দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে, দুৰ্যোগৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু দলসমূহকো সাক্ষাৎ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে৷ তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁলোকে সহি থকা অপৰিসীম শোক আৰু ক্ষতিৰ কথা স্বীকাৰ কৰে।

 

ইয়াৰ পূৰ্বে আজি শ্ৰী মোদীয়ে আহমেদাবাদৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ প্ৰত্যক্ষ মূল্যায়ন কৰে। দুৰ্যোগৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু জৰুৰীকালীন সেৱাৰ দলকো সাক্ষাৎ কৰে।

 

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়।

‘আহমেদাবাদৰ বিমান দুৰ্যটনাত আমি সকলো মৰ্মাহত হৈছো।ইমান আকস্মিক আৰু হৃদয়বিদাৰক ঘটনাত ইমানবোৰ লোকে একেলগে প্ৰাণ হেৰুওৱাটো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ। তেওঁলোকৰ যন্ত্ৰণা আমি বুজিছো আৰু লগতে জানো যে এই শূন্যতা আগন্তুক বহু বছৰবোৰলৈ অনুভৱ কৰিম। ওম শান্তি।”

"আজি আহমেদাবাদৰ দুৰ্ঘটনাস্থলী ভ্ৰমণ কৰিলোঁ। ধ্বংসলীলাৰ দৃশ্য অতি হৃদয়বিদাৰক। ইয়াৰ পিছত অক্লান্তভাৱে কাম কৰা বিষয়া আৰু দলসমূহক লগ পালোঁ। এই অকল্পনীয় দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা লোকসকলৰ প্ৰতি আমি সমবেদনা জনাইছোঁ।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress