প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছ ২০২২ত মহিলা পেৰা কেন’ কে এল ২ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰাচী যাদৱক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত লিখিছে -
‘পেৰা কেন’ মহিলা কে এল ২ ইভেণ্টত সন্মানীয় স্বৰ্ণ পদক জয় কৰাৰ বাবে প্ৰাচী যাদৱলৈ অভিনন্দন। এয়া আছিল এনে এক ব্যতিক্ৰমী প্ৰদৰ্শন, যিয়ে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা।
Congratulations to @ItzPrachi_ on winning the prestigious Gold Medal win in the Para Canoe Women's KL2 event. This was such an exceptional performance, which has made India proud. Best wishes for the endeavours ahead. pic.twitter.com/SEDZr7TpRU
— Narendra Modi (@narendramodi) October 24, 2023


