰু ঔদ্যোগিক ক্ষমতালৈ সম্প্ৰসাৰিত হ’ল আৰু সামাজিকৰ লগতে ভৌতিক আন্তঃগাঁথনিয়েও এক উত্থান লাভ কৰিলে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৩ চনত তেওঁক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ দায়িত্ব দিয়া হৈছিল, যেতিয়া দেশ খনে বিশ্বাস আৰু শাসনৰ সংকটৰ সাক্ষী হৈ পৰিছিল। তেওঁ কয় যে ভাৰতৰ জনসাধাৰণে তেওঁৰ মিত্ৰতাক সংখ্যাগৰিষ্ঠতা আৰু তেওঁৰ দলক নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰি নৱীকৃত আত্মবিশ্বাস আৰু উদ্দেশ্যৰে আগবঢ়িব পৰা যুগৰ সূচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত ভাৰতে বহু পৰিৱৰ্তন সাধন কৰিছে। ২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে আৰু দেশখনে বিশ্বৰ প্ৰধান অৰ্থনীতিসমূহৰ মাজত এক উজ্জ্বল স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে সমগ্ৰ ভাৰতৰ জনসাধাৰণ বিশেষকৈ নাৰী শক্তি, যুৱ শক্তি আৰু কঠোৰ পৰিশ্ৰমী অন্নদাতাসকলক পথ ভংগকাৰী প্ৰচেষ্টা আৰু সংস্কাৰৰ জৰিয়তে সবলীকৰণ কৰা হৈছে।

 

তেওঁ লগতে কয় যে আজিৰ জনপ্ৰিয় আবেগ হৈছে ভাৰতক সকলো খণ্ডতে আতমনিৰ্ভৰ কৰি তোলা, যিটো ‘গৰ্ব ছে কহো, য়েঃ স্বদেশী হায়’ৰ আহ্বানত প্ৰতিফলিত হৈছে।

ভাৰতবাসীৰ অবিৰত আস্থা আৰু মৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জাতিৰ সেৱা কৰাটোৱেই সৰ্বোচ্চ সন্মান। সংবিধানৰ মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈ তেওঁ বিকশিত ভাৰতৰ সামূহিক সপোন বাস্তৱায়িত কৰিবলৈ আৰু অধিক কষ্ট কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

এক্সৰ এটা  পোষ্টত  প্ৰধানমন্ত্ৰীয়ে কয়;

‘২০০১ চনৰ আজিৰ দিনটোতে মই প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো।সতীৰ্থ ভাৰতীয়সকলৰ অবিৰত আশীৰ্বাদৰ বাবেই মই এখন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ ২৫ বছৰত ভৰি দিছো।ভাৰতবাসীৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছো।এই বছৰবোৰত আমাৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ লগতে এই মহান দেশ খনৰ প্ৰগতিৰ বাবে মই অহৰহ প্ৰচেষ্টা চলাইছো।"

'অতি পৰীক্ষামূলক পৰিস্থিতিত মোৰ দলে মোক গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল। একে বছৰতে এক বৃহৎ ভূমিকম্পৰ বাবে ৰাজ্যখনে ক্ষতিগ্ৰস্ত হৈছিল।বিগত বছৰবোৰত ছুপাৰ চাইক্লন, একেৰাহে  হোৱা খৰাং আৰু ৰাজনৈতিক অস্থিৰতা দেখা গৈছিল।সেই প্ৰত্যাহ্বানসমূহে জনসাধাৰণৰ সেৱা কৰাৰ সংকল্পক শক্তিশালী কৰি তুলিছিল আৰু নৱীকৃত শক্তি আৰু আশাৰে গুজৰাট পুনৰ নিৰ্মাণ কৰিছিল।"

“মই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো, তেতিয়া মোৰ মায়ে মোক কোৱাৰ কথা মনত আছে - তোমাৰ কামৰ বিষয়ে মই  বিশেষ বুজি নাপাও , কিন্তু মই মাত্ৰ দুটা কথাহে ক'ব  বিচাৰো। প্ৰথমতে, তুমি  সদায় দুখীয়াৰ বাবে কাম কৰিবা আৰু দ্বিতীয়তে, তুমি  কেতিয়াও ঘোচ নল’বা।মই মানুহক এইটোও কৈছিলো যে মই যি কাম কৰিম সেয়া উত্তম উদ্দেশ্যৰে হ’ব আৰু  শাৰীত থকা একেবাৰে শেষ ব্যক্তিজনক সেৱা আগবঢ়োৱাৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হ’ম।”

‘এই ২৫ বছৰ বহু অভিজ্ঞতাৰে ভৰি পৰিছে।একেলগে আমি উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছো।মই আজিও মনত পেলাইছো যে মই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলো তেতিয়া বিশ্বাস কৰা হৈছিল যে গুজৰাট আৰু কেতিয়াও উত্থান হ’ব নোৱাৰে।কৃষককে ধৰি সাধাৰণ নাগৰিকে শক্তি আৰু পানীৰ অভাৱৰ অভিযোগ কৰিছিল।কৃষি স্তব্ধ হৈ পৰিছিল আৰু ঔদ্যোগিক বিকাশ স্থবিৰ হৈ পৰিছিল।তাৰ পৰা আমি সকলোৱে সামূহিকভাৱে কাম কৰি গুজৰাটক সুপ্ৰশাসনৰ  শক্তিকেন্দ্ৰ হিচাপে গঢ়ি তুলিছিলো শাসন ​​ব্যৱস্থা।”

"খৰাং প্ৰৱণ ৰাজ্য গুজৰাট কৃষিৰ ক্ষেত্ৰত শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যত পৰিণত হ'ল। ব্যৱসায়ৰ সংস্কৃতি শক্তিশালী ঔদ্যোগিক আৰু উৎপাদন ক্ষমতালৈ সম্প্ৰসাৰিত হ'ল। নিয়মীয়াকৈ হোৱা  সান্ধ্য আইন অতীতৰ কথা হৈ পৰিল। সামাজিক আৰু ভৌতিক আন্তঃগাঁথনিয়ে উত্থান লাভ কৰিলে। এই ফলাফলসমূহ লাভ কৰিবলৈ জনসাধাৰণৰ সৈতে কাম কৰিব পৰাটো অতি সন্তুষ্টিদায়ক আছিল।"

 

‘২০১৩ চনত মোক ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ দায়িত্ব দিয়া হৈছিল।সেই দিনত দেশ খনে  বিশ্বাস আৰু শাসন ব্যৱস্থাৰ সংকটৰ সাক্ষী হৈ পৰিছিল।তেতিয়াৰ ইউ পি এ চৰকাৰৰ সমাৰ্থক আছিল আটাইতকৈ বেয়া ৰূপৰ দুৰ্নীতি, নীতিগত পক্ষাঘাত।ভাৰতক বিশ্বব্যাপী ক্ৰমত দুৰ্বল  হিচাপে দেখা গৈছিল।কিন্তু, ভাৰতৰ জনসাধাৰণৰ জ্ঞান আমাৰ মিত্ৰজোঁটক  সংখ্যাগৰিষ্ঠাতা দিছিল আৰু লগতে নিশ্চিত কৰিছিল যে আমাৰ দলে  নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰে, যিটো আছিল ৩টা দীঘলীয়া দশকৰ পিছত প্ৰথম।”

“যোৱা ১১ বছৰত আমি ভাৰতীয় জনগণে একেলগে কাম কৰি বহু পৰিৱৰ্তন সাধন কৰিছো।আমাৰ পথ ভংগকাৰী প্ৰচেষ্টাই সমগ্ৰ ভাৰতৰ মানুহক সবল কৰি তুলিছে, বিশেষকৈ আমাৰ নাৰী শক্তি, যুৱ শক্তি আৰু কঠোৰ পৰিশ্ৰমী অন্নদাতাসকল।২৫ কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰা হৈছে।ভাৰতক বিশ্বৰ প্ৰধান অৰ্থনীতিৰ মাজত এক উজ্জ্বল স্থান হিচাপে দেখা যায়।আমি অন্যতম বৃহৎ স্বাস্থ্যসেৱাৰ ঘৰ আৰু বিশ্বত সামাজিক সুৰক্ষা আঁচনি আমাৰ কৃষকসকলে উদ্ভাৱন কৰি আছে আৰু নিশ্চিত কৰিছে যে আমাৰ জাতিটো স্বাৱলম্বী হোৱাটো আমি ব্যাপক সংস্কাৰ হাতত লৈছো আৰু আমাৰ  আবেগ  হৈছে ভাৰতক সকলো খণ্ডতে আত্মনিৰ্ভৰ কৰি তোলা, যিটো ‘গৰ্ব ছে কহো, য়ে স্বদেশী হায়’ৰ আহ্বানত প্ৰতিফলিত হৈছে।”

‘অবিৰত আস্থা আৰু স্নেহৰ বাবে ভাৰতৰ জনসাধাৰণক পুনৰ এবাৰ ধন্যবাদ জনাইছো।আমাৰ প্ৰিয় দেশখনৰ সেৱা কৰাটো সৰ্বোচ্চ সন্মান, কৃতজ্ঞতা আৰু উদ্দেশ্যেৰে মোক ভৰাই তোলা কৰ্তব্য। আমাৰ সংবিধানৰ মূল্যবোধক মোৰ অহৰহ পথ প্ৰদৰ্শক হিচাপে লৈ মই আগন্তুক সময়ত আৰু অধিক কষ্ট কৰি আমাৰ সামূহিক সপোন বিকশিত  ভাৰতৰ সপোনক  বাস্তৱায়িত কৰিম ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in building collapse at Satya Niketan in Delhi
September 06, 2026

Prime Minister Shri Narendra Modi today expressed deep distress over the collapse of a building at Satya Niketan in Delhi.

The Prime Minister extended his condolences to the families of those who lost their loved ones and prayed for the speedy recovery of the injured. He further noted that authorities are actively working at the site and providing assistance to all those affected by the incident.

In a post on X, the Prime Minister's Office shared:

"The collapse of a building at Satya Niketan, Delhi is distressing. Condolences to those who lost their loved ones. Praying for the speedy recovery of the injured. Authorities are working at the site and assisting those affected in the mishap: PM @narendramodi"