আজি ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱক-যুৱতীসকল ক্ষীপ্ৰতাৰে দক্ষ হৈ উঠিছে আৰু উদ্ভাৱনক আগুৱাই নিছেঃ প্ৰধানমন্ত্ৰী
"ইণ্ডিয়া ফাৰ্ষ্ট" ভাৰতৰ বৈদেশিক নীতিৰ মন্ত্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।
তেখেতে কয় যে বিশ্বই আজি ভাৰতক মনোযোগেৰে নিৰীক্ষণ কৰি আছে আৰু "আজি ভাৰতে কি ভাবে" সেয়া বুজিবলৈ আগ্ৰহী হৈ উঠিছে।
তেখেতে কয় যে বিশ্ব সংকটৰ সময়ত ভাৰতৰ সেৱা আৰু মমতাৰ প্ৰমূল্যবোধ বিশ্বজুৰি প্ৰতিধ্বনিত হৈছিল, ইয়াৰ সংস্কৃতি আৰু পৰম্পৰাৰ সাৰমৰ্ম প্ৰদৰ্শন কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

 

“আজি ভাৰতৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বৰ লোক ভাৰতৰ প্ৰতি কৌতূহলী হৈ উঠিছে। তেখেতে কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পাছত বিশ্বৰ একাদশ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱা ভাৰত ৭-৮ বছৰৰ ভিতৰতে ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ উন্নীত হয়। আইএমএফ-ৰ প্ৰতিবেদনৰ উদ্ধৃতি দাঙি ধৰি শ্ৰী মোদীয়ে কয় যে ভাৰত বিশ্বৰ একমাত্ৰ প্ৰধান অৰ্থনীতি যিয়ে বিগত ১০ বছৰত জিডিপি দুগুণ বৃদ্ধি কৰিছে। যোৱা দশকত ভাৰতে নিজৰ অৰ্থনীতিত দুই লাখ কোটি মাৰ্কিন ডলাৰ যোগ কৰা বুলি উল্লেখেৰে লগতে কয় যে জিডিপি দুগুণ বৃদ্ধি কেৱল সংখ্যাৰ কথা নহয়, বৰঞ্চ ২৫ কোটি লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তকৰণেৰে ‘নৱ-মধ্যবিত্ত’ শ্ৰেণী গঠনৰ দৰে বিশেষ প্ৰভাৱকো সূচিত কৰে। তেখেতে আৰু কয় যে নব্য মধ্যবিত্ত শ্ৰেণীয়ে অৰ্থনীতিলৈ অৰিহণা যোগোৱাৰ লগতে ইয়াক স্পন্দনশীল কৰি তুলিছে। তেওঁলোকে সপোন আৰু আকাংক্ষাৰে নতুন জীৱন আৰম্ভ কৰিছে। “ভাৰতত বিশ্বৰ সৰ্বাধিক যুৱ প্ৰজন্ম আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে যুৱক-যুৱতীসকল ক্ষীপ্ৰতাৰে দক্ষ হৈ উঠিছে, যাৰ ফলত উদ্ভাৱন ত্বৰান্বিত হৈছে। “ইণ্ডিয়া ফাৰ্ষ্ট ভাৰতৰ বৈদেশিক নীতিৰ মন্ত্ৰ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে ভাৰতে এসময়ত সকলো ৰাষ্ট্ৰৰ পৰা সমান দূৰত্ব অক্ষুণ্ণ ৰখাৰ নীতি অনুসৰণ কৰিছিল যদিও বৰ্তমানৰ পন্থাই সকলোৰে সমান ওচৰত থকাত গুৰুত্ব আৰোপ কৰে—এক "সমান-ঘনিষ্ঠতা" নীতি। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব সমাজে এতিয়া ভাৰতৰ মতামত, উদ্ভাৱন আৰু প্ৰচেষ্টাক মূল্য দিয়ে। তেখেতে কয় যে বিশ্বই আজি ভাৰতক মনোযোগেৰে নিৰীক্ষণ কৰি আছে আৰু "আজি ভাৰতে কি ভাবে" সেয়া বুজিবলৈ আগ্ৰহী হৈ উঠিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে কেৱল বিশ্ব শৃংখলাত অংশগ্ৰহণেই নহয়, বৰঞ্চ ভৱিষ্যৎ গঢ়া আৰু সুৰক্ষিতকৰণত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে। বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ সময়ত বিশ্ব সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে তেখেতে কয়। সন্দেহক অৱজ্ঞা কৰি ভাৰতে নিজাকৈ ভেকচিন প্ৰস্তুত কৰিছিল, দ্ৰুত টিকাকৰণ নিশ্চিত কৰিছিল আৰু ১৫০খনৰো অধিক দেশলৈ ঔষধ যোগান ধৰিছিল বুলিও তেখেতে লগতে কয়। তেখেতে কয় যে বিশ্ব সংকটৰ সময়ত ভাৰতৰ সেৱা আৰু মমতাৰ প্ৰমূল্যবোধ বিশ্বজুৰি প্ৰতিধ্বনিত হৈছিল, ইয়াৰ সংস্কৃতি আৰু পৰম্পৰাৰ সাৰমৰ্ম প্ৰদৰ্শন কৰিছিল।

 

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ বৈশ্বিক প্ৰেক্ষাপট সম্পৰ্কে অৱলোকনেৰে তেখেতে কয় যে প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনত কেইখনমান ৰাষ্ট্ৰইহে আধিপত্য বিস্তাৰ কৰিছিল। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ দৃষ্টিভংগীয়ে সদায় একচেটিয়া অধিকাৰতকৈ মানৱতাক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে, সৰ্বাংগীন আৰু অংশগ্ৰহণমূলক বিশ্বব্যৱস্থাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে লগতে কয় যে এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ভাৰতে একবিংশ শতিকাৰ উপযোগীকৈ বিশ্ব প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত আগভাগ লৈছে, সামূহিক অৱদান আৰু সহযোগিতা নিশ্চিত কৰিছে। শ্ৰী মোদীয়ে কয় যে বিশ্বজুৰি আন্তঃগাঁথনিৰ অপৰিসীম ক্ষতিসাধন কৰা প্ৰাকৃতিক দুৰ্য্যোগৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলাকৰণেৰে ভাৰতে দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (CDRI) প্ৰতিষ্ঠাৰ উদ্যোগ গ্ৰহণ কৰিছিল। তেখেতে লগতে কয় যে চিডিআৰআই-এ দুৰ্য্যোগৰ বাবে প্ৰস্তুতি আৰু স্থিতিস্থাপকতা সুদৃঢ়কৰণৰ অৰ্থে বৈশ্বিক অংগীকাৰক প্ৰতিনিধিত্ব কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দলং, পথ, অট্টালিকা আৰু বিদ্যুৎ গ্ৰীডকে প্ৰমুখ্য কৰি দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি নিৰ্মাণক প্ৰসাৰিতকৰণৰ বাবে ভাৰতৰ প্ৰচেষ্টাতো আলোকপাত কৰে, যাতে এইসমূহে প্ৰাকৃতিক দুৰ্য্যোগ সহ্য কৰিব পাৰে আৰু সমগ্ৰ বিশ্বৰ সমাজসমূহক সুৰক্ষিত কৰিব পাৰে।

বিশেষকৈ শক্তি সম্পদৰ ক্ষেত্ৰত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ বিশ্ব সহযোগিতাৰ গুৰুত্বত আলোকপাতেৰে শ্ৰী মোদীয়ে ক্ষুদ্ৰতম ৰাষ্ট্ৰসমূহৰ বাবেও বহনক্ষম শক্তিৰ প্ৰৱেশ নিশ্চিতকৰণৰ সমাধান হিচাপে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ (ISA) ভাৰতৰ পদক্ষেপৰ কথা উল্লেখ কৰে। তেখেতে কয় যে এই প্ৰচেষ্টাই জলবায়ু ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ বিস্তাৰেই নহয়, বৰঞ্চ গ্ল’বেল চাউথ দেশসমূহৰ শক্তিৰ প্ৰয়োজনীয়তাও সুৰক্ষিত কৰে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে ১০০ খনৰো অধিক দেশে এই পদক্ষেপত যোগদান কৰিছে। বাণিজ্যিক ভাৰসাম্যহীনতা আৰু লজিষ্টিক ক্ষেত্ৰত বৈশ্বিক প্ৰত্যাহ্বানসমূহৰ সম্পৰ্কে আলোচনাৰে শ্ৰী মোদীয়ে ভাৰত–মধ্যপ্ৰাচ্য–ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)কে প্ৰমুখ্য কৰি নতুন পদক্ষেপ আৰম্ভৰ বাবে বিশ্বৰ সৈতে ভাৰতৰ সহযোগিতামূলক প্ৰচেষ্টাত আলোকপাত কৰে। তেখেতে কয় যে এই প্ৰকল্পই এছিয়া, ইউৰোপ আৰু মধ্যপ্ৰাচ্যক বাণিজ্য আৰু যোগাযোগ ব্যৱস্থাৰ জৰিয়তে সংযোগ কৰিব, অৰ্থনৈতিক সুযোগ বৃদ্ধি কৰিব আৰু বিকল্প বাণিজ্যিক পথ প্ৰদান কৰিব। এই পদক্ষেপে বিশ্বৰ যোগান শৃংখলক সুদৃঢ় কৰিব বুলি তেখেতে কয়।

বিশ্ব ব্যৱস্থাসমূহক অধিক অংশগ্ৰহণমূলক আৰু গণতান্ত্ৰিক কৰি তোলাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত জি-২০ সন্মিলনৰ সময়ত গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াত আফ্ৰিকান ইউনিয়ন জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিল। দীৰ্ঘদিনীয়া এই দাবী ভাৰতৰ অধ্যক্ষতাৰ সময়ত পূৰণ হোৱা বুলি তেখেতে কয়। শ্ৰী মোদীয়ে বৈশ্বিক সিদ্ধান্ত গ্ৰহণৰ প্ৰতিষ্ঠানসমূহত গ্ল’বেল চাউথৰ দেশসমূহৰ কণ্ঠ হিচাপে ভাৰতৰ ভূমিকাত আলোকপাতেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ডব্লিউএইচঅ’ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে বিশ্ব কাঠামো গঢ়ি তোলাকে প্ৰমুখ্য কৰি ভিন্ন ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অৱদান সম্পৰ্কে কয়। তেখেতে কয় যে এই প্ৰচেষ্টাসমূহে নতুন বিশ্বব্যৱস্থাত ভাৰতৰ শক্তিশালী উপস্থিতি নিশ্চিত কৰিছে। তেখেতে লগতে কয়, “এয়া মাত্ৰ আৰম্ভণিহে, কিয়নো বিশ্ব মঞ্চত ভাৰতৰ সামৰ্থ্যই নতুন স্থান লাভ কৰি আহিছে।“

 

একবিংশ শতিকাৰ ২৫ বছৰ পাৰ হৈ যোৱাৰ কথা লক্ষ্য কৰি, ইয়াৰে ১১ বছৰ তেখেতৰ চৰকাৰৰ অধীনত ৰাষ্ট্ৰখনৰ সেৱাৰ বাবে উৎসৰ্গা কৰা হৈছে বুলি উল্লেখ কৰে। তেখেতে নিৰ্ভৰশীলতাৰ পৰা আত্ম-নিৰ্ভৰতালৈ, আকাংক্ষাৰ পৰা কৃতিত্বলৈ, আৰু হতাশাৰ পৰা উন্নয়নলৈ পৰিৱৰ্তনত আলোকপাত কৰে। তেখেতে কয় যে এটা দশক পূৰ্বে গাঁৱে-ভূঞে শৌচাগাৰৰ সমস্যাই মহিলাসকলক অসুবিধা কৰিছিল যদিও আজি স্বচ্ছ ভাৰত অভিযানে ইয়াৰ সমাধানৰ ব্যৱস্থা কৰিছে। তেখেতে উল্লেখ কৰে যে ২০১৩-ত স্বাস্থ্যসেৱাৰ বিষয়ে আলোচনাত ব্যয়বহুল চিকিৎসাৰ প্ৰত্যাহ্বান সম্পৰ্কে চিন্তা কৰা হৈছিল যদিও আজি আয়ুষ্মান ভাৰতে ইয়াৰ সমাধান আগবঢ়াইছে। একেদৰে তেখেতে কয় যে এসময়ত ধোঁৱা পূৰ্ণ দৰিদ্ৰ লোকৰ পাকঘৰসমূহ এতিয়া উজ্জ্বলা যোজনাৰ জৰিয়তে উপকৃত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৩-ত মহিলাসকলক বেংক একাউন্টৰ বিষয়ে সুধিলে তেওঁলোকে প্ৰায়ে মৌনতা অৱলম্বন কৰিছিল যদিও আজি জন ধন যোজনাৰ বাবে ৩০ কোটিৰো অধিক মহিলাৰ নিজা একাউন্ট আছে। এসময়ত কুঁৱা আৰু পুখুৰীৰ ওপৰত নিৰ্ভৰশীল খোৱাপানীৰ প্ৰত্যাহ্বানেৰে এতিয়া হৰ ঘৰ নল ছে জল যোজনাৰ জৰিয়তে মোকাবিলা কৰা হৈছে বুলিও তেখেতে উল্লেখ কৰে। তেখেতে কয় যে কেৱল এই দশকটোৱেই সলনি হোৱা নাই, বৰঞ্চ জনতাৰ জীৱনৰো পৰিৱৰ্তন হৈছে। তেখেতে কয় যে বিশ্বই ভাৰতৰ উন্নয়নৰ আৰ্হিক স্বীকৃতি প্ৰদান আৰু গ্ৰহণ কৰিছে। তেখেতে লগতে কয়, আজি ভাৰত কেৱল সপোন দেখা ৰাষ্ট্ৰ নহয়, বৰঞ্চ এখন ফলাফল প্ৰদানকাৰী ৰাষ্ট্ৰ।

