এয়া ভাৰতৰ অবিশ্বাস্য ক্ৰীড়া প্ৰতিভাক উদযাপন আৰু এই ক্ৰীড়াই দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকলৰ মনোভাৱক থূপাই-প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি ক্ৰীড়াক ভাৰতৰ সামগ্ৰিক বিকাশৰ এক মূল চালিকাশক্তি হিচাপে গণ্য কৰোঁঃ প্ৰধানমন্ত্ৰী
আমি আমাৰ খেলুৱৈসকলৰ বাবে সৰ্বাধিক সুযোগ সৃষ্টি কৰিছোঁ যাতে তেওঁলোকে নিজৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী
ভাৰত ২০৩৬ত অলিম্পিক আয়োজনৰ বাবে অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
ৰাষ্ট্ৰীয় ক্ৰীড়া কেৱল এক ক্ৰীড়া অনুষ্ঠানেই নহয়, বৰঞ্চ এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক প্ৰদৰ্শনৰ এখনি বিশাল মঞ্চ, যিয়ে ভাৰতৰ চহকী বৈচিত্ৰ্য আৰু ঐক্যক উদযাপন কৰেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যেনেকৈ জুয়ে সোণক বিশুদ্ধ কৰে, ঠিক তেনেকৈ খেলুৱৈসকলেও লাভ কৰা অধিক সুযোগেৰে নিজৰ সামৰ্থ্য পৰিশোধন কৰিব পাৰে। তেখেতে লগতে কয় যে এতিয়া বছৰটোত একাধিক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে আৰু কেইবাখনো নতুন প্ৰতিযোগিতাক খেল’ ইণ্ডিয়া শৃংখলাত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়াই বহু যুৱ খেলুৱৈক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদানৰ সমান্তৰালকৈ বিশ্ববিদ্যালয় গেমছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক একাধিক সুযোগ প্ৰদান কৰে। তেখেতে কয় যে খেল’ ইণ্ডিয়া পেৰা গেমছে পেৰা খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শনৰ অগ্ৰগতি সাধনৰ লগতে নতুন কৃতিত্ব গঢ়াত সহায় কৰিছে। শেহতীয়াকৈ লাডাখত খেল’ ইণ্ডিয়া শীতকালীন গেমছৰ ৫ম সংস্কৰণ অব্যাহত থকাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰ বিচ গেমছৰ আয়োজন কৰা হৈছিল।

 

শ্ৰী মোদীয়ে কয় যে ক্ৰীড়াৰ প্ৰসাৰৰ অৰ্থে কেৱল চৰকাৰেই প্ৰচেষ্টা গ্ৰহণ কৰা নহয়, বৰঞ্চ একাধিক সাংসদেও নতুন প্ৰতিভাসমূহক আগুৱাই নিবলৈ নিজৰ সমষ্টিত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। কাশীৰ সাংসদ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেৱল তেখেতৰ সংসদীয় সমষ্টিতে প্ৰতি বছৰে প্ৰায় ২.৫ লাখ যুৱক-যুৱতীয়ে ক্ৰীড়া প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ সুযোগ পায়। তেখেতে কয় যে দেশত ক্ৰীড়াৰ এক সুন্দৰ ফুলৰ থোপা সৃষ্টি হৈছে, প্ৰতিটো ঋতুতে ফুল ফুলিছে আৰু প্ৰতিযোগিতাসমূহ অবিৰতভাৱে অনুষ্ঠিত হৈছে।

“ভাৰতৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়াক এক মূল মাধ্যম হিচাপে গণ্য কৰা হয়”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় আৰু উল্লেখ কৰে যে যেতিয়া এখন দেশে ক্ৰীড়াত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে, তেতিয়া ইয়াৰ সুনাম আৰু প্ৰফাইলৰো বৰ্ধন ঘটে। সেয়েহে তেখেতে লগতে কয় যে ক্ৰীড়াক ভাৰতৰ উন্নয়ন আৰু যুৱ-প্ৰজন্মৰ আত্মবিশ্বাসৰ সৈতে সংযোগ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হোৱাৰ দিশত আগবাঢ়িছে আৰু ক্ৰীড়া অৰ্থনীতি এই প্ৰচেষ্টাৰ এক উল্লেখযোগ্য অংশ। তেখেতে উল্লেখ কৰে যে প্ৰতিগৰাকী খেলুৱৈৰ আঁৰত প্ৰশিক্ষক, পুষ্টি আৰু ফিটনেছ বিশেষজ্ঞ, চিকিৎসক আৰু সঁজুলিকে ধৰি এক সমগ্ৰ ব্যৱস্থা আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বজুৰি খেলুৱৈসকলে ব্যৱহাৰ কৰা গুণগত ক্ৰীড়া সঁজুলিৰ নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। তেখেতে উল্লেখ কৰে যে মীৰুটত ক্ৰীড়া সঁজুলি উৎপাদন কৰা ৩৫ হাজাৰৰো অধিক সৰু-বৰ ফেক্টৰী আছে, এইসমূহত ৩ লাখৰো অধিক লোক কৰ্মৰত। তেখেতে কয় যে সমগ্ৰ দেশতে এনে ব্যৱস্থাৰ বিকাশ ঘটিছে।

 

শেহতীয়াকৈ দিল্লীস্থিত বাসগৃহত ভাৰতৰ অলিম্পিক দলটোক লগ পোৱাৰ সুযোগ লাভ কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উক্ত মত-বিনিময়ৰ সময়ত এগৰাকী খেলুৱৈয়ে "পিএম"ক "প্ৰাইম মিনিষ্টাৰ"ৰ পৰিৱৰ্তে "পৰম মিত্ৰ" (শ্ৰেষ্ঠ বন্ধু) বুলি পুনৰ সংজ্ঞায়িত কৰিছিল। এই আস্থাই তেখেতক শক্তি প্ৰদান কৰিছে বুলি তেখেতে কয়। তেখেতে খেলুৱৈসকলৰ প্ৰতিভা আৰু সম্ভাৱনাৰ ওপৰত সম্পূৰ্ণ আস্থা কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১০ বছৰত তেওঁলোকৰ প্ৰতিভাক সমৰ্থনত অহৰহ মনোনিৱেশ কৰা কাৰ্য্য আৰু যোৱা দশকত ক্ৰীড়া বাজেট তিনিগুণৰো অধিক বৃদ্ধি কৰাত আলোকপাত কৰে। তেখেতে লগতে কয় যে ‘টপছ’ আঁচনিৰ অধীনত একাধিক খেলুৱৈৰ বাবে শ-শ কোটি টকা বিনিয়োগ কৰা হৈছে। খেল’ ইণ্ডিয়া কাৰ্য্যসূচীয়ে সমগ্ৰ দেশতে আধুনিক ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তুলিছে বুলি তেখেতে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে বিদ্যালয়সমূহতো ক্ৰীড়া মূলসুঁতিলৈ আহিছে আৰু মণিপুৰত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।

চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ফলাফল খেলপথাৰ আৰু পদকৰ সংখ্যাত দেখা পোৱা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় খেলুৱৈসকলে প্ৰতিটো আন্তঃৰাষ্ট্ৰীয় ইভেন্টতে নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে নিজৰ নাম উজলাইছে। তেখেতে অলিম্পিক আৰু পেৰা অলিম্পিকত ভাৰতীয় খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন কাৰ্য্যক প্ৰশংসাৰে উত্তৰাখণ্ডৰ একাধিক খেলুৱৈয়ো পদক লাভ কৰা বুলি উল্লেখ কৰে। অংশগ্ৰহণকাৰীসকলক উৎসাহিতকৰণৰ বাবে অনুষ্ঠানস্থলীত একাধিক পদক বিজয়ী উপস্থিত থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

 

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ হকীৰ গৌৰৱময় দিনবোৰ ঘূৰি আহিছে। তেখেতে কয় যে ভাৰতৰ খো-খো দলে শেহতীয়াকৈ বিশ্বকাপ জয় কৰিছে আৰু গুকেশ ডি.য়ে বিশ্ব দবা চেম্পিয়নশ্বিপ জয়েৰে বিশ্বক স্তম্ভিত কৰি তুলিছে। ইয়াৰ উপৰিও কনেৰু হাম্পী মহিলা বিশ্ব ৰেপিড দবা চেম্পিয়ন হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সফলতাসমূহে প্ৰমাণ কৰে যে ভাৰতত ক্ৰীড়া এতিয়া কেৱল পাঠ্যক্ৰমৰ বাহিৰৰ কাম নহয়, বৰঞ্চ যুৱক-যুৱতীসকলে এতিয়া ক্ৰীড়াক কেৰিয়াৰৰ এটা বিশেষ পছন্দ হিচাপে বিবেচনা কৰিছে।

“যেনেকৈ খেলুৱৈসকলে সদায় বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰে, ঠিক সেইদৰে ভাৰতেও মহান সংকল্প লৈ আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ভাৰতে ২০৩৬ত অলিম্পিক আয়োজনৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা গ্ৰহণ কৰিছে, যিয়ে ভাৰতীয় ক্ৰীড়াক নতুন শিখৰত উপনীত কৰিব। অলিম্পিক কেৱল ক্ৰীড়া অনুষ্ঠানেই নহয় বুলি উল্লেখেৰে তেখেতে কয় যে ইয়াৰ আয়োজনে আয়োজক দেশখনৰ একাধিক খণ্ডক পৰিচালিত কৰে। শ্ৰী মোদীয়ে কয় যে অলিম্পিকৰ বাবে নিৰ্মিত ক্ৰীড়া আন্তঃগাঁথনিয়ে নিয়োগ সৃষ্টি কৰে আৰু ভৱিষ্যতৰ খেলুৱৈসকলৰ বাবে উন্নত সুবিধা প্ৰশস্ত কৰে। তেখেতে লগতে কয় যে অলিম্পিক আয়োজন কৰা চহৰখনত নতুন যোগাযোগ আন্তঃগাঁথনি দেখা যায়, নিৰ্মাণ আৰু পৰিবহণ খণ্ডৰ অগ্ৰগতি সাধন হয় আৰু আটাইতকৈ ডাঙৰ লাভ হয় দেশৰ পৰ্যটনৰ, নতুন হোটেল নিৰ্মাণ কৰা হয় আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ লোক অংশগ্ৰহণ আৰু খেল চাবলৈ আহে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেৱভূমি উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াই স্থানীয় অৰ্থনীতিৰো উপকাৰ সাধন কৰিব। তেখেতে লগতে কয় যে দেশৰ আন-আন প্ৰান্তৰ দৰ্শকসকলে উত্তৰাখণ্ডৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিব, ইয়াৰ জৰিয়তে প্ৰমাণিত হ’ব যে ক্ৰীড়া অনুষ্ঠানে কেৱল খেলুৱৈসকলকেই নহয়, বৰঞ্চ অৰ্থনীতিৰ আন-আন ভিন্ন খণ্ডকো উপকৃত কৰে।

 

একবিংশ শতিকাক ভাৰতৰ শতিকা বুলি দেশখনে প্ৰশংসা লাভ কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে তেখেতে বাবা কেদাৰনাথ ভ্ৰমণৰ পিছত স্বতঃস্ফূৰ্তভাৱে অনুভৱ কৰিছিল যে এয়া উত্তৰাখণ্ডৰ দশক। উত্তৰাখণ্ডৰ দ্ৰুত অগ্ৰগতিৰ বাবে তেখেতে সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰাখণ্ড দেশৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে যিয়ে কন্যা, মাতৃ, ভগ্নীসকলৰ বাবে এক মৰ্যাদাপূৰ্ণ জীৱনৰ আধাৰ গঢ়ি তুলিছে। এই কাৰ্য্যই গণতন্ত্ৰৰ মনোভাৱ আৰু সংবিধানৰ সাৰমৰ্মক সুদৃঢ় কৰিব। শ্ৰী মোদীয়ে ইয়াক ক্ৰীড়া অনুষ্ঠানটোৰ সৈতে সংযোগ কৰি উল্লেখ কৰে যে ক্ৰীড়াই সকলো ধৰণৰ বৈষম্যৰ অনুভূতি দূৰ কৰে। তেখেতে লগতে কয় যে প্ৰতিটো জয় আৰু পদক সামূহিক প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰা হয় আৰু ক্ৰীড়াই দলীয় কামক অনুপ্ৰাণিত কৰে। তেখেতে কয় যে একে মনোভাৱ ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰতো প্ৰযোজ্য, য’ত কোনো বৈষম্য নাই। ইয়াত সকলো সমান। এই ঐতিহাসিক পদক্ষেপ গ্ৰহণৰ বাবে তেখেতে উত্তৰাখণ্ড ৰাজ্য চৰকাৰক অভিনন্দন জনায়।

