প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ পেৰিছত চলি থকা অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে নীৰজে ভৱিষ্যতৰ অগণন খেলুৱৈক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু ভাৰতক গৌৰৱান্বিত কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"নীৰজ চোপ্ৰা উৎকৃষ্টতাৰ সাকাৰ ৰূপ! বাৰে বাৰে তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। তেওঁ আন এটা অলিম্পিক সফলতা লৈ উভতি অহাত ভাৰত উৎফুল্লিত হৈ পৰিছে। ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন। তেওঁ ভৱিষ্যতৰ অগণন খেলুৱৈক তেওঁলোকৰ সপোন অনুসৰণ কৰিবলৈ আৰু আমাৰ দেশক গৌৰৱান্বিত কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব। @Neeraj_chopra1"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi