কেৰালাৰ ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰপানীৰ বহুমুখী সাগৰীয় বন্দৰ’ হৈছে ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতিঃ প্ৰধানমন্ত্ৰী
আজি ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী, আদি শংকৰাচাৰ্যজীয়ে কেৰালাৰ পৰা ওলাই আহি দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। এই পৱিত্ৰ উপলক্ষত মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ উপকূলীয় ৰাজ্যসমূহ আৰু আমাৰ বন্দৰ চহৰসমূহ ‘বিকশিত ভাৰত’ৰ বিকাশৰ মুখ্য কেন্দ্ৰ হৈ উঠিবঃ প্ৰধানমন্ত্ৰী
চৰকাৰে ‘সাগৰমালা প্ৰকল্প’ৰ অধীনত বন্দৰসমূহৰ আন্তঃগাঁথনি উন্নত কৰি বন্দৰ-সংযোগ বৃদ্ধি কৰিছেঃ প্ৰধানমন্ত্ৰী
‘পিএম গতিশক্তি’ৰ অধীনত জলপথ, ৰে'লপথ, ঘাইপথ আৰু বায়ুপথৰ আন্তঃসংযোগ দ্ৰুত গতিত উন্নত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা ১০ বছৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বিনিয়োগে আমাৰ বন্দৰসমূহক কেৱল গোলকীয় মানলৈ উন্নীত কৰাই নহয়, লগতে তেওঁলোকক ভৱিষ্যতৰ বাবে সাজু কৰিও তুলিছে: প্ৰধানমন্ত্ৰী
তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

শ্ৰী মোদীয়ে এফালে বিশাল সম্ভাৱনাৰ সম্ভাৰেৰে সমৃদ্ধ সাগৰত আলোকপাত কৰে, আনহাতে প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যই মহিমাৰ উল্লেখ কৰে। এই সকলোবোৰৰ মাজতে তেওঁ গুৰুত্ব আৰোপ কৰে যে ভিজিঞ্জাম গভীৰ-পানীৰ সাগৰীয় বন্দৰে এতিয়া নতুন যুগৰ বিকাশৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ এই উল্লেখযোগ্য সাফল্যৰ বাবে কেৰালা আৰু সমগ্ৰ দেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

‘ভিজিঞ্জাম গভীৰ পানীৰ সাগৰীয় বন্দৰ’ ৮,৮০০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অনাগত বছৰসমূহত এইটো ‘ট্ৰেন্সশ্বিপমেণ্ট হাব’ৰ সামৰ্থ্য তিনিগুণে বৃদ্ধি পাব, যাৰ ফলত বিশ্বৰ কিছু সংখ্যক বৃহৎ মালবাহী জাহাজৰ মসৃণ আগমন সম্ভৱ হ'ব। তেওঁ উল্লেখ কৰে যে ভাৰতৰ ৭৫% সৰবৰাহ কাৰ্য পূৰ্বতে বিদেশী বন্দৰত পৰিচালনা কৰা হৈছিল, যাৰ ফলত দেশৰ যথেষ্ট ৰাজহ লোকচান হৈছিল। এই পৰিস্থিতি এতিয়া সলনি হ'বলৈ ধৰাত গুৰুত্ব আৰোপ কৰি তেওঁ দৃঢ়তাৰে কয় যে ভাৰতৰ ধনে এতিয়া ভাৰতক সেৱা আগবঢ়াব আৰু এসময়ত দেশৰ বাহিৰলৈ প্ৰবাহিত হোৱা পুঁজিয়ে এতিয়া কেৰালা আৰু ভিজিঞ্জামৰ লোকসকলৰ বাবে নতুন অৰ্থনৈতিক সুযোগৰ সৃষ্টি কৰিব।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে ঔপনিৱেশিক শাসনৰ পূৰ্বে ভাৰত শতিকাজুৰি সমৃদ্ধিৰ সাক্ষী হৈ আহিছিল আৰু এটা সময়ত বিশ্বৰ ‘জিডিপি’ত ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছিল। ইয়াৰ সামুদ্ৰিক সামৰ্থ্য আৰু ইয়াৰ বন্দৰ চহৰসমূহৰ অৰ্থনৈতিক কাৰ্যকলাপে সেই যুগত ভাৰতক আন ৰাষ্ট্ৰসমূহৰ পৰা পৃথক কৰি ৰাখিছিল বুলি তেওঁ উল্লেখ কৰে। এই সামুদ্ৰিক শক্তি আৰু অৰ্থনৈতিক বিকাশত কেৰালাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত কেৰালাৰ ঐতিহাসিক ভূমিকাত গুৰুত্ব আৰোপ কৰি কয় যে আৰৱ সাগৰৰ জৰিয়তে ভাৰতে একাধিক ৰাষ্ট্ৰৰ সৈতে বাণিজ্যিক সম্পৰ্ক বৰ্তাই ৰাখিছে। তেওঁ উল্লেখ কৰে যে কেৰালাৰ পৰা অহা জাহাজসমূহে বিভিন্ন দেশলৈ সামগ্ৰী কঢ়িয়াই নিয়ে, যাৰ ফলত ই গোলকীয় বাণিজ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠিছে। "আজি, ভাৰত চৰকাৰে অৰ্থনৈতিক শক্তিৰ এই মাধ্যমটো অধিক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ", তেওঁ লগতে কয়, "ভাৰতৰ উপকূলীয় ৰাজ্য আৰু বন্দৰ চহৰসমূহ উন্নত ভাৰতৰ বিকাশৰ মুখ্য কেন্দ্ৰ হৈ উঠিব"।

