Decades of deceit make farmers apprehensive but now there is no deceit, work is being done with intentions as pure as Gangajal: PM
New agricultural reforms have given farmers new options and new legal protection and at the same time the old system also continues if someone chooses to stay with it: PM
Both MSP and Mandis have been strengthened by the government: PM

বাৰাণসীত আজি ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, কাশীৰ সংযোগ ব্যৱস্থা উন্নত কৰা আৰু ইয়াৰ সৌন্দর্যবৰ্দ্ধনৰ বাবে বিগত সময়ত কৰা প্ৰয়াসৰ ফলাফল আজি দেখা পোৱা গৈছে। বাৰাণসী আৰু ইয়াৰ চাৰিওফালৰ যান–জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে নতুন ৰাজপথ, ফ্লাইঅভাৰ নিৰ্মাণৰ লগতে পথ সম্প্রসাৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম কৰা হৈছে।

প্রধানমন্ত্রীয়ে কয়, আধুনিক যোগাযোগ ব্যৱস্থাৰ ফলত আমাৰ কৃষকসকল ব্যাপকভাৱে উপকৃত হ’ব। তেওঁ কয়, বছৰ বছৰ ধৰি শীতল ভৱন নিৰ্মাণৰ দৰে আন্তঃগাঁথনি উন্নয়ন সাধনৰ লগতে আধুনিক পথ নিৰ্মাণসহ বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে এক লাখ কোটি টকাৰ এটি পুঁজি গঠন কৰা হৈছে।

 

চৰকাৰী প্ৰচেষ্টা আৰু আধুনিক আন্তঃগাঁথনিৰ ফলত কৃষকসকল কিদৰে উপকৃত হৈছে তাৰ উদাহৰণ দাঙি ধৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে দুবছৰ আগেয়ে চান্দাউলিত কলা ধানৰ উৎপাদন আৰম্ভ কৰা হৈছিল। যোৱা বছৰ প্রায় ৪০০ গৰাকী কৃষকক লৈ এখন কৃষক কমিটি গঠন কৰা হয় আৰু খাৰিফ ঋতুত ৰোপণৰ বাবে এই ধান প্ৰদান কৰা হয়। কৃষকসকলে য’ত সাধাৰণ চাউল কেজিত ৩৫ৰ পৰা ৪০ টকা দৰত বিক্রী কৰে তেনেক্ষেত্ৰত কলা চাউল কেজিত তিনিশ টকা  দৰত বিক্রী হৈছে। কেৱল সেয়াই নহয়, প্রথমবাৰৰ বাবে এই চাউল ৮০০ টকা কেজি দৰত অস্ট্রেলিয়ালৈ ৰপ্তানি কৰা হৈছে।

প্রধানমন্ত্রীয়ে কয়, ভাৰতৰ কৃষি সামগ্ৰী সমগ্ৰ বিশ্বজুৰি বিখ্যাত। তেওঁ প্ৰশ্ন কৰে যে কৃষকসকলে কিয় এই ডাঙৰ বজাৰ আৰু উচ্চ মূল্যৰ সুবিধা গ্ৰহণ নকৰে। তেওঁ কয়, নতুন কৃষি সংস্কাৰ নীতিয়ে কৃষকসকলক নতুন বিকল্প আৰু নতুন আইনী সুৰক্ষা প্ৰদান কৰিছে আৰু একে সময়তে যদি কোনোবাই ইয়াৰ সৈতে থাকিবলৈ বাছনি কৰে তেনেহলে পুৰণি ব্যৱস্থাটোও অব্যাহত আছে। কিষান মান্ডিৰ বাহিৰত কোনোধৰণৰ আদান-প্রদান হলে ক্ষুদ্র কৃষকসকলে এতিয়া তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

 

প্রধানমন্ত্রীয়ে কয়, চৰকাৰে নীতি, আইন আৰু বিধি প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত তেওঁ বিৰোধীক সমালোচনা কৰি কয়, কৃষকসকলৰ মাজত অহেতুক বিভ্রান্তিৰ সৃষ্টি কৰা হৈছে। তেওঁ কয় যে এইসকল সেই একেই লোক যিয়ে দশক দশক ধৰি কৃষকসকলক ঠগ-বিৰক্ত কৰি আহিছে।

পৰম্পৰাগতভাৱে অব্যাহত এমএছপি ব্যৱস্থাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে প্ৰতি বাৰে এমএছপিত সামান্য বৃদ্ধি কৰা হয় যদিও নূন্যতম সমৰ্থন মূল্যত ক্ৰয় বহুত কম হয়। এই পৰম্পৰা বছৰ বছৰ ধৰি অব্যাহত আছে। কৃষকসকলৰ নামত ঋণ মাফৰ বিভিন্ন ডাঙৰ ডাঙৰ পেকেজ ঘোষণা কৰা হয়, কিন্তু সেয়া ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ কাষ পর্যন্ত গৈ নাপায়। তেওঁ আৰু কয় যে কৃষকসকলৰ নামত ডাঙৰ ডাঙৰ আঁচনি ঘোষণা কৰা হয় কিন্তু পূৰ্বৰ শাসকসকলে নিজেই বিশ্বাস কৰে যে এক টকাৰ মাত্র ১৫পইচাহে কৃষকে লাভ কৰে, যি হৈছে আঁচনিৰ নামত প্ৰৱঞ্চনা ।

 

প্রধানমন্ত্রীয়ে কয় যে যেতিয়া ইতিহাস প্ৰতাৰণাৰে পৰিপূৰ্ণ হয় তেতিয়া দুটা কথা স্বাভাৱিক। প্ৰথমটো হৈছে দশক দশক ধৰি পূৰ্বৰ চৰকাৰসমূহে প্ৰতিশ্ৰুতিৰ নামত কৃষকসকলক প্ৰতাৰণা কৰি আহিছে। দ্বিতীয়টো হল দিয়া প্ৰতিশ্ৰুতিসমূহ ভংগ কৰা আৰু অপপ্ৰচাৰ কৰাটো তেওঁলোকৰ বাবে অনিবাৰ্য হৈ পৰিছিল, যিটো পূৰ্বতে আছিল। তেওঁ কয় যেতিয়া এই চৰকাৰসমূহৰ ট্ৰেক ৰেকৰ্ডলৈ লক্ষ্য কৰা যায় তেতিয়া সকলো নিজে নিজে চকুৰ আগত ধৰা দিব। তেওঁ কয় যে চৰকাৰে ইউৰিয়াৰ কলা বজাৰ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেয়া কৰি দেখুৱাইছে। কৃষকসকলে এতিয়া যথেষ্ট পৰিমাণে ইউৰিয়া লাভ কৰিছে। তেওঁ কয় যে চৰকাৰে স্বামীনাথন আয়োগৰ ছুপাৰিশ মানি লৈ ন্যূনতম সহায়ক মূল্যৰ পৰিমাণ আগৰ তুলনাত প্রায় ডেৰ গুণ বৃদ্ধি কৰিছে। এই প্ৰতিশ্ৰুতি কেৱল কাগজতে পূৰণ কৰা নাই, কৃষকৰ বেংক একাউণ্টত  পূৰণ হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, ২০১৪ চনৰ পূৰ্বলৈকে কৃষকসকলৰ পৰা ৫বছৰত ৬.৫ কোটি টকাৰ দাইল সংগ্রহ কৰা হৈছিল। কিন্তু পৰৱৰ্তী পাঁচ বছৰত ইয়াৰ পৰিমাণ বৃদ্ধি হৈ ৪৯ হাজাৰ কোটি টকা হৈছে, যি ৭৫গুণ অধিক। ২০১৪ চনৰ পূর্বৰ ৫ বছৰত ২ লাখ কোটি টকাৰ ধান ক্ৰয় কৰা হৈছিল। কিন্তু পৰৱৰ্তী পাঁচ বছৰত কৃষকসকলৰ পৰা আমি ৫ লাখ কোটি টকাৰ ধান ক্ৰয় কৰিছোঁ এমএছপিত, যি প্ৰায় আঢ়ৈগুণ অধিক আৰু এই ধন কৃষকৰ ওচৰলৈ গৈছে। তেওঁ কয় যে ২০১৪ৰ পূৰ্বৰ ৫ বছৰত ডেৰ লাখ কোটিৰ ঘেঁহু ক্ৰয় কৰা গৈছে। পৰৱৰ্তী ৫বছৰত ঘেঁহু কৃষকে ৩লাখ টকা লাভ কৰিছে, অৰ্থাত্ প্ৰায় দুগুণ। তেওঁ প্ৰশ্ন কৰে যে চৰকাৰৰ উদ্দেশ্য যদিহে এমএছপি আৰু মাণ্ডি ব্যৱস্থাক ভাঙি পেলোৱাই আছিল তেতিয়াহলে চৰকাৰে ইমান অধিক ব্যয়  কিয় তৰিব। তেওঁ জোৰ দিছিল যে চৰকাৰে মাণডিসমূহৰ আধুনিকীকৰণৰ ওপৰত কোটি কোটি টকা খৰচ কৰি আছে।

 

বিৰোধীক কঠোৰ সমালোচনা কৰি প্রধানমন্ত্রীয়ে কয়, এইসকল লোকেই প্রধানমন্ত্রী কিষান সন্মান নিধিৰ ওপৰত প্ৰশ্ন উথ্থাপন কৰিছিল, উৰা বাতৰি বিয়পাইছিল যে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই ধন দিয়া হৈছে আৰু নিৰ্বাচনৰ পিছত ধনখিনি সুদসহ ঘূৰাই দিব লাগিব। তেওঁ কয় যে যিসমূহ ৰাজ্যত বিৰোধী দলৰ চৰকাৰ আছে তেওঁলোকে ৰাজনৈতিক স্বার্থত কৃষকসকলক এই আঁচনিৰ সুযোগ গ্রহণ কৰিবলৈ নিদি তেওঁলোকক বঞ্চিত কৰিছে। তেওঁ কয় এই আঁচনিৰ জৰিয়তে ১০ কোটি কৃষক পৰিয়ালক প্ৰত্যক্ষভাৱে বেংকৰ জৰিয়তে ধন প্ৰদান কৰা হৈছে। এতিয়ালৈকে এক লাখ কোটি টকা কৃষকসকলৰ বাবে ব্যয় কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, কেইবা দশকৰ ছলনাই কৃষকসকলক আতংকিত কৰিছে, কিন্তু এতিয়া কোনো ছলনা নহয়। গংগাজলৰ দৰে পৰিস্কাৰ উদ্দেশ্যৰে কাম কৰা হৈছে। তেওঁ উল্লেখ কৰে যে যিসকল লোকে নিজ স্বাৰ্থৰ বাবে উৰাবাতৰি বিয়পাইছে সেইসকলৰ সত্যতা দেশৰ সন্মুখত প্ৰতিনিয়ত ধৰা পৰিছে। কৃষকসকলে যেতিয়া তেওঁলোকৰ মিছা বুজি পাব তেতিয়া তেওঁলোকে আন এক বিষয় লৈ লব আৰু তাৰ ওপৰত মিছা কোৱা আৰম্ভ কৰিব। তেওঁ কয় যে চৰকাৰে নিৰন্তৰভাৱে কৃষক, কৃষক পৰিয়ালসমূহক উত্তৰ দি আহিছে যিসকলৰ যিকোনো ধৰণৰ শংকা বা ভয় আছে। তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে যে যিসকল কৃষকে আজি কৃষি সংস্কাৰ লৈ সংশয় পোষণ কৰিছে তেওঁলোকে ভৱিষ্যতে এই কৃষি সংস্কাৰৰ সুযোগ গ্ৰহণ কৰিব আৰু আয় বৃদ্ধি কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in a mishap at a cracker factory in Thrissur, Keralam
April 21, 2026
PM announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has condoled the loss of lives due to a mishap at a cracker factory in Thrissur, Keralam. Shri Modi also wished speedy recovery for those injured in the mishap.

The Prime Minister announced an ex-gratia from PMNRF of Rs. 2 lakh to the next of kin of each deceased and Rs. 50,000 for those injured.

The Prime Minister posted on X:

“Saddened to hear about the loss of lives due to the mishap at a cracker factory in Thrissur, Keralam. My deepest condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi"

"The Prime Minister has announced that an ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000." 

"തൃശൂരിലെ പടക്ക നിർമാണശാലയിലുണ്ടായ അപകടത്തിൽ നിരവധി ജീവനുകൾ പൊലിഞ്ഞ വാർത്തയറിഞ്ഞതിൽ ദുഃഖമുണ്ട്. പ്രിയപ്പെട്ടവരെ നഷ്ടപ്പെട്ടവരുടെ വേദനയിൽ പങ്കുചേരുന്നു. പരിക്കേറ്റവർ എത്രയും വേഗം സുഖം പ്രാപിക്കട്ടെ: പ്രധാനമന്ത്രി

@narendramodi."

"മരിച്ച ഓരോ വ്യക്തിയുടെയും കുടുംബത്തിന് പ്രധാനമന്ത്രിയുടെ ദേശീയ ദുരിതാശ്വാസ നിധിയിൽ (PMNRF) നിന്ന് 2 ലക്ഷം രൂപ ധനസഹായം നൽകുമെന്ന് പ്രധാനമന്ത്രി അറിയിച്ചു. പരിക്കേറ്റവർക്ക് 50,000 രൂപ വീതം നൽകും."