শ্ৰী মোদীয়ে কয় যে এখন ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ সুবিধা আৰু সময়ক মূল্য প্ৰদান কৰা মাত্ৰেকে ৰাষ্ট্ৰখনৰ গতি পথ ৰূপান্তৰিত হয়। তেখেতে কয় যে আজি ভাৰতে ঠিক এয়াই অনুভৱ কৰে। তেখেতে পাছপ’ৰ্ট আবেদন প্ৰক্ৰিয়াৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ উদাহৰণ দাঙি ধৰে। তেখেতে উল্লেখ কৰে যে পূৰ্বে পাছপ’ৰ্ট লাভ কৰাটো এটা জটিল কাম আছিল, ইয়াৰ লগত দীঘলীয়া অপেক্ষাৰ সময়, নথি-পত্ৰ আৰু সীমিত পাছপ’ৰ্ট কেন্দ্ৰৰ কথা জড়িত আছিল, যিসমূহ বেছিভাগেই ৰাজ্যৰ ৰাজধানীত অৱস্থিত আছিল। তেখেতে কয় যে সৰু চহৰৰ লোকসকলে প্ৰায়ে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ ৰাতিটো থকাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰত্যাহ্বানসমূহ এতিয়া সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছে। তেখেতে অৱগত কৰে যে দেশত পাছপ’ৰ্ট সেৱা কেন্দ্ৰৰ সংখ্যা মাত্ৰ ৭৭ৰ পৰা ৫৫০ৰ অধিকলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও তেখেতে কয় যে পাছপ’ৰ্ট লাভৰ বাবে অপেক্ষাৰ সময়, যি পূৰ্বে ৫০ দিন আছিল, এতিয়া মাত্ৰ ৫-৬ দিনলৈ হ্ৰাস পাইছে।

ভাৰতৰ বেংকিং আন্তঃগাঁথনিত প্ৰত্যক্ষ হোৱা পৰিৱৰ্তন সম্পৰ্কে উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৫০-৬০ বছৰ পূৰ্বে সুলভ বেংকিং সেৱাৰ প্ৰতিশ্ৰুতিৰে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল যদিও লাখ লাখ গাঁৱত এনে সুবিধাৰ অভাৱ দেখা গৈছিল। তেখেতে কয় যে এই পৰিস্থিতি এতিয়া সলনি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অনলাইন বেংকিঙে প্ৰতিটো ঘৰতে স্থান লাভ কৰিছে আৰু আজি দেশৰ প্ৰতি ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বেংকিং টাচপইন্ট আছে। তেখেতে উল্লেখ কৰে যে চৰকাৰে কেৱল বেংকিং আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাই নহয়, বৰঞ্চ বেংকিং ব্যৱস্থাকো সুদৃঢ় কৰিছে। তেখেতে কয় যে বেংকসমূহৰ নন-পাৰ্ফৰ্মিং এচেটছ (NPA) যথেষ্ট হ্ৰাস পাইছে আৰু ১.৪ লাখ কোটি টকাৰ লাভৰ অভিলেখ সৃষ্টি হৈছে। তেখেতে লগতে কয় যে ৰাজহুৱা ধন লুট কৰাসকলক এতিয়া জবাবদিহি কৰা হৈছে, তেখেতে জনাই যে বলবৎকাৰী সঞ্চালকালয়ে (ED) ২২,০০০ কোটি টকাৰো অধিক ধন উদ্ধাৰ কৰিছে, এয়া আইনীভাৱে যিসকল ভুক্তভোগীৰ পৰা লোৱা হৈছিল, তেওঁলোকক ঘূৰাই দিয়া হৈছে।

 

দক্ষতাই ফলপ্ৰসূ শাসন ব্যৱস্থাৰ সূচনা কৰে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কম সময়ত অধিক সাধন কৰা, কম সম্পদ ব্যৱহাৰ কৰা আৰু অপ্ৰয়োজনীয় ব্যয় এৰাই চলাৰ গুৰুত্বত আলোকপাত কৰে। তেখেতে কয় যে "ৰেড টেপতকৈ ৰেড কাৰ্পেট"ক অগ্ৰাধিকাৰ প্ৰদান কাৰ্য্যই এখন ৰাষ্ট্ৰৰ সম্পদৰ প্ৰতি সন্মানক প্ৰতিফলিত কৰে। তেখেতে উল্লেখ কৰে যে বিগত ১১ বছৰ ধৰি তেখেতৰ চৰকাৰে ইয়াত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।

শ্ৰী মোদীয়ে কয় যে তেখেতৰ চৰকাৰে প্ৰথম কাৰ্য্যকালত ৰাষ্ট্ৰখনৰ সম্পদ আৰু প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ কেইবাটাও মন্ত্ৰালয়ক একত্ৰিত কৰিছিল। তেখেতে কয় যে নগৰ উন্নয়ন মন্ত্ৰালয় তথা গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰ্মূল মন্ত্ৰালয়ক একত্ৰিতকৰণেৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় গঠন কৰা হৈছে। একেদৰে বহিঃৰাজ্য মন্ত্ৰালয়ক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে একত্ৰিত কৰা হৈছিল। লগতে জলসম্পদ আৰু নদী উন্নয়ন মন্ত্ৰালয়ক খোৱাপানী মন্ত্ৰালয়ৰ সৈতে একত্ৰিতকৰণেৰে জল শক্তি মন্ত্ৰালয় গঠনৰ কথাও উল্লেখ কৰে। তেখেতে কয় যে এই সিদ্ধান্তসমূহ দেশৰ অগ্ৰাধিকাৰ আৰু সম্পদৰ সুদক্ষ ব্যৱহাৰ আধাৰিত আছিল।

নিয়ম-নীতি সৰল আৰু হ্ৰাসৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সময়ৰ লগে-লগে প্ৰাসংগিকতা হেৰুৱাই পেলোৱা প্ৰায় ১,৫০০ খন পুৰণি আইন তেখেতৰ চৰকাৰে বিলুপ্ত কৰিছিল। ইয়াৰ উপৰিও প্ৰায় ৪০,০০০ অনুপালন আঁতৰোৱা হৈছে। তেখেতে কয় যে এই ব্যৱস্থাসমূহে দুটা উল্লেখযোগ্য ফলাফল প্ৰদান কৰেঃ জনসাধাৰণক হাৰাশাস্তিৰ পৰা সকাহ প্ৰদান আৰু চৰকাৰী যন্ত্ৰৰ ভিতৰত শক্তি সংৰক্ষণ কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে জিএছটি প্ৰৱৰ্তনৰ জৰিয়তে সংস্কাৰৰ আন এক উদাহৰণ দাঙি ধৰে। তেখেতে উল্লেখ কৰে যে ৩০ৰো অধিক কৰক একক কৰত সংহত কৰা হৈছে, যাৰ ফলত প্ৰক্ৰিয়া আৰু নথিপত্ৰৰ ক্ষেত্ৰত যথেষ্ট সঞ্চয় হৈছে।

সংবাদ মাধ্যমে সততে প্ৰকাশ কৰা চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত অদক্ষতা আৰু দুৰ্নীতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সমস্যাসমূহৰ সমাধানৰ বাবে তেখেতৰ চৰকাৰে চৰকাৰী ই-মাৰ্কেটপ্লেচ (GeM) মঞ্চ প্ৰৱৰ্তন কৰিছিল। তেখেতে কয় যে চৰকাৰী বিভাগসমূহে এতিয়া এই প্লেটফৰ্মত নিজৰ প্ৰয়োজনীয়তাসমূহ তালিকাভুক্ত কৰিছে, বিক্ৰেতাসকলে নিবিদা দিয়ে আৰু অৰ্ডাৰসমূহ স্বচ্ছভাৱে চূড়ান্ত কৰা হয়। এই পদক্ষেপে দুৰ্নীতি বহু পৰিমাণে হ্ৰাস কৰিছে আৰু চৰকাৰৰ ১ লাখ কোটিৰো অধিক ধন ৰাহি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ব্যৱস্থাক বিশ্বজুৰি স্বীকৃতি প্ৰদানৰ কথাও উল্লেখ কৰে। তেখেতে কয় যে ডিবিটিয়ে কৰদাতাৰ ৩ লাখ কোটিৰো অধিক ধন ভুল হাতত পৰাত বাধা দিছে। তেখেতে আৰু কয় যে চৰকাৰী আঁচনিৰ শোষণ কৰি থকা অস্তিত্বহীন ব্যক্তিকে প্ৰমুখ্য কৰি ১০ কোটিৰো অধিক ভুৱা হিতাধিকাৰীক চৰকাৰী অভিলেখৰ পৰা আঁতৰ কৰা হৈছে।

 

প্ৰতিগৰাকী কৰদাতাৰ বৰঙণিৰ সৎ ব্যৱহাৰৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু কৰদাতাৰ প্ৰতি থকা সন্মানত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে কৰ ব্যৱস্থাটোক অধিক কৰদাতা-অনুকূল কৰি তোলা হৈছে। তেখেতে কয় যে আয়কৰ ৰিটাৰ্ণ (ITR) দাখিলৰ প্ৰক্ৰিয়া পূৰ্বৰ সময়ৰ তুলনাত এতিয়া বহু সহজ আৰু দ্ৰুত হৈ উঠিছে। তেখেতে উল্লেখ কৰে যে পূৰ্বে চাৰ্টাৰ্ড একাউন্টেন্টৰ সহায় অবিহনে আইটিআৰ দাখিল কৰাটো প্ৰত্যাহ্বানজনক আছিল। আজি ব্যক্তিয়ে কম সময়ৰ ভিতৰতে অনলাইনযোগে আইটিআৰ দাখিল কৰিব পাৰে আৰু দাখিল কৰাৰ কিছুদিনৰ ভিতৰতে তেওঁলোকৰ একাউন্টত ধন ঘূৰাই দিয়া হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ফেচলেছ এচেছমেন্ট আঁচনি প্ৰৱৰ্তনৰ ওপৰতো আলোকপাত কৰে, যাৰ ফলত কৰদাতাসকলে সন্মুখীন হোৱা হেঁচা বহু পৰিমাণে হ্ৰাস পাইছে। তেখেতে কয় যে এনে দক্ষতা-চালিত শাসন সংস্কাৰে বিশ্বক এক নতুন শাসন আৰ্হি প্ৰদান কৰিছে।

প্ৰতিটো খণ্ড আৰু ক্ষেত্ৰত ভাৰতে বিগত ১০-১১ বছৰত যি পৰিৱৰ্তন সাধন কৰিছে, তাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মানসিকতাৰ যি উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে, তাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে স্বাধীনতাৰ পিছত দশক-দশক ধৰি ভাৰতত বিদেশী সামগ্ৰী উচ্চ মানৰ বুলি গণ্য কৰাৰ মানসিকতা গঢ় লৈ উঠিছিল। তেখেতে কয় যে দোকানীসকলে প্ৰায়ে আৰম্ভণিতে এইদৰে কয়, "এইটো আমদানি কৰা হৈছে!" সামগ্ৰী বিক্ৰী কৰাৰ সময়ত এইদৰে কৈছিল। তেখেতে কয় যে এই পৰিস্থিতি এতিয়া সলনি হৈছে আৰু আজি জনসাধাৰণে নিজে সুধিছে, "এইটো মেড ইন ইণ্ডিয়া নে?"

