প্রধানমন্ত্রীয়ে স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে
জালিয়ানৱালাবাগৰ দেৱালত নিষ্পাপ ল'ৰা-ছোৱালীৰ বুলেট বিদ্ধ হোৱা স্বপ্ন এতিয়াও অনুভূত হয়।
১৯১৯ৰ ১৩ এপ্রিলৰ সেই ১০ মিনিট আমাৰ স্বাধীনতা সংগ্রামৰ কালজয়ী ঘটনাত পৰিণত হৈছে, যাৰ বাবে আজি আমি অমৃত মহোৎসৱ উদযাপন কৰিব পাৰিছোঃ প্রধানমন্ত্রী
কোনো দেশেই তাৰ অতীতৰ নির্মমতা পাহৰি যোৱা উচিত নহয়। ভাৰতে সেয়ে প্রতি বছৰ ১৪ আগষ্টক ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত লৈছেঃ প্রধানমন্ত্রী
আমাৰ উপজাতি সম্প্রদায়েও স্বাধীনতাৰ বাবে গুৰুত্বপূর্ণ ভূমিকা ৰাখিছে আৰু প্রাণ উৎসর্গ কৰিছে, তেওঁলোকৰ অৱদান ইতিহাসৰ পাতত যিমান স্থান পোৱা উচিত আছিল, সিমান পোৱা নাইঃ প্রধানমন্ত্রী
কৰোণাই হওক কিংবা আফগানিস্তান, ভাৰত সকলো সময়তে ভাৰতীয়সকলৰ কাষতে আছেঃ প্রধানমন্ত্রী
অমৃত মহোৎসৱত দেশৰ প্রতিখন গাঁৱত, প্রতিটো প্রান্তত স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰা হৈছেঃ প্রধানমন্ত্রী
স্বাধীনতা আন্দোলনৰ আৰু দেশনায়কসকলৰ স্মৃতি বিজড়িত স্থানবিলাকক যথাযথভাৱে সংৰক্ষণৰ উদ্যোগ লোৱা হৈছে আৰু সেই অঞ্চলসমূহৰ উন্নয়ন ঘটোৱা হৈছেঃ প্রধানমন্ত্রী

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।

প্রধানমন্ত্রীয়ে বীৰভূমি পাঞ্জাব আৰু জালিয়ানৱালাবাগৰ পবিত্র মাটিক প্রণাম জনায়। স্বাধীনতাৰ শিখা প্রজ্জ্বলিত কৰাৰ বাবে ভাৰত মাতাৰ যিসকল সন্তানে প্রাণ বিসর্জন দিছে, তেওঁ তেওঁলোকৰ প্রতি শ্রদ্ধা জনাইছে।

এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয়, জালিয়ানৱালাবাগৰ দেৱালত নিষ্পাপ ল'ৰা-ছোৱালী, ভগ্নী আৰু ভাতৃসকলৰ বুলেট বিদ্ধ স্বপ্ন এতিয়াও অনুভূত হৈছে। শ্বহীদ প্রাচীৰত যি অগণিত মাতৃ আৰু ভগ্নীসকলৰ ভালপোৱা কাঢ়ি নিয়া হৈছিল, আমি তেওঁলোকক স্মৰণ কৰো।

 

প্রধানমন্ত্রীয়ে কৈছে, ভাৰতৰ স্বাধীনতাৰ বাবে চর্দাৰ উধম সিং, চর্দাৰ ভগৎ সিঙৰ দৰে যি অগণিত বিপ্লৱী আৰু যোদ্ধাসকলে প্রাণ বিসর্জন দিছে, তেওঁলোকৰ অনুপ্রেৰণাৰ উৎস জালিয়ানৱালাবাগ। তেওঁ লগতে কয় যে ১৯১৯ চনৰ ১৩ এপ্রিলৰ সেই ১০ মিনিট আমাৰ স্বাধীনতা সংগ্রামৰ এক কালজয়ী মুহূর্ত। আজি আমি যি স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিব পাৰিছো, তাৰ অন্তৰালত সেই দিনৰ আত্মত্যাগৰ অবদানো আছে। স্বাধীনতাৰ ৭৫তম বর্ষ উপলক্ষ্যে জালিয়ানৱালাবাগ স্মাৰকৰ আধুনিক সংস্কৰণ আমাৰ অনুপ্রেৰণাৰ উৎস।

