প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২২ত মহিলাৰ জুডোত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সুশীলা দেৱী লিকমাবামক অভিনন্দন জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"সুশীলা দেৱী লিকমাবামৰ ব্যতিক্ৰমী প্ৰদৰ্শনৰ বাবে মই উৎসাহিত। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। তেওঁ উল্লেখনীয় দক্ষতা আৰু জীৱনীশক্তি প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা।"
Elated by the exceptional performance by Shushila Devi Likmabam. Congratulations to her on winning the Silver medal. She has demonstrated remarkable skill and resilience. Best wishes for her future endeavours. pic.twitter.com/fZ5t49WjKV
— Narendra Modi (@narendramodi) August 1, 2022