"যেতিয়া আন্তঃগাঁথনি আৰু ব্যৱসায় কৰাৰ সহজতাক একেলগে উত্সাহিত কৰা হয় তেতিয়া বন্দৰ-অৰ্থনীতি ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাত উপনীত হয়", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যোৱা ১০টা বছৰত এইটো ভাৰত চৰকাৰৰ বন্দৰ আৰু জলপথ নীতিৰ মূল যোজনা হৈ আহিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে ঔদ্যোগিক কাৰ্যকলাপ আৰু ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰচেষ্টা ত্বৰান্বিত কৰিছে। তেওঁ লগতে মন্তব্য কৰে যে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত ‘সাগৰমালা প্ৰকল্প’ৰ অধীনত বন্দৰৰ আন্তঃগাঁথনি উন্নত কৰিছে আৰু বন্দৰসমূহৰ সংযোগ শক্তিশালী কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী গতি শক্তিৰ অধীনত জলপথ, ৰে'লপথ, ঘাইপথ আৰু বায়ুপথসমূহ দ্ৰুতগতিত সংলগ্ন কৰা হৈছে। তেওঁ লগতে কয় যে ব্যৱসায় কৰাৰ সহজতাৰ এই সংস্কাৰৰ ফলত বন্দৰ আৰু আন্তঃগাঁথনি খণ্ডত অধিক বিনিয়োগ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত চৰকাৰে ভাৰতীয় নাবিক সম্পৰ্কীয় নিয়মাৱলীৰ সংস্কাৰ কৰিছে, যাৰ ফলত গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰিব পৰা গৈছে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনত ভাৰতীয় নাবিকৰ সংখ্যা ১.২৫ লাখৰ তলত আছিল। আজি, এই সংখ্যা ৩.২৫ লাখতকৈয়ো অধিকলৈ বৃদ্ধি পাইছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সমুদ্ৰযাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত এতিয়া বিশ্বৰ শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে।

 

এটা দশকৰ আগতে জাহাজসমূহে বন্দৰসমূহত দীঘলীয়া অপেক্ষাৰ সময় অতিবাহিত কৰিবলগীয়া হৈছিল, যাৰ ফলত ‘আনলোডিং’ কাৰ্যত যথেষ্ট পলম হৈছিল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই পৰিস্থিতিয়ে ব্যৱসায়, উদ্যোগ আৰু সামগ্ৰিকভাৱে অৰ্থনীতিক প্ৰভাৱিত কৰি আহিছে। তেওঁ জোৰ দি কয় যে পৰিস্থিতিৰ এতিয়া পৰিৱৰ্তন হৈছে আৰু যোৱা ১০ বছৰত ভাৰতৰ মুখ্য বন্দৰসমূহে জাহাজৰ প্ৰত্যাৱৰ্তনৰ সময় ৩০% হ্ৰাস কৰিছে, কাৰ্যকৰী দক্ষতা উন্নত কৰিছে। তেওঁ মন্তব্য কৰে যে বন্দৰৰ দক্ষতা বৃদ্ধিৰ বাবে ভাৰতে এতিয়া কম সময়ৰ ভিতৰত অধিক পৰিমাণৰ কাৰ্গোৰ সৰবৰাহ কৰি আছে, যাৰ ফলত দেশৰ লজিষ্টিক আৰু বাণিজ্য সামৰ্থ্য শক্তিশালী হৈছে।

"ভাৰতৰ সামুদ্ৰিক সফলতা এক দশকজোৰা দৃষ্টিভংগী আৰু প্ৰচেষ্টাৰ ফল", প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০ বছৰত ভাৰতে ইয়াৰ বন্দৰসমূহৰ সামৰ্থ্য দুগুণ কৰিছে আৰু ইয়াৰ ‘ৰাষ্ট্ৰীয় জলপথ’ আঠগুণে সম্প্ৰসাৰিত কৰিছে। তেওঁ উল্লেখ কৰে যে আজি দুটা ভাৰতীয় বন্দৰ বিশ্বৰ শীৰ্ষ ৩০ টা বন্দৰৰ তালিকাত অন্তৰ্ভূক্ত হৈছে, আনহাতে ‘লজিষ্টিক প্ৰদৰ্শন সূচক’ত ভাৰতৰ স্থানো উন্নত হৈছে। তদুপৰি, তেওঁ উল্লেখ কৰে যে ভাৰত এতিয়া গোলকীয় জাহাজ নিৰ্মাণৰ শীৰ্ষ ২০ খন দেশৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে দেশৰ মৌলিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ পিছত এতিয়া বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত স্থিতৰ ফালে গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ সামুদ্ৰিক অমৃত কাল দৃষ্টিকোণৰ শুভাৰম্ভৰ কথা ঘোষণা কৰে, য'ত উন্নত ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে ভাৰতৰ সামুদ্ৰিক ৰণনীতিৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। তেওঁ জি-২০ সন্মিলনৰ কথা স্মৰণ কৰে, য'ত ভাৰতে ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ স্থাপনৰ বাবে কেবাখনো অগ্ৰণী দেশৰ সৈতে সহযোগিতা কৰে আৰু এই কৰিডৰত কেৰালাৰ গুৰুত্বপূৰ্ণ ভূমিকাত আলোকপাত কৰি এই পদক্ষেপৰ দ্বাৰা ৰাজ্যখন যথেষ্ট লাভান্বিত হ'ব বুলি মন্তব্য কৰে।

ভাৰতৰ সামুদ্ৰিক উদ্যোগক নতুন উচ্চতালৈ উন্নীত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত যোৱা ১০ বছৰত হাজাৰ হাজাৰ কোটি বিনিয়োগ কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সহযোগিতাই কেৱল ভাৰতৰ বন্দৰসমূহক বিশ্বমানলৈ উন্নীত কৰাই নহয়, লগতে বন্দৰসমূহক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণে উদ্ভাৱন আৰু দক্ষতা বৃদ্ধি কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে কোচিত এটা জাহাজ নিৰ্মাণ আৰু মেৰামতি গোট স্থাপনৰ দিশত আগবাঢ়িছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে সম্পূৰ্ণ হোৱাৰ পিছত এই গোটটোৱে বহুতো নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, যিয়ে কেৰালাৰ স্থানীয় প্ৰতিভা আৰু যুৱক-যুৱতীসকলক বিকাশৰ মঞ্চ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে এতিয়া ইয়াৰ জাহাজ নিৰ্মাণ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে উচ্চাকাংক্ষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই বছৰৰ কেন্দ্ৰীয় বাজেটে ভাৰতত বৃহৎ জাহাজ নিৰ্মাণৰ বাবে এক নতুন নীতি প্ৰৱৰ্তন কৰিছে, যাৰ ফলত উৎপাদন খণ্ড যথেষ্ট বৃদ্ধি পাব। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই পদক্ষেপে এমএছএমইসমূহক প্ৰত্যক্ষভাৱে লাভান্বিত কৰিব, যাৰ ফলত সমগ্ৰ দেশতে বৃহৎ সংখ্যক নিযুক্তি আৰু উদ্যোগৰ সুযোগ সৃষ্টি হ'ব।

"আন্তঃগাঁথনি নিৰ্মাণ, বাণিজ্য সম্প্ৰসাৰণ আৰু সাধাৰণ লোকৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ হ'লে প্ৰকৃত উন্নয়ন প্ৰাপ্ত হয়", প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালাৰ জনসাধাৰণে কেৱল বন্দৰ আন্তঃগাঁথনিতে নহয়, ঘাইপথ, ৰে'লৱে আৰু বিমানবন্দৰতো বিগত ১০ বছৰত দ্ৰুত প্ৰগতি প্ৰত্যক্ষ কৰিছে। তেওঁ উল্লেখ কৰে যে কোল্লাম বাইপাছ আৰু আলাপুঝা বাইপাছৰ দৰে বছৰ বছৰ ধৰি স্থগিত হৈ থকা প্ৰকল্পসমূহ ভাৰত চৰকাৰে আগবঢ়াই নিছে। তেওঁ লগতে উল্লেখ কৰে যে কেৰালাক আধুনিক বন্দে ভাৰত ৰে'ল প্ৰদান কৰা হৈছে, যাৰ ফলত ইয়াৰ পৰিবহন নেটৱৰ্ক আৰু সংযোগ অধিক শক্তিশালী হৈছে।

শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰত চৰকাৰে এই নীতিত দৃঢ়ভাৱে বিশ্বাস কৰে যে কেৰালাৰ উন্নয়নে ভাৰতৰ সামগ্ৰিক বিকাশত অৰিহণা যোগায়। তেওঁ মন্তব্য কৰে যে চৰকাৰে সহযোগিতামূলক ফেডাৰেলিজমৰ মনোভাৱৰে কাম কৰে, যাৰ ফলত যোৱা এটা দশকত কেৰালাৰ মুখ্য সামাজিক মাপকাঠিসমূহৰ অগ্ৰগতি নিশ্চিত হৈছে। তেওঁ জল জীৱন মিছন, উজ্জ্বলা যোজনা, আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিকে ধৰি কেৰালাৰ জনসাধাৰণক লাভান্বিত কৰা কেবাটাও পদক্ষেপত আলোকপাত কৰে।

 

মাছমৰীয়াসকলৰ কল্যাণ এক শীৰ্ষ প্ৰাথমিকতা হৈ আহিছে বুলি দোহাৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নীল বিপ্লৱ আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত কেৰালাৰ বাবে শ শ কোটি টকাৰ প্ৰকল্প অনুমোদিত হৈছে। তেওঁ পোন্নানি আৰু পুথিয়াপ্পাকে ধৰি মাছ ধৰা বন্দৰসমূহৰ আধুনিকীকৰণত আলোকপাত কৰে। তদুপৰি, তেওঁ মন্তব্য কৰে যে কেৰালাৰ হাজাৰ হাজাৰ মাছমৰীয়াক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হৈছে, যাৰ ফলত তেওঁলোকে শ শ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিব পাৰিব।

কেৰালা সদায় সম্প্ৰীতি আৰু সহিষ্ণুতাৰ ভূমি হৈ আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে শতিকা পূৰ্বে বিশ্বৰ অন্যতম পুৰণি গীৰ্জা ছেইণ্ট থমাছ গীৰ্জা ইয়াত স্থাপিত হৈছিল। তেওঁ এক বিশাল উত্তৰাধিকাৰিত্ব এৰি থৈদিনদিয়েকৰ আগতে মৃত্যু সাৱটা পোপ ফ্ৰান্সিছে শেহতীয়াকৈ বিশ্বৰ জনতাক স্পৰ্শ কৰা শোকৰ মুহূৰ্তটোৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুৱে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰে আৰু ৰাষ্ট্ৰৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে আকৌ এবাৰ কেৰালাৰ পৱিত্ৰ ভূমিৰ পৰা এই ক্ষতিৰ বাবে শোক প্ৰকাশ কৰা সকলো লোকলৈ সমবেদনা জ্ঞাপন কৰে।

পোপ ফ্ৰান্সিছক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেৱাৰ মনোভাৱ আৰু খ্ৰীষ্টান পৰম্পৰাৰ ভিতৰত অন্তৰ্ভুক্তি নিশ্চিত কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিশ্বই তেওঁৰ অৱদান সদায় মনত ৰাখিব। পোপ ফ্ৰান্সিছক লগ পোৱাৰ একাধিক সুযোগ আৰু তেওঁৰ ব্যক্তিগত অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে তেওঁ তেওঁৰ পৰা বিশেষ আন্তৰিকতা লাভ কৰিছিল আৰু মানৱতা, সেৱা আৰু শান্তি সম্পৰ্কীয় তেওঁলোকৰ আলোচনাৰ স্মৃতি সোঁৱৰে, যিয়ে তেওঁক অনুপ্ৰাণিত কৰি থাকিব।

 

অনুষ্ঠানটোত উপস্থিত সকলোকে শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে কেৰালাক গোলকীয় সামুদ্ৰিক বাণিজ্যৰ এক মুখ্য কেন্দ্ৰ হিচাপে কল্পনা কৰে, যাৰ ফলত হাজাৰ হাজাৰ নতুন চাকৰিৰ সৃষ্টি হব। তেওঁ এই লক্ষ্যত আগবাঢ়ি যাবলৈ ৰাজ্য চৰকাৰৰ সৈতে কাম কৰি যোৱাৰ ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। শ্ৰী মোদীয়ে কেৰালাৰ জনসাধাৰণৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰি "ভাৰতৰ সামুদ্ৰিক খণ্ডই নতুন উচ্চতাত উপনীত হ'ব" বুলি তেওঁৰ ভাষণৰ সামৰণি মাৰে।

কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়ন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সুৰেশ প্ৰভু, শ্ৰী জৰ্জ কুৰিয়েন অনুষ্ঠানটোত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ মাজত উপস্থিত আছিল।

পটভূমি

৮,৮০০ কোটি টকাৰ ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ হৈছে দেশৰ প্ৰথমটো ‘সমৰ্পিত কণ্টেইনাৰ ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ’ যি বিকশিত ভাৰতৰ একত্ৰিত দৃষ্টিভংগীৰ অংশ হিচাপে ভাৰতৰ সামুদ্ৰিক খণ্ডত কৰা পৰিৱৰ্তনশীল অগ্ৰগতিক প্ৰতিনিধিত্ব কৰে।

কৌশলগত গুৰুত্ব থকা ভিজিঞ্জাম বন্দৰক এক মুখ্য প্ৰথমিকতাযুক্ত প্ৰকল্প হিচাপে চিনাক্ত কৰা হৈছে যি বিশ্ব বাণিজ্যত ভাৰতৰ স্থিতি শক্তিশালী কৰাত অৰিহণা যোগাব, লজিষ্টিক দক্ষতা বৃদ্ধি কৰিব, আৰু ‘কাৰ্গো ট্ৰেন্সশ্বিপমেণ্ট’ৰ বাবে বিদেশী বন্দৰৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিব। ইয়াৰ প্ৰায় ২০ মিটাৰ প্ৰাকৃতিক ‘ডীপ ড্ৰাফ্ট’ আৰু পৃথিৱীৰ অন্যতম ব্যস্ত সাগৰীয় বাণিজ্য পথৰ সমীপবৰ্তী অৱস্থানে বিশ্ব বাণিজ্যত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Smartphone companies step up festive hiring

Media Coverage

Smartphone companies step up festive hiring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister meets His Highness Prince Rahim Aga Khan V, discusses Strengthening Partnership with Aga Khan Development Network
September 10, 2026

The Prime Minister, Shri Narendra Modi, met His Highness Prince Rahim Aga Khan V, the 50th Imam of the Ismaili Community in New Delhi. During the meeting, Shri Modi fondly recalled the late Aga Khan IV, father of His Highness Prince Rahim Aga Khan V, and his enduring contributions to development efforts.

The Prime Minister discussed ways to further strengthen the partnership with the Aga Khan Development Network in key areas, including healthcare, agriculture, rural development, youth empowerment and women empowerment.

In a post on X, Shri Modi said;

“Happy to meet His Highness Prince Rahim Aga Khan V. Fondly recalled his father, the late Aga Khan IV and his enduring contributions to development efforts.

Discussed ways to further strengthen our partnership with the Aga Khan Development Network in healthcare, agriculture, rural development, youth and women empowerment.

@akdn”