“আমি অন্তিম প্ৰান্তত বেংকিং সেৱাক উপলব্ধকৰণত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো”
“ডিজিটেল অংশীদাৰিত্বৰে বিত্তীয় অংশীদাৰিত্ব সংযুক্ত হোৱা মাত্ৰকে সম্ভাৱনাৰ সম্পূৰ্ণ নতুন বিশ্বৰ বাট মুকলি হ’ব”
“আজি ভাৰতৰ প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক নাগৰিকৰ বাবে শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশতকৈ অধিক”
“আইএমএফে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক প্ৰশংসা কৰিছে”
“বিশ্ব বেংকে ডিজিটেলাইজেশ্যনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিতকৰণত ভাৰত আগশাৰীৰ দেশ হৈ পৰিছে বুলি কৈছে”
“বেংকিং আজি বিত্তীয় লেনদেনৰ ওপৰিও ‘সুশাসন’ আৰু ‘উন্নত সেৱা প্ৰদান’ ৰো মাধ্যম হৈ পৰিছে”
“জন ধন একাউন্টে দেশখনত বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি স্থাপন কৰাৰ সমান্তৰালকৈ ফিনটেকে বিত্তীয় বিপ্লৱৰ আধাৰ গঠন কৰিছে”
“আজি সমগ্ৰ দেশে জন ধন বেংক একাউন্টৰ শক্তি অনুভৱ কৰিছে”
“এখন দেশৰ অৰ্থনীতি যিমানেই প্ৰগতিশীল হ’ব, সিমানেই ইয়াৰ বেংকিং ব্যৱস্থা সুদৃঢ় হৈ উঠিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে এই ৭৫টা ডিজিটেল বেংকিং ইউনিটে (ডিবিইউ) অধিক বিত্তীয় অন্তৰ্ভুক্তি প্ৰশস্ত আৰু নাগৰিকসকলৰ বেংকিঙৰ অভিজ্ঞতা বৃদ্ধি কৰিব বুলি কয়৷ “সাধাৰণ নাগৰিকৰ বাবে সজহ জীৱন-ধাৰণৰ দিশত ডিবিইউ এক বৃহৎ পদক্ষেপ”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে জনায় যে এনে বেংকিং ছেটআপৰে চৰকাৰখনে ন্যূনতম আন্তঃগাঁথনিৰে সৰ্বাধিক সেৱা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু এই সকলোবোৰ কাগজ-পত্ৰবিহীনভাৱে ডিজিটেল মাধ্যমেৰে সম্পন্ন হ’ব। ইয়াৰোপৰি ই বেংকিং পদ্ধতিক সৰলীকৰণৰ লগতে এক শক্তিশালী আৰু সুৰক্ষিত বেংকিং ব্যৱস্থাও প্ৰদান কৰিব। “সৰু চহৰ আৰু গাঁৱত বসবাস কৰা লোকসকলে ধন হস্তান্তৰ কৰি ঋণ লাভৰ দৰে সুবিধা লাভ কৰিব৷ এই ডিজিটেল বেংকিং ইউনিটসমূহ সেয়ে আন এক বৃহৎ পদক্ষেপ যিয়ে ভাৰতৰ সাধাৰণ লোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰখনৰ লক্ষ্য হৈছে সাধাৰণ নাগৰিকক সবল আৰু শক্তিশালী কৰি তোলা আৰু সেয়ে অন্তিমজন ব্যক্তিৰ প্ৰতি লক্ষ্য ৰাখি নীতিৰাজি গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ চৰকাৰখন তেওঁলোকৰ কল্যাণৰ অৰ্থে অগ্ৰসৰ হৈছে৷ তেওঁ চৰকাৰখনে একে সময়তে কাম কৰি থকা দুটা ক্ষেত্ৰৰ কথা উল্লেখ কৰে৷ প্ৰথমতে, বেংকিং ব্যৱস্থাৰ সংস্কাৰ সাধন, সুদৃঢ়কৰণ আৰু স্বচ্ছ কৰি তোলা আৰু দ্বিতীয়তে বিত্তীয় অন্তৰ্ভুক্তি।

পূৰ্বৰ পৰম্পৰাগত পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই চৰকাৰখনে বেংকিং ব্যৱস্থাক ৰাইজৰ মাজলৈ নি পন্থাটোৰ ৰূপান্তৰ সাধন কৰিছে৷ “বেংকিং সেৱাক অন্তিম প্ৰান্তত উপলব্ধকৰণত আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো”, তেওঁ কয়। দৰিদ্ৰ লোকসকল বেংকলৈ যাব বুলি আশা কৰা দিনৰপৰা বেংক কৰ্তৃপক্ষ তেওঁলোকৰ দুৱাৰদলিত উপস্থিত হোৱালৈকে এক বৃহৎ পৰিৱৰ্তন সাধন হৈছে৷ ইয়াৰ লক্ষ্য আছিল দৰিদ্ৰ লোক আৰু বেংকৰ মাজৰ ব্যৱধান হ্ৰাস কৰা। “আমি কেৱল শাৰীৰিক দূৰত্ব হ্ৰাসেই নহয়, বৰঞ্চ অতিশয় গুৰুত্বপূৰ্ণভাৱে আমি মানসিক ব্যৱধান আঁতৰাই পেলালো৷” বেংকিঙে অত্যন্ত প্ৰত্যন্ত অঞ্চলসমূহক সামৰি লোৱাত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে, আজি ভাৰতৰ ৯৯ শতাংশৰো অধিক গাঁৱত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংক শাখা, বেংকিং আউটলেট বা ‘বেংকিং মিত্ৰ’ উপলব্ধ৷ “সাধাৰণ নাগৰিকসকলৰ বেংকিং প্ৰয়োজনীয়তাসমূহ পৰিপূৰণৰ বাবে ইণ্ডিয়া প’ষ্ট বেংকৰ জৰিয়তেও বিস্তৃত ডাকঘৰৰ নেটৱৰ্কক ব্যৱহাৰ কৰা হৈছিল”, তেওঁ কয়। “আজি ভাৰতৰ প্ৰতি এক লাখ প্ৰাপ্তবয়স্ক নাগৰিকৰ বাবে শাখাৰ সংখ্যা জাৰ্মানী, চীন আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশতকৈ অধিক”, তেওঁ লগতে কয়।

প্ৰথম অৱস্থাত একাংশ শ্ৰেণীৰ মাজত সন্দেহৰ ভাৱ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আজি সমগ্ৰ দেশে জন ধন বেংক একাউন্টৰ শক্তি প্ৰত্যক্ষ কৰিছে।” তেওঁ অৱগত কৰে যে এই একাউন্টসমূহৰ জৰিয়তে চৰকাৰখনে অতি কম প্ৰিমিয়ামত দুৰ্বল লোকসকলক বীমাৰ সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে। “ইয়াৰ ফলত দৰিদ্ৰ লোকসকলৰ বাবে আমানত অবিহনে ঋণৰ পথ মুকলি হৈছে আৰু নিৰ্ধাৰিত হিতাধিকাৰীসকলৰ একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ব্যৱস্থা কৰা হৈছে৷ এই একাউন্টসমূহৰ জৰিয়তেই গৃহ, টয়লেট, ৰন্ধন গেছৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে আৰু কৃষকসকলৰ বাবে আঁচনিৰ সুবিধাসমূহ নিৰৱচ্ছিন্নভাৱে নিশ্চিত কৰিব পৰা গৈছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক সমগ্ৰ বিশ্বই স্বীকৃতি জনোৱাৰ কথা উল্লেখ কৰে। “আইএমএফে ভাৰতৰ ডিজিটেল বেংকিঙৰ আন্তঃগাঁথনিক প্ৰশংসা কৰিছে। ইয়াৰ কৃতিত্ব ভাৰতৰ দৰিদ্ৰ লোক, কৃষক আৰু শ্ৰমিকসকল৷ তেওঁলোকে নতুন প্ৰযুক্তি গ্ৰহণ কৰিছে, ইয়াক নিজৰ জীৱনৰ অংশ কৰি তুলিছে”, তেওঁ দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “ইউপিআইয়ে ভাৰতৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে৷ ডিজিটেল অংশীদাৰিত্বৰে বিত্তীয় অংশীদাৰিত্বক সংযুক্ত কৰা মাত্ৰেকে সম্ভাৱনাৰ সম্পূৰ্ণ নতুন বাট মুকলি হ’ব৷ ইউপিআইৰ দৰে এটা ভাল উদাহৰণ আমাৰ আছে। ভাৰতে ইয়াকে লৈ গৌৰৱান্বিত। কিয়নো ই বিশ্বৰ ভিতৰতে এনে ধৰণৰ প্ৰথম প্ৰযুক্তি।” তেওঁ জনাই যে আজি ৭০ কোটি থলুৱা ৰূপে কাৰ্ড কাৰ্য্যক্ষম হৈ আছে৷ যিয়ে ফৰেইন প্লেয়াৰৰ দিনৰ সলনি এক বৃহৎ পৰিৱৰ্তনক সূচিত কৰিছে৷ “প্ৰযুক্তি আৰু অৰ্থনীতিৰ এই সংমিশ্ৰণে দৰিদ্ৰসকলৰ মৰ্য্যাদা আৰু ব্যয়সাধ্যতাৰ বৰ্ধনেৰে মধ্যবিত্ত শ্ৰেণীটোক সুদৃঢ় কৰি তুলিছে, একে সময়তে ই দেশৰ ডিজিটেল বিভাজনো নিৰ্মূল কৰিছে”, তেওঁ কয়। লগতে দুৰ্নীতি নিৰ্মূলৰ ক্ষেত্ৰত ডিবিটিৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ কয় যে ডিবিটিৰ জৰিয়তে বিভিন্ন আঁচনিৰ ২৫ লাখ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে। তেওঁ কাইলৈ ​​পৰৱৰ্তী কিস্তি কৃষকসকললৈ হস্তান্তৰ কৰিব বুলি জনায়। “আজি সমগ্ৰ বিশ্বই এই ডিবিটি আৰু ভাৰতৰ ডিজিটেল শক্তিৰ শলাগ লৈছে। আজি ইয়াক এক বৈশ্বিক আৰ্হি হিচাপে দেখা গৈছে। আনকি বিশ্ব বেংকে ডিজিটেলাইজেশ্যনৰ জৰিয়তে সামাজিক সুৰক্ষা নিশ্চিতকৰণত ভাৰত আগশাৰীৰ দেশ হৈ পৰিছে বুলিও কৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে ফিনটেকে ভাৰতৰ নীতি আৰু প্ৰচেষ্টাৰাজিৰ মূলতে অৱস্থান গ্ৰহণ কৰিছে আৰু ই ভৱিষ্যৎ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি কয়৷ ডিজিটেল বেংকিং ইউনিটসমূহে ফিনটেকৰ এই ক্ষমতা অধিক সম্প্ৰসাৰিত কৰিব। “জন ধন একাউন্টে দেশখনত বিত্তীয় অন্তৰ্ভুক্তিৰ ভেটি স্থাপনৰ সমান্তৰালকৈ ফিনটেকে বিত্তীয় বিপ্লৱৰ ভিত্তি গঠন কৰিছে”, তেওঁ কয়।

ব্লকচেইন প্ৰযুক্তিৰ আধাৰত ডিজিটেল মুদ্ৰা মুকলি সম্পৰ্কে চৰকাৰখনৰ ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আগন্তুক সময়ত ডিজিটেল মুদ্ৰাই হওঁক বা আজিৰ সময়ত ডিজিটেল লেনদেনেই হওঁক, এইসমূহৰে অৰ্থনীতিৰ বাহিৰেও বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে৷” তেওঁ সঞ্চয়, ভৌতিক মুদ্ৰাৰ সমস্যা নিৰ্মূল কৰা আৰু পাৰিপাৰ্শ্বিক লাভৰ মূল সুবিধা হিচাপে এইসমূহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে মুদ্ৰা ছপাৰ বাবে কাগজ আৰু চিয়াঁহী আমদানি কৰা হয় আৰু ডিজিটেল অৰ্থনীতি গ্ৰহণেৰে আমি এখনি আত্মনিৰ্ভৰশীল ভাৰতলৈ বৰঙণি যোগাইছো আৰু লগতে কাগজৰ ব্যৱহাৰ হ্ৰাসেৰে পৰিবেশকো উপকৃত কৰিছো।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বেংকিং ব্যৱস্থাটো আজি বিত্তীয় লেনদেনৰ বাহিৰেও ‘সুশাসন’ আৰু ‘উন্নত সেৱা প্ৰদান’ ৰো মাধ্যম হৈ পৰিছে। আজি এই ব্যৱস্থাই ব্যক্তিগত খণ্ড আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবেও বিকাশৰ অপৰিসীম সম্ভাৱনাৰ সঞ্চাৰ কৰিছে। তেওঁ আৰু কয় যে ভাৰতত প্ৰযুক্তিৰ জৰিয়তে সামগ্ৰী আৰু সেৱা আগবঢ়োৱাৰ ফলত নতুন ষ্টাৰ্টআপ বাতাবৰণৰ সৃষ্টি হৈছে৷ “ডিজিটেল অৰ্থনীতি আজি আমাৰ অৰ্থনীতি, আমাৰ ষ্টাৰ্টআপ বাতাবৰণ, মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ এক বৃহৎ শক্তি হৈ উঠিছে”, তেওঁ কয়। “আজি আমাৰ ক্ষুদ্ৰ উদ্যোগ, আমাৰ এমএছএমই সমূহেও জিইএম ৰ দৰে ব্যৱস্থাৰ জৰিয়তে চৰকাৰী নিবিদাত অংশগ্ৰহণ কৰিছে। এইসমূহে নতুন-নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিছে। এতিয়ালৈকে জিইএম ত ২.৫ লাখ কোটি টকাৰ অৰ্ডাৰ দিয়া হৈছে। ডিজিটেল বেংকিং ইউনিটসমূহৰ জৰিয়তে এতিয়া এই দিশত একাধিক নতুন সুযোগৰ সৃষ্টি হ’ব”, তেওঁ লগতে কয়।

