আজি ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতীসকল ক্ষীপ্ৰতাৰে দক্ষ হৈ উঠিছে আৰু উদ্ভাৱনক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী
"ইণ্ডিয়া ফাৰ্ষ্ট" ভাৰতৰ বৈদেশিক নীতিৰ মন্ত্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।
তেখেতে কয় যে বিশ্বই আজি ভাৰতক মনোযোগেৰে নিৰীক্ষণ কৰি আছে আৰু "আজি ভাৰতে কি ভাবে" সেয়া বুজিবলৈ আগ্ৰহী হৈ উঠিছে।
তেখেতে কয় যে বিশ্ব সংকটৰ সময়ত ভাৰতৰ সেৱা আৰু মমতাৰ প্ৰমূল্যবোধ বিশ্বজুৰি প্ৰতিধ্বনিত হৈছিল, ইয়াৰ সংস্কৃতি আৰু পৰম্পৰাৰ সাৰমৰ্ম প্ৰদৰ্শন কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

 

“আজি ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বৰ লোক ভাৰতৰ প্ৰতি কৌতূহলী হৈ উঠিছে। তেখেতে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছত বিশ্বৰ একাদশ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱা ভাৰত ৭-৮ বছৰৰ ভিতৰতে ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হয়। আইএমএফ-ৰ প্ৰতিবেদনৰ উদ্ধৃতি দাঙি ধৰি শ্ৰী মোদীয়ে কয় যে ভাৰত বিশ্বৰ একমাত্ৰ প্ৰধান অৰ্থনীতি যিয়ে বিগত ১০ বছৰত জিডিপি দুগুণ বৃদ্ধি কৰিছে। যোৱা দশকত ভাৰতে নিজৰ অৰ্থনীতিত দুই লাখ কোটি মাৰ্কিন ডলাৰ যোগ কৰা বুলি উল্লেখেৰে লগতে কয় যে জিডিপি দুগুণ বৃদ্ধি কেৱল সংখ্যাৰ কথা নহয়, বৰঞ্চ ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তকৰণেৰে ‘নৱ-মধ্যবিত্ত’ শ্ৰেণী গঠনৰ দৰে বিশেষ প্ৰভাৱকো সূচিত কৰে। তেখেতে আৰু কয় যে নব্য মধ্যবিত্ত শ্ৰেণীয়ে অৰ্থনীতিলৈ অৰিহণা যোগোৱাৰ লগতে ইয়াক স্পন্দনশীল কৰি তুলিছে। তেওঁলোকে সপোন আৰু আকাংক্ষাৰে নতুন জীৱন আৰম্ভ কৰিছে। “ভাৰতত বিশ্বৰ সৰ্বাধিক যুৱ প্ৰজন্ম আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে যুৱক-যুৱতীসকল ক্ষীপ্ৰতাৰে দক্ষ হৈ উঠিছে, যাৰ ফলত উদ্ভাৱন ত্বৰান্বিত হৈছে। “ইণ্ডিয়া ফাৰ্ষ্ট ভাৰতৰ বৈদেশিক নীতিৰ মন্ত্ৰ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ভাৰতে এসময়ত সকলো ৰাষ্ট্ৰৰ পৰা সমান দূৰত্ব অক্ষুণ্ণ ৰখাৰ নীতি অনুসৰণ কৰিছিল যদিও বৰ্তমানৰ পন্থাই সকলোৰে সমান ওচৰত থকাত গুৰুত্ব আৰোপ কৰে—এক "সমান-ঘনিষ্ঠতা" নীতি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব সমাজে এতিয়া ভাৰতৰ মতামত, উদ্ভাৱন আৰু প্ৰচেষ্টাক মূল্য দিয়ে। তেখেতে কয় যে বিশ্বই আজি ভাৰতক মনোযোগেৰে নিৰীক্ষণ কৰি আছে আৰু "আজি ভাৰতে কি ভাবে" সেয়া বুজিবলৈ আগ্ৰহী হৈ উঠিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে কেৱল বিশ্ব শৃংখলাত অংশগ্ৰহণেই নহয়, বৰঞ্চ ভৱিষ্যৎ গঢ়া আৰু সুৰক্ষিতকৰণত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে তেখেতে কয়। সন্দেহক অৱজ্ঞা কৰি ভাৰতে নিজাকৈ ভেকচিন প্ৰস্তুত কৰিছিল, দ্ৰুত টিকাকৰণ নিশ্চিত কৰিছিল আৰু ১৫০খনৰো অধিক দেশলৈ ঔষধ যোগান ধৰিছিল বুলিও তেখেতে লগতে কয়। তেখেতে কয় যে বিশ্ব সংকটৰ সময়ত ভাৰতৰ সেৱা আৰু মমতাৰ প্ৰমূল্যবোধ বিশ্বজুৰি প্ৰতিধ্বনিত হৈছিল, ইয়াৰ সংস্কৃতি আৰু পৰম্পৰাৰ সাৰমৰ্ম প্ৰদৰ্শন কৰিছিল।

 

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ বৈশ্বিক প্ৰেক্ষাপট সম্পৰ্কে অৱলোকনেৰে তেখেতে কয় যে প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনত কেইখনমান ৰাষ্ট্ৰইহে আধিপত্য বিস্তাৰ কৰিছিল। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ দৃষ্টিভংগীয়ে সদায় একচেটিয়া অধিকাৰতকৈ মানৱতাক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে, সৰ্বাংগীন আৰু অংশগ্ৰহণমূলক বিশ্বব্যৱস্থাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে লগতে কয় যে এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতে একবিংশ শতিকাৰ উপযোগীকৈ বিশ্ব প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছে, সামূহিক অৱদান আৰু সহযোগিতা নিশ্চিত কৰিছে। শ্ৰী মোদীয়ে কয় যে বিশ্বজুৰি আন্তঃগাঁথনিৰ অপৰিসীম ক্ষতিসাধন কৰা প্ৰাকৃতিক দুৰ্য্যোগৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলাকৰণেৰে ভাৰতে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (CDRI) প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ কৰিছিল। তেখেতে লগতে কয় যে চিডিআৰআই-এ দুৰ্য্যোগৰ বাবে প্ৰস্তুতি আৰু স্থিতিস্থাপকতা সুদৃঢ়কৰণৰ অৰ্থে বৈশ্বিক অংগীকাৰক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দলং, পথ, অট্টালিকা আৰু বিদ্যুৎ গ্ৰীডকে প্ৰমুখ্য কৰি দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণক প্ৰসাৰিতকৰণৰ বাবে ভাৰতৰ প্ৰচেষ্টাতো আলোকপাত কৰে, যাতে এইসমূহে প্ৰাকৃতিক দুৰ্য্যোগ সহ্য কৰিব পাৰে আৰু সমগ্ৰ বিশ্বৰ সমাজসমূহক সুৰক্ষিত কৰিব পাৰে।

বিশেষকৈ শক্তি সম্পদৰ ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ বিশ্ব সহযোগিতাৰ গুৰুত্বত আলোকপাতেৰে শ্ৰী মোদীয়ে ক্ষুদ্ৰতম ৰাষ্ট্ৰসমূহৰ বাবেও বহনক্ষম শক্তিৰ প্ৰৱেশ নিশ্চিতকৰণৰ সমাধান হিচাপে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (ISA) ভাৰতৰ পদক্ষেপৰ কথা উল্লেখ কৰে। তেখেতে কয় যে এই প্ৰচেষ্টাই জলবায়ু ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ বিস্তাৰেই নহয়, বৰঞ্চ গ্ল’বেল চাউথ দেশসমূহৰ শক্তিৰ প্ৰয়োজনীয়তাও সুৰক্ষিত কৰে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে ১০০ খনৰো অধিক দেশে এই পদক্ষেপত যোগদান কৰিছে। বাণিজ্যিক ভাৰসাম্যহীনতা আৰু লজিষ্টিক ক্ষেত্ৰত বৈশ্বিক প্ৰত্যাহ্বানসমূহৰ সম্পৰ্কে আলোচনাৰে শ্ৰী মোদীয়ে ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)কে প্ৰমুখ্য কৰি নতুন পদক্ষেপ আৰম্ভৰ বাবে বিশ্বৰ সৈতে ভাৰতৰ সহযোগিতামূলক প্ৰচেষ্টাত আলোকপাত কৰে। তেখেতে কয় যে এই প্ৰকল্পই এছিয়া, ইউৰোপ আৰু মধ্যপ্ৰাচ্যক বাণিজ্য আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সংযোগ কৰিব, অৰ্থনৈতিক সুযোগ বৃদ্ধি কৰিব আৰু বিকল্প বাণিজ্যিক পথ প্ৰদান কৰিব। এই পদক্ষেপে বিশ্বৰ যোগান শৃংখলক সুদৃঢ় কৰিব বুলি তেখেতে কয়।

বিশ্ব ব্যৱস্থাসমূহক অধিক অংশগ্ৰহণমূলক আৰু গণতান্ত্ৰিক কৰি তোলাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত জি-২০ সন্মিলনৰ সময়ত গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াত আফ্ৰিকান ইউনিয়ন জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। দীৰ্ঘদিনীয়া এই দাবী ভাৰতৰ অধ্যক্ষতাৰ সময়ত পূৰণ হোৱা বুলি তেখেতে কয়। শ্ৰী মোদীয়ে বৈশ্বিক সিদ্ধান্ত গ্ৰহণৰ প্ৰতিষ্ঠানসমূহত গ্ল’বেল চাউথৰ দেশসমূহৰ কণ্ঠ হিচাপে ভাৰতৰ ভূমিকাত আলোকপাতেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে বিশ্ব কাঠামো গঢ়ি তোলাকে প্ৰমুখ্য কৰি ভিন্ন ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অৱদান সম্পৰ্কে কয়। তেখেতে কয় যে এই প্ৰচেষ্টাসমূহে নতুন বিশ্বব্যৱস্থাত ভাৰতৰ শক্তিশালী উপস্থিতি নিশ্চিত কৰিছে। তেখেতে লগতে কয়, “এয়া মাত্ৰ আৰম্ভণিহে, কিয়নো বিশ্ব মঞ্চত ভাৰতৰ সামৰ্থ্যই নতুন স্থান লাভ কৰি আহিছে।“

 

একবিংশ শতিকাৰ ২৫ বছৰ পাৰ হৈ যোৱাৰ কথা লক্ষ্য কৰি, ইয়াৰে ১১ বছৰ তেখেতৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰখনৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হৈছে বুলি উল্লেখ কৰে। তেখেতে নিৰ্ভৰশীলতাৰ পৰা আত্ম-নিৰ্ভৰতালৈ, আকাংক্ষাৰ পৰা কৃতিত্বলৈ, আৰু হতাশাৰ পৰা উন্নয়নলৈ পৰিৱৰ্তনত আলোকপাত কৰে। তেখেতে কয় যে এটা দশক পূৰ্বে গাঁৱে-ভূঞে শৌচাগাৰৰ সমস্যাই মহিলাসকলক অসুবিধা কৰিছিল যদিও আজি স্বচ্ছ ভাৰত অভিযানে ইয়াৰ সমাধানৰ ব্যৱস্থা কৰিছে। তেখেতে উল্লেখ কৰে যে ২০১৩-ত স্বাস্থ্যসেৱাৰ বিষয়ে আলোচনাত ব্যয়বহুল চিকিৎসাৰ প্ৰত্যাহ্বান সম্পৰ্কে চিন্তা কৰা হৈছিল যদিও আজি আয়ুষ্মান ভাৰতে ইয়াৰ সমাধান আগবঢ়াইছে। একেদৰে তেখেতে কয় যে এসময়ত ধোঁৱা পূৰ্ণ দৰিদ্ৰ লোকৰ পাকঘৰসমূহ এতিয়া উজ্জ্বলা যোজনাৰ জৰিয়তে উপকৃত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩-ত মহিলাসকলক বেংক একাউন্টৰ বিষয়ে সুধিলে তেওঁলোকে প্ৰায়ে মৌনতা অৱলম্বন কৰিছিল যদিও আজি জন ধন যোজনাৰ বাবে ৩০ কোটিৰো অধিক মহিলাৰ নিজা একাউন্ট আছে। এসময়ত কুঁৱা আৰু পুখুৰীৰ ওপৰত নিৰ্ভৰশীল খোৱাপানীৰ প্ৰত্যাহ্বানেৰে এতিয়া হৰ ঘৰ নল ছে জল যোজনাৰ জৰিয়তে মোকাবিলা কৰা হৈছে বুলিও তেখেতে উল্লেখ কৰে। তেখেতে কয় যে কেৱল এই দশকটোৱেই সলনি হোৱা নাই, বৰঞ্চ জনতাৰ জীৱনৰো পৰিৱৰ্তন হৈছে। তেখেতে কয় যে বিশ্বই ভাৰতৰ উন্নয়নৰ আৰ্হিক স্বীকৃতি প্ৰদান আৰু গ্ৰহণ কৰিছে। তেখেতে লগতে কয়, আজি ভাৰত কেৱল সপোন দেখা ৰাষ্ট্ৰ নহয়, বৰঞ্চ এখন ফলাফল প্ৰদানকাৰী ৰাষ্ট্ৰ।

শ্ৰী মোদীয়ে কয় যে এখন ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ সুবিধা আৰু সময়ক মূল্য প্ৰদান কৰা মাত্ৰেকে ৰাষ্ট্ৰখনৰ গতি পথ ৰূপান্তৰিত হয়। তেখেতে কয় যে আজি ভাৰতে ঠিক এয়াই অনুভৱ কৰে। তেখেতে পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ উদাহৰণ দাঙি ধৰে। তেখেতে উল্লেখ কৰে যে পূৰ্বে পাছপ’ৰ্ট লাভ কৰাটো এটা জটিল কাম আছিল, ইয়াৰ লগত দীঘলীয়া অপেক্ষাৰ সময়, নথি-পত্ৰ আৰু সীমিত পাছপ’ৰ্ট কেন্দ্ৰৰ কথা জড়িত আছিল, যিসমূহ বেছিভাগেই ৰাজ্যৰ ৰাজধানীত অৱস্থিত আছিল। তেখেতে কয় যে সৰু চহৰৰ লোকসকলে প্ৰায়ে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ ৰাতিটো থকাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰত্যাহ্বানসমূহ এতিয়া সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছে। তেখেতে অৱগত কৰে যে দেশত পাছপ’ৰ্ট সেৱা কেন্দ্ৰৰ সংখ্যা মাত্ৰ ৭৭ৰ পৰা ৫৫০ৰ অধিকলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও তেখেতে কয় যে পাছপ’ৰ্ট লাভৰ বাবে অপেক্ষাৰ সময়, যি পূৰ্বে ৫০ দিন আছিল, এতিয়া মাত্ৰ ৫-৬ দিনলৈ হ্ৰাস পাইছে।

ভাৰতৰ বেংকিং আন্তঃগাঁথনিত প্ৰত্যক্ষ হোৱা পৰিৱৰ্তন সম্পৰ্কে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৫০-৬০ বছৰ পূৰ্বে সুলভ বেংকিং সেৱাৰ প্ৰতিশ্ৰুতিৰে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল যদিও লাখ লাখ গাঁৱত এনে সুবিধাৰ অভাৱ দেখা গৈছিল। তেখেতে কয় যে এই পৰিস্থিতি এতিয়া সলনি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অনলাইন বেংকিঙে প্ৰতিটো ঘৰতে স্থান লাভ কৰিছে আৰু আজি দেশৰ প্ৰতি ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংকিং টাচপইন্ট আছে। তেখেতে উল্লেখ কৰে যে চৰকাৰে কেৱল বেংকিং আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাই নহয়, বৰঞ্চ বেংকিং ব্যৱস্থাকো সুদৃঢ় কৰিছে। তেখেতে কয় যে বেংকসমূহৰ নন-পাৰ্ফৰ্মিং এচেটছ (NPA) যথেষ্ট হ্ৰাস পাইছে আৰু ১.৪ লাখ কোটি টকাৰ লাভৰ অভিলেখ সৃষ্টি হৈছে। তেখেতে লগতে কয় যে ৰাজহুৱা ধন লুট কৰাসকলক এতিয়া জবাবদিহি কৰা হৈছে, তেখেতে জনাই যে বলবৎকাৰী সঞ্চালকালয়ে (ED) ২২,০০০ কোটি টকাৰো অধিক ধন উদ্ধাৰ কৰিছে, এয়া আইনীভাৱে যিসকল ভুক্তভোগীৰ পৰা লোৱা হৈছিল, তেওঁলোকক ঘূৰাই দিয়া হৈছে।

 

দক্ষতাই ফলপ্ৰসূ শাসন ব্যৱস্থাৰ সূচনা কৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কম সময়ত অধিক সাধন কৰা, কম সম্পদ ব্যৱহাৰ কৰা আৰু অপ্ৰয়োজনীয় ব্যয় এৰাই চলাৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে কয় যে "ৰেড টেপতকৈ ৰেড কাৰ্পেট"ক অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্যই এখন ৰাষ্ট্ৰৰ সম্পদৰ প্ৰতি সন্মানক প্ৰতিফলিত কৰে। তেখেতে উল্লেখ কৰে যে বিগত ১১ বছৰ ধৰি তেখেতৰ চৰকাৰে ইয়াত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

শ্ৰী মোদীয়ে কয় যে তেখেতৰ চৰকাৰে প্ৰথম কাৰ্য্যকালত ৰাষ্ট্ৰখনৰ সম্পদ আৰু প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেইবাটাও মন্ত্ৰালয়ক একত্ৰিত কৰিছিল। তেখেতে কয় যে নগৰ উন্নয়ন মন্ত্ৰালয় তথা গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰ্মূল মন্ত্ৰালয়ক একত্ৰিতকৰণেৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় গঠন কৰা হৈছে। একেদৰে বহিঃৰাজ্য মন্ত্ৰালয়ক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে একত্ৰিত কৰা হৈছিল। লগতে জলসম্পদ আৰু নদী উন্নয়ন মন্ত্ৰালয়ক খোৱাপানী মন্ত্ৰালয়ৰ সৈতে একত্ৰিতকৰণেৰে জল শক্তি মন্ত্ৰালয় গঠনৰ কথাও উল্লেখ কৰে। তেখেতে কয় যে এই সিদ্ধান্তসমূহ দেশৰ অগ্ৰাধিকাৰ আৰু সম্পদৰ সুদক্ষ ব্যৱহাৰ আধাৰিত আছিল।

নিয়ম-নীতি সৰল আৰু হ্ৰাসৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সময়ৰ লগে-লগে প্ৰাসংগিকতা হেৰুৱাই পেলোৱা প্ৰায় ১,৫০০ খন পুৰণি আইন তেখেতৰ চৰকাৰে বিলুপ্ত কৰিছিল। ইয়াৰ উপৰিও প্ৰায় ৪০,০০০ অনুপালন আঁতৰোৱা হৈছে। তেখেতে কয় যে এই ব্যৱস্থাসমূহে দুটা উল্লেখযোগ্য ফলাফল প্ৰদান কৰেঃ জনসাধাৰণক হাৰাশাস্তিৰ পৰা সকাহ প্ৰদান আৰু চৰকাৰী যন্ত্ৰৰ ভিতৰত শক্তি সংৰক্ষণ কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে জিএছটি প্ৰৱৰ্তনৰ জৰিয়তে সংস্কাৰৰ আন এক উদাহৰণ দাঙি ধৰে। তেখেতে উল্লেখ কৰে যে ৩০ৰো অধিক কৰক একক কৰত সংহত কৰা হৈছে, যাৰ ফলত প্ৰক্ৰিয়া আৰু নথিপত্ৰৰ ক্ষেত্ৰত যথেষ্ট সঞ্চয় হৈছে।

সংবাদ মাধ্যমে সততে প্ৰকাশ কৰা চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত অদক্ষতা আৰু দুৰ্নীতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যাসমূহৰ সমাধানৰ বাবে তেখেতৰ চৰকাৰে চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM) মঞ্চ প্ৰৱৰ্তন কৰিছিল। তেখেতে কয় যে চৰকাৰী বিভাগসমূহে এতিয়া এই প্লেটফৰ্মত নিজৰ প্ৰয়োজনীয়তাসমূহ তালিকাভুক্ত কৰিছে, বিক্ৰেতাসকলে নিবিদা দিয়ে আৰু অৰ্ডাৰসমূহ স্বচ্ছভাৱে চূড়ান্ত কৰা হয়। এই পদক্ষেপে দুৰ্নীতি বহু পৰিমাণে হ্ৰাস কৰিছে আৰু চৰকাৰৰ ১ লাখ কোটিৰো অধিক ধন ৰাহি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাক বিশ্বজুৰি স্বীকৃতি প্ৰদানৰ কথাও উল্লেখ কৰে। তেখেতে কয় যে ডিবিটিয়ে কৰদাতাৰ ৩ লাখ কোটিৰো অধিক ধন ভুল হাতত পৰাত বাধা দিছে। তেখেতে আৰু কয় যে চৰকাৰী আঁচনিৰ শোষণ কৰি থকা অস্তিত্বহীন ব্যক্তিকে প্ৰমুখ্য কৰি ১০ কোটিৰো অধিক ভুৱা হিতাধিকাৰীক চৰকাৰী অভিলেখৰ পৰা আঁতৰ কৰা হৈছে।

 

প্ৰতিগৰাকী কৰদাতাৰ বৰঙণিৰ সৎ ব্যৱহাৰৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু কৰদাতাৰ প্ৰতি থকা সন্মানত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে কৰ ব্যৱস্থাটোক অধিক কৰদাতা-অনুকূল কৰি তোলা হৈছে। তেখেতে কয় যে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিলৰ প্ৰক্ৰিয়া পূৰ্বৰ সময়ৰ তুলনাত এতিয়া বহু সহজ আৰু দ্ৰুত হৈ উঠিছে। তেখেতে উল্লেখ কৰে যে পূৰ্বে চাৰ্টাৰ্ড একাউন্টেন্টৰ সহায় অবিহনে আইটিআৰ দাখিল কৰাটো প্ৰত্যাহ্বানজনক আছিল। আজি ব্যক্তিয়ে কম সময়ৰ ভিতৰতে অনলাইনযোগে আইটিআৰ দাখিল কৰিব পাৰে আৰু দাখিল কৰাৰ কিছুদিনৰ ভিতৰতে তেওঁলোকৰ একাউন্টত ধন ঘূৰাই দিয়া হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ফেচলেছ এচেছমেন্ট আঁচনি প্ৰৱৰ্তনৰ ওপৰতো আলোকপাত কৰে, যাৰ ফলত কৰদাতাসকলে সন্মুখীন হোৱা হেঁচা বহু পৰিমাণে হ্ৰাস পাইছে। তেখেতে কয় যে এনে দক্ষতা-চালিত শাসন সংস্কাৰে বিশ্বক এক নতুন শাসন আৰ্হি প্ৰদান কৰিছে।

প্ৰতিটো খণ্ড আৰু ক্ষেত্ৰত ভাৰতে বিগত ১০-১১ বছৰত যি পৰিৱৰ্তন সাধন কৰিছে, তাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মানসিকতাৰ যি উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে, তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে স্বাধীনতাৰ পিছত দশক-দশক ধৰি ভাৰতত বিদেশী সামগ্ৰী উচ্চ মানৰ বুলি গণ্য কৰাৰ মানসিকতা গঢ় লৈ উঠিছিল। তেখেতে কয় যে দোকানীসকলে প্ৰায়ে আৰম্ভণিতে এইদৰে কয়, "এইটো আমদানি কৰা হৈছে!" সামগ্ৰী বিক্ৰী কৰাৰ সময়ত এইদৰে কৈছিল। তেখেতে কয় যে এই পৰিস্থিতি এতিয়া সলনি হৈছে আৰু আজি জনসাধাৰণে নিজে সুধিছে, "এইটো মেড ইন ইণ্ডিয়া নে?"

উৎপাদন উৎকৰ্ষতাৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিত আলোকপাতেৰে দেশৰ প্ৰথমটো থলুৱা এমআৰআই মেচিন নিৰ্মাণৰ শেহতীয়া কৃতিত্বত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে এই মাইলৰ খুঁটিয়ে ভাৰতত চিকিৎসা নিদানৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব। তেখেতে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ পৰিৱৰ্তনশীল প্ৰভাৱত আলোকপাত কৰে, যিয়ে উৎপাদন খণ্ডত নতুন শক্তিৰ উন্মেষ ঘটাইছে। তেখেতে উল্লেখ কৰে যে এসময়ত বিশ্বই ভাৰতক বিশ্ব বজাৰ হিচাপে গণ্য কৰিছিল যদিও এতিয়া ৰাষ্ট্ৰখনক এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে স্বীকৃতি দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ম’বাইল ফোন উদ্যোগৰ সফলতাৰ কথা উল্লেখেৰে কয় যে ২০১৪-১৫ত ৰপ্তানি এক বিলিয়ন ডলাৰৰো কমৰ পৰা এটা দশকৰ ভিতৰত বিশ বিলিয়ন ডলাৰৰো অধিকলৈ বৃদ্ধি পাইছে। তেখেতে বিশ্ব টেলিকম আৰু নেটৱৰ্কিং উদ্যোগত শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানত আলোকপাত কৰে। অট’ম’টিভ খণ্ডৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কম্প’নেন্ট ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সুনামৰ ওপৰত মন্তব্য প্ৰদান কৰে। তেখেতে উল্লেখ কৰে যে ভাৰতে পূৰ্বে মটৰ চাইকেলৰ অংশ বৃহৎ পৰিমাণে আমদানি কৰিছিল যদিও আজি ভাৰতত নিৰ্মিত অংশ ইউএই আৰু জাৰ্মানীৰ দৰে দেশলৈ গৈছে। শ্ৰী মোদীয়ে সৌৰ শক্তি খণ্ডৰ সাফল্যতো আলোকপাত কৰি কয় যে সৌৰকোষ আৰু মডিউলৰ আমদানি হ্ৰাসৰ বিপৰীতে ৰপ্তানি ২৩ গুণ বৃদ্ধি পাইছে। তেখেতে কয় যে বিগত দশকত প্ৰতিৰক্ষা ৰপ্তানি ২১ গুণ বৃদ্ধি পাইছে। তেখেতে কয় যে এই সাফল্যসমূহে ভাৰতৰ উৎপাদন অৰ্থনীতিৰ শক্তি আৰু ভিন্ন খণ্ডত নতুন নিয়োগ সৃষ্টিৰ ক্ষমতা প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টিভি ৯ সন্মিলনৰ তাৎপৰ্য্য সম্পৰ্কে বক্তব্য প্ৰদানেৰে ভিন্ন বিষয়ত বিশদ আলোচনাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে এই সন্মিলনৰ সময়ত আদান-প্ৰদান হোৱা ধাৰণা আৰু দৃষ্টিভংগীয়ে ৰাষ্ট্ৰখনৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব। তেখেতে বিগত শতিকাৰ গুৰুত্বপূৰ্ণ মুহূৰ্তটো স্মৰণেৰে কয় যে ভাৰতে নৱীকৃত শক্তিৰে স্বাধীনতাৰ দিশত এক নতুন যাত্ৰা আৰম্ভ কৰিছিল। তেখেতে ১৯৪৭ত স্বাধীনতা লাভৰ ক্ষেত্ৰত ভাৰতৰ কৃতিত্বৰ কথা উল্লেখ কৰি কয় যে এই দশকত ৰাষ্ট্ৰখনে উন্নত ভাৰতৰ লক্ষ্যৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে ২০৪৭ৰ ভিতৰত এখনি উন্নত ভাৰতৰ সপোন বাস্তৱায়িতকৰণত গুৰুত্ব আৰোপেৰে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণৰ কথা পুনৰ উল্লেখেৰে কয় যে এই দৃষ্টিভংগী পূৰণৰ বাবে সামূহিক প্ৰচেষ্টা অতিশয় প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলন আয়োজনৰ বাবে টিভি৯ক প্ৰশংসা কৰি তেওঁলোকৰ ইতিবাচক পদক্ষেপক স্বীকাৰেৰে সন্মিলনখনিৰ সফলতাৰ অৰ্থে শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে টিভি৯ নেটৱৰ্কক মিছন ম’ডত ভিন্ন আলোচনাত ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক জড়িত কৰা আৰু নিৰ্বাচিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰশংসা কৰে। ২০৪৭ত যুৱক-যুৱতীসকল বিকশিত ভাৰতৰ সৰ্বাধিক হিতাধিকাৰী হ’ব বুলি আস্থা প্ৰকাশেৰে তেখেতে ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan

Media Coverage

'Operation Sindoor on, if they fire, we fire': India's big message to Pakistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi's address to the nation
May 12, 2025
Today, every terrorist knows the consequences of wiping Sindoor from the foreheads of our sisters and daughters: PM
Operation Sindoor is an unwavering pledge for justice: PM
Terrorists dared to wipe the Sindoor from the foreheads of our sisters; that's why India destroyed the very headquarters of terror: PM
Pakistan had prepared to strike at our borders,but India hit them right at their core: PM
Operation Sindoor has redefined the fight against terror, setting a new benchmark, a new normal: PM
This is not an era of war, but it is not an era of terrorism either: PM
Zero tolerance against terrorism is the guarantee of a better world: PM
Any talks with Pakistan will focus on terrorism and PoK: PM

প্ৰিয় দেশবাসী,

নমস্কাৰ !

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

আমাৰ সাহসী জোৱানসকলে ‘অপাৰেচন সিন্দুৰ’ৰ লক্ষ্যত উপনীত হ’বলৈ গৈ অপৰিসীম সাহস প্ৰদৰ্শন কৰিলে। মই তেওঁলোকৰ বীৰত্বক, তেওঁলোকৰ সাহসক, তেওঁলোকৰ পৰাক্ৰমক সমৰ্পিত কৰিছো৷ মই তেওঁলোকৰ এই পৰাক্ৰমক , আমাৰ দেশৰ প্ৰতিগৰাকী মাতৃলৈ, দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু প্ৰতিগৰাকী কন্যাৰ বাবে উৎসৰ্গা কৰিছো।

 

বন্ধুসকল,

যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্রাসবাদীয়ে প্রদর্শন কৰা বৰ্বৰতাই দেশ আৰু বিশ্বক স্তম্ভিত কৰি তুলিছিল৷

বন্ধৰ দিন উদযাপন কৰিবলৈ যোৱা নিৰ্দোষ নিৰীহ নাগৰিকক ধৰ্মৰ বিষয়ে সুধি পৰিয়ালৰ সন্মুখতে, শিশুসকলৰ সন্মুখতে...

নিৰ্দয়ভাবে হত্যা কৰা হৈছিল।

এয়া আছিল আতংকৰ এক বীভৎস ছবি, এয়া আছিল নিষ্ঠুৰতাৰ ভয়ংকৰ প্ৰকাশ৷ এয়া আছিল দেশৰ সমন্বয় বিনষ্ট কৰাৰ এক ঘৃণনীয় অপচেষ্টা। মোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে এই নাৰকীয় ঘটনাৰ বেদনা অসহনীয় আছিল।

এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশ, প্ৰতিগৰাকী নাগৰিক, সমাজ, প্ৰতিটো শ্ৰেণীৰ লোক, প্ৰতিটো ৰাজনৈতিক দল একত্ৰিত হৈ 'একেষাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থাৰ দাবীৰে থিয় দিলে।

সন্ত্ৰাসবাদীক নিঃশেষ কৰিবলৈ ভাৰতীয় নিৰাপত্তা বাহিনীক আমি পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলো। আমি তেওঁলোকক এইক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিলো।

আৰু আজি প্ৰতিজন সন্ত্ৰাসবাদীয়ে, প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে উপলব্ধি কৰিবলৈ বাধ্য হৈছে আমাৰ ভগ্নী-কন্যাৰ কপালৰ সেন্দুৰ মচি পেলোৱাৰ পৰিণতি কি হ'ব পাৰে ।

 

বন্ধুসকল,

অপাৰেচন সিন্দুৰ ...এয়া কেৱল এটা নাম নহয়৷এয়া দেশৰ কোটি কোটি মানুহৰ আৱেগৰ প্ৰতিফলন।

অপাৰেচন 'সিন্দুৰ' ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা। ৬ মে’ৰ গভীৰ নিশা.. ৭ মে’ৰ পুৱা.. সমগ্ৰ বিশ্বই এই প্ৰতিজ্ঞা ফলাফলত পৰিণত হোৱা দেখিবলৈ পাইছে। ভাৰতীয় বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিছে।

তেওঁলোকৰ প্ৰশিক্ষণ কেন্দ্ৰত নিখুঁতভাৱে আঘাত কৰিছে । সন্ত্ৰাসবাদীয়ে সপোনতো কল্পনা কৰা নাছিল যে ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু যেতিয়া দেশখন একত্ৰিত হয়, দেশ প্ৰথমৰ মনোভাৱেৰে মানুহৰ মনবোৰ ভৰি পৰে, তেতিয়া দেশেই সৰ্বোচ্চ হৈ পৰে। তেতিয়াই শক্তিশালী সিদ্ধান্ত লোৱা হয় আৰু তাৰ ফল লাভ কৰা হয়।

ভাৰতীয় ক্ষেপণাস্ত্ৰই যেতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰিছিল, ভাৰতীয় ড্ৰোনে যেতিয়া আক্ৰমণ চলাইছিল, তেতিয়া কেৱল সন্ত্ৰাসবাদী সংগঠনৰ ভৱনবোৰেই নহয়, তেওঁলোকৰ আত্মবিশ্বাসো কঁপি উঠিছিল।

 

বহাৱালপুৰ আৰু মুৰিদকেৰ দৰে সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানসমূহ এককথাত বিশ্ব সন্ত্ৰাসবাদৰ বিশ্ববিদ্যালয় স্বৰূপ হৈ পৰিছে।

বিশ্বৰ যিকোনো ঠাইত সংঘটিত হোৱা যিকোনো ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ- সেয়া ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক , লণ্ডন টিউব বোমা বিস্ফোৰণেই হওঁক বা ভাৰতত দশকজুৰি সংঘটিত হোৱা বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণেই হওঁক, ক’ৰবাত নহয় ক’ৰবাত এই ঘটনাসমূহ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা এই স্থানসমূহৰ সৈতে সংযুক্ত হৈ পৰিছে। সন্ত্ৰাসবাদীয়ে আমাৰ ভগ্নীহঁতৰ সেন্দুৰ মচি পেলাইছিল৷ সেইবাবেই ভাৰতে সন্ত্ৰাসবাদৰ এই মুখ্য কাৰ্যালয় ধ্বংস কৰিছে। ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। ইমানবোৰ সন্ত্ৰাসবাদীয়ে যোৱা ডেৰৰ পৰা তিনি দশক ধৰি পাকিস্তানত মুক্তভাৱে ঘূৰি ফুৰিছিল৷ যিসকলে পূৰ্বে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, তেওঁলোকক ভাৰতে এটা আঘাততে ধ্বংস কৰি পেলালে।

 

বন্ধুসকল,

ভাৰতৰ এই কাৰ্য্যত পাকিস্তান গভীৰভাৱে হতাশগ্ৰস্ত হৈ পৰিছে৷ সকলোতে কেৱল হতাশাৰ কলীয়া ডাৱৰে ছানি ধৰিছিল৷ তেওঁলোক বিভ্ৰান্ত হৈ পৰিছিল৷এনে বিভ্ৰান্তিকৰ অৱস্থাৰ মাজতে তেওঁলোকে আৰু এটা বেয়া কাম কৰিলে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা ব্যৱস্থাক সমৰ্থন কৰাৰ পৰিৱৰ্তে পাকিস্তানে ভাৰতকহে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে।

পাকিস্তানে আমাৰ স্কুল আৰু কলেজসমূহ লক্ষ্য কৰি লৈছিল, গুৰুদ্বাৰ, মন্দিৰ, সাধাৰণ নাগৰিকৰ ঘৰ আদিও পাকিস্তানৰ আক্ৰণৰ লক্ষ্য হৈ পৰিছিল৷ এনে কাৰ্যৰ জড়িয়তে পাকিস্তানে নিজকে উদঙাই দিলে। বিশ্বই দেখিলে পাকিস্তানৰ ড্ৰোন আৰু মিছাইল কেনেকৈ ভাৰতৰ সন্মুখত খেৰৰ দৰে জ্বলি ছাই হৈ গল৷ ভাৰতৰ শক্তিশালী বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সেইবোৰ আকাশতে ধ্বংস কৰি পেলালে। সীমান্তত আক্ৰমণ কৰিবলৈ সাজু হৈছিল পাকিস্তান৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতে পাকিস্তানৰ বুকুত আঘাত হানিলে। ভাৰতৰ ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই নিখুঁতভাৱে পাকিস্তানৰ লক্ষ্যস্থানত আঘাত কৰিছিল। ফলত পাকিস্তানী বায়ুসেনাৰ সেই বিমানঘাটিসমূহ ক্ষতিগ্ৰস্ত হৈছিল, যিবোৰকলৈ পাকিস্তানে গৌৰৱ কৰি আহিছিল৷ প্ৰথম তিনিদিনতে যে ভাৰতে পাকিস্তানক এনেদৰে ধ্বংস কৰিব সেয়া তেওঁলোকে কল্পনাও কৰা নাছিল । সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগ্ৰাসী কাৰ্য্য ব্যৱস্থাৰ পিছত পাকিস্তানে পলায়নৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানে উত্তেজনা হ্ৰাস কৰিবলৈ বিশ্বক অনুৰোধ কৰিবলৈ ধৰিলে৷ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত বাধ্যবাধকতাত পৰি ১০ মে’ৰ দুপৰীয়া পাকিস্তানী সেনাই আমাৰ ডিজিএমঅ’ৰ সৈতে যোগাযোগ কৰিলে। তেতিয়ালৈকে আমি পাকিস্তানৰ সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি বৃহৎ পৰিসৰত ধ্বংস কৰি পেলাইছিলো৷ বহু সন্ত্ৰাসবাদী নিহত হৈছিল৷ আমি পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ ধ্বংসাৱশেষলৈ ৰূপান্তৰিত কৰিছিলোঁ৷ গতিকে, দিশহাৰা পাকিস্তানৰ পৰা এটা আবেদন কৰা হৈছিল৷ এই কথা পাকিস্তানৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ পক্ষৰ পৰা আৰু কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপ তথা সামৰিক দুষ্কাৰ্য কৰা নহ’ব ৷গতিকে ভাৰতেও এই কথা বিবেচনা কৰিলে। আৰু মই আকৌ কওঁ...আমি মাত্ৰ পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু সামৰিক ঘাটিৰ বিৰুদ্ধে আমাৰ ব্যৱস্থা স্থগিতহে ৰাখিছো৷

অনাগত দিনত আমি পাকিস্তানৰ প্ৰতিটো খোজৰ হিচাব লম৷ তেওঁলোকে কি মনোভাৱ গ্ৰহণ কৰে সেয়া লক্ষ্য কৰিম৷

 

বন্ধুসকল,

ভাৰতৰ তিনিটা সেনাবাহিনী-আমাৰ বায়ুসেনা, আমাৰ সেনাবাহিনী আৰু আমাৰ নৌসেনা, আমাৰ সীমান্ত সুৰক্ষা বাহিনী-বিএছএফ, ভাৰতৰ অৰ্ধসামৰিক বাহিনী নিৰন্তৰ সষ্টম হৈ আছে ।ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক বলিষ্ঠ পদক্ষেপ হিচাবে পৰিগণিত হৈছে। ভাৰতে এয়া নীতিগতভাবে গ্ৰহণ কৰিছে৷ ছাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত এতিয়া অপাৰেচন সিন্দুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী নীতিৰ শক্তিশালী প্ৰমাণ হৈ পৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত নতুন ৰেখা টানিছে অপাৰেচন সিন্দুৰে। এটা নতুন মান, এটা নতুন ধৰণ নিৰ্ধাৰণ কৰা হৈছে।

প্ৰথম কথা - ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব।আমি নিজৰ ধৰণে, নিজৰ চৰ্তত সঁহাৰি জনাম।

সন্ত্ৰাসবাদৰ শিপা য’ৰ পৰা বিস্তাৰিত হৈছে তাতেই আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে – ভাৰতে কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে। পাৰমাণৱিক ব্লেকমেইলৰ আৱৰণেৰে ঘেৰি ৰখা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহত ভাৰতে এক নিখুঁত আৰু নিৰ্ণায়ক আক্ৰমণ চলাব। তৃতীয়তে, সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰখন আৰু সন্ত্ৰাসবাদৰ মালিকসকলক আমি পৃথক সত্তা হিচাপে কেতিয়াও নাচাম।

'অপাৰেচন সিন্দুৰ'ৰ সময়ত বিশ্বই আকৌ দেখিছে পাকিস্তানৰ কুৎসিত মুখ।যেতিয়া মৃত সন্ত্ৰাসবাদীক বিদায় দিয়া হৈছিল।

পাকিস্তানী সেনাৰ শীৰ্ষ বিষয়াৰ মাজত লৰাধপৰা লাগিছল। দেশ খনৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদৰ এয়া এক ডাঙৰ প্ৰমাণ। ভাৰত আৰু আমাৰ নাগৰিকক যিকোনো ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ আমি নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাম।

 

বন্ধুসকল,

আমি প্ৰতিবাৰেই যুদ্ধক্ষেত্ৰত পাকিস্তানক পৰাস্ত কৰিছো আৰু এইবাৰ অপাৰেচন সিন্দুৰে ইয়াত এক নতুন মাত্ৰা সংযোজন কৰিলে। আমি মৰুভূমি আৰু পৰ্বতমালাত আমাৰ সামৰ্থ্য উজ্জ্বলভাৱে প্ৰদৰ্শন কৰিছো৷ লগতে আধুনিক যুদ্ধত নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছো।এই অপাৰেচনৰ সময়ত আমাৰ মেড ইন ইণ্ডিয়া অস্ত্ৰৰ সত্যতাও প্ৰমাণিত হ’ল। আজি বিশ্বই লক্ষ্য কৰিছে- একবিংশ শতিকাৰ যুদ্ধত মেড ইন ইণ্ডিয়া প্ৰতিৰক্ষা সঁজুলিৰ সময় আহি পৰিছে।

 

বন্ধুসকল,

আমাৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ মাজত গঢ় লোৱা ঐক্য। এয়া নিশ্চিতভাৱে যুদ্ধৰ যুগ নহয়৷ কিন্তু এয়া সন্ত্ৰাসবাদৰো যুগ নহয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাই হৈছে এখন উন্নত পৃথিৱীৰ নিশ্চয়তা প্ৰদানৰ প্ৰথম চৰ্ত৷

 

বন্ধুসকল,

পাকিস্তানৰ সেনা, পাকিস্তান চৰকাৰে যি সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে এদিন সেই সন্ত্ৰাসবাদেই পাকিস্তানক ধ্বংস কৰিব। পাকিস্তানে যদি জীয়াই থাকিব বিচাৰে তেন্তে নিজৰ দেশত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিব লাগিব। ইয়াৰ বাহিৰে শান্তিৰ কোনো বিকল্প পথ নাই। এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট৷ আতংক আৰু আলোচনা একেলগে আগবাঢ়িব নোৱাৰে৷

সন্ত্ৰাস আৰু বাণিজ্য একেলগে আগুৱাব নোৱাৰে। আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে। আজি বিশ্ব সমাজকো ক'ব বিচাৰিছো- আমাৰ ঘোষিত নীতি হৈছে- পাকিস্তানৰ সৈতে যদি আলোচনা হয়, সেয়া হ'ব সন্ত্ৰাসবাদৰ বিষয়ত, যদি পাকিস্তানৰ সৈতে আলোচনা হয়, তেন্তে সেয়া হ'ব পাক অধিকৃত কাশ্মীৰৰ বিষয়ত৷

 

প্ৰিয় দেশবাসী,

আজি বুদ্ধ পূৰ্ণিমা।

ভগৱান বুদ্ধই আমাক শান্তিৰ পথ দেখুৱাইছে। শান্তিৰ পথো শক্তিৰ মাজেৰেই পৰিচালিত হয়৷ মানৱতা শান্তি আৰু সমৃদ্ধিৰ পথেৰে আগবাঢ়ি যাওক৷ প্ৰতিজন ভাৰতীয়ই শান্তিৰে জীয়াই থাকিবলৈ সক্ষম হওক৷ যিয়ে বিকশিত ভাৰতৰ সপোন পূৰণ কৰিব পাৰিব৷

ইয়াৰ বাবে ভাৰত শক্তিশালী হ'ব লাগিব আৰু প্ৰয়োজনৰ সময়ত শক্তি ব্যৱহাৰ কৰাটোও গুৰুত্বপূৰ্ণ কথা হৈ পৰিব। যোৱা কেইটামান দিনত ভাৰতে ঠিক এনে কামেই কৰিছে।ভাৰতীয় সেনা আৰু সশস্ত্ৰ বাহিনীক পুনৰবাৰ প্ৰণাম জনাইছো।

ভাৰতবাসীৰ সাহস আৰু ঐক্যক প্ৰণাম জনাইছো।

ধন্যবাদ...

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!

ভাৰত মাতা কী জয় !!!