 

প্রধানমন্ত্রীয়ে কয়, জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ আগতে এই ঠাইত পবিত্র ব'হাগী মেলা বহিছিল। এই একেটা দিনতে “সর্বত দা ভালা” –ৰ ভাবনা লৈ গুৰু গোবিন্দ সিং জীৰ খালছা পন্থৰ সূচনা হয়। স্বাধীনতাৰ ৭৫তম বর্ষত পুনর্নিৰ্মিত জালিয়ানৱালাবাগে এই পবিত্র স্থানৰ ইতিহাসৰ কথা আমাৰ নতুন প্রজন্মক জনাব, তেওঁলোক অতীতৰ অনেক ঘটনাৰ পৰা অনুপ্রাণিত হ'ব।

প্রধানমন্ত্রীয়ে লগতে কয়, নিজৰ ইতিহাস সংৰক্ষণ কৰা প্রতিটো জাতিৰ কর্তব্য। কাৰণ ইয়াৰ পৰা শিক্ষা পাই আমি কোন পথে আগুৱাম, সেই দিশ সম্পর্কে ধাৰণা পাওঁ। অতীতৰ নির্মমতা পাহৰি যোৱা কোনো দেশৰ পক্ষে সঠিক নহয়। সেয়ে প্রতি বছৰ ১৪ আগষ্টক বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালনৰ সিদ্ধান্ত লোৱা হৈছে। ভাৰতে জালিয়ানৱালাবাগৰ দৰেই দেশ বিভাজনৰ বিভীষিকা প্রত্যক্ষ কৰিছে। দেশ বিভাজনত সবাতোকৈ বেছি প্রভাবিত হৈছে পাঞ্জাবৰ মানুহ। তেওঁ কয়, দেশ বিবিভাজনৰ সময়ত দেশৰ প্রতিটো প্রান্তত বিশেষকৈ পাঞ্জাবৰ পৰিয়ালবিলাকৰ বাবে যি পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাৰ বেদনা আজিও আমি অনুভব কৰো।

 

শ্রী মোদীয়ে কয় যে আজি পৃথিবীৰ কোনো প্রান্তত কোনো ভাৰতীয় যদি সমস্যাত পৰে, তেন্তে দেশৰ পক্ষে যিমান সহযোগিতা কৰা সম্ভব, সেয়া কৰা হয়। কৰোণাৰ সময়ত অথবা আফগানিস্তানৰ সঙ্কট সমগ্ৰ বিশ্ব এই মনোভাবৰ সাক্ষী। আফগানিস্তানৰ পৰা শত শত বন্ধুক অপাৰেচন দেবী শক্তিৰ মাধ্যমত ভাৰতলৈ লৈ অহা হৈছে। ‘গুৰু কৃপা’ত কেন্দ্রই জনসাধাৰণৰ সৈতে পবিত্র গুৰু গ্রন্থ চাহিবৰ স্বৰূপ দেশলৈ লৈ আহিছে। সঙ্কটৰ এই সময়ৰ মোকাবিলা কৰাৰ বাবে গৃহীত পদক্ষেপবিলাকৰ বিষয়ে গুৰুসকলৰ শিক্ষাই আমাক সহায় কৰে।

 

প্রধানমন্ত্রীয়ে কয়, বর্তমান আন্তর্জাতিক পৰিস্থিতিত ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ গুৰুত্ব আৰু আত্মনির্ভৰতা তথা আত্মবিশ্বাসৰ প্রয়োজনীয়তা বুজা গৈছে। এই সমস্ত ঘটনাৱলীয়ে আমাক উদ্দীপিত কৰে আৰু দেশৰ ভেটী অধিক শক্তিশালী কৰি তোলে।

 

শ্রী মোদীয়ে কয়, আজি দেশৰ প্রতিখন গাঁৱত, প্রতিটো প্রান্তত অমৃত মহোৎসৱত স্বাধীনতা সংগ্রামীসকলক স্মৰণ কৰা হৈছে, তেওঁলোকক সম্মান জনোৱা হৈছে। স্বাধীনতা আন্দোলনৰ আৰু দেশনায়কসকলৰ স্মৃতি বিজড়িত স্থানবিলাকক  যথাযথভাৱে সংৰক্ষণৰ উদ্যোগ লোৱা হৈছে আৰু সেই অঞ্চলবিলাকৰ উন্নয়ন ঘটোৱা হৈছে। এই প্রসঙ্গত তেওঁ জালিয়ানৱালাবাগৰ কথা উল্লেখ কৰি কয়, ইয়াৰ স্মাৰকৰ দৰেই এলাহাবাদ সংগ্রহশালাত মতবিনিময়ৰ গেলাৰী,  কলকাতাত বিপ্লৱী ভাৰত গেলাৰী সংস্কাৰ কৰা হৈছে। আজাদ হিন্দ বাহিনীৰ অবদানৰ কথা প্রচাৰ কৰা হৈছে। নেতাজীয়ে প্রথমবাৰ য'ত জাতীয় পতাকা উত্তোলন কৰিছিল, সেই আন্দামানক নতুন পৰিচিতি দিয়া হৈছে। আন্দামানৰ দ্বীপসমূহৰ স্বাধীনতা সংগ্রামৰ সৈতে সংগতি ৰাখি নতুন নামকৰণ কৰা হৈছে।   

 

প্রধানমন্ত্রীয়ে কয়, স্বাধীনতাৰ বাবে আমাৰ উপজাতি সম্প্রদায়ৰ যথেষ্ট অবদান আছে। তেওঁলোকে এই আন্দোলনত প্রাণ বিসর্জন দিছে। অথচ দুর্ভাগ্যৰ বিষয় হ'ল, ইতিহাস গ্ৰন্থত তেওঁলোকৰ অবদানৰ কোনো উল্লেখ নাই। উপজাতি স্বাধীনতা সংগ্রামীসকলক লৈ দেশৰ ৯খন ৰাজ্যত সংগ্রহশালা প্ৰস্তুত কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে কয়,  আমাৰ যিসকল সৈনিকে প্রাণ বিসর্জন দিছে, তেওঁলোকৰ স্মৰণ কৰি নির্মিত জাতীয় স্মৃতি সৌধৰ পৰা দেশ অনুপ্রাণিত হয়। যুৱ সম্প্রদায়ৰ দেশক ৰক্ষা কৰা আৰু দেশৰ বাবে আত্মোৎসর্গ কৰিবলৈ প্রস্তুত হোৱাৰ যি মনোভাব আছে, তাত তেওঁ সন্তোষ প্রকাশ কৰে।

 

পাঞ্জাবৰ মানুহৰ সাহসৰ প্রসঙ্গ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, গুৰুসকলৰ পথ অনুসৰণ কৰি পাঞ্জাবৰ ল'ৰা-ছোৱালী ভাৰতৰ যিকোনো বিপদত নির্ভীকভাবে সন্মুখলৈ আহি থিয় হয়। এই গৌৰবোজ্জ্বল ঐতিহ্যক সংৰক্ষণ কৰাৰ উদ্যোগ লোৱা হৈছে। বিগত ৭ বছৰ ধৰি গুৰু নানক দেৱ জীৰ ৫৫০তম প্রকাশ উৎসৱ, গুৰু গোবিন্দ সিং জীৰ ৩৫০তম প্রকাশ উৎসৱ আৰু গুৰু তেগবাহাদুৰ জীৰ ৪০০তম প্রকাশ উৎসৱ পালিত হৈছে। কেন্দ্রই এই পবিত্র অনুষ্ঠানসমূহৰ সময়ত গুৰুসকলৰ শিক্ষা প্রচাৰ কৰিছে। ইয়াৰ অঙ্গ হিচাপে চুলতানপুৰ লোধিক ঐতিহ্যশালী চহৰত পৰিণত কৰা হৈছে, কর্তাৰপুৰ কৰিডৰ, পাঞ্জাবৰ বিভিন্ন অঞ্চলৰ মাজত বিমান পৰিসেৱা, গুৰুস্থানসমূহৰ মাজত যোগাযোগ ব্যবস্থা গঢ়ি তোলা, স্বদেশ দর্শন প্রকল্পৰ আওতাত আনন্দপুৰ চাহিব - ফতেগড় চাহিব – চমকাউৰ চাহিব – ফিৰোজপুৰ – অমৃতসৰ – খাটকৰ কালন – কালানৌড় – পাতিয়ালা ঐতিহ্যশালী ছার্কিটৰ উন্নয়ন ঘটোৱা হৈছে।

 

প্রধানমন্ত্রীয়ে কয়, সমগ্ৰ দেশৰ বাবে আমাৰ স্বাধীনতাৰ এই অমৃতকাল অত্যন্ত গুৰুত্বপূর্ণ। এই সময়ত তেওঁ  ঐতিহ্য আৰু উন্নয়নক আগবঢ়াই লৈ যোৱাৰ বাবে সকলোৰে প্রতি আহ্বান জনাই তেওঁ কয়, পাঞ্জাবৰ এই ভূমিয়ে আমাক অনুপ্রাণিত কৰে। প্রতিটো স্তৰত, প্রতিটো বিষয়ত পাঞ্জাব আগবাঢ়ি যাব লাগিব। জালিয়ানৱালাবাগৰ এই ভূমিয়ে দেশক তাৰ লক্ষ্য পূৰণত আগুৱাই লৈ যোৱাত সহায় কৰিব।

 

অনুষ্ঠানত কেন্দ্রীয় সংস্কৃতি মন্ত্রী, কেন্দ্রীয় আবাসন ও নগৰোন্নয়ন মন্ত্রী, সংস্কৃতি প্রতিমন্ত্রী, পাঞ্জাবৰ ৰাজ্যপাল, পাঞ্জাব, হৰিয়ানা, উত্তৰাখণ্ড হিমাচল প্রদেশৰ মুখ্যমন্ত্রী, পাঞ্জাবৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকল, জালিয়ানৱালাবাগ জাতীয় স্মাৰক সৌধ ট্রাষ্টৰ সদস্যসকলৰ লগতে বিশিষ্ট ব্যক্তিবর্গ উপস্থিত আছিল।

 

আজিৰ অনুষ্ঠানৰ প্রেক্ষাপট বিস্তাৰিতভাৱে  জনাৰ কাৰণে তলৰ লিঙ্কত ক্লিক কৰক –

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
WEF 2026: Navigating global tech and trade disruptions, India stands strong, say CEOs at Davos

Media Coverage

WEF 2026: Navigating global tech and trade disruptions, India stands strong, say CEOs at Davos
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam on Parakram Diwas, recalls Netaji Subhas Chandra Bose’s ideals of courage and valour
January 23, 2026

The Prime Minister, Shri Narendra Modi said that the life of Netaji Subhas Chandra Bose teaches us the true meaning of bravery and valour. He noted that Parakram Diwas reminds the nation of Netaji’s indomitable courage, sacrifice and unwavering commitment to the motherland.

The Prime Minister shared a Sanskrit Subhashitam reflecting the highest ideals of heroism-

“एतदेव परं शौर्यं यत् परप्राणरक्षणम्। नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम्॥

The Subhashitam conveys that the greatest valour lies in protecting the lives of others; one who takes lives is not a hero, but the one who gives life and protects the needy is the true brave.

The Prime Minister wrote on X;

“नेताजी सुभाष चंद्र बोस का जीवन हमें बताता है कि वीरता और शौर्य के मायने क्या होते हैं। पराक्रम दिवस हमें इसी का स्मरण कराता है।

एतदेव परं शौर्यं यत् परप्राणरक्षणम्।

नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम्॥”