প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত ৰূপৰ পদক অৰ্জন কৰা লন বলৰ পুৰুষৰ দলৰ খেলুৱৈ সুনীল বাহাদুৰ, নৱনীত সিং, চন্দন কুমাৰ সিং আৰু দীনেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;
"লন বলত ৰূপৰ পদক লাভ কৰা সুনীল বাহাদুৰ, নৱনীত সিং, চন্দন কুমাৰ সিং আৰু দীনেশ কুমাৰক লৈ গৌৰৱান্বিত। তেওঁলোকৰ টীমৱৰ্ক আৰু দৃঢ়তা প্ৰশংসনীয়। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো। #Cheer4India"
Proud of Sunil Bahadur, Navneet Singh, Chandan Kumar Singh and Dinesh Kumar, who have won a Silver medal in Lawn Bowls. Their teamwork and tenacity are admirable. Best wishes to them for their future endeavours. #Cheer4India pic.twitter.com/I86wJywzrt
— Narendra Modi (@narendramodi) August 6, 2022


