বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ
“ৰোজগাৰ মেলাই যুৱক-যুৱতীসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে”
“বিগত ৯ বছৰত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াক ক্ষিপ্ৰ, স্বচ্ছ আৰু নিৰপেক্ষ হিচাপে অগ্ৰাধিকাৰ দিছে”
“নিয়োগৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত কৰা হয়”
“৯ বছৰত চৰকাৰে মূলধনী ব্যয়ৰ বাবে প্ৰায় ৩৪ লাখ কোটি টকা ব্যয় কৰিছে আৰু এই বছৰো মূলধনী ব্যয়ৰ বাবে ১০ লাখ কোটি টকা আবণ্টন দিয়া হৈছে”
“আত্মনিৰ্ভৰ ভাৰত অভিযান দেশৰ উৎপাদনৰ জৰিয়তে কৰ্মসংস্থাপনৰ সৃষ্টিৰ ওপৰত আধাৰিত”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিযোগে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত ভাষণ আগবঢ়োৱাৰ লগতে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭১,০০০ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপ্ত সকলো প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ গুজৰাটৰ দৰে ৰাজ্যত শেহতীয়া ৰোজগাৰ মেলা আৰু অসমৰ আগন্তুক ৰোজগাৰ মেলাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰ আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ এই মেলাসমূহে, যুৱক-যুৱতীসকলৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে বিগত ৯ বছৰত চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াক ক্ষিপ্ৰ, স্বচ্ছ আৰু নিৰপেক্ষ হিচাপে অগ্ৰাধিকাৰ দিছে। নিযুক্তি প্ৰক্ৰিয়াত সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে কৰ্মচাৰী বাছনি ব’ৰ্ডে নতুন নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক অন্তৰ্ভূক্ত কৰিবলৈ প্ৰায় ১৫-১৮ মাহ সময় লৈছিল যদিও বৰ্তমান মাত্ৰ ৬-৮ মাহ সময় লাগে। তেওঁ কয় যে আবেদন প্ৰ-পত্ৰ লাভ কৰাৰ পৰা ডাকযোগে জমা দিয়ালৈকে পূৰ্বে যি বিৰক্তিকৰ নিযুক্তি প্ৰক্ৰিয়া আছিল, এতিয়া ইয়াক অনলাইন কৰি সৰল কৰা হৈছে, য’ত নথি-পত্ৰৰ স্ব-প্ৰমাণীকৰণৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গ্ৰুপ ‘চি’ আৰু গ্ৰুপ ‘ডি‘ৰ বাবে সাক্ষাৎকাৰো বাতিল কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ আটাইতকৈ ডাঙৰ লাভ হ’ল সমগ্ৰ প্ৰক্ৰিয়াটোৰ পৰা স্বজন-তোষণ নিঃশেষ হোৱাটো।

প্ৰধানমন্ত্ৰীয়ে আজিৰ তাৰিখৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে কাৰণ ৯ বছৰ পূৰ্বে এই তাৰিখতে অৰ্থাৎ ১৬ মে’ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। দিনটোৰ উৎসাহৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সবকা সাথ’ৰ মনোভাৱেৰে আৰম্ভ হোৱা যাত্ৰা ‘সবকা বিকাশে’ এক বিকশিত ভাৰতৰ বাবে কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে আজি ছিকিমৰো প্ৰতিষ্ঠা দিৱস৷

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৯ বছৰৰ ভিতৰত নিয়োগৰ সম্ভাৱনাক প্ৰতি লক্ষ্য ৰাখি চৰকাৰী নীতি প্ৰস্তুত কৰা হৈছে। আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত পদক্ষেপ, গ্ৰাম্য উদ্গনি বা জীৱনৰ মৌলিক প্ৰয়োজনীয়তাসমূহৰ সম্প্ৰসাৰণ, ভাৰত চৰকাৰৰ প্ৰতিটো নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত ৯ বছৰত চৰকাৰে মূলধনী ব্যয় আৰু মৌলিক সা-সুবিধাসমূহৰ বাবে প্ৰায় ৩৪ লাখ কোটি টকা ব্যয় কৰিছে। এই বছৰৰ বাজেটতো মূলধনী ব্যয়ৰ বাবে ১০ লাখ কোটি টকা আবণ্টন দিয়া হৈছিল। এই পৰিমাণৰ ফলত নতুন ঘাইপথ, নতুন বিমানবন্দৰ, নতুন ৰে’লপথ, দলং আদি আধুনিক আন্তঃগাঁথনিৰ সৃষ্টি হৈছে। ইয়াৰ ফলত দেশত বহু নতুন চাকৰিৰ সৃষ্টি হৈছে বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ গতি আৰু পৰিসৰ স্বাধীন ভাৰতৰ ইতিহাসত অভূতপূৰ্ব। তেওঁ জনায় যে বিগত ৯ বছৰত ৪০ হাজাৰ কিলোমিটাৰ ৰে’লপথ বিদ্যুতীকৰণ হোৱাৰ বিপৰীতে তাৰ পূৰ্বৰ ৭ দশকত ২০ হাজাৰ কিলোমিটাৰ ৰে’লপথৰ বিদ্যুতীকৰণ হৈছিল। দেশৰ মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে ২০১৪ চনৰ পূৰ্বে মাত্ৰ ৬০০ মিটাৰ মেট্ৰ’ লাইন স্থাপন কৰাৰ বিপৰীতে বৰ্তমান প্ৰায় ৬ কিলোমিটাৰ মেট্ৰ’ ৰে’ল লাইন স্থাপন কৰা হৈছে।

২০১৪ চনৰ আগতে ৪ লাখ কিলোমিটাৰতকৈও কম গ্ৰাম্য পথ আছিল, বৰ্তমান ইয়াৰ দৈৰ্ঘ্য ৭.২৫ লাখ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। ২০১৪ চনত ৭৪টা বিমানবন্দৰৰ পৰা বৰ্তমান প্ৰায় ১৫০টালৈ বৃদ্ধি পাইছে। একেদৰে বিগত ৯ বছৰত দৰিদ্ৰ লোকৰ বাবে নিৰ্মাণ কৰা ৪ কোটি ঘৰে উল্লেখযোগ্য কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। গাঁওসমূহত ৫ লাখ সাধাৰণ সেৱা কেন্দ্ৰই গ্ৰামাঞ্চলত চাকৰিৰ ব্যৱস্থা কৰিছে। গাঁওসমূহত ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন নিৰ্মাণ কৰাৰ লগতে ৯ কোটি ঘৰ পাইপযোগে পানীৰ সংযোগ কৰা হৈছে। এই সকলোবোৰে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। বিদেশী বিনিয়োগেই হওক বা ভাৰতৰ ৰপ্তানিৰ শক্তিয়েই হওক, প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰে দেশত নিয়োগ আৰু আত্ম-সংস্থাপনৰ অসংখ্য সুযোগ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত ৯ বছৰত চাকৰিৰ প্ৰকৃতিৰ ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে য’ত দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন খণ্ডৰ উন্মেষ ঘটিছে। প্ৰধানমন্ত্ৰীয়ে এই নতুন খণ্ডসমূহক কেন্দ্ৰীয় চৰকাৰে নিৰন্তৰ সহায় আগবঢ়াই থকা বুলি পুনৰ উল্লেখ কৰি ৰাষ্ট্ৰই প্ৰত্যক্ষ কৰা ষ্টাৰ্টআপ বিপ্লৱৰ ওপৰত আলোকপাত কৰে। তেওঁ জনায় যে দেশত ২০১৪ চনৰ পূৰ্বৰ ১০০টা ষ্টাৰ্টআপৰ পৰা এই সংখ্যা বৰ্তমান এক লক্ষাধিক হৈছে, যাৰ ফলত ১০লাখতকৈ অধিক যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে।

পূৰ্বতকৈ মানুহৰ জীৱন-যাপন সহজ কৰি তোলা প্ৰযুক্তিগত বিকাশৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এপ ভিত্তিক টেক্সি সেৱাৰ উদাহৰণ দাঙি ধৰে, যিবোৰ চহৰৰ বাবে জীৱনৰেখাত পৰিণত হৈছে, দক্ষ অনলাইন ডেলিভাৰী ব্যৱস্থা, যিটোৱে কৰ্মসংস্থাপন বৃদ্ধি কৰিছে, ড্ৰোন খণ্ডৰ উদ্গনিয়ে কীটনাশক স্প্ৰে কৰাৰ পৰা ঔষধ ডেলিভাৰীলৈকে সহায় কৰিছে, চহৰৰ গেছ বিতৰণ ব্যৱস্থাৰ নেটৱৰ্ক ৬০ৰ পৰা ৬০০ চহৰলৈ সম্প্ৰসাৰণ কৰা হৈছে৷

 

প্ৰধানমন্ত্ৰীয়ে জনায় বিগত ৯ বছৰত চৰকাৰে মুদ্ৰা যোজনাৰ অধীনত ২৩ লাখ কোটিৰো অধিক মূল্যৰ ঋণ প্ৰদান কৰিছে, যিটোৱে নাগৰিকসকলক নতুন ব্যৱসায় স্থাপন, টেক্সি ক্ৰয় বা বৰ্তমানৰ প্ৰতিষ্ঠানসমূহ সম্প্ৰসাৰণত সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে জনায় যে প্ৰায় ৮-৯ কোটি নাগৰিকে মুদ্ৰা যোজনাৰ অধীনত ঋণৰ সুবিধা লৈ প্ৰথমবাৰৰ বাবে উদ্যোগী হৈ পৰিছে। “আত্মনিৰ্ভৰ ভাৰত অভিযান দেশত উৎপাদনৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত আধাৰিত”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পিএলআই আঁচনিৰ অধীনত উৎপাদনৰ বাবে প্ৰায় দুই লাখ কোটি টকাৰ সাহায্য আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে দেশত উচ্চ শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশৰ প্ৰতিষ্ঠানসমূহ দ্ৰুত গতিত বিকশিত হৈ আছে। ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰতি বছৰে এখনকৈ নতুন আইআইটি আৰু এখন নতুন আইআইএম স্থাপন কৰা হৈছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ লগতে কয় যে বিগত ৯ বছৰত প্ৰতি সপ্তাহত এখন বিশ্ববিদ্যালয় উদ্বোধন কৰা হৈছে আৰু গড়ে প্ৰতিদিনে দুখন মহাবিদ্যালয় কাৰ্যক্ষম হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশত প্ৰায় ৭২০খন বিশ্ববিদ্যালয় আছিল, আনহাতে বৰ্তমান সেই সংখ্যা ১১০০ৰো অধিক হৈছে। দেশৰ চিকিৎসা শিক্ষাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৭ দশকত দেশত মাত্ৰ ৭খন এইমছ নিৰ্মাণ কৰাৰ বিপৰীতে বিগত ৯ বছৰত চৰকাৰে ১৫খন নতুন এইমছ নিৰ্মাণ কৰিছে। তেওঁ লগতে কয় যে দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৪০০ৰ পৰা ৭০০লৈ বৃদ্ধি পাইছে, য’ত এমবিবিএছ আৰু এমডিৰ আসনৰ সংখ্যা প্ৰায় ৮০ হাজাৰৰ পৰা ১ লাখ ৭০ হাজাৰৰো অধিক হৈছে।

প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ ক্ষেত্ৰত আইটিআইৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। “বিগত ৯ বছৰত প্ৰতিদিনে এখনকৈ আইটিআই স্থাপন কৰা হৈছে”। তেওঁ জনায় যে দেশৰ প্ৰয়োজন অনুযায়ী ১৫ হাজাৰ আইটিআইত নতুন পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ আঁচনিৰ অধীনত ১.২৫ কোটিৰো অধিক যুৱক-যুৱতীক দক্ষতা প্ৰদান কৰা হৈছে। ইপিএফঅ’ৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে জনায় যে ২০১৮-১৯ চনৰ পিছত ইপিএফঅ’ৰ নেট পে-ৰোল অনুসৰি ৪.৫ কোটি নতুন আনুষ্ঠানিক চাকৰিৰ সৃষ্টি হৈছে, যিবোৰে আনুষ্ঠানিক চাকৰিৰ ধাৰাবাহিক বৃদ্ধিৰ ইংগিত দিয়ে। আত্ম-সংস্থাপনৰ সুযোগো ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্ব পৰ্যায়ত ভাৰতৰ উদ্যোগ আৰু বিনিয়োগৰ বাবে অভূতপূৰ্ব ইতিবাচকতা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ ৱালমাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে হোৱা বৈঠকৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ পৰা ৮০ হাজাৰ কোটি টকা পৰ্যন্ত সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ আস্থাৰ বিষয়ে অৱগত কৰে। লজিষ্টিক আৰু যোগান শৃংখল খণ্ডত নিয়োজিত যুৱক-যুৱতীসকলৰ বাবে এয়া এক ডাঙৰ খবৰ। ভাৰতৰ পৰা ৮ হাজাৰ কোটি মূল্যৰ সামগ্ৰী ৰপ্তানি কৰা চিস্কোৰ চিইঅ’ আৰু ভাৰতৰ মোবাইল উৎপাদন উদ্যোগৰ বিষয়ে আস্থা প্ৰকাশ কৰা এপলৰ চিইঅ’ৰ সৈতে হোৱা বৈঠকৰ কথাও স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহী কোম্পানী এনএক্সপিৰ শীৰ্ষ কাৰ্যবাহীয়েও ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ সৃষ্টিৰ ক্ষমতাক লৈ ইতিবাচক মনোভাৱ প্ৰদৰ্শন কৰে বুলি কয়। ফক্সকনেও হাজাৰ হাজাৰ কোটি টকাৰ বিনিয়োগ আৰম্ভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে অহা সপ্তাহত বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা নিৰ্ধাৰিত বৈঠকৰ বিষয়েও অৱগত কৰি কয় যে এই সকলোৱেই ভাৰতত বিনিয়োগৰ বাবে উৎসাহিত হৈ আছে৷ তেওঁ আলোকপাত কৰে যে এনে প্ৰচেষ্টাই ভাৰতৰ বিভিন্ন খণ্ডত সৃষ্টি হোৱা নতুন কৰ্মসংস্থাপনৰ সুযোগক উজ্জ্বলাই তুলিছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে নতুন নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক উদ্দেশ্যি কোৱাৰ লগতে আগন্তুক ২৫ বছৰত উন্নত ভাৰতৰ সংকল্পসমূহ বাস্তৱায়িত হ’বলগীয়া দেশখনত চলি থকা উন্নয়নৰ এই মহাযজ্ঞত তেওঁলোকৰ ভূমিকাক আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে নিযুক্তিপ্ৰাপকসকলক এই সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় আৰু অনলাইন শিক্ষণ মঞ্চ iGoT কৰ্মযোগী মডিউলৰ জৰিয়তে চৰকাৰে কৰ্মচাৰীসকলৰ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ দিশতো আলোকপাত কৰে।

পটভূমিঃ

দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত হয়৷ এই পদক্ষেপক সমৰ্থন কৰা কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিযুক্তিসমূহ চলি আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা নতুন নিযুক্তিপ্ৰাপকসকলে গ্ৰামীন ডাক সেৱক, পদ পৰিদৰ্শক, বাণিজ্যিক তথা টিকট কেৰাণী, কনিষ্ঠ কেৰাণী তথা টাইপিষ্ট, কনিষ্ঠ একাউণ্ট কেৰাণী, ট্ৰেক মেইণ্টেইনাৰ, সহকাৰী শাখা বিষয়া, নিম্ন বৰ্গৰ কেৰাণী, মহকুমা বিষয়া, কৰ সহায়ক, এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ, পৰিদৰ্শক, নাৰ্চিং বিষয়া, সহকাৰী নিৰাপত্তা বিষয়া, ফায়াৰমেন, সহকাৰী একাউণ্ট বিষয়া, সহকাৰী নিৰীক্ষণ বিষয়া, সংমণ্ডল একাউণ্টেণ্ট, নিৰীক্ষক, কনিষ্টবল, মুখ্য কনিষ্টবল, সহ অধিনায়ক, অধ্যক্ষ, প্ৰশিক্ষিত স্নাতক শিক্ষক, সহকাৰী পঞ্জীয়ক, সহকাৰী অধ্যাপক আদি বিভিন্ন পদত যোগদান কৰিব।

ৰোজগাৰ মেলা হৈছে নিয়োগ সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ৷ ৰোজগাৰ মেলাই অধিক নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰাৰ লগতে যুৱক-যুৱতীসকলক তেওঁলোকৰ সবলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণৰ উপযুক্ত সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

বিভিন্ন চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি পোৱা সকলোৰে বাবে কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে অনলাইন অৰিয়েণ্টেচন পাঠ্যক্ৰম গ্ৰহণ সুবিধা প্ৰদান কৰিছে, যাৰ দ্বাৰা তেওঁলোকে নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিব।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts