প্ৰখ্যাত লোকশিল্পী পদ্মশ্ৰী ৰামসহায় পাণ্ডেৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,
“প্ৰখ্যাত লোকশিল্পী পদ্মশ্ৰী ৰামসহায় পাণ্ডেজীৰ বিয়োগত মই গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁৰ বিস্ময়কৰ কলা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁ বুণ্ডেলখণ্ডৰ লোকনৃত্য “ৰাই”লৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতি কঢ়িয়াই আনিলে। তেওঁৰ মৃত্যু দেশৰ শিল্পজগতৰ বাবে এক অপূৰণীয় ক্ষতি। এই শোকৰ সময়ত ভগৱানে তেওঁৰ পৰিয়াল আৰু অনুৰাগীক শক্তি প্ৰদান কৰক। ওম শান্তি!”
सुप्रसिद्ध लोक कलाकार पद्मश्री रामसहाय पांडे जी के निधन से अत्यंत दुख हुआ है। उन्होंने अपनी अद्भुत कला, लगन और परिश्रम से बुंदेलखंड के लोकनृत्य राई को अंतर्राष्ट्रीय ख्याति दिलाई। उनका जाना देश के कला जगत के लिए एक अपूरणीय क्षति है। शोक की इस घड़ी में ईश्वर उनके परिजनों और… pic.twitter.com/YgCMVIUaOG
— Narendra Modi (@narendramodi) April 9, 2025


