"যুৱ শক্তি বিকশিত ভাৰতৰ আধাৰ"
"মহাদেৱৰ আশীৰ্বাদত যোৱা ১০ বছৰ ধৰি কাশীত 'বিকাশ কা দামৰু' প্ৰতিধ্বনিত হৈ আহিছে"
"কাশী কেৱল আমাৰ বিশ্বাসৰ তীৰ্থযাত্ৰা নহয়, ই হৈছে ভাৰতৰ চিৰন্তন চেতনাৰ জীৱন্ত কেন্দ্ৰ"।
"বিশ্বনাথ ধামে এক নিৰ্ণায়ক দিশ প্ৰদান কৰিব আৰু ভাৰতক এক উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব"
"নতুন কাশী নতুন ভাৰতৰ বাবে এক অনুপ্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে"
"ভাৰত এক ধাৰণা, আৰু সংস্কৃত হৈছে ইয়াৰ মুখ্য অভিব্যক্তি। ভাৰত হৈছে এক যাত্ৰা, সংস্কৃত হৈছে ইয়াৰ ইতিহাসৰ মুখ্য অধ্যায়। ভাৰত হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ ভূমি, সংস্কৃত ইয়াৰ মূল"
"আজি কাশীক ঐতিহ্য আৰু উন্নয়নৰ এক আৰ্হি হিচাপে প্ৰত্যক্ষ হৈছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ চাৰিওফালে আধুনিকতা কেনেদৰে বিস্তাৰিত হয়আজি পৃথিৱীয়ে প্ৰত্যক্ষ কৰিছে"
তেওঁ এইটোও উল্লেখ কৰে যে আজি মুকলি কৰা কফি টেবুল কিতাপবোৰে যোৱা ১০ বছৰত কাশীৰ পুনৰুজ্জীৱিতকৰণৰ কাহিনী বহন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ সভাগৰত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কাশী সংসদ প্ৰতিযোগিতাৰ পুস্তিকা আৰু এখন কফি টেবুল কিতাপো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে কাশী সংসদ জ্ঞান প্ৰতিযোগিতা, কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু কাশী সংসদ সংস্কৃত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে বাৰাণসীৰ সংস্কৃত শিক্ষাৰ্থীসকলক কিতাপ, ইউনিফৰ্ম, বাদ্যযন্ত্ৰ আৰু মেধা বৃত্তি বিতৰণ কৰে।তেওঁ কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গেলেৰীও পৰিদৰ্শন কৰেআৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে "সনৱাৰ্টি কাশী" বিষয়বস্তুত তেওঁলোকৰ আলোকচিত্ৰ প্ৰবিষ্টিৰ সম্পৰ্কে বাৰ্তালাপ কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তৰুণ গৱেষকসকলৰ মাজত উপস্থিত থাকি আনন্দিত হোৱা বুলি প্ৰকাশ কৰি কয় যে তেওঁৰ জ্ঞানৰ গঙ্গাত ডুব দিয়াৰ দৰেই অনুভৱ হৈছে। তেওঁ প্ৰাচীন চহৰখনৰ পৰিচয় শক্তিশালী কৰাৰ বাবেচেষ্টা চলাই থকা যুৱ প্ৰজন্মক প্ৰশংসা কৰে। তেওঁ কয় যে অমৃত কালত ভাৰতৰ যুৱপ্ৰজন্মই দেশক নতুন উচ্চতালৈ লৈ যাব সেয়া গৌৰৱ আৰু সন্তুষ্টিৰ বিষয়। "কাশী হৈছে চিৰন্তন জ্ঞানৰ ৰাজধানী", প্ৰধানমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰি কয় যে কাশীৰ সামৰ্থ্য আৰু ৰূপে পুনৰ গৌৰৱ লাভ কৰাটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয়।তেওঁ আজি কাশী সংসদ জ্ঞান প্ৰতিযোগিতা, কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু কাশী সংসদ সংস্কৃত প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰাৰ কথা উল্লেখ কৰে আৰু বিজয়ীসকলক অভিনন্দন জনায়। যিসকলে বিজয়ীৰ তালিকাত স্থান লাভ কৰিব নোৱাৰিলে তেওঁলোককো উৎসাহ দিয়ে। "কোনো অংশগ্ৰহণকাৰী পৰাজিত বা পিছ পৰা নাই, তাৰ পৰিৱৰ্তে সকলোৱে এই অভিজ্ঞতাৰ পৰা শিকিছে", সকলো অংশগ্ৰহণকাৰী প্ৰশংসাৰ যোগ্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়। প্ৰধানমন্ত্ৰীয়ে কাশীৰ সাংসদ হিচাপে তেওঁৰ দৃষ্টিভংগী আগুৱাই নিয়াৰ বাবে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ ন্যাস, কাশী বিদ্বৎ পৰিষদ আৰু পণ্ডিতসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ এইটোও উল্লেখ কৰে যে আজি মুকলি কৰা কফি টেবুল কিতাপবোৰে যোৱা ১০ বছৰত কাশীৰ পুনৰুজ্জীৱিতকৰণৰ কাহিনী বহন কৰিছে।

 

যোৱা ১০ বছৰত কাশীৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে আমি সকলোৱে ভগৱান মহাদেৱৰ ইচ্ছাৰ সঁজুলি। তেওঁ কয় যে মহাদেৱৰ আশীৰ্বাদত যোৱা ১০ বছৰ ধৰি কাশীত 'বিকাশ কা দামৰু' প্ৰতিধ্বনিত হৈ আহিছে। কোটি কোটি টকাৰ প্ৰকল্পৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে শিৱৰাত্ৰি আৰু ৰংভাৰী একাদশীৰ পূৰ্বে কাশীয়ে আজি উন্নয়নৰ উৎসৱ উদযাপন কৰিছে। তেওঁ কয় যে সকলোৱে 'বিকাশ কি গংগা'ৰ জৰিয়তে হোৱা পৰিৱৰ্তন দেখিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে "কাশী কেৱল বিশ্বাসৰ কেন্দ্ৰ নহয়, ই ভাৰতৰ চিৰন্তন চেতনাৰ এক জীৱন্ত কেন্দ্ৰ"। তেওঁ কয় যে বিশ্বত ভাৰতৰ প্ৰাচীন সন্মান কেৱল অৰ্থনৈতিক শক্তিৰ ওপৰত আধাৰিত নহয়; সাংস্কৃতিক, আধ্যাত্মিক আৰু সামাজিক সমৃদ্ধি ইয়াৰ আঁৰত আছিল।তেওঁ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ স্থানৰ সৈতে ভাৰতৰ জ্ঞান পৰম্পৰাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি কয় যে কাশী আৰু বিশ্বনাথ ধামৰ দৰেতীৰ্থ স্থানবোৰ ৰাষ্ট্ৰৰ উন্নয়নৰ 'যজ্ঞশালা'ৰ দৰে।কাশীৰ উদাহৰণৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে কয় যে শিৱৰ দেশ হোৱাৰ লগতে কাশী বুদ্ধৰ শিক্ষাৰ স্থান; জৈন তীৰ্থংকৰসকলৰ জন্মস্থানৰ লগতে আদি শংকৰাচাৰ্যৰ জ্ঞানৰ স্থান। তেওঁ কাশীৰ বিশ্বজনীন আকৰ্ষণৰ ওপৰতো আলোকপাত কৰি কয় যে সমগ্ৰ দেশ আৰু পৃথিৱীৰ অন্যান্য প্ৰান্তৰ লোক কাশীলৈ আহে। "এনে বৈচিত্ৰ্যৰ ঠাইত নতুন আদৰ্শৰ জন্ম হয়। নতুন ধাৰণাসমূহে প্ৰগতিৰ সম্ভাৱনা কঢ়িয়াই আনে।" প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

"বিশ্বনাথ ধামে এক নিৰ্ণায়ক দিশ প্ৰদান কৰিব আৰু ভাৰতক এক উজ্জ্বল ভৱিষ্যতলৈ লৈ যাব", কাশী বিশ্বনাথ ধামৰ উদ্বোধনৰ সময়ত তেওঁৰ ভাষণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয় আৰু আজি এই বিশ্বাসপুনৰ দৃঢ়তাৰে উল্লেখ কৰে। তেওঁ এই কথাত জোৰ দিয়ে যে বিশ্বনাথ ধাম কৰিডৰে আজি এক পাণ্ডিত্যপূৰ্ণ ঘোষণা প্ৰত্যক্ষ কৰিছে আৰু লগতে ন্যায় শাস্ত্ৰৰ পৰম্পৰাপুনৰুজ্জীৱিত কৰা হৈছে। "কাশীয়ে প্ৰাচীন সুৰৰ লগতে লিখিতসংলাপো শুনিব পাৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ধাৰণাবিনিময়ত উদগনি দিব, প্ৰাচীন জ্ঞান সংৰক্ষণ কৰিব আৰু নতুন মতাদৰ্শ সৃষ্টি কৰিব। তেওঁ কয় যে কাশী সংসদ সংস্কৃত প্ৰতিযোগিতা আৰু কাশী সংসদ জ্ঞান প্ৰতিযোগিতা এনে প্ৰচেষ্টাৰ এটা অংশ য'ত সংস্কৃত অধ্যয়ন কৰিব বিচৰা হাজাৰ হাজাৰ যুৱক-যুৱতীক জলপানিৰ লগতে কিতাপ, কাপোৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰা হৈছে। শিক্ষকসকললৈও সহায়তা আগবঢ়োৱা হৈছে।কাশী তামিল সঙ্গমম আৰু গংগা পুষ্কৰুলু মহোৎসৱৰ দৰে"বিশ্বনাথ ধাম 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' অভিযানৰ অংশ হৈ পৰিছে", শ্ৰী মোদীয়ে এনেদৰে মন্তব্য কৰি কয় যে বিশ্বাসৰ এই কেন্দ্ৰই জনজাতীয় সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সামাজিক অন্তৰ্ভুক্তিৰ সংকল্প শক্তিশালী কৰি তুলিছে। শ্ৰী মোদীয়ে জানিবলৈ দিয়ে যে আধুনিক বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা প্ৰাচীন জ্ঞানৰ ক্ষেত্ৰত কাশী আৰু বিদ্বৎপৰিষদৰ পণ্ডিতসকলেও নতুন গৱেষণা কৰি আছে। তেওঁ মন্দিৰ ন্যাসৰ কথাও উল্লেখ কৰে যিয়ে চহৰখনৰ বহু ঠাইত বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰিছে। কেনেকৈ বিশ্বাসৰ কেন্দ্ৰসামাজিক আৰু ৰাষ্ট্ৰীয় সংকল্পৰ বাবে শক্তিৰ কেন্দ্ৰ হ'ব পাৰে সেই বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,"নতুন কাশী নতুন ভাৰতৰ বাবে এক অনুপ্ৰেৰণা হিচাপে আত্মপ্ৰকাশ কৰিছে।"তেওঁ বিশ্বাস ব্যক্ত কৰে যে ইয়াৰ পৰা ওলাই যোৱা যুৱক-যুৱতীসকল সমগ্ৰ বিশ্বতে ভাৰতীয় জ্ঞান, পৰম্পৰা আৰু সংস্কৃতিৰ ধ্বজাবাহক হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ বিকাশত আটাইতকৈ ডাঙৰ অৱদান আগবঢ়োৱা ভাষাসমূহৰ ভিতৰত সংস্কৃত আটাইতকৈ গুৰুত্বপূৰ্ণ। ভাৰত হৈছে এক ধাৰণা, আৰু সংস্কৃত হৈছে ইয়াৰ মুখ্য অভিব্যক্তি। ভাৰত হৈছে এক যাত্ৰা, সংস্কৃত হৈছে ইয়াৰ ইতিহাসৰ মুখ্য অধ্যায়। ভাৰত হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ দেশ, সংস্কৃত ইয়াৰ মূল।" প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া সংস্কৃত জ্যোতিৰ্বিজ্ঞান, গণিত, ঔষধ, সাহিত্য, সংগীত আৰু কলাৰ গৱেষণাৰ মুখ্য ভাষা আছিল। এই শাখাসমূহৰ জৰিয়তে ভাৰতে ইয়াৰ পৰিচয় লাভ কৰিছে, তেওঁ কয়। তেওঁ কয় যে কাশী আৰু কাঞ্চীত বেদৰ আবৃত্তি হৈছে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ অনুৰণন।প্ৰধানমন্ত্ৰীয়ে কয়, "আজি কাশীক ঐতিহ্য আৰু উন্নয়নৰ আৰ্হি হিচাপে দেখা গৈছে। বৰ্তমান সময়ত বিশ্বই দেখিছে যে পৰম্পৰা আৰু আধ্যাত্মিকতাৰ চাৰিওফালে আধুনিকতা কেনেদৰে বিস্তাৰিত হয়।"  তেওঁ নতুনকৈ নিৰ্মিত মন্দিৰত ৰাম লাল্লাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত কাশীৰ দৰে অযোধ্যা কেনেদৰে বিকশিত হৈ আছে তাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কুশীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কথা উল্লেখ কৰে আৰু দেশৰ ভগৱান বুদ্ধৰ সৈতে জড়িত ঠাইসমূহত আধুনিক আন্তঃগাঁথনি আৰু সুবিধা বিকাশত চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে অহা ৫ বছৰত দেশখনে উন্নয়নৰ ক্ষেত্ৰত এক নতুন গতি প্ৰদান কৰিব আৰু সফলতাৰ নতুন আৰ্হি সৃষ্টি কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”