“এখন দেশৰ অৰ্থনীতি যিমানেই প্ৰগতিশীল হ’ব, সিমানেই ইয়াৰ বেংকিং ব্যৱস্থাটো শক্তিশালী হ’ব”, বুলি প্ৰধানমন্ত্ৰীয়ে কয়৷ তেওঁ জনায় যে যোৱা ৮ টা বছৰত দেশখন ২০১৪ ৰ পূৰ্বৰ ‘ফোন বেংকিং’ ব্যৱস্থাৰপৰা ডিজিটেল বেংকিঙলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ অৰ্থনীতিয়ে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অগ্ৰসৰ হৈছে৷ পুৰণি পদ্ধতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ২০১৪ ৰ পূৰ্বে বেংকসমূহে ফোনৰ মাধ্যমেৰে নিজৰ কাম-কাজ সমাপন কৰিছিল। তেওঁ আৰু কয় যে ফোন বেংকিঙে হাজাৰ-হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ বীজ সিঁচি বেংকসমূহক আৰু দেশৰ অৰ্থনীতিকো অসুৰক্ষিত কৰি তুলিছিল৷

বৰ্তমানৰ চৰকাৰখনৰ এই ব্যৱস্থাটোক ৰূপান্তৰিতকৰণৰ পন্থা সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ইয়াত স্বচ্ছতাক মূল কথা হিচাপে গণ্য কৰি অহা হৈছে৷ তেওঁ আৰু কয়, “এনপিএ চিনাক্তকৰণৰ ক্ষেত্ৰত স্বচ্ছতা আৰোপৰ পিছতে লাখ-লাখ কোটি টকা বেংকিং ব্যৱস্থালৈ ঘূৰাই অনা হৈছে৷ আমি বেংকসমূহক পুনৰ মূলধনীকৰণ কৰিলো, গুৰুত্ব সহকাৰে ডিফল্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলো আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ সংস্কাৰ সাধন কৰিলো৷” তেওঁ লগতে উল্লেখ কৰে যে ঋণৰ বাবে প্ৰযুক্তি আৰু ‘এনালাইটিক্স’ ৰ ব্যৱহাৰক প্ৰসাৰিতকৰণৰ লগতে আইবিচিৰ সহায়ত এনপিএ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান ক্ষীপ্ৰতাৰে কৰা হৈছিল, স্বচ্ছ আৰু বৈজ্ঞানিক ব্যৱস্থাৰ সৃষ্টিৰ বাবেই এনে কৰা হয়৷ তেওঁ জনাই যে ডিজিটেল বেংকিং ইউনিটৰ দৰে নতুন পদক্ষেপ আৰু ফিনটেকৰ অভিনৱ ব্যৱহাৰৰ জৰিয়তে এতিয়া বেংকিং ব্যৱস্থাৰ বাবে এক নতুন স্ব-চালিত ব্যৱস্থাৰ সৃষ্টি কৰা হৈছে। উপভোক্তাসকলৰ বাবে যিমানেই স্বাধীনতা আছে, বেংকসমূহৰ বাবেও একে সুবিধা আৰু স্বচ্ছতা আছে বুলি অংশীদাৰসকলক এই আন্দোলনক অধিক আগুৱাই নিবলৈ তেওঁ আহ্বান জনায়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গাঁৱে-ভূঞে ক্ষুদ্ৰ ব্যৱসায়ীসকলক সম্পূৰ্ণভাৱে ডিজিটেল লেনদেনৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। দেশখনৰ স্বাৰ্থত সম্পূৰ্ণ ডিজিটেল আৰোপৰ বাবে তেওঁ বেংকসমূহক ১০০ জন ব্যৱসায়ীক তেওঁলোকৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়। “এই পদক্ষেপে আমাৰ বেংকিং ব্যৱস্থা আৰু অৰ্থনীতিক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিব আৰু ইয়াৰ জৰিয়তে বিশ্ব অৰ্থনীতিক নেতৃত্ব দিয়াৰ ক্ষমতা আহৰণ কৰিব বুলি মই নিশ্চিত”, বুলি কৈ শ্ৰী মোদীয়ে সামৰণি মাৰে।