পোন-প্ৰথমবাৰৰ বাবে উত্তৰাখণ্ডত ইমান বিশাল পৰিসৰত ৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এক উল্লেখযোগ্য কৃতিত্ব। ইয়াৰ জৰিয়তে অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু স্থানীয় যুৱক-যুৱতীসকলে চাকৰিৰ সুবিধা লাভ কৰিছে। তেখেতে আহ্বান জনায় যে উত্তৰাখণ্ডে উন্নয়নৰ নতুন পথ বিচাৰি উলিয়াব লাগিব, কিয়নো ইয়াৰ অৰ্থনীতিক কেৱল চাৰি ধাম যাত্ৰাৰ ওপৰতে নিৰ্ভৰ কৰিব নোৱাৰি। তেখেতে লগতে কয় যে চৰকাৰে এই তীৰ্থযাত্ৰাসমূহৰ আকৰ্ষণ বৃদ্ধিৰ বাবে সুবিধাসমূহ অহৰহভাৱে সম্প্ৰসাৰিত কৰি আছে, ইয়াৰ ফলশ্ৰুতিত প্ৰতিটো ঋতুতে তীৰ্থযাত্ৰীৰ সংখ্যাই নতুন অভিলেখ গঢ়ি তুলিছে। অৱশ্যে এয়াই যথেষ্ট নহয় বুলি তেখেতে উল্লেখ কৰে। শ্ৰী মোদীয়ে উত্তৰাখণ্ডত শীতকালীন আধ্যাত্মিক যাত্ৰাক প্ৰসাৰিতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই দিশত নতুন পদক্ষেপ গ্ৰহণত তেখেতে সন্তোষ প্ৰকাশৰ লগতে এই শীতকালীন যাত্ৰাসমূহৰ অংশ হোৱাৰ ইচ্ছাও প্ৰকাশ কৰে। তেখেতে দেশৰ ভিন্ন প্ৰান্তৰপৰা অহা যুৱক-যুৱতীসকলক শীতকালত উত্তৰাখণ্ড ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰে, কিয়নো এই সময়ছোৱাত তীৰ্থযাত্ৰীৰ সংখ্যা কম আৰু ইয়াত দুঃসাহসিক কাৰ্য্যকলাপৰ একাধিক সুযোগ আছে। তেখেতে সকলো খেলুৱৈকে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পিছত এই সুযোগসমূহ অন্বেষণেৰে অধিক সময়ৰ বাবে দেৱভূমিৰ আতিথ্য উপভোগ কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈসকলে নিজ-নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে আৰু অনাগত দিনত পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ কঠিন প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। তেখেতে তেওঁলোকক যৎপৰোনাস্তি চেষ্টা কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় ক্ৰীড়া কেৱল এখনি ক্ৰীড়া প্ৰতিযোগিতাই নহয়, বৰঞ্চ এয়া ভাৰতৰ বৈচিত্ৰ্যক উদযাপন কৰা "এক ভাৰত, শ্ৰেষ্ঠ ভাৰত"ৰ মঞ্চও বুলি উল্লেখেৰে শ্ৰী মোদীয়ে খেলুৱৈসকলক উৎসাহিত কৰে যাতে তেওঁলোকৰ পদকসমূহে ভাৰতৰ ঐক্য আৰু উৎকৃষ্টতাক প্ৰতিফলিত কৰে। তেখেতে তেওঁলোকক ভিন্ন ৰাজ্যৰ ভাষা, খাদ্য, সংগীতৰ বিষয়ে জানিবলৈ আহ্বান জনায়। স্বচ্ছতাৰ গুৰুত্বৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰাখণ্ড প্লাষ্টিকমুক্ত হোৱাৰ দিশত আগবাঢ়িছে আৰু খেলুৱৈসকলৰ সহযোগিতা অবিহনে এই লক্ষ্যত উপনীত হ’ব নোৱাৰি। তেখেতে এই অভিযানৰ সফলতাত সকলোকে অৰিহণা যোগাবলৈ আহ্বান জনায়।

ফিটনেছৰ গুৰুত্ব আৰু দেশত মেদবহুলতাৰ ক্ৰমবৰ্ধমান সমস্যাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মেদবহুলতাই যুৱক-যুৱতীসকলকে প্ৰমুখ্য কৰি সকলো বয়সৰ লোককে প্ৰভাৱিত কৰিছে আৰু ডায়েবেটিছ তথা হৃদৰোগৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিছে। ফিট ইণ্ডিয়া আন্দোলনৰ জৰিয়তে দেশখন ফিটনেছ আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি অধিক সচেতন হোৱাত সন্তুষ্টি প্ৰকাশ কৰে শ্ৰী মোদীয়ে। তেখেতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ক্ৰীড়াত শাৰীৰিক ক্ৰিয়া-কলাপ, অনুশাসন আৰু সুষম জীৱনৰ গুৰুত্ব সম্পৰ্কে শিকোৱা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাগৰিকসকলক ব্যায়াম আৰু খাদ্যাভ্যাস উভয় বিষয়তে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। তেখেতে সকলোকে প্ৰতিদিনে ব্যায়ামৰ বাবে কিছু সময় উলিয়াবলৈ উৎসাহিত কৰে, সেয়া খোজ কঢ়াই হওঁক বা ৱৰ্কআউটেই হওঁক। তেখেতে সুষম আৰু পুষ্টিকৰ খাদ্য সন্দৰ্ভতো গুৰুত্ব আৰোপেৰে স্বাস্থ্যৰ বাবে অনুপযোগী চৰ্বি আৰু তেল হ্ৰাসৰ পৰামৰ্শ আগবঢ়ায়। তেখেতে প্ৰতিমাহে কমেও ১০% ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাসৰ পৰামৰ্শ আগবঢ়ায়, কিয়নো এনে সৰু-সৰু পদক্ষেপে স্বাস্থ্যৰ যথেষ্ট অগ্ৰগতি সাধন কৰিব পাৰে। তেখেতে উল্লেখ কৰে যে এটি সুস্থ শৰীৰে সুস্থ মন আৰু সুস্থ ৰাষ্ট্ৰৰ অভিমুখে আমাক ধাৱমান কৰে। শ্ৰী মোদীয়ে ৰাজ্য চৰকাৰ, বিদ্যালয়, কাৰ্য্যালয় আৰু সমাজৰ নেতাসকলক ফিটনেছ আৰু পুষ্টি সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। তেখেতে সকলোকে নিজৰ ব্যৱহাৰিক অভিজ্ঞতা আৰু সঠিক পুষ্টিৰ বিষয়ে জ্ঞানৰ আদান-প্ৰদান কৰিবলৈ আহ্বান জনায়। সামৰণিত তেখেতে এখনি "ফিট ইণ্ডিয়া" গঢ়াৰ বাবে সামূহিকভাৱে প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনাই ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হোৱা বুলি ঘোষণাৰে সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এই অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) গুৰ্মিত সিং, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা, শ্ৰীমতী ৰক্ষা খাদছেকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ৰাজ্য প্ৰতিষ্ঠাৰ ৰূপালী জয়ন্তী বৰ্ষত উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজন কৰা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় গেমছ ২৮ জানুৱাৰীৰপৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন চহৰত অনুষ্ঠিত হ’ব।

৩৬ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিব। ১৭ দিনত ৩৫ টা ক্ৰীড়া শিতানৰ বাবে প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰে ৩৩ ক্ৰীড়াৰ বাবে পদক প্ৰদানৰ সমান্তৰালকৈ দুই প্ৰদৰ্শনীমূলক ক্ৰীড়াৰ বাবে পদক প্ৰদান কৰা হ’ব। যোগ আৰু মল্লখম্বক পোন-প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ ১০ হাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

বহনক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপেৰে এইবাৰ ৰাষ্ট্ৰীয় গেমছৰ বিষয়বস্তু হৈছে “সেউজ গেমছ।” ইয়াৰ সমীপতে ক্ৰীড়া বন নামেৰে এখন বিশেষ উদ্যান গঢ়ি তোলা হৈছে, ইয়াত খেলুৱৈ আৰু অতিথিসকলে ১০ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰিব। খেলুৱৈসকলৰ বাবে পদক আৰু প্ৰমাণ পত্ৰ পৰিবেশ-অনুকূল আৰু জৈৱ-বিঘ্নিত সামগ্ৰীৰে প্ৰস্তুত কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet Approves Ganga, Varuna Corridors: PM Modi's Rs 25,000 Crore Bet To Transform Kashi

Media Coverage

Cabinet Approves Ganga, Varuna Corridors: PM Modi's Rs 25,000 Crore Bet To Transform Kashi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings of Lord Jagannath
July 16, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, seeking blessings of Lord Jagannath on the sacred occasion of Rath Yatra:

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"

Shri Modi also expressed the hope that the divine grace of Lord Jagannath would infuse new energy into the lives of all countrymen.

The Prime Minister posted on X:

महाप्रभु जगन्नाथ की रथ यात्रा के पावन अवसर पर मेरी कामना है कि उनका आशीर्वाद हम सभी पर सदैव बना रहे। उनकी दिव्य कृपा से सभी देशवासियों के जीवन में नई ऊर्जा का संचार हो।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