"যোৱা কেইবছৰমানৰ পৰা আমি অৰ্ধসামৰিক বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত বহুত ডাঙৰ পৰিৱৰ্তন কৰিছো"
“৯ বছৰ পূৰ্বে আজিৰ দিনটোতে আৰম্ভ হোৱা জন ধন যোজনাই গানভ আৰু দৰিদ্ৰ লোকসকলৰ অৰ্থনৈতিক সবলীকৰণত ডাঙৰ ভূমিকা পালন কৰিছে”
“দেশৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত জন ধন যোজনাই যি ভূমিকা লৈছে, সেয়া সঁচাকৈয়ে অধ্যয়নৰ বিষয়”
“চৰকাৰ আৰু শাসন ব্যৱস্থাৰ পৰিৱৰ্তন অনাৰ অভিযানত আপোনালোক সকলো যুৱক-যুৱতী মোৰ আটাইতকৈ ডাঙৰ শক্তি”
“আপোনালোক এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”, প্ৰধানমন্ত্ৰীয়ে কয়।
তেওঁ সীমান্ত অঞ্চল আৰু উগ্ৰবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে বিশেষ কোটাৰ বিষয়েও অৱগত কৰে।
ইয়াৰ ফলত সংযোগৰ লগতে পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰতো উদ্গনি যোগোৱা হৈছে, নতুন চাকৰিৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই ৰোজগাৰ মেলা দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হয়। এই ৰোজগাৰ মেলা অনুষ্ঠানৰ জৰিয়তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি), অসম ৰাইফলছ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ),  কেন্দ্ৰীয় উদ্যোগ নিৰাপত্তা বাহিনী (চিআইএছএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ লগতে দিল্লী আৰক্ষীৰ জোৱান নিযুক্তি দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি হোৱা নতুনকৈ নিযুক্তি পোৱা সকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন সংস্থাত কনিষ্টবল (জেনেৰেল ডিউটি), উপ-পৰিদৰ্শন (জেনেৰেল ডিউটি) আৰু নন-জেনেৰেল ডিউটি কেডাৰ পদত যোগদান কৰিব।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে অমৃত কালৰ সময়ত ‘অমৃত ৰক্ষক’ হিচাপে নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপ্তসকলক অভিনন্দন জনায়। তেওঁ তেওঁলোকক ‘অমৃত ৰক্ষক’ বুলি অভিহিত কৰে কাৰণ নতুন নিযুক্তিপ্ৰাপ্তসকলে কেৱল দেশৰ সেৱাই নহয়, দেশ আৰু দেশবাসীকো সুৰক্ষা দিব। “আপোনালোক এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ৰোজগাৰ মেলাৰ এই সংস্কৰণটো এনে এটা সময়ত সংঘটিত হৈছে যিসময়ত দেশ গৌৰৱ আৰু আত্মবিশ্বাসেৰে ভৰি পৰিছে। তেওঁ কয় যে চন্দ্ৰযান-৩ আৰু প্ৰজ্ঞান ৰভাৰে অহৰহ চন্দ্ৰৰ শেহতীয়া ছবি প্ৰেৰণ কৰি আছে। এই গৌৰৱপূৰ্ণ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে নতুন নিযুক্তি লাভ কৰাসকলে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যাত্ৰা আৰম্ভ কৰিছে বুলি উল্লেখ কৰি সকলো নতুন নিযুক্তিপ্ৰাপক আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা বা নিৰাপত্তা আৰু আৰক্ষী বাহিনীত বাছনিৰ ক্ষেত্ৰত অহা দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে বাহিনীসমূহৰ প্ৰয়োজনীয়তাক লৈ অতি গুৰুত্বসহকাৰে কাম কৰি আহিছে। তেওঁ অৰ্ধসামৰিক বাহিনী নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। আবেদনৰ পৰা চূড়ান্ত বাছনিলৈকে নিযুক্তিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈ গ’ল, পূৰ্বৰ দৰেই ইংৰাজী বা হিন্দীৰ ঠাইত ১৩টা স্থানীয় ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। তেওঁ ছত্তীশগড়ৰ নক্সাল অধ্যুষিত অঞ্চলত শতাধিক জনজাতীয় যুৱকক নীতি-নিয়ম শিথিল কৰি নিযুক্তি দিয়াৰ কথা উল্লেখ কৰে। তেওঁ সীমান্ত অঞ্চল আৰু উগ্ৰবাদ ক্ষতিগ্ৰস্ত অঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে বিশেষ কোটাৰ বিষয়েও অৱগত কৰে।

 

দেশৰ উন্নয়ন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত নতুন নিযুক্তিপ্ৰাপকসকলৰ দায়িত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আইনৰ শাসনৰ দ্বাৰা সুৰক্ষিত পৰিৱেশে উন্নয়নৰ গতি ক্ষিপ্ৰ কৰে। উত্তৰ প্ৰদেশৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখন এসময়ত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল আৰু অপৰাধৰ ক্ষেত্ৰতো আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম। তেওঁ লগতে কয় যে উত্তৰ প্ৰদেশত আইনৰ শাসন প্ৰৱৰ্তনৰ লগে লগে ৰাজ্যখনে এতিয়া উন্নয়নৰ নতুন উচ্চতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভয়মুক্ত এখন নতুন সমাজ প্ৰতিষ্ঠা হৈছে। “আইন-শৃংখলাৰ এনে ব্যৱস্থাই জনসাধাৰণৰ ওপৰত থকা বিশ্বাসক পুনৰ দৃঢ় কৰে”, তেওঁ লগতে কয়। তেওঁ উল্লেখ কৰে যে অপৰাধৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি পাইছে৷ তেওঁ লগতে উল্লেখ কৰে যে যিবোৰ ৰাজ্যত অপৰাধৰ হাৰ বেছি, সেইবোৰ ৰাজ্যত বিনিয়োগ অতি কম হোৱা পৰিলক্ষিত হৈছে আৰু ফলত সকলো নিয়োগৰ সুযোগো স্তব্ধ হৈ পৰিছে।

ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ মৰ্যাদা লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে এই দশকৰ ভিতৰত ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিব। “মোদীয়ে অতি দায়িত্ব সহকাৰে এনে নিশ্চয়তা দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়। ক্ৰমবৰ্ধমান অৰ্থনীতিৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ ওপৰত অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতিৰ বিকাশ সুনিশ্চিত কৰিবলৈ প্ৰতিটো খণ্ডই বৃদ্ধি হোৱাটো গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়ত ফাৰ্মা উদ্যোগৰ ভূমিকা সম্পৰ্কে তেওঁ কয়। আজি ভাৰতৰ ফাৰ্মা উদ্যোগৰ মূল্য প্ৰায় ৪ লাখ কোটি টকা আৰু ২০৩০ চনৰ ভিতৰত এই উদ্যোগৰ মূল্য প্ৰায় ১০ লাখ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই বৃদ্ধিৰ অৰ্থ হ’ল আগন্তুক বছৰবোৰত ফাৰ্মা উদ্যোগত অধিক যুৱকৰ প্ৰয়োজন হ’ব, যি কৰ্মসংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব।

অ’টোমোবাইল আৰু অ’টো কম্পোনেণ্ট উদ্যোগৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে দুয়োটা উদ্যোগৰ মূল্য ১২ লাখ কোটিতকৈও অধিক আৰু আগন্তুক বছৰবোৰত ইয়াৰ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তেওঁ আঙুলিয়াই দিয়ে যে এই বিকাশৰ হাৰ বজাই ৰাখিবলৈ অ’টোমোবাইল উদ্যোগৰ বাবে আৰু বহু যুৱকৰ প্ৰয়োজন হ’ব, যাৰ ফলত দেশত নিয়োগৰ সুযোগ সৃষ্টি হ’ব। যোৱা বছৰ প্ৰায় ২৬ লাখ কোটি টকাৰ খাদ্য সংসাধন উদ্যোগৰ কথাও তেওঁ উল্লেখ কৰি কয় যে অহা চাৰে তিনি বছৰত ই ৩৫ লাখ কোটিলৈ বৃদ্ধি হোৱাটো নিশ্চিত। “সম্প্রসাৰণৰ লগে লগে নিয়োগৰ সুযোগ বৃদ্ধি পায়”, তেওঁ লগতে কয়৷

আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত ৯ বছৰত কেন্দ্ৰীয় চৰকাৰে আন্তঃগাঁথনিৰ বাবে ৩০ লাখ কোটিৰো অধিক ধন ব্যয় কৰিছে। ইয়াৰ ফলত সংযোগৰ লগতে পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰতো উদ্গনি যোগোৱা হৈছে, নতুন চাকৰিৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৩০ চনৰ ভিতৰত পৰ্যটন খণ্ডই অৰ্থনীতিলৈ ২০ লাখ কোটিতকৈ অধিক অৰিহণা যোগাই আনুমানিক ১৩-১৪ কোটি চাকৰিৰ সৃষ্টি কৰিব। এইবোৰ কেৱল সংখ্যা নহয়, তেওঁ ব্যাখ্যা কৰে যে এই খণ্ডটোৰ উন্নয়নে চাকৰিৰ সৃষ্টি, জীৱন-যাপনৰ সহজতা আৰু আয় বৃদ্ধিৰ জৰিয়তে সাধাৰণ নাগৰিকৰ জীৱনত প্ৰভাৱ পেলাব।

 

“বিগত ৯ বছৰত চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই ৰূপান্তৰৰ এক নতুন যুগ প্ৰত্যক্ষ কৰিব পাৰি”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ অৱগত কৰে যে যোৱা বছৰ ভাৰতে অভিলেখ পৰিমাণৰ ৰপ্তানি কৰিছে, যিটোৱে বিশ্ব বজাৰত ভাৰতত নিৰ্মিত সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ লক্ষণকে পৰিস্ফুট হৈছে৷ শ্ৰী মোদীয়ে কয় যে উৎপাদন বৃদ্ধি পাইছে, কৰ্মসংস্থাপন বৃদ্ধি পাইছে আৰু তাৰ ফলত পৰিয়ালটোৰ আয় বৃদ্ধি হৈছে। তেওঁ উল্লেখ কৰে যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে আৰু ভাৰতত মোবাইলৰ চাহিদাও বৃদ্ধি পাইছে। মোবাইল নিৰ্মাণৰ বহুগুণ বৃদ্ধিৰ বাবে তেওঁ চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব দিয়ে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশে এতিয়া অন্যান্য ইলেক্ট্ৰনিক গেজেটতো গুৰুত্ব দিছে আৰু ভাৰতে আই টি আৰু হাৰ্ডৱেৰ নিৰ্মাণ খণ্ডত মোবাইল উৎপাদন খণ্ডৰ সফলতাক নকল কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে। “মেড ইন ইণ্ডিয়া লেপটপ আৰু ব্যক্তিগত কম্পিউটাৰে আমাক গৌৰৱান্বিত কৰিব পৰা সেই দিনটো বহু দূৰত নহয়”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতত নিৰ্মিত লেপটপ আৰু কম্পিউটাৰ ক্ৰয় কৰাত গুৰুত্ব দিছে আৰু ফলত উৎপাদন আৰু নিয়োগ বৃদ্ধি পাইছে। দেশত চলি থকা অৰ্থনৈতিক উন্নয়নৰ বাবে এক নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ বাবে নতুন নিযুক্তিপ্ৰাপকসকলৰ কান্ধত নিহিত হৈ থকা দায়িত্বৰ কথা তেওঁ দোঁহাৰে।

প্ৰধানমন্ত্ৰীয়ে ৯ বছৰ পূৰ্বে আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ শুভাৰম্ভণিৰ কথা স্মৰণ কৰে। “গাওঁ আৰু দৰিদ্ৰ (গাঁও আৰু গৰীব)ৰ অৰ্থনৈতিক সবলীকৰণৰ সমান্তৰালকৈ এই আঁচনিখনে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো ডাঙৰ ভূমিকা পালন কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ অৱগত কৰে যে এই আঁচনিৰ অধীনত বিগত ৯ বছৰৰ ভিতৰত ৫০ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। এই আঁচনিখনে দৰিদ্ৰ আৰু বঞ্চিত লোকসকলক প্ৰত্যক্ষভাৱে সুবিধাসমূহ লৈ যোৱাৰ লগতে জনজাতীয়, মহিলা, দলিত আৰু অন্যান্য বঞ্চিত শ্ৰেণীৰ লোকসকলক নিয়োগ আৰু স্বনিয়োজিত কৰাত সহায় কৰিছে। বহু যুৱকে বেংকিং সংবাদদাতা, বেংক মিত্ৰৰ চাকৰি পালে। ২১ লাখৰো অধিক যুৱক-যুৱতী বেংক মিত্ৰ বা বেংক সখী হিচাপে নিয়োজিত হৈ আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে জনায়। জন ধন যোজনা, মুদ্ৰা যোজনা শক্তিশালী কৰা বুলিও তেওঁ কয়। তেওঁ অৱগত কৰে যে মুদ্ৰা যোজনাৰ অধীনত এই পৰ্যন্ত ২৪ লাখ কোটিতকৈ অধিক মূল্যৰ বন্ধকীমুক্ত ঋণ প্ৰদান কৰা হৈছে। হিতাধিকাৰীসকলৰ ভিতৰত ৮ কোটি প্ৰথমবাৰৰ বাবে উদ্যোগী আছে। প্ৰধানমন্ত্ৰী স্বনিধিৰ অধীনত প্ৰায় ৪৫ লাখ পদপথৰ দোকানীক প্ৰথমবাৰৰ বাবে জামিনবিহীন ঋণৰ অনুমোদন দিয়া হৈছে৷ এই আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত ব

হু সংখ্যক মহিলা, দলিত, পিছপৰা আৰু জনজাতীয় যুৱক-যুৱতী আছে। জন ধন একাউণ্ট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে গাঁৱে-ভূঞে মহিলা আত্মসহায়ক গোটক শক্তিশালী কৰিছে। “দেশৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰাত জন ধন যোজনাই যি ভূমিকা পালন কৰিছে সেয়া সঁচাকৈয়ে অধ্যয়নৰ বিষয়”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে বহু ৰোজগাৰ মেলাত লাখ লাখ যুৱক-যুৱতীক সম্বোধন কৰাৰ কথা উল্লেখ কৰি কয় যে তেওঁলোকে জনসেৱা বা অন্যান্য খণ্ডত কৰ্মসংস্থাপন লাভ কৰিছিল। “চৰকাৰ আৰু শাসন ব্যৱস্থাৰ পৰিৱৰ্তন অনাৰ অভিযানত আপোনালোক সকলো যুৱক-যুৱতীয়েই মোৰ আটাইতকৈ ডাঙৰ শক্তি”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আজিৰ যুৱক-যুৱতীসকল এনে এটা প্ৰজন্মৰ পৰা অহা বুলি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে দ্ৰুত ডেলিভাৰীৰ গুৰুত্বৰ ওপৰত জোৰ দি কয় যে আজিৰ প্ৰজন্মই সমস্যাৰ স্থায়ী সমাধান বিচাৰে, খণ্ডিত সমস্যাৰ নহয়। তেওঁ আলোকপাত কৰে যে ৰাজহুৱা সেৱক হিচাপে নতুন নিযুক্তিপ্ৰাপ্তসকলে দীৰ্ঘম্যাদীভাৱে ৰাইজৰ বাবে উপকাৰী সিদ্ধান্ত ল’ব লাগিব। “আপুনি যি প্ৰজন্মৰ, সেই প্ৰজন্মই কিবা এটা লাভ কৰিবলৈ বদ্ধপৰিকৰ। এই প্ৰজন্মই কাৰো অনুকূল নিবিচাৰে, মাথোঁ বিচাৰে যাতে কোনেও তেওঁলোকৰ বাটত বাধা হৈ নাযায়”, প্ৰধানমন্ত্ৰীয়ে জনসেৱক হিচাপে জনসাধাৰণৰ আকাংক্ষা পূৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি এইদৰে কয়। তেওঁ লগতে কয় যে এই বুজাবুজিৰে কাম কৰিলে আইন-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব৷

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে অৰ্ধসামৰিক বাহিনী হিচাপে শিক্ষণৰ মনোভাৱ বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আইজিঅ’টি কৰ্মযোগী পৰ্টেলত উপলব্ধ ৬০০তকৈ অধিক পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। ‘এই পৰ্টেলত ২০লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছে। মই আহ্বান জনাইছো যে আপোনালোকেও এই পৰ্টেলত যোগদান কৰিব লাগিব আৰু ইয়াৰ সুবিধা ল’ব”, প্ৰধানমন্ত্ৰীয়ে কয়। শেষত প্ৰধানমন্ত্ৰীয়ে শাৰীৰিক ফিটনেছৰ প্ৰয়োজনীয়তা আৰু যোগক দৈনন্দিন অনুশীলন হিচাপে নতুন নিযুক্তিপ্ৰাপকসকলৰ জীৱনত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period

Media Coverage

India's Merchandise Exports Defy Global Headwinds, Rise 15 Per Cent In April–14 June Period
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”