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰীশক্তিকান্ত দাসৰ লগতে অন্যান্য একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সাংসদ, বেংকৰ মুৰব্বী, বিশেষজ্ঞ আৰু একাংশ হিতাধিকাৰীক সংযোগ কৰা হয়।

পটভূমি

বিত্তীয় অন্তৰ্ভুক্তিৰ সম্প্ৰসাৰণৰ অৰ্থে আন এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৭৫টা ডিজিটেল বেংকিং ইউনিট (ডিবিইউ) ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে।

২০২২-২৩ ৰ কেন্দ্ৰীয় বাজেট ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰীয়ে আমাৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত দেশখনৰ ৭৫ খন জিলাত ৭৫ টা ডিবিইউ স্থাপনৰ কথা ঘোষণা কৰিছিল। ডিজিটেল বেংকিঙৰ সুবিধাসমূহ দেশখনৰ প্ৰতিটো প্ৰান্ততে উপলব্ধ হোৱাটো নিশ্চিতকৰণৰ উদ্দেশ্যেৰে এই ডিবিইউসমূহ স্থাপন কৰা হৈছে আৰু এইসমূহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ল’ব। ১১ টা ৰাজহুৱা খণ্ডৰ বেংক, ১২ টা ব্যক্তিগত খণ্ডৰ বেংক আৰু এটা ক্ষুদ্ৰ বিত্তীয় বেংকে এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছে।

এই ডিবিইউ আউটলেটসমূহে জনসাধাৰণক বিভিন্ন ধৰণৰ ডিজিটেল বেংকিং সুবিধা যেনেঃ ছেভিংছ একাউন্ট খোলা, বেলেন্স-চেক, প্ৰিণ্ট পাছবুক, ধন হস্তান্তৰ, ফিক্সড ডিপ’জিটত বিনিয়োগ, ঋণৰ আবেদন, চেকৰ বাবে ষ্টপ-পেমেন্ট নিৰ্দেশনা, ক্ৰেডিট/ডেবিট কাৰ্ডৰ বাবে আবেদন কৰা, একাউন্টৰ ষ্টেটমেন্ট চোৱা, কৰ পৰিশোধ কৰা, বিল পৰিশোধ কৰা, মনোনয়ন কৰা আদি সমাধান দিব।

ডিবিইউসমূহে গ্ৰাহকসকলক বছৰজুৰি বেংকিং প্ৰডাক্ট আৰু সেৱাসমূহৰ ব্যয় সাশ্ৰয়ী, সুবিধাজনক প্ৰৱেশ আৰু বৰ্ধিত ডিজিটেল অভিজ্ঞতা লাভৰ পথ প্ৰশস্ত কৰিব। এইসমূহে ডিজিটেল বিত্তীয় সাক্ষৰতাক প্ৰোৎসাহিত কৰিব আৰু চাইবাৰ সুৰক্ষা সজাগতা আৰু ৰক্ষাকৱচ সন্দৰ্ভত গ্ৰাহক শিক্ষাত বিশেষ গুৰুত্ব প্ৰদান কৰিব। লগতে, প্ৰয়োজনীয় সময়ত সহায় আগবঢ়াবলৈ আৰু ডিবিইউসমূহে প্ৰত্যক্ষভাৱে বা ব্যৱসায়িক ফেচিলিটেটৰ/কৰেছপণ্ডেন্টৰ জৰিয়তে আগবঢ়োৱা ব্যৱসায় আৰু সেৱাসমূহৰপৰা উদ্ভৱ হোৱা গ্ৰাহকৰ অভিযোগসমূহ সমাধান কৰিবলৈ পৰ্য্যাপ্ত ডিজিটেল ব্যৱস্থাও ইয়াত থাকিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."