প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগপুৰত স্থাপন কৰা ‘এইমছ’খন ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘নাগপুৰ এইমছ প্ৰকল্প’ৰ নক্সাৰ লগতে অনুষ্ঠান উপলক্ষে অনুষ্ঠিত কৰা ‘মাইলষ্টন এগজিবিশ্যন গেলাৰী’ও পৰিদৰ্শন কৰে।

সমগ্ৰ দেশতে স্বাস্থ্য-আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতিবদ্ধতাক ‘নাগপুৰ এইমছ’ৰ উচৰ্গাই আৰু অধিক শক্তিশালী কৰি তুলিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ২০১৭ চনত চিকিত্সা প্ৰতিষ্ঠানখনৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়েই স্বয়ং স্থাপন কৰিছিল আৰু ইয়াক নিৰ্মাণ কৰা হৈছে ‘প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা’ নামৰ কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাৰে ৰূপায়িত আঁচনিখনৰ অধীনত।

১৫৭৫ কোটি টকাৰ বিনিয়োগৰে ‘এইমছ নাগপুৰ’ৰ বিকাশ সাধন কৰা হৈছে। অত্যাধুনিক সা-সুবিধা সম্বলিত চিকিত্সা প্ৰতিষ্ঠানখনত অ’পিডি, আইপিডি, ডায়েগ্নষ্টিক ছাৰ্ভিচ, অপাৰেশ্যন থিয়েটাৰকে ধৰি চিকিত্সা বিজ্ঞানৰ সকলোবোৰ ‘মেজৰ স্পেচিয়েলিটী’ আৰু ‘ছুপাৰ স্পেচিয়েলিটী’ বিষয়ৰ বিভাগ সামৰি লোৱা হৈছে। চিকিত্সালয়খনে মহাৰাষ্ট্ৰ বিদৰ্ভ অঞ্চলৰ আবাসীসকলৰ বাবে অত্যাধুনিক স্বাস্থ্যসেৱা উপলব্ধ কৰাৰ লগতে গাড়চিৰলি, গোণ্ডীয়া আৰু মেলঘাটৰ দৰে আশে-পাশে থকা জনজাতীয় অঞ্চলসমূহকো বাৰুকৈয়ৈ সকাহ দান কৰিব।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে, মহাৰাষ্ট্ৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশিয়াৰী, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱীশ আৰু কেন্দ্ৰীয় স্থল পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”