Launches Karmayogi Prarambh module - online orientation course for new appointees
“Rozgar Mela is our endeavour to empower youth and make them the catalyst in national development”
“Government is Working in mission mode to provide government jobs”
“Central government is according the highest priority to utilise talent and energy of youth for nation-building”
“The 'Karmayogi Bharat' technology platform will be a great help in upskilling”
“Experts around the world are optimistic about India's growth trajectory”
“Possibility of new jobs in both the government and private sector is continuously increasing. More, importantly, these opportunities are emerging for the youth in their own cities and villages”
“We are colleagues and co-travellers on the path of making India a developed nation”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ৪৫খনত কৈও অধিক চহৰত ৭১,০০০ত কৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে যাৰ ফলত বহুতো পৰিয়ালৰ বাবে এক নতুন সুখৰ যুগৰ সৃষ্টি হৈছে । ধনতেৰাছৰ দিনা কেন্দ্ৰীয় চৰকাৰে যুৱসকলক ৭৫,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰা বুলি তেওঁ সোঁৱৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "আজিৰ ৰোজগাৰ মেলাই প্ৰমাণ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱপ্ৰজন্মক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে মিছন মোডত কাম কৰি আছে"। 

এমাহ পূৰ্বে ৰোজগাৰ মেলাৰ সূচনাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে কেইবাখনো কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্যই সময়ে সময়ে এনে ৰোজগাৰ মেলাৰ আয়োজন কৰি থাকিব। সংশ্লিষ্ট চৰকাৰে মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, লাডাখ, আন্দামান আৰু নিকোবৰ, লাক্ষাদ্বীপ, দমন আৰু ডিউ, দাদৰা আৰু নগৰ হাভেলি আৰু চণ্ডীগড়ত হাজাৰ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে গোৱা আৰু ত্ৰিপুৰাইও কেইদিনমানৰ ভিতৰতে একে ধৰণৰ ৰোজগাৰ মেলাৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই অভূতপূৰ্ব কৃতিত্বৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰক কৃতিত্ব প্ৰদান কৰে আৰু ভাৰতৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাৰ বাবে সময়ে সময়ে এনে নিযুক্তি মেলা আয়োজন কৰা হ'ব বুলি আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱপ্ৰজন্ম হৈছে দেশৰ আটাইতকৈ ডাঙৰ শক্তি। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ প্ৰতিভা আৰু শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ অনুসৰি ব্যৱহাৰ কৰাৰ পক্ষত আছে । তেওঁ নতুনকৈ নিযুক্তিপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলক আদৰণি জনায় আৰু প্ৰশংসা কৰে। তেওঁ তেওঁলোকক সোঁৱৰাই দিয়ে যে তেওঁলোকে এক বিশেষ সময়ত, অৰ্থাৎ অমৃত কালত এই গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁ অমৃত কালত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দেশৰ সংকল্পত তেওঁলোকৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। নিযুক্তিপ্ৰাপকসকলক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে তেওঁলোকৰ ভূমিকা আৰু কৰ্তব্যসমূহ ব্যাপকভাৱে বুজি পোৱা উচিত আৰু তেওঁলোকৰ কৰ্তব্য পালন কৰাৰ বাবে নিৰন্তৰ ক্ষমতা নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগে বুলি তেওঁ সোঁৱৰাই দিয়ে।

আজি মুকলি কৰা কৰ্মযোগী ভাৰত প্ৰযুক্তি মঞ্চৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰী বিষয়াসকলৰ বাবে বহুতো অনলাইন পাঠ্যক্ৰম উপলব্ধ হোৱাৰ বিষয়ে অৱগত কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰস্তুত কৰা কৰ্মযোগী প্ৰাৰম্ভ শীৰ্ষক এটা বিশেষ পাঠ্যক্ৰমৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু নতুন নিয়োগকৰ্তাসকলক ইয়াৰ পৰা সৰ্বাধিক লাভ উঠাবলৈ আহ্বান জনায়। ইয়াৰ সুবিধাসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে এক উৎকৃষ্ট উৎস হ'ব আৰু লগতে অনাগত দিনবোৰত তেওঁলোক উপকৃত হ'ব।

প্ৰধানমন্ত্ৰীয়ে মহামাৰী আৰু যুদ্ধৰ ফলত বিশ্ব পৰ্যায়ত যুৱসকলৰ বাবে সৃষ্টি হোৱা সংকটৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই কঠিন সময়ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলেও ভাৰতৰ বিকাশৰ গতিপথক লৈ আশাবাদী ৷ প্ৰধানমন্ত্ৰীয়ে কয়, বিশেষজ্ঞসকলৰ মতে, ভাৰত সেৱা খণ্ডৰ এক মুখ্য শক্তি হৈ পৰিছে আৰু শীঘ্ৰেই ই বিশ্বৰ উৎপাদন কেন্দ্ৰও হ'ব। যদিও পিএলআইৰ দৰে পদক্ষেপে ইয়াত এক বৃহৎ ভূমিকা পালন কৰিব, মুখ্য ভেটি হ'ব দেশৰ যুৱ আৰু দক্ষ জনশক্তি। পিএলআই আঁচনিয়ে ৬০ লাখ চাকৰি সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মেক ইন ইণ্ডিয়া, ভ’কেল ফৰ লোকেল আৰু স্থানীয়, গোলকীয় পদক্ষেপৰ দৰে অভিযানে নিযুক্তি আৰু স্ব-নিযুক্তিৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়। "চৰকাৰী আৰু ব্যক্তিগত খণ্ড দুয়োটাতে নতুন চাকৰিৰ সম্ভাৱনা নিৰন্তৰে বৃদ্ধি পাই আহিছে। উল্লেখযোগ্যভাৱে যুৱসকলৰ বাবে তেওঁলোকৰ নিজৰ চহৰ আৰু গাওঁবোৰত এই সুযোগবোৰ উদ্ভৱ হৈছে। ইয়াৰ ফলত যুৱসকলৰ বাবে প্ৰব্ৰজনৰ বাধ্যবাধকতা হ্ৰাস পাইছে আৰু তেওঁলোকে নিজৰ অঞ্চলৰ বিকাশত তেওঁলোকৰ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে", তেওঁ এইদৰে কয়।

প্ৰধানমন্ত্ৰীয়ে ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি স্ব-নিযুক্তি আৰু মহাকাশৰ পৰা ড্ৰোনলৈকে বিভিন্ন ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দ্বাৰা সৃষ্টি হোৱা নতুন সুযোগৰ কথা উল্লেখ কৰে। ৮০,০০০ ষ্টাৰ্টআপে যুৱসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছে। স্বামিত্ব আঁচনি আৰু প্ৰতিৰক্ষা খণ্ডত ঔষধ, কীটনাশক আৰু মেপিঙত ড্ৰোনৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছেয। ইয়াৰ ফলত যুৱসকলৰ বাবে নতুন চাকৰিৰ সৃষ্টি হৈছে, তেওঁ এইদৰে কয়। কিছুদিন পূৰ্বে ভাৰতত ব্যক্তিগত খণ্ডৰ দ্বাৰা ভাৰতৰ প্ৰথমখন মহাকাশ ৰকেট উৎক্ষেপণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত মুকলি হোৱা সিদ্ধান্তক প্ৰশংসা কৰে যাৰ ফলত ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে নিযুক্তিৰ সুযোগৰ সৃষ্টি হৈছে। তেওঁ ৩৫ কোটিৰ লগতে মুদ্ৰা ঋণৰ উদাহৰণো দিয়ে যিবোৰ মঞ্জুৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱনৰ দিশত আগুৱাই যোৱাক কৃতিত্ব প্ৰদান কৰে আৰু উল্লেখ কৰে যে ইয়াৰ ফলত দেশত নিযুক্তিৰ সুযোগ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ সন্মুখত উপস্থাপন কৰা নতুন সুযোগসমূহৰ সৰ্বাধিক সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে এই নিযুক্তি পত্ৰসমূহ এনে এক প্ৰৱেশ বিন্দু যিয়ে তেওঁলোকৰ বাবে বিকাশৰ পৃথিৱী মুকলি কৰে আৰু অভিজ্ঞতাৰ পৰা তথা তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা শিকি তেওঁলোকক যোগ্য প্ৰাৰ্থী হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শিক্ষাৰ অভিজ্ঞতা ভাগ বতৰা কৰি শেষত কয় যে মানুহৰ আত্মাৰ ভিতৰত থকা শিক্ষাৰ্থীজনক কেতিয়াও ধ্বংস হ'বলৈ দিয়া উচিত নহয়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ কেতিয়াও নতুন এটা কিবা শিকাৰ সুযোগ এৰি নিদিয়ে। প্ৰধানমন্ত্ৰীয়ে নিয়োগকৰ্তাসকলক তেওঁলোকৰ অনলাইন প্ৰশিক্ষণৰ অভিজ্ঞতা ভাগ বতৰা কৰিবলৈ আৰু কৰ্মযোগী ভাৰত মঞ্চ উন্নত কৰাৰ বাবে গঠনমূলক প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ কয়। "আমি ইতিমধ্যে ভাৰতক এখন উন্নত দেশলৈ পৰিণত কৰাৰ পথত আগবাঢ়িছোঁ। এই দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাৰ সংকল্প লওঁ আহক", প্ৰধানমন্ত্ৰীয়ে এইদৰে ভাষণৰ সামৰণি মাৰে।

পৃষ্ঠভূমি

ৰোজগাৰ মেলা হৈছে নিযুক্তি সৃষ্টিক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলক তেওঁলোকৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

নতুন নিযুক্তি পত্ৰসমূহৰ ভৌতিক প্ৰতিলিপিসমূহ সমগ্ৰ দেশৰ ৪৫ টা স্থানত (গুজৰাট আৰু হিমাচল প্ৰদেশৰ বাহিৰে) হস্তান্তৰ কৰা হ'ব। পূৰ্বে পূৰণ কৰা পদসমূহৰ শ্ৰেণীৰ উপৰিও শিক্ষক, প্ৰবক্তা, নাৰ্ছ, নাৰ্চিং বিষয়া, চিকিৎসক, ফাৰ্মাচিষ্ট, ৰেডিঅ'গ্ৰাফাৰ আৰু অন্যান্য কাৰিকৰী আৰু পেৰামেডিকেল পদসমূহো পূৰণ কৰা হৈছে। বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত গৃহ মন্ত্ৰালয়ে যথেষ্ট সংখ্যক পদ পূৰণ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কৰ্মযোগী প্ৰাৰম্ভ মডিউলৰো শুভাৰম্ভ কৰে। মডিউলটো বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে এটা অনলাইন অভিমুখীকৰণ পাঠ্যক্ৰম। ইয়াত অন্তৰ্ভুক্ত থাকিব চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক আচৰণ বিধি, কৰ্মস্থানৰ নৈতিকতা আৰু অখণ্ডতা, মানৱ সম্পদ নীতি আৰু অন্যান্য সুবিধা তথা ভাট্টা যি তেওঁলোকক নীতিবোৰৰ সৈতে খাপ খোৱাত আৰু নতুন ভূমিকালৈ সুচাৰুৰূপে পৰিৱৰ্তন কৰাত সহায় কৰিব। তেওঁলোকে নিজৰ জ্ঞান, দক্ষতা আৰু দক্ষতা বৃদ্ধিৰ বাবে igotkarmayogi.gov.in মঞ্চত অন্যান্য পাঠ্যক্ৰম অন্বেষণ কৰাৰ সুযোগ লাভ কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The quiet foundations for India’s next growth phase

Media Coverage

The quiet foundations for India’s next growth phase
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Emphasizes Power of Benevolent Thoughts for Social Welfare through a Subhashitam
December 31, 2025

The Prime Minister, Shri Narendra Modi, has underlined the importance of benevolent thinking in advancing the welfare of society.

Shri Modi highlighted that the cultivation of noble intentions and positive resolve leads to the fulfillment of all endeavors, reinforcing the timeless message that individual virtue contributes to collective progress.

Quoting from ancient wisdom, the Prime Minister in a post on X stated:

“कल्याणकारी विचारों से ही हम समाज का हित कर सकते हैं।

यथा यथा हि पुरुषः कल्याणे कुरुते मनः।

तथा तथाऽस्य सर्वार्थाः सिद्ध्यन्ते नात्र संशयः।।”