প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ধানবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে।
‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ৰ (পিএমএনআৰএফ) পৰা দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০কৈ টকাৰ অনুদান ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কৰা ‘টুইট’ত কোৱা হৈছে;
"ধনবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জনাইছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো: প্ৰধানমন্ত্ৰী @narendramodi"
"ধানবাদত সংঘটিত অগ্নিকাণ্ডত প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’ৰ পৰা ২ লাখকৈ টকাৰ অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব : প্ৰধানমন্ত্ৰী @narendramodi"
Deeply anguished by the loss of lives due to a fire in Dhanbad. My thoughts are with those who lost their loved ones. May the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) January 31, 2023