উৎপাদন উৎকৰ্ষতাৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতিত আলোকপাতেৰে দেশৰ প্ৰথমটো থলুৱা এমআৰআই মেচিন নিৰ্মাণৰ শেহতীয়া কৃতিত্বত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে এই মাইলৰ খুঁটিয়ে ভাৰতত চিকিৎসা নিদানৰ ব্যয় বহু পৰিমাণে হ্ৰাস কৰিব। তেখেতে ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ পৰিৱৰ্তনশীল প্ৰভাৱত আলোকপাত কৰে, যিয়ে উৎপাদন খণ্ডত নতুন শক্তিৰ উন্মেষ ঘটাইছে। তেখেতে উল্লেখ কৰে যে এসময়ত বিশ্বই ভাৰতক বিশ্ব বজাৰ হিচাপে গণ্য কৰিছিল যদিও এতিয়া ৰাষ্ট্ৰখনক এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে স্বীকৃতি দিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ম’বাইল ফোন উদ্যোগৰ সফলতাৰ কথা উল্লেখেৰে কয় যে ২০১৪-১৫ত ৰপ্তানি এক বিলিয়ন ডলাৰৰো কমৰ পৰা এটা দশকৰ ভিতৰত বিশ বিলিয়ন ডলাৰৰো অধিকলৈ বৃদ্ধি পাইছে। তেখেতে বিশ্ব টেলিকম আৰু নেটৱৰ্কিং উদ্যোগত শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানত আলোকপাত কৰে। অট’ম’টিভ খণ্ডৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কম্প’নেন্ট ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সুনামৰ ওপৰত মন্তব্য প্ৰদান কৰে। তেখেতে উল্লেখ কৰে যে ভাৰতে পূৰ্বে মটৰ চাইকেলৰ অংশ বৃহৎ পৰিমাণে আমদানি কৰিছিল যদিও আজি ভাৰতত নিৰ্মিত অংশ ইউএই আৰু জাৰ্মানীৰ দৰে দেশলৈ গৈছে। শ্ৰী মোদীয়ে সৌৰ শক্তি খণ্ডৰ সাফল্যতো আলোকপাত কৰি কয় যে সৌৰকোষ আৰু মডিউলৰ আমদানি হ্ৰাসৰ বিপৰীতে ৰপ্তানি ২৩ গুণ বৃদ্ধি পাইছে। তেখেতে কয় যে বিগত দশকত প্ৰতিৰক্ষা ৰপ্তানি ২১ গুণ বৃদ্ধি পাইছে। তেখেতে কয় যে এই সাফল্যসমূহে ভাৰতৰ উৎপাদন অৰ্থনীতিৰ শক্তি আৰু ভিন্ন খণ্ডত নতুন নিয়োগ সৃষ্টিৰ ক্ষমতা প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টিভি ৯ সন্মিলনৰ তাৎপৰ্য্য সম্পৰ্কে বক্তব্য প্ৰদানেৰে ভিন্ন বিষয়ত বিশদ আলোচনাত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে এই সন্মিলনৰ সময়ত আদান-প্ৰদান হোৱা ধাৰণা আৰু দৃষ্টিভংগীয়ে ৰাষ্ট্ৰখনৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰিব। তেখেতে বিগত শতিকাৰ গুৰুত্বপূৰ্ণ মুহূৰ্তটো স্মৰণেৰে কয় যে ভাৰতে নৱীকৃত শক্তিৰে স্বাধীনতাৰ দিশত এক নতুন যাত্ৰা আৰম্ভ কৰিছিল। তেখেতে ১৯৪৭ত স্বাধীনতা লাভৰ ক্ষেত্ৰত ভাৰতৰ কৃতিত্বৰ কথা উল্লেখ কৰি কয় যে এই দশকত ৰাষ্ট্ৰখনে উন্নত ভাৰতৰ লক্ষ্যৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰিছে। তেখেতে ২০৪৭ৰ ভিতৰত এখনি উন্নত ভাৰতৰ সপোন বাস্তৱায়িতকৰণত গুৰুত্ব আৰোপেৰে লালকিল্লাৰ পৰা প্ৰদান কৰা ভাষণৰ কথা পুনৰ উল্লেখেৰে কয় যে এই দৃষ্টিভংগী পূৰণৰ বাবে সামূহিক প্ৰচেষ্টা অতিশয় প্ৰয়োজনীয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলন আয়োজনৰ বাবে টিভি৯ক প্ৰশংসা কৰি তেওঁলোকৰ ইতিবাচক পদক্ষেপক স্বীকাৰেৰে সন্মিলনখনিৰ সফলতাৰ অৰ্থে শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে টিভি৯ নেটৱৰ্কক মিছন ম’ডত ভিন্ন আলোচনাত ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক জড়িত কৰা আৰু নিৰ্বাচিত যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰশংসা কৰে। ২০৪৭ত যুৱক-যুৱতীসকল বিকশিত ভাৰতৰ সৰ্বাধিক হিতাধিকাৰী হ’ব বুলি আস্থা প্ৰকাশেৰে তেখেতে ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand

Media Coverage

Centre's ₹9,585-cr green scheme for NCR may boost CV replacement demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Surat and Daman on 5th June
June 04, 2026
PM to inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 Crore in Surat
PM to dedicate key packages of the 8-Lane Access-Controlled Vadodara-Mumbai Expressway to the nation
PM to lay foundation stone for four-laning of critical sections on NH-56; project to enhance connectivity across tribal regions and boost access to the Statue of Unity
PM to inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 Crore in Daman
PM to dedicate New Terminal Building of NAMO Airport in Daman
PM to lay foundation stones of port projects worth ₹885 Crore for the UT of Lakshadweep

Prime Minister Shri Narendra Modi will visit Gujarat and Daman on 5th June, 2026. At around 2:30 PM, Prime Minister will visit Hazira in Surat district and review ongoing industrial operations and infrastructure projects. At around 4:15 PM, Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 crore in Surat. He will also address the gathering on the occasion.

Prime Minister will then travel to Daman, where at around 6:15 PM, he will inaugurate the New Terminal Building of NAMO Airport in Daman. This will be followed by the dedication of NAMO Hospital in Daman to the nation. Thereafter, at around 7:15 PM, Prime Minister will inaugurate, dedicate and lay the foundation stone of various development projects worth around ₹2,970 crores in Daman. He will also lay the foundation stone of four important projects for the Union Territory of Lakshadweep worth around ₹885 crore. He will also address the gathering on the occasion.

PM in Surat

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of multiple development projects worth over ₹18,800 crore in Surat across the road, power and industrial sectors.

Prime Minister will dedicate Packages VI and VII of the Vadodara-Mumbai Expressway to the nation, enhancing high-speed transportation, logistics efficiency and economic connectivity between Gujarat and Maharashtra. Prime Minister will lay the foundation stone for key infrastructure projects which includes the four-laning of critical sections on NH-56 to enhance connectivity across tribal regions and boost access to the Statue of Unity.

Prime Minister will also inaugurate a 200 bedded ESIC Hospital in Surat, providing modern secondary healthcare across key specialties, backed by a central laboratory and essential ancillary services. It also features 24/7 emergency and trauma care to ensure the timely management of occupational injuries and medical emergencies. Prime Minister will inaugurate critical utility and industrial infrastructure projects, including the Transmission Network Expansion in Gujarat to enhance power evacuation capacity under the Inter-State Transmission System. Prime Minister will also inaugurate several important initiatives of Government of Gujarat, including modern power distribution upgrades under the Revamped Reforms-Based Distribution Sector Scheme in Valsad, advanced effluent disposal and treatment infrastructure at Dahej Petroleum, Chemicals and Petrochemical Investment Region (PCPIR) and Sarigam Gujarat Industrial Development Corporation (GIDC), and essential layout utilities at the Jambusar Bulk Drug Park.

PM in Daman

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 crore in Daman. These projects span various sectors including healthcare, civil aviation, tourism, infrastructure, connectivity and public welfare and are expected to provide a major boost to the overall development of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

Prime Minister will inaugurate and dedicate projects worth around ₹1,340 crore, including the New Terminal Building of NAMO Airport and NAMO Hospital, among others in Daman. The new airport terminal will significantly enhance regional air connectivity and facilitate economic growth in the region. NAMO Hospital, the district hospital in Daman district, has been developed to cater to nearly 1,500 OPD patients per day and will strengthen access to quality healthcare services for the people.

Prime Minister will also lay the foundation stone of projects worth around ₹1,630 crore. Major projects include the Iconic Bridge, the Daman Convention Centre and the NIFT Campus at Daman, among others. These projects are expected to strengthen modern infrastructure, boost tourism, promote investment, generate employment opportunities and improve the quality of life of the people.

Prime Minister will also lay the foundation stone of important projects for the Union Territory of Lakshadweep worth around ₹885 crore. These projects include Development of Port Facilities on the Eastern and Western Sides of both Kalpeni Island and Kadmat Island. The development of these multipurpose jetties will facilitate year-round berthing of large passenger vessels, including cruise vessels of up to 300 metres in length. The projects will enable safe and efficient passenger and cargo handling and provide integrated facilities for fish handling, fuel distribution, ice supply and boat repair. These initiatives will strengthen maritime connectivity, support the livelihoods of local fishermen, promote tourism and contribute to the socio-economic development of the islands.