প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞাপন আৰু যোগাযোগ জগতৰ কিংবদন্তি ব্যক্তিত্ব শ্ৰী পীয়ুষ পাণ্ডেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক হৃদয়স্পৰ্শী বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে শ্ৰী পাণ্ডেৰ অসাধাৰণ সৃষ্টিশীলতা আৰু ভাৰতৰ বিজ্ঞাপনৰ জগতখনলৈ তেওঁৰ বিশাল অৱদানক স্মৰণ কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ কয়ঃ
"শ্ৰী পীয়ুষ পাণ্ডেজীক তেওঁৰ সৃষ্টিশীলতাৰ বাবে প্ৰশংসা কৰা হৈছিল। বিজ্ঞাপন আৰু যোগাযোগ জগতত তেওঁ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। বছৰ বছৰ ধৰি হোৱা আমাৰ কথোপকথন মই আন্তৰিকতাৰে স্মৰণ কৰিম। তেওঁৰ বিয়োগত দুখ পাইছো। মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে। ওম শান্তি"
Shri Piyush Pandey Ji was admired for his creativity. He made a monumental contribution to the world of advertising and communications. I will fondly cherish our interactions over the years. Saddened by his passing away. My thoughts are with his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) October 24, 2025


