প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু "ভৱিষ্যত চৰকাৰক আকাৰ দিয়া"ৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

 

ভাষণত প্ৰধানমন্ত্ৰীয়ে শাসনৰ পৰিৱৰ্তনশীল প্ৰকৃতি সম্পৰ্কে নিজৰ মতামত আগবঢ়ায়। তেওঁ "নূন্যতম চৰকাৰ, সৰ্বাধিক শাসন" মন্ত্ৰৰ ওপৰত আধাৰিত ভাৰতৰ পৰিৱৰ্তনশীল সংস্কাৰৰ ওপৰত আলোকপাত কৰে। দেশখনে কেনেদৰে ডিজিটেল প্ৰযুক্তিৰ দ্বাৰা অধিক কল্যাণ, অন্তৰ্ভুক্তি আৰু স্থিৰতাৰ বাবে লাভৱান হৈছে সেই সন্দৰ্ভত অভিজ্ঞতা ব্যক্ত কৰি তেওঁ শাসনৰ ক্ষেত্ৰত মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ আহ্বান জনায়। তেওঁ লগতে এক সামগ্ৰিক সমাজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ, অন্তিম ব্যক্তিগৰাকীলৈ সুবিধা প্ৰদান আৰু মহিলাৰ নেতৃত্বত আধাৰিত বিকাশৰ ওপৰত ভাৰতৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ পৰস্পৰ সংযুক্ত প্ৰকৃতিৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ চৰকাৰসমূহে পৰস্পৰৰ সৈতে সহযোগিতা আৰু শিক্ষা গ্ৰহণ কৰিব লাগিব। তেওঁ কয় যে শাসনব্যৱস্থা অন্তৰ্ভুক্তিমূলক, প্ৰযুক্তি-স্মাৰ্ট, পৰিষ্কাৰ আৰু স্বচ্ছ আৰু সেউজীয়া কৰি তোলাতো এতিয়া সময়ৰ প্ৰয়োজন। এই সন্দৰ্ভত তেওঁ লগতে কয় যে চৰকাৰসমূহে জনসেৱাৰ ক্ষেত্ৰত জীৱন ধাৰণৰ সহজতা, ন্যায়ৰ সহজতা, গতিশীলতাৰ সহজতা, উদ্ভাৱনৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতাক অৱশ্যেই গুৰুত্ব দিব লাগিব। এক বহনক্ষম বিশ্ব গঢ়ি তোলাৰ বাবে জলবায়ু পৰিৱৰ্তন মোকাবিলা কৰাত ভাৰতৰ দৃঢ় অংগীকাৰৰ কথা উল্লেখ কৰি তেওঁ জনসাধাৰণক মিশ্যন লাইফ ফৰ এনভাইৰমেণ্ট-ত যোগদান কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ জি-২০ৰ অধ্যক্ষ হিচাপে বিশ্বই সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতে পালন কৰা নেতৃত্বৰ ভূমিকাৰ বিষয়ে বিষয়ে বৰ্ণনা কৰে। এই সন্দৰ্ভত তেওঁ গ্লবেল ছাউথৰ সন্মুখত অহা বিকাশ সম্বন্ধীয় চিন্তাক বিশ্ব আলোচনাৰ কেন্দ্ৰবিন্দুলৈ নিয়াৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ আহ্বান জনাই তেওঁ গ্লবেল ছাউথৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মাত মতাৰ ওপৰত জোৰ দিয়ে। তেওঁ জোৰ দি কয় যে ভাৰতে "বিশ্ব বন্ধু"ৰ ৰূপত বৈশ্বিক প্ৰগতিত অৰিহণা যোগাই যাব।

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Rs 20,804-crore push to expand railway capacity across major corridors

Media Coverage

India's Rs 20,804-crore push to expand railway capacity across major corridors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings for well-being, wisdom and prosperity
September 10, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam invoking blessings for the well-being, auspiciousness, protection, peace, wisdom and prosperity of all. The Subhashitam seeks the blessings of Lord Indra, Lord Surya, Lord Garuda and Lord Brihaspati.

The Prime Minister shared a Sanskrit Subhashitam-

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”

The Subhashitam conveys that May the glorious Lord Indra bless us with well-being. May Lord Surya, the knower of the entire universe and the sustainer of all, bring auspiciousness to us. May Lord Garuda, the destroyer of obstacles, protect us all. May Lord Brihaspati, the lord of knowledge, bless us with peace, wisdom and prosperity.

The Prime Minister wrote on X;

“स्वस्ति न इन्द्रो वृद्धश्रवाः।

स्वस्ति नः पूषा विश्ववेदाः।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः।

स्वस्ति नो बृहस्पतिर्दधातु॥”