প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক জনসাধাৰণৰ সুৰক্ষিত স্থানান্তৰ নিশ্চিতকৰণৰ অৰ্থে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে
সকলো অত্যাৱশ্যকীয় সেৱাৰ তত্বাৱধান নিশ্চিত আৰু ব্যাহত হোৱাৰ ক্ষেত্ৰত ইয়াৰ ক্ষীপ্ৰ পুনৰুদ্ধাৰ নিশ্চিত কৰকঃ প্ৰধানমন্ত্ৰী
ঘূৰ্ণীবতাহৰ প্ৰভাৱ অতিশয় সক্ৰিয়ভাৱে প্ৰতিহত কৰিবলৈ সকলো সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাই সমন্বয়ৰে কাম কৰিছে
এনডিআৰএফে নাও, ট্ৰী-কাটাৰ, টেলিকম সঁজুলি আদিৰে সজ্জিত ২৯ টা দলক পূৰ্ব-অৱস্থান কৰিছে; অতিৰিক্তভাৱে আছে ৩৩ টা দল
ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ মোতায়েন কৰিছে
সেনাৰ বায়ু সেনা আৰু ইঞ্জিনিয়াৰ টাস্ক ফ'ৰ্চ গোটসমূহ নিয়োজিতকৰণৰ বাবে সাজু ৰখা হৈছে
পূব উপকূলত দুৰ্য্যোগ সাহায্য দল আৰু চিকিৎসা দল সাজু ৰখা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ জাৱাদৰ সৃষ্টিৰ ফলত উদ্ভৱ হ’বপৰা পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয় ও সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰস্তুতি পৰ্য্যালোচনাৰ অৰ্থে এক উচ্চ পৰ্য্যায়ৰ বৈঠকত পৌৰহিত্য কৰে।

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক জনসাধাৰণক সুৰক্ষিতভাৱে স্থানান্তৰ আৰু বিদ্যুৎ, দূৰসংযোগ, স্বাস্থ্য, খোৱা পানী আদিৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱাৰ তত্বাৱধান আৰু যিকোনো ব্যাঘাতৰ ক্ষেত্ৰত ইয়াক ক্ষীপ্ৰতাৰে পুনৰুদ্ধাৰ নিশ্চিতকৰণৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তেখেতে তেওঁলোকক অত্যাৱশ্যকীয় ঔষধ ও সামগ্ৰীৰ পৰ্য্যাপ্ত মজুত নিশ্চিতৰ অৰ্থে আৰু বাধাহীন চলাচলৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেখেতে তদুপৰি নিয়ন্ত্ৰণ কক্ষৰ ২৪*৭ সক্ৰিয়তাৰ বাবেও নিৰ্দেশনা দিয়ে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD) য়ে অৱগত কৰা অনুসৰি, বংগোপসাগৰৰ নিম্ন চাপ অঞ্চলে ঘূৰ্ণীবতাহ জাৱাদক তীব্ৰতৰ কৰাৰ সম্ভাৱনা আছে আৰু ২০২১ ৰ ৪ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে পুৱা উত্তৰ অন্ধ্ৰ প্ৰদেশ- উৰিষ্যাৰ উপকূলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে, যাৰ বতাহৰ গতি বেগ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ পৰ্য্যন্ত হ'ব। ইয়াৰ ফলত অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা ও পশ্চিম বংগৰ উপকূলীয় জিলাসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আইএমডিয়ে সংশ্লিষ্ট সকলো ৰাজ্যলৈ শেহতীয়া পূৰ্বানুমানৰ সৈতে নিয়মীয়া বুলেটিন জাৰি কৰি আহিছে।

কেবিনেট সচিবে সংশ্লিষ্ট সকলো উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংস্থাৰ মুখ্য সচিবসকলৰ সৈতে পৰিস্থিতি আৰু প্ৰস্তুতিৰ পৰ্য্যালোচনা কৰিছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২৪*৭ জুৰি পৰিস্থিতি পৰ্য্যালোচনা কৰি আছে আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু সংশ্লিষ্ট কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ইতিমধ্যে সকলো ৰাজ্যলৈ এছডিআৰএফৰ প্ৰথম কিস্তি আগতীয়াকৈ মুকলি কৰি দিছে। এনডিআৰএফে ৰাজ্যসমূহত নাও, ট্ৰী-কাটাৰ, টেলিকম সঁজুলি আদিৰে সজ্জিত ২৯ টা দলক পূৰ্ব-অৱস্থান কৰাইছে আৰু ৩৩ টা দলক অতিৰিক্তভাৱে ৰাখিছে।

ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু নৌসেনাই সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে জাহাজ আৰু হেলিকপ্টাৰ মোতায়েন কৰিছে। নাও আৰু উদ্ধাৰ সঁজুলিৰ সৈতে সেনাৰ বায়ু সেনা আৰু ইঞ্জিনিয়াৰ টাস্ক ফ'ৰ্চ গোটসমূহ নিয়োজিতকৰণৰ অৰ্থে সাজু ৰখা হৈছে।  নিৰীক্ষণকাৰী বিমান আৰু হেলিকপ্টাৰে উপকূলত ধাৰাবাহিক নিৰীক্ষণ চলাই আছে। দুৰ্য্যোগ সাহায্য দল আৰু চিকিৎসা দলবোৰ পূব উপকূলৰ স্থানসমূহত সাজু কৰি ৰখা হৈছে।

শক্তি মন্ত্ৰালয়ে জৰুৰীকালীন সঁহাৰি ব্যৱস্থা সক্ৰিয় কৰি তুলিছে আৰু বিদ্যুতৰ তাৎক্ষণিক পুনৰুদ্ধাৰৰ বাবে ট্ৰেন্সফৰ্মাৰ, ডিজি ছেট আৰু সঁজুলি সাজু কৰি ৰাখিছে। যোগাযোগ মন্ত্ৰালয়ে সকলো টেলিকম টাৱাৰ আৰু এক্সচেঞ্জৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে আৰু টেলিকম নেটৱৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে। স্বাস্থ্য ও পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্বাস্থ্য খণ্ডৰ প্ৰস্তুতি আৰু প্ৰভাৱিত এলেকাসমূহত ক’ভিডৰ প্ৰতি সঁহাৰিৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে।

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সকলো জাহাজ সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু জৰুৰীকালীন জাহাজ মোতায়েন কৰিছে। ৰাজ্যসমূহক উপকূলৰ ওচৰৰ ৰাসায়নিক ও পেট্ৰ'কেমিকেল গোটৰ দৰে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক সতৰ্ক কৰিবলৈয়ো কোৱা হৈছে।

এনডিআৰএফে ৰাজ্যিক সংস্থাসমূহক অসুৰক্ষিত স্থানৰপৰা লোকসকলক স্থানান্তৰৰ বাবে তেওঁলোকৰ প্ৰস্তুতিত সহায় কৰি আছে আৰু তদুপৰি ঘূৰ্ণীবতাহ পৰিস্থিতিৰে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত নিৰন্তৰভাৱে সামূহিক সজাগতা অভিযান অব্যাহত ৰাখিছে।

বৈঠকখনিত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব, গৃহ সচিব, এনডিআৰএফৰ ডিজি  আৰু আইএমডিৰ ডিজি উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth