পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ঝাবুৱাত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্ট কয়;

“মধ্যপ্ৰদেশৰ ঝাবুৱাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ দুখ প্ৰকাশ কৰিছো।যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো।আহতসকলৰ আশু আৰোগ্য লাভ কামনা কৰিলোঁ।

পিএমএনআৰএফৰ অধীনত প্ৰতিজন মৃতকৰ নিকাত্মীয়ক ২ লাখ টকাকৈ দিয়া হ’ব। আহতসকলক ৫০,০০০টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi"