প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰ্গাওঁ পথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। তেওঁ প্ৰতিজন মৃতকৰ নিকাত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২ লাখ টকা আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে।
পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
“মহাৰাষ্ট্ৰৰ পুনেৰ জেজুৰি-মৰ্গাওঁ পথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেওৰুৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। যিসকল লোকে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো।আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব: প্ৰধানমন্ত্ৰী @narendramodi”
Deeply saddened by the loss of lives due to a road accident on the Jejuri-Morgaon road in Pune, Maharashtra. Condolences to those who have lost their loved ones. May the injured recover soon.
— PMO India (@PMOIndia) June 19, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each…


