যক্ষ্মা মুক্ত পঞ্চায়তৰ উদ্যোগ, যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে এক হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিত্সা আৰু পৰিয়াল-কেন্দ্