প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেওঁৰ চমৎকাৰ আৰু সুন্দৰ বিজয়ে আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসক প্ৰতিফলিত কৰিছে
দুয়োগৰাকী নেতাই বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বৰ কথা দোহাৰে
তেওঁলোকে বিস্তৃত অঞ্চলত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি মহামান্য শ্ৰীযুত ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচনৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনত ‘ৰিপাব্লিকান পাৰ্টী’ৰ সাফল্যৰ বাবে তেওঁক উষ্ম অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ চমৎকাৰ আৰু সুন্দৰ বিজয়ে তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ প্ৰতি আমেৰিকান জনসাধাৰণৰ গভীৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে।

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বৰ ইতিবাচক গতি প্ৰতিফলিত কৰা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত ২০১৯ৰ ছেপ্টেম্বৰত হিউষ্টনত ‘হাউডি মোদী’ অনুষ্ঠান আৰু ২০২০ৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ সময়ত আহমেদাবাদত ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানত তেওঁলোকৰ স্মৰণীয় বাৰ্তালাপৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে লগতে বিশ্বশান্তি আৰু স্থিৰতাৰ বাবে ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বৰ কথা দোহাৰে।

তেওঁলোকে প্ৰযুক্তি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ আৰু অন্যান্য কেবাটাও ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi