প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগ চৰকাৰে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক কৰা অপমান আৰু চাঁওতাল সংস্কৃতিৰ প্ৰতি কৰা অসন্মানৰ ঘটনাক তীব্ৰ গৰিহণা দিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘটনা লজ্জাজনক আৰু অনাকাংক্ষিত। গণতন্ত্ৰ আৰু জনজাতীয় সমাজৰ সবলীকৰণত বিশ্বাসী প্ৰতিজন ব্যক্তি এই ঘটনাত গভীৰভাৱে হতাশ হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এখন জনজাতীয় সমাজৰ পৰা অহা ৰাষ্ট্ৰপতি ডাঙৰীয়াণীয়ে প্ৰকাশ কৰা যন্ত্ৰণা আৰু বেদনাই ভাৰতবাসীৰ মনত গভীৰ দুখ দিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে পশ্চিম বংগৰ টিএমচি চৰকাৰে সকলো সীমা অতিক্ৰম কৰিছে আৰু ৰাষ্ট্ৰপতিক কৰা এনে অপমানৰ বাবে তেওঁলোকৰ প্ৰশাসনেই দায়ী।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে চাঁওতাল সংস্কৃতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাক পশ্চিমবংগ চৰকাৰে কৰা ইমান অসন্মানো সমানেই দুৰ্ভাগ্যজনক।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰ্য্যালয়ৰ পবিত্ৰতাক সদায় সন্মান কৰা উচিত। তেওঁ পশ্চিম বংগ চৰকাৰ আৰু টিএমচি-ৰ শুভ বিচাৰ-বুদ্ধিৰ উদয় হ’ব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“এই ঘটনা লজ্জাজনক আৰু অনাকাংক্ষিত। গণতন্ত্ৰ আৰু জনজাতীয় সমাজৰ সবলীকৰণত বিশ্বাসী প্ৰতিজন ব্যক্তি এই ঘটনাত গভীৰভাৱে হতাশ হৈছে।

এখন জনজাতীয় সমাজৰ পৰা অহা ৰাষ্ট্ৰপতি ডাঙৰীয়াণীয়ে প্ৰকাশ কৰা যন্ত্ৰণা আৰু বেদনাই ভাৰতবাসীৰ মনত গভীৰ দুখ দিছে।

পশ্চিম বংগৰ টিএমচি চৰকাৰে সকলো সীমা অতিক্ৰম কৰিছে আৰু ৰাষ্ট্ৰপতিক কৰা এনে অপমানৰ বাবে তেওঁলোকৰ প্ৰশাসনেই দায়ী।

চাঁওতাল সংস্কৃতিৰ দৰে গুৰুত্বপূৰ্ণ বিষয় এটাক পশ্চিমবংগ চৰকাৰে কৰা ইমান অসন্মানো সমানেই দুৰ্ভাগ্যজনক।

ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয় ৰাজনীতিৰ উৰ্ধত। এই কাৰ্য্যালয়ৰ পবিত্ৰতাক সদায় সন্মান কৰা উচিত। মই পশ্চিম বংগ চৰকাৰ আৰু টিএমচি-ৰ শুভ বিচাৰ-বুদ্ধিৰ উদয় হ’ব বুলি আশা প্ৰকাশ কৰিলো।”

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Eway bills rise 7.7% to 139.08 mn in August, third highest on record

Media Coverage

Eway bills rise 7.7% to 139.08 mn in August, third highest on record
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership