Testing has gone up from around 50 lakh tests per week in early March to around 1.3 crore tests per week now
Localised containment strategies are the need of the hour: PM
PM instructed that testing needs to be scaled up further in areas with high test positivity rates
PM asks for augmentation of healthcare resources in rural areas to focus on door to door testing & surveillance.
Empower ASHA & Anganwadi workers with all necessary tools to boost fight in rural areas: PM
Important to ensure proper distribution of oxygen supply in rural areas: PM
Necessary training should be provided to health workers in the operation of ventilators & other equipment: PM

দেশত অব্যাহত ক’ভিডৰ সংক্ৰমণ আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ সভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰে। সভাত বিভাগীয় বিষয়া-বৰ্গই শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীক তথ্য অৱগত কৰে। দেশত নমুনা পৰীক্ষণৰ হাৰ দ্ৰুতগতিত পাই থকাৰ কথা উল্লেখ কৰি মাৰ্চৰ আৰম্ভণিতে প্ৰতি সপ্তাহত ৫০লাখ নমুনা পৰীক্ষণৰ পৰা এতিয়া নমুনা পৰীক্ষণৰ হাৰ প্ৰতি সপ্তাহত প্ৰায় ১.৩কোটিলৈ বৃদ্ধি পাইছে বুলি তথ্য দাঙি ধৰা হয়। আনহাতে সংক্ৰমণৰ হাৰ ক্ৰমাগত ভাবে কমিবলৈ ধৰাৰ সমান্তৰালকৈ আৰোগ্য লাভৰ সংখ্যা বৃদ্ধি হোৱা বুলিও তথ্য দাঙি ধৰা হৈছে। প্ৰতিদিনে ৪লাখ পৰ্যন্ত আক্ৰান্ত হোৱা দেশখনত স্বাস্থ্য কৰ্মী, প্ৰতিখন ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ প্ৰয়াসৰ সুবাদত এতিয়া লক্ষণীয় হাৰত সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে।

বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।

সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে স্থানীয় ভাবে আৱদ্ধকৰণৰ কৌশল অৱলম্বন কৰাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰে। বিশেষকৈ আক্ৰান্তৰ সংখ্যাধিক্য থকা অঞ্চলসমূহৰ বাবে ইয়াৰ প্ৰয়োজনীয়তা নিতান্তই অধিক বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ উচ্চ হাৰত ক’ভিডৰ সংক্ৰমণ অব্যাহত থকা অঞ্চলসমূহত নমুনা পৰীক্ষণৰ হাৰ বৃ্দ্ধিৰ দিহা কৰাৰো নিৰ্দেশ দিয়ে। সেইদৰে, গ্ৰাম্যাঞ্চলত স্বাস্থ্যসেৱাৰ সা-সুবিধা বৃদ্ধি, ঘৰে ঘৰে গৈ নমুনা পৰীক্ষণ আৰু নিৰীক্ষণৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। গ্ৰাম্যাঞ্চলত ক’ভিডৰ সৈতে যুঁজিব পৰাকৈ সকলো ব্যৱস্থাৰে আশা আৰু অংগণৱড়ী কৰ্মীসকলক সষ্টম কৰি তোলাতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে গাঁও অঞ্চললৈ যোগান ধৰা অক্সিজেনৰ বিতৰণ উপযুক্ত ভাবে হোৱাটো গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।

 

তেওঁ ভেণ্টিলেটৰ আৰু অন্যান্য উপকৰণৰ কাম-কাজ সঞ্চালিত কৰিব পৰাকৈ স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াটো গুৰুত্ব আৰোপ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles

Media Coverage

Defence ministry inks Rs 5,083 cr pact for acquisition of six Mk-III light helicopters and missiles
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2026
March 04, 2026

Citizens Celebrate Colours of Confidence: PM Modi's Vision Powers Holi Joy, Jobs, Security, and Global Trust