‘এইমছ’, সাৰ কাৰখানা আৰু ‘আইচিএমআৰ’ৰ কেন্দ্ৰ-ৰ উদ্বোধন
ডবল ইঞ্জিন চৰকাৰে দুগুণলৈ বঢ়াইছে উন্নয়ণমূলক কাম-কাজৰ গতিবেগ : প্ৰধানমন্ত্ৰী
“বঞ্চিত আৰু শোষিতসকলৰ বাবে চিন্তিত চৰকাৰ, ফল লাভ কৰিব পৰাকৈ ব্ৰতীও হৈছে কঠোৰ শ্ৰমত”
“আজিৰ কাৰ্যক্ৰম নতুন ভৰতৰ সংকল্পৰ সাক্ষী, যাৰ বাবে অসম্ভৱ বুলি একোৱেই নাই”
কুঁহিয়াৰ খেতিয়কৰ বাবে কৰা কামৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক উচ্চ প্ৰশংসা

উত্তৰ প্ৰদেশৰ গোৰক্ষপুৰত আজি এলানি উন্নয়নী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

নৱ নিৰ্মিত এখন এইমছ আৰু এটা সাৰ কাৰখানা আৰু আইচিএমআৰ-ৰ এটা আঞ্চলিক চিকিত্সা গৱেষণা কেন্দ্ৰৰ নতুন ভৱন আনুষ্ঠানিক ভাবে উন্মোচন কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে। আজি উদ্বোধন কৰা দুয়োটা প্ৰকল্পৰ আধাৰশিলা পাঁচবছৰৰ আগতে স্থাপন কৰিবলৈ অহাৰ কথা স্মৰণ কৰি তেওঁ বৰ্তমানৰ চৰকাৰে কাম এটা কৰিবলৈ ল’লে এনেকৈয়ে নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণও কৰি তোলে সেই কথাকে আজিৰ অনুষ্ঠানে প্ৰতিপন্ন কৰিলে বুলি মন্তব্য কৰে। তেওঁ কয়, “আজিৰ কাৰ্যক্ৰম নতুন ভৰতৰ সংকল্পৰ সাক্ষী, যাৰ বাবে অসম্ভৱ বুলি একোৱেই নাই”। তেওঁ ইয়াৰ বাবে উত্তৰ প্ৰদেশৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰে।

অনিুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘ডবল ইঞ্জিন’ৰ চৰকাৰ হোৱাৰ বাবেই কামবোৰ দুগুণ গতিবেগৰে সম্পূৰ্ণ কৰিব পৰা গৈছে। যেতিয়া আন্তৰিকতাৰে কামবোৰ কৰা হয় তেতিয়া কোনো সংকটেই বাধাৰ সৃষ্টি কৰিব নোৱাৰে বুলিও তেওঁ অভিমত প্ৰকাশ কৰে। তেওঁ কয় “যেতিয়া দুখীয়া-শোষিত-বঞ্চিতৰ বাবে চিন্তা কৰা চৰকাৰ প্ৰতিস্থা হয় তেতিয়া সেই চৰকাৰে পৰিশ্ৰমো কৰে আৰু ইয়াৰ সুবাদৰে ফলো আদায় কৰিব পাৰে”। প্ৰসংগক্ৰমে তেওঁ ইউৰিয়াৰ অপ-ব্যৱহাৰ ৰোধ কৰাৰ বাবে তেওঁৰ চৰকাৰে ১০০শতাংশ হাৰত ‘নীম কোটিং’-ৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে।

ভাষণ প্ৰসংগত তেওঁ কৃষকক সংকটমুক্ত কৰাৰ বাবেই চৰকাৰে কোটি কোটি কৃষকক ভূমি স্বাস্থ্য পত্ৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ দ্বাৰা খেতিয়কসকলে কোনডোখৰ মাটিত কি সাৰ কিমান পৰিমাণে দিয়া উচিত হব সেয়া নিৰ্দ্ধাৰণৰ সুবিধা পাব। ইউৰিয়াৰ উত্পাদন বঢ়োৱাৰ বাবে চৰকাৰে বিস্তৃত পৰিসৰত পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে বন্ধ হৈ থকা সাৰ কাৰখানাসমূহক পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে।

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰখনে বিগত সময়ছোৱাত কুঁহিয়াৰ খেতিয়কসকলৰ বাবে অভুতপূৰ্ব হাৰত কাম কৰিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে ৰাজ্য চৰকাৰখনক ভূয়সী প্ৰশংসা কৰে।

স্বাধীনতাৰ পিচত এই শতিকাৰ আৰম্ভণী পৰ্যন্ত সমগ্ৰ দেশতে মাত্ৰ এখন এইমছ আছিল। অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন ‘এনডিএ’ চৰকাৰে প্ৰথমবাৰৰ বাবে দেশৰ ভিন্ন প্ৰান্তত স্থাপন কৰিব পৰাকৈ ৬খন ‘এইমছ’ৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিগত ৭টা বছৰত দেশত ১৬খন ‘এইমছ’ৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে বুলি জানিবলৈ দিয়ে। বৰ্তমানৰ চৰকাৰে দেশৰ প্ৰতিখন জিলাতে কমেও এখন চিকিত্সা মহাবিদ্যালয় স্থাপনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

বিগত সময়ত ৰাজ্যখনত শাসনাধিষ্ঠিত চৰকাৰৰ কাৰ্যকলাপ কঠোৰ ভাষাৰে সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণ ৰূপে জলাঞ্জলি দি তদানীন্তন চৰকাৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধিত মনোনিৱেশ কৰাৰ বাবে বিভিন্ন কেলেংকাৰী সংঘটিত হোৱাৰ লগতে দুষ্কৃতিকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ দৰে অপকৰ্ম লিপ্ত হৈছিল বুলি অভিযোগ উথ্থাপন কৰে। তেওঁ সেইসমূহ ৰাজনৈতিক দলে ক্ষমতা সৰ্বস্ব ৰাজনীতিৰহে পোষকতা কৰে বুলিও তাত্পৰ্যপূৰ্ণ মন্তব্য কৰে।

বৰ্তমানৰ চৰকাৰে দুখীয়া-দৰিদ্ৰৰ বাবে খাদ্যৰ ভড়ালসমূহ মোকলাই দিছে বুলি আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘৰে ঘৰে গৈ খাদ্যসম্ভাৰ বিলোৱাত সহযোগিতা কৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ উত্তৰ প্ৰদেশৰ প্ৰায় ১৫কোটি নাগৰিক ‘গৰীৱ কল্যাণ অন্ন যোজনা’ৰ দ্বাৰা উপকৃত হৈছে বুলি তথ্য দাঙি ধৰে। আঁচনিখনৰ ম্যাদ ফাকুৱা পৰ্যন্ত বৃদ্ধি কৰাৰ কথাও তেওঁ প্ৰসংগক্ৰমে জানিবলৈ দিয়ে।

কেন্দ্ৰ আৰু ৰাজ্যত ‘ডবল ইঞ্জিন’ চৰকাৰ থকাৰ বাবেই এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয় উত্তৰ প্ৰদেশৰ জনতাই এই কাৰণেই ‘ডাবল ইঞ্জিন’ চৰকাৰক আস্থাত লৈছে। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat