সুনীতা উইলিয়ামছ আৰু ক্ৰু-৯ মহাকাশচাৰীসকলে আকৌ এবাৰ দেখুৱাইছে যে অধ্যৱসায়ৰ প্ৰকৃত অৰ্থ কি : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছকে ধৰি ক্ৰু-৯ মহাকাশচাৰীসকলক নিৰাপদে পৃথিৱীলৈ উভতি অহাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে ক্ৰু-৯ মহাকাশচাৰীসকলৰ সাহস, দৃঢ়তা আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে কয় যে মহাকাশ অন্বেষণ হৈছে মানৱ সম্ভাৱনাৰ সীমা অতিক্ৰম কৰা, সপোন দেখাৰ আৰু সেই সপোনবোৰ বাস্তৱত পৰিণত কৰাৰ সাহসৰ বিষয়। এগৰাকী পথ প্ৰদৰ্শক আৰু আদৰ্শ সুনীতা উইলিয়ামছে তেওঁৰ সমগ্ৰ কেৰিয়াৰত এই মনোভাৱৰ দৃষ্টান্ত দাঙি ধৰিছে।

এক্সত এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"ওভতনিলৈ স্বাগতম ক্ৰু-৯, পৃথিৱীবাসী আপোনালোকৰ অপেক্ষাত।

এয়া হৈছে তেওঁলোকৰ ধৈৰ্য, সাহস আৰু অসীম মানৱীয় চেতনাৰ পৰীক্ষা । সুনীতা উইলিয়ামছ আৰু ক্ৰু ৯ মহাকাশচাৰীসকলে আমাক আকৌ এবাৰ দেখুৱাইছে যে অধ্যৱসায়ৰ প্ৰকৃত অৰ্থ কি। বিশাল অজ্ঞানৰ সন্মুখত তেওঁলোকৰ অটল দৃঢ়তাই চিৰদিনৰ বাবে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিব।

মহাকাশ অন্বেষণৰ অৰ্থ হ’ল মানৱ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰা, সপোন দেখাৰ আৰু সেই সপোনবোৰক বাস্তৱত পৰিণত কৰাৰ সাহসৰ বিষয়। সুনীতা উইলিয়ামছে পথ প্ৰদৰ্শক আৰু আদৰ্শ হিচাপে সমগ্ৰ কেৰিয়াৰত এই মনোভাৱৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিছে।

তেওঁলোকৰ নিৰাপদ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰাসকলক লৈ আমি অত্যন্ত গৌৰৱান্বিত। তেওঁলোকে প্ৰদৰ্শন কৰিছে যে যেতিয়া নিখুঁততা আৱেগৰ সৈতে আৰু প্ৰযুক্তি দৃঢ়তাৰ সৈতে মিলিত হয় তেতিয়া কি হয়।

@Astro_Suni

@NASA”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership