পশ্চিম বংগত ৪৫০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল আৰু পথ খণ্ডৰ একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে
ৰে'ল লাইনৰ বৈদ্যুতিকৰণৰ একাধিক প্ৰকল্প আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্প দেশবাসীৰ প্ৰতি উৎসৰ্গা
শিলিগুৰি আৰু ৰাধিকাপুৰৰ মাজত নতুন যাত্ৰীবাহী ৰেল সেৱাৰ শুভাৰম্ভ কৰা হয়
৩,১০০ কোটি টকাৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে
"আজিৰ প্ৰকল্পবোৰ বিকশিত পশ্চিম বংগৰ দিশত আৰু এক পদক্ষেপ"
"আমাৰ চৰকাৰে পূৱ ভাৰতক ৰাষ্ট্ৰৰ বিকাশৰ ইঞ্জিন বুলি বিবেচনা কৰে"
"এই ১০ বছৰত আমি ৰে'লৰ উন্নয়নক পেছেঞ্জাৰৰ পৰা এক্সপ্ৰেছ স্পীডলৈ লৈ গৈছোঁ আমাৰ তৃতীয় কাৰ্যকালত, ই চুপাৰফাষ্ট গতিত আগবাঢ়িব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ শিলিগুৰিত 'বিকশিত ভাৰত বিকশিত পশ্চিম বংগ' কাৰ্যসূচী সম্বোধন কৰে। তেওঁ পশ্চিম বংগত ৪৫০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল আৰু পথ খণ্ডৰ একাধিক প্ৰকল্প উদ্বোধন কৰাৰ লগতে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে।

 

এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে চাহৰ সুন্দৰ ভূমিত উপস্থিত থাকিবলৈ পাই আনন্দ প্ৰকাশ কৰে। তেওঁ আজিৰ প্ৰকল্পসমূহক বিকশিত পশ্চিম বংগৰ দিশত আন এক পদক্ষেপ বুলি অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগৰ উত্তৰ অংশ উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ আৰু ই চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যৰ যোগসূত্ৰও স্থাপন কৰে। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজ্যখনৰ উত্তৰ অংশৰ সৈতে পশ্চিম বংগৰ উন্নয়নেই চৰকাৰৰ অগ্ৰাধিকাৰৰ বিযয়। তেওঁ ৰে'ল আৰু পথ আন্তঃগাঁথনিৰ আধুনিকীকৰণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু একলাখী-বালুৰঘাট, ৰাণীনগৰ জলপাইগুৰি-হলদিবাৰী আৰু শিলিগুৰি-আলুৱাবাৰী শাখা ৰে'ল লাইনৰ বৈদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে, যিয়ে উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, কোচবিহাৰ আৰু জলপাইগুৰি অঞ্চলত ৰেলৰ গতি বৃদ্ধি কৰিব, আনহাতে শিলিগুৰি-শামুকতলা পথটোৱে ওচৰৰ বনাঞ্চলত প্ৰদূষণ হ্ৰাস কৰিব। বৰছোই-ৰাধিকাপুৰ শাখাৰ বৈদ্যুতিকীকৰণে বিহাৰ আৰু পশ্চিম বংগ দুয়োকে লাভান্বিত কৰিব, তেওঁ কয়। ৰাধিকাপুৰ আৰু শিলিগুৰিৰ মাজত নতুন ৰে'ল সেৱা আৰম্ভ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পশ্চিম বংগত ৰে'লপথ শক্তিশালী হোৱাৰ ফলত উন্নয়নৰ নতুন সম্ভাৱনা বৃদ্ধি পাব আৰু সাধাৰণ লোকসকলৰ জীৱন সহজ হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ভাৰতৰ অন্য প্ৰান্তৰ দৰে এই অঞ্চলতো ৰে'লৰ গতিবেগ বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু আধুনিক দ্ৰুতবেগী ৰে'ল আৰম্ভ কৰা হৈছে। তেওঁ নিউ জলপাইগুৰিৰ পৰা ঢাকা কেণ্ট পৰ্যন্ত মিতালী এক্সপ্ৰেছ চলাচল কৰাই বাংলাদেশৰ সৈতে ৰে'ল সংযোগৰ কথা উল্লেখ কৰে আৰু বাংলাদেশ চৰকাৰৰ সহযোগত ৰাধিকাপুৰ ষ্টেচনলৈ সংযোগ সম্প্ৰসাৰিত কৰা হৈছে।

 

স্বাধীনতাৰ পিছৰ দশকসমূহত পূৱ ভাৰতৰ স্বাৰ্থৰ প্ৰতি অৱহেলা কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে পূৱ ভাৰতক ৰাষ্ট্ৰৰ বিকাশৰ ইঞ্জিন বুলি গণ্য কৰে। সেইকাৰণে অঞ্চলটোত যোগাযোগ ব্যৱস্থা উন্নত কৰিবলৈ অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগৰ বাৰ্ষিক গড় ৰে'ল বাজেট যি আছিল মাত্ৰ ৪,০০০ কোটি টকা, সেয়া এতিয়া ১৪,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ বংগৰ পৰা গুৱাহাটী আৰু হাওৰালৈ অৰ্ধ উচ্চ গতিৰ বন্দে ভাৰত ৰে'ল আৰু ৫০০টা অমৃত ভাৰত ষ্টেচনৰ উন্নীতকৰণৰ বাবে শিলিগুৰি ষ্টেচনক অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰে। "এই ১০ বছৰত আমি ৰে'লৰ উন্নয়নক পেছেঞ্জাৰৰ পৰা এক্সপ্ৰেছ স্পীডলৈ লৈ গৈছোঁ আমাৰ তৃতীয় কাৰ্যকালত, ই চুপাৰফাষ্ট গতিত আগবাঢ়িব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উত্তৰ পশ্চিম বংগত ৩,০০০ কোটি টকাৰো অধিক মূল্যৰ দুটা পথ প্ৰকল্প উদ্বোধনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘোষপুকুৰ-ধুপগুৰি শাখা আৰু চাৰি লেনৰ ইছলামপুৰ বাইপাছে জলপাইগুৰি, শিলিগুৰি আৰু মাইনাগুৰি চহৰত যান-জঁট হ্ৰাস কৰিব আৰু লগতে শিলিগুৰি, জলপাইগুৰি আৰু আলিপুৰদুৱাৰ অঞ্চলসমূহলৈ উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিব। "দুয়াৰ, দাৰ্জিলিং, গেংটক আৰু মিৰিকৰ দৰে পৰ্যটন স্থলীত উপস্থিত হোৱাটো সহজ হৈ পৰিব", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ই অঞ্চলটোৰ বাণিজ্য, উদ্যোগ আৰু চাহ বাগিচাসমূহকো উৎসাহিত কৰিব।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগৰ উন্নয়নৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী চি ভি আনন্দ বসু, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী নিশিথ প্ৰমানিক আৰু সাংসদ শ্ৰী ৰাজু বিস্তাৰ লগতে অন্যান্য সাংসদ আৰু বিধান সভাৰ সদস্যসকল উপস্থিত আছিল। 

 

পৃষ্ঠভূমি

উত্তৰ বংগ আৰু ওচৰৰ অঞ্চলসমূহৰ লোকসকল উপকৃত হোৱাকৈ প্ৰধানমন্ত্ৰীয়ে ৰে'ল লাইনৰ বৈদ্যুতিকৰণৰ একাধিক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে একলাখী-বালুৰঘাট শাখা; বৰচোই-ৰাধিকাপুৰ শাখা; ৰাণীনগৰ, জলপাইগুৰি-হলদিবাৰী শাখা; শিলিগুৰি-বাগডোগ্ৰা আৰু শিলিগুৰি হৈ আলুয়াবাৰী শাখা  শিভক– আলিপুৰদুৱাৰ জংছন–শামুকতলা (আলিপুৰদুৱাৰ জংছন- নিউ কোচবিহাৰ সহ) শাখা।

 

প্ৰধানমন্ত্ৰীয়ে মণিগ্ৰাম-নিমতিতা শাখাত ৰে'লপথ দুগুণ কৰাৰ প্ৰকল্পকে ধৰি অন্যান্য গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পসমূহো উৎসৰ্গা কৰে; আৰু নিউ জলপাইগুৰিৰ ইলেক্ট্ৰনিক ইণ্টাৰলকিং সহ আম্বাৰী ফালাকাটা-আলুয়াবাৰীত স্বয়ংক্ৰিয় ব্লক চিগনেলিং। প্ৰধানমন্ত্ৰীয়ে শিলিগুৰি আৰু ৰাধিকাপুৰৰ মাজত এখন নতুন যাত্ৰীবাহী ৰে'ল সেৱাৰ শুভাৰম্ভ কৰে। এই ৰে'ল প্ৰকল্পসমূহে ৰে'ল যোগাযোগ ব্যৱস্থা উন্নত কৰিব, মালবাহী ৰেলৰ চলাচলত সহায় কৰিব আৰু অঞ্চলটোত কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ৩,১০০ কোটি টকাৰ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ চাৰি লেনৰ ঘোষপুকুৰ-ধুপগুৰি শাখা আৰু ৰাষ্ট্ৰীয় ঘাইপথ ২৭ত চাৰি লেনৰ ইছলামপুৰ বাইপাছ। ঘোষপুকুৰ-ধুপগুৰি শাখা হৈছে পূৱ ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা উত্তৰ-দক্ষিণ পৰিবহন কৰিডৰৰ অংশ। এই শাখাৰ চাৰি লেনৰ ফলত উত্তৰ বংগ আৰু উত্তৰ-পূব অঞ্চলৰ মাজত নিৰৱচ্ছিন্ন সংযোগ স্থাপন হ'ব। চাৰি লেনৰ ইছলামপুৰ বাইপাছে ইছলামপুৰ চহৰত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব। পথ প্ৰকল্পসমূহে অঞ্চলটোত ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশকো গতি প্ৰদান কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets everyone on Mahashivratri
February 15, 2026

The Prime Minister, Shri Narendra Modi greeted everyone on the occasion of Mahashivratri, today. “May Adidev Mahadev always keeps his grace upon everyone. May all be blessed with well-being and may our Bharatvarsh sit enthroned at the peak of prosperity”, Shri Modi said.

The Prime Minister posted on X:

“देशभर के मेरे परिवारजनों को महाशिवरात्रि की ढेरों शुभकामनाएं। मेरी कामना है कि आदिदेव महादेव सदैव सभी पर अपनी कृपा बनाए रखें। उनके आशीर्वाद से सबका कल्याण हो और हमारा भारतवर्ष समृद्धि के शिखर पर विराजमान हो।

हर हर महादेव!”