NEET-PG Exam to be postpone for at least 4 months
Medical personnel completing 100 days of Covid duties will be given priority in forthcoming regular Government recruitments
Medical Interns to be deployed in Covid Management duties under the supervision of their faculty
Final Year MBBS students can be utilized for tele-consultation and monitoring of mild Covid cases under supervision of Faculty
B.Sc./GNM Qualified Nurses to be utilized in full-time Covid nursing duties under the supervision of Senior Doctors and Nurses.
Medical personnel completing 100 days of Covid duties will be given Prime Minister’s Distinguished Covid National Service Samman

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশত ক'ভিড ১৯ মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত মানৱ সম্পদৰ বৰ্দ্ধিত আৱশ্যকতাৰ সমীক্ষা কৰে। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাৰ ফলত ক'ভিড ডিউটীত চিকিৎসা কৰ্মীৰ পৰ্যাপ্ততা যথেষ্ট বৃদ্ধি পাব।

নীট-পিজি পৰীক্ষা কমেও ৪ মাহলৈ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই পৰীক্ষা ৩১ আগষ্ট, ২০২১ৰ আগতে আয়োজন কৰা নহ'ব। ইয়াৰ উপৰিও, পৰীক্ষাৰ ঘোষণাৰ পিছত ইয়াৰ আয়োজনৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলক কমেও এমাহৰ সময় দিয়া হ'ব। ইয়াৰ ফলত বৃহৎ সংখ্যক যোগ্য ডাক্তৰ ক'ভিড ডিউটী কৰিবৰ বাবে উপলব্ধ হ'ব।

ইণ্টাৰ্নশ্বিপ ৰোটেচনৰ অংশ হিচাপে মেডিকেল ইণ্টাৰ্নক নিজৰ ফেকাল্টীৰ তত্বাৱধানত ক'ভিড প্ৰবন্ধন ডিউটীত লগোৱাৰ অনুমতি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এমবিবিএছৰ অন্তিম বৰ্ষৰ বিদ্যাৰ্থীৰ সেৱাৰ ব্যৱহাৰ ফেকাল্টীৰ দ্বাৰা তেওঁলোকৰ যথোচিত উন্নতি সাধন কৰাৰ পিছত আৰু তেওঁলোকৰ তত্বাৱধানত ক'ভিডৰ পাতলীয়া লক্ষণযুক্ত ৰোগীৰ টেলি-পৰামৰ্শ আৰু চোৱাচিতাৰ দৰে সেৱা প্ৰদান কৰাত কৰিব পৰা যায়। ইয়াৰ ফলত ক'ভিড ডিউটীত নিয়োজিত বৰ্তমানৰ ডাক্তৰৰ ওপৰত কামৰ হেঁচা কম হ'ব আৰু ইয়াৰ লগে লগে অগ্ৰাধিকাৰ দিয়াৰ চেষ্টা যথেষ্ট সফলকাম হ'ব।

ৰেছিডেণ্টৰ ৰূপত অন্তিম বৰ্ষৰ পিজি ছাত্ৰ-ছাত্ৰী (ব'ৰ্ডৰ লগতে ছুপাৰ-স্পেচিয়েলিটী)ৰ সেৱাৰ ব্যৱহাৰ আগলৈও তেতিয়ালৈকে কৰিব পৰা যায় যেতিয়ালৈকে পিজি ছাত্ৰ-ছাত্ৰীৰ নতুন বেচ্ছ অন্তৰ্ভুক্ত নহ'ব।

বিএছচি/জিএনএম যোগ্য নাৰ্ছৰ ব্যৱহাৰ জ্যেষ্ঠ ডাক্তৰ আৰু নাৰ্ছৰ তত্বাৱধানত পূৰ্ণ কালীন ক'ভিড নাৰ্ছিং ডিউটীত কৰিব পৰা যায়।

ক'ভিড প্ৰবন্ধনত সেৱা প্ৰদান কৰা কৰ্মীক ক'ভিড ডিউটীৰ ন্যূনতম ১০০ দিন সম্পূৰ্ণ কৰাত অহা নিয়মীয়া চৰকাৰী ভৰ্তিসমূহত অগ্ৰাধিকাৰ দিয়া হ'ব।

