তেলেংগানাৰ ছুপাৰ তাপ বিদ্যুৎ প্ৰকল্পৰ ৮০০ মেগাৱাট দেশবাসীৰ নামত উচৰ্গা
বিভিন্ন ৰে’ল আন্তঃগাঁথনিমূলক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা
প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া সমগ্ৰ তেলেংগানাৰ ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন
সিদ্দিপেট-ছেকেন্দৰাবা-সিদ্ধিপেট ৰে’ল সেৱাৰ শুভাৰম্ভ
“বিদ্যুতৰ মসৃণ যোগানে এখন ৰাজ্যৰ উদ্যোগসমূহৰ বিকাশত গতি প্ৰদান কৰে”
“মই যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছো, সেইবোৰ সম্পূৰ্ণ কৰাটো আমাৰ চৰকাৰৰ কৰ্ম সংস্কৃতি”
তেওঁ বিবিনগৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় আৰু এইমছৰ সংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰে। একে সময়তে চিকিৎসকৰ সংখ্যা বৃদ্ধিৰ কাম কৰা হৈছে বুলিও কয়।
ভাষণৰ সামৰণিত তেওঁ বিদ্যুৎ, ৰে’ল আৰু স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খণ্ডৰ আজিৰ প্ৰকল্পসমূহৰ বাবে ৰাইজক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ নিজামাবাদত শক্তি, ৰে’ল আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ৮,০০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উচৰ্গা, মনোহাৰাবাদ আৰু ছিদ্দিপেট সংযোগী নতুন ৰে’লৱে লাইনকে ধৰি একাধিক ৰে’লৱে প্ৰকল্প; আৰু ধৰ্মাবাদ-মনোহৰাবাদ আৰু মেহবুবনগৰ-কুৰ্ণুলৰ মাজত ৰে’ললাইনৰ বিদ্যুতীকৰণ প্ৰকল্প আদি উল্লেখযোগ্য। তেওঁ প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৰাজ্যজুৰি ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে ছিদ্দিপেট- ছেকেন্দৰাবাদ- ছিদ্দিপেট ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।

 

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে তেলেংগানাৰ জনসাধাৰণক অভিনন্দন জনায়। তেওঁ কয় যে যিকোনো ৰাষ্ট্ৰ বা ৰাজ্যৰ উন্নয়ন বিদ্যুৎ উৎপাদনৰ স্বাৱলম্বী ক্ষমতাৰ ওপৰত নিৰ্ভৰশীল, কাৰণ ই একেলগে জীৱন-যাপন সহজ কৰি তোলাৰ লগতে ব্যৱসায়ৰ সহজতাও বৃদ্ধি কৰে। “বিদ্যুতৰ মসৃণ যোগানে এখন ৰাজ্যৰ উদ্যোগসমূহৰ বিকাশত গতি প্ৰদান কৰে”, প্ৰধানমন্ত্ৰীয়ে পেড্ডাপল্লী জিলাত এনটিপিচিৰ তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ প্ৰথম পৰ্যায়ৰ ৮০০ মেগাৱাট ইউনিট দেশবাসীৰ নামত উচৰ্গা কৰি এইদৰে কয়। তেওঁ সজোৰে কয় যে দ্বিতীয় ইউনিটো অতি সোনকালে কাৰ্যক্ষম হ’ব আৰু ইয়াৰ কাম সম্পূৰ্ণ হ’লে বিদ্যুৎ কেন্দ্ৰটোৰ ক্ষমতা ৪,০০০ মেগাৱাটলৈ বৃদ্ধি পাব। তেওঁ আনন্দ প্ৰকাশ কৰে যে দেশৰ সকলো এনটিপিচি বিদ্যুৎ কেন্দ্ৰৰ ভিতৰত তেলেংগানা ছুপাৰ তাপ বিদ্যুৎ কেন্দ্ৰটো আটাইতকৈ আধুনিক বিদ্যুৎ কেন্দ্ৰ। “এই বিদ্যুৎ কেন্দ্ৰত উৎপাদিত বিদ্যুতৰ প্ৰধান অংশ তেলেংগানাৰ জনসাধাৰণৰ হাতলৈ যাব”, প্ৰধানমন্ত্ৰীয়ে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় সেইবোৰ সম্পূৰ্ণ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰৱণতাক গুৰুত্ব আৰোপ কৰি এইদৰে কয়। ২০১৬ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা সুঁৱৰি তেওঁ আজি উদ্বোধন কৰাৰ প্ৰকল্পৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। “এয়া আমাৰ চৰকাৰৰ নতুন কৰ্ম সংস্কৃতি”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে তেলেংগানাৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে কাম কৰি আছে। শেহতীয়াকৈ হাছান–চেৰলাপল্লী পাইপলাইন উচৰ্গা কৰাৰ কথাও তেওঁ স্মৰণ কৰে। “এই পাইপলাইন কম খৰচী আৰু পৰিৱেশ অনুকূলভাৱে এলপিজি ৰূপান্তৰ, পৰিবহণ আৰু বিতৰণৰ আধাৰ হ’ব”, তেওঁ কয়।

ধৰ্মাবাদ-মনোহৰাবাদ আৰু মেহবুবনগৰ-কুৰ্ণুলৰ মাজৰ ৰে’ল লাইনৰ বিদ্যুতীকৰণ প্ৰকল্পৰ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ৰে’ল দুখন গড় গতিবেগ বৃদ্ধিৰ লগতে ৰাজ্যখনৰ সংযোগ বৃদ্ধি কৰা হ’ব। “ভাৰত ৰে’লৱেই সকলো ৰে’ল লাইনৰ ১০০ শতাংশ বিদ্যুতীকৰণৰ লক্ষ্য লৈ আগবাঢ়িছে”, তেওঁ কয়। তেওঁ কয় যে মনোহৰাবাদ আৰু ছিদ্দিপেটৰ মাজত নতুন ৰে’ল সংযোগে ব্যৱসায় আৰু উদ্যোগক উদ্গনি যোগাব। প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা স্মৰণ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যসেৱা কেনেদৰে পূৰ্বে নিৰ্বাচিত কেইজনমানৰ অধীনত আছিল সেই কথাও সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ লগতে সুলভ কৰি তোলাৰ বাবে গ্ৰহণ কৰা বহু পদক্ষেপৰ বিষয়ে অৱগত কৰে। তেওঁ বিবিনগৰ চিকিৎসা মহাবিদ্যালয়কে ধৰি ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় আৰু এইমছৰ সংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰে। একে সময়তে চিকিৎসকৰ সংখ্যা বৃদ্ধিৰ কাম কৰা হৈছে বুলিও কয়।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আন্তঃগাঁথনি অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াৰ অধীনত প্ৰতিখন জিলাতে গুণগত আন্তঃগাঁথনি নিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি এই অভিযানৰ অধীনত তেলেংগানাত ২০টা ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ জনোৱা মতে ব্লকসমূহ এনেদৰে নিৰ্মাণ কৰা হ’ব যাতে তেওঁলোকৰ সমৰ্পিত আইছ’লেশ্যন ৱাৰ্ড, অক্সিজেন যোগান আৰু সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ সম্পূৰ্ণ ব্যৱস্থা থাকে। “তেলেংগানাত স্বাস্থ্য সুবিধা বৃদ্ধিৰ বাবে ৫,০০০ৰো অধিক আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে”, তেওঁ কয়। ক’ভিড মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জনায় যে তেলেংগানাত ৫০টা বৃহৎ পিএছএ অক্সিজেন উদ্যোগ স্থাপন কৰা হৈছিল যিসমূহে বহুলোকৰ বহুমূলীয়া জীৱন ৰক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাষণৰ সামৰণিত তেওঁ বিদ্যুৎ, ৰে’ল আৰু স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খণ্ডৰ আজিৰ প্ৰকল্পসমূহৰ বাবে ৰাইজক অভিনন্দন জ্ঞাপন কৰে।

এই উপলক্ষে সভাত তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰৰাজন আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰধানমন্ত্ৰীয়ে ২৭ আগষ্টত খেলো ইণ্ডিয়া ডায়লগত যুৱসমাজক সম্বোধন কৰিব
August 26, 2026
খেলো ইণ্ডিয়া ডায়লগে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিকৰ কৰ্তব্য, স্বেচ্ছাসেৱী, শাৰীৰিক সুস্থতা আৰু ৰাষ্ট্ৰ নিৰ্মাণক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব
খেলো ইণ্ডিয়া ডায়লগৰ অধীনত যুৱ সংবাদে পাঁচটা মূল বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবঃ ক্ৰীড়া, অলিম্পিক আকাংক্ষা, যুৱ নেতৃত্ব, বিকশিত ভাৰত আৰু নিচা মুক্ত যুৱসমাজ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ আগষ্টত দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে খেলো ইণ্ডিয়া ডায়লগ সম্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে যুৱপ্ৰজন্মক ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ সৈতে জড়িত কৰাত সহায় কৰা, তেওঁলোকৰ আকাংক্ষা শ্বেয়াৰ কৰাৰ লগতে এক শক্তিশালী যুৱ-নেতৃত্বাধীন বিকশিতত ভাৰতৰ ধাৰণা আগবঢ়োৱা।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৬ উদযাপনৰ অংশ হিচাপে মেৰা যুৱ ভাৰত (মাই ভাৰত) ৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচী সমগ্ৰ দেশতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিখন জিলাৰ দুখনকৈ মহাবিদ্যালয়ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণৰে অনুষ্ঠিত কৰা হ’ব। যুৱক-যুৱতীসকলৰ আকাংক্ষাক ৰাষ্ট্ৰীয় উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰত ৰাখি এখন সুস্থ, শৃঙ্খলাবদ্ধ আৰু ক্ৰীড়া ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে।

দেশজোৰা খেলো ইণ্ডিয়া ডায়লগে ক্ৰীড়া, যুৱ নেতৃত্ব, নাগৰিকৰ কৰ্তব্য, স্বেচ্ছাসেৱী,শাৰীৰিক সুস্থতা আৰু ৰাষ্ট্ৰ নিৰ্মাণক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰিব। ই যুৱক-যুৱতীসকলক দেশৰ ক্ৰীড়াৰ উচ্চাকাংক্ষাৰ সৈতে জড়িত হ'বলৈ এটা পোনপটীয়া মাধ্যম প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ধাৰণা আৰু দৃষ্টিভংগী ভাৰতৰ যুৱ তথা ক্ৰীড়া পৰিৱেশতন্ত্ৰৰ ওপৰত অব্যাহত কথোপকথনৰ অংশ হোৱাটো নিশ্চিত কৰিব।

ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পাছত যুৱ অংশগ্ৰহণকাৰী, মাই ভাৰতৰ স্বেচ্ছাসেৱক, স্থানীয় খেলুৱৈ আৰু জনসাধাৰণৰ প্ৰতিনিধিসকলক জড়িত কৰি স্থানীয় মত বিনিময় অনুষ্ঠিত হ’ব। এই পদক্ষেপৰ এটা মুখ্য বৈশিষ্ট্য হ’ব ক্ৰীড়াৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী আৰু আগশাৰীৰ ভাৰতীয় খেলুৱৈ তথা পদক বিজয়ীসকলৰ মাজত পোনপটীয়া মত বিনিময়। কাৰ্যসূচীৰ এটা কেন্দ্ৰীয় বৈশিষ্ট্য হ’ব যুৱ সংবাদ য’ত যুৱ অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ নিজৰ ধাৰণা, দৃষ্টিভংগী আৰু আকাংক্ষা ব্যক্ত কৰিবলৈ আমন্ত্ৰণ জনোৱা হ’ব। এই আলোচনা পাঁচটা বিষয়ৰ ওপৰত আধাৰিত হ’বঃ

  • উন্নত সুবিধা, প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান আৰু সামগ্ৰিক অংশগ্ৰহণৰ জৰিয়তে ভাৰতৰ ক্ৰীড়া পৰিৱেশতন্ত্ৰ উন্নত কৰা;
  • বৈজ্ঞানিক প্ৰতিভা চিনাক্তকৰণ, স্বচ্ছ বাছনি আৰু দীৰ্ঘম্যাদী খেলুৱৈ বিকাশৰ জৰিয়তে ২০৩৬ অলিম্পিকৰ বাবে প্ৰতিভাৰ যতন লোৱা;
  • প্ৰশাসনৰ মঞ্চ আৰু মাই ভাৰত-নেতৃত্বাধীন স্বেচ্ছাসেৱকৰ জৰিয়তে যুৱ নেতা সৃষ্টি কৰা;
  • নাগৰিক সচেতনতা, ভৱিষ্যতৰ বাবে সাজু দক্ষতা আৰু গঠনমূলক স্বেচ্ছাসেৱিকতা গঢ়ি বিকশিত ভাৰতৰ বাবে যুৱক-যুৱতীসকলক শক্তিশালী কৰা;
  • ২০২৬ চনৰ ২ আগষ্টত আৰম্ভ কৰা প্ৰধানমন্ত্ৰীৰ ১০০ সপ্তাহৰ দেশজোৰা প্ৰচাৰৰ অধীনত সাপ্তাহিক জন ভাগীদাৰী কাৰ্যকলাপৰ দ্বাৰা শক্তিশালী কৰা মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ ক্ৰীড়া আৰু সমনীয়া নেটৱৰ্কৰ ব্যৱহাৰ কৰি এক নিচা মুক্ত যুৱ আন্দোলনৰ প্ৰচাৰ কৰা।