মধ্যপ্ৰদেশৰ মান্দসৌৰত আজি সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ৰ বাবে ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"মধ্যপ্ৰদেশৰ মান্দসৌৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বতৰাই ব্যথিত কৰিছে। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছোঁ। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক।
প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"
Saddened by the loss of lives in an accident in Mandsaur, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.
— PMO India (@PMOIndia) April 27, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs.…