ক'ভিড সংক্ৰান্তীয় কামত লগোৱা মেডিকেল ছাত্ৰ-ছাত্ৰী/বৃত্তিধাৰীক উপযুক্তভাৱে টীকা লগোৱা হ'ব। এনেদৰে কৰ্মৰত হোৱা সকলো স্বাস্থ্য বৃত্তিধাৰীক 'ক'ভিড-১৯ৰে যুঁজত নিয়োজিত স্বাস্থ্য কৰ্মীৰ বাবে চৰকাৰৰ বীমা যোজনা'ৰ জৰিয়তে সামৰি লোৱা হ'ব।

এনেকৈয়ে সকলো বৃত্তিধাৰী, যি ক'ভিড ডিউটীৰ ন্যূনতম ১০০ দিনৰ বাবে স্বাক্ষৰ কৰে আৰু ইয়াক সফলতাৰে সম্পূৰ্ণ কৰে, তেওঁলোকক ভাৰত চৰকাৰৰ ফালৰ পৰা 'প্ৰধানমন্ত্ৰীৰ প্ৰতিষ্ঠিত ক'ভিড ৰাষ্ট্ৰীয় সেৱা সন্মান' দিয়া হ'ব।

ডাক্তৰ, নাৰ্ছ আৰু সম্পৰ্কিত বৃত্তিধাৰীহে ক'ভিড প্ৰবন্ধনৰ ৰাজহাড় স্বৰূপ আৰু ইয়াৰ লগতে আগশাৰীৰ কৰ্মীও আছে। পৰ্যাপ্ত সংখ্যাত তেওঁলোকৰ উপস্থিতিয়ে ৰোগীৰ আৱশ্যকতাক ভালদৰে সম্পূৰ্ণ কৰাত দৰকাৰ। এই সময়ত চিকিৎসা সমুদায়ৰ উল্লেখযোগ্য যোগদান আৰু গভীৰ সংকল্পবদ্ধতাক ৰেখাংকিত কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ক'ভিড ডিউটীৰ বাবে ডাক্তৰ/নাৰ্ছৰ সহযোগিতা সুবিধাজনক কৰি তুলিবলৈ ১৬ জুন ২০২০ত গাইডলাইন জাৰি কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ক'ভিড প্ৰবন্ধনৰ বাবে সুবিধাৱলী আৰু মানৱ সম্পদ বৃদ্ধি কৰিবলৈ ১৫,০০০ কোটি টকাৰ বিশেষ সাৰ্বজনীন স্বাস্থ্য তৎকালীন সাহায্য প্ৰদান কৰিছিল। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মাধ্যমেৰে কৰ্মীসকলক অন্তৰ্ভুক্ত কৰি এই প্ৰক্ৰিয়াৰ জৰিয়তে অতিৰিক্ত ২২০৬জন বিশেষজ্ঞ, ৪৬৮৫জন চিকিৎসা বিষয়া আৰু ২৫,৫৯৩গৰাকী ষ্টাফ নাৰ্ছ ভৰ্তি কৰা হয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets

Media Coverage

PM Modi Praises Farmers For Taking India's Rich Mango Heritage To Global Markets
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hold talks with Myanmar President U Min Aung Hlaing
June 01, 2026

The Prime Minister, Shri Narendra Modi, today held productive talks with the President of Myanmar, U Min Aung Hlaing.

The Prime Minister noted that India is honoured that President U Min Aung Hlaing chose India for his first foreign visit as President. He also expressed happiness that the President began his programme in India from Bodh Gaya with the blessings of Lord Buddha.

During the talks, the two leaders reviewed the full range of India-Myanmar relations and discussed ways to further strengthen bilateral cooperation.

The discussions covered avenues to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. The two sides also agreed to work closely in areas such as maritime security, cyber security and other sectors of mutual interest.

The Prime Minister underlined that Myanmar is vital to India’s ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific policies, reaffirming the importance India attaches to its relations with Myanmar.

The Prime Minister wrote on X;

“Had a productive meeting with President U Min Aung Hlaing of Myanmar. We in India are honoured that he has chosen India for his first foreign visit as President. Equally gladdening is the fact that he began the visit from Bodh Gaya, with the blessings of Lord Buddha. We reviewed the full range of India-Myanmar relations. Myanmar is vital to India’s policies of ‘Neighbourhood First’, ‘Act East’ and Indo-Pacific.”

“Our talks covered ways to deepen cooperation in trade, rare earths, healthcare, connectivity, heritage restoration and capacity building. We also agreed to work closely in areas such as maritime security, cyber security and more.”