প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী আৰু উড়িয়া চিনেমাৰ কিংবদন্তি শ্ৰীযুত সাধু মেহৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এইদৰে পোষ্ট কৰে, “শ্ৰী সাধু মেহৰ মহোদয়ৰ মৃত্যু চলচ্চিত্ৰ জগত আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক অপূৰণীয় ক্ষতি। হিন্দী আৰু উড়িয়া চিনেমাৰ মহান অভিনেতাগৰাকীৰ অভিনয় আৰু চিনেমাৰ প্ৰতি সমৰ্পণ আছিল আমাৰ বাবে এক আদৰ্শ। এই অপূৰণীয় ক্ষতিৰ বাবে তেওঁৰ শোকসন্তপ্ত পৰিয়াল, সহকৰ্মী আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আমি তেওঁলোকৰ চহকী শিল্প ঐতিহ্যক লালন-পালন কৰিম। ওম শান্তি।"
The demise of Shri Sadhu Meher Ji is a profound loss for the world of films and our cultural heritage. A stalwart in both Hindi and Odia cinema, his cinematic performances and dedication was exemplary. My thoughts are with his family, colleagues, and many fans mourning this…
— Narendra Modi (@narendramodi) February 3, 2024


