প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিবু চোৰেনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জনজাতীয় সমাজ, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহক প্ৰশংসা কৰে।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে কয়ঃ
“শিবু চোৰেন ডাঙৰীয়া আছিল ৰাইজৰ প্ৰতি অদম্য সমৰ্পণৰ মনোভাৱেৰে জনজীৱনেৰে সংপৃক্ত এগৰাকী তৃণমূল পৰ্য্যায়ৰ নেতা। তেওঁৰ জনজাতীয় সমাজ, দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সবলীকৰণৰ প্ৰতি বিশেষ আগ্ৰহ আছিল। তেওঁৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জনালোঁ। মই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত চোৰেন ডাঙৰীয়াৰ সৈতে বাৰ্তালাপেৰে শোক প্ৰকাশ কৰিছোঁ। ঔম শান্তি।”
Shri Shibu Soren Ji was a grassroots leader who rose through the ranks of public life with unwavering dedication to the people. He was particularly passionate about empowering tribal communities, the poor and downtrodden. Pained by his passing away. My thoughts are with his…
— Narendra Modi (@narendramodi) August 4, 2025


