প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী কোটা শ্ৰীনিবাস ৰাও গাৰুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী কোটা শ্ৰীনিবাস ৰাও গাৰু তেওঁৰ চলচ্চিত্ৰৰ উজ্জ্বলতা আৰু বহুমুখীতাৰ বাবে স্মৰণীয় হৈ থাকিব।  শ্ৰী মোদীয়ে লগতে কয় যে হৃদয়স্পৰ্শী অভিনয়েৰে তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক মোহিত কৰিছিল। তেওঁ সমাজ সেৱাৰ ক্ষেত্ৰতো আগৰণুৱা আছিল আৰু দৰিদ্ৰ তথা নিপীড়িত লোকসকলৰ সবলীকৰণৰ দিশত কাম কৰিছিল  ।

 

প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে ;

 

"শ্ৰী কোটা শ্ৰীনিবাস ৰাও গাৰুৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ চলচ্চিত্ৰৰ  উজ্জ্বলতা আৰু বহুমুখীতাৰ বাবে তেওঁক স্মৰণ কৰা হ'ব। তেওঁ হৃদয়স্পৰ্শী  অভিনয়েৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক মোহিত কৰিছিল।সমাজ সেৱাৰ ক্ষেত্ৰতো তেওঁ আগৰণুৱা আছিল আৰু দৰিদ্ৰ তথা  নিপীড়িত লোকসকলৰ সবলীকৰণৰ দিশত কাম কৰিছিল। তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ সমবেদনা যাঁচিছো। ওম শান্তি।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut

Media Coverage

Tractor sales cross 10 lakh mark in FY26 on strong rural demand, GST cut
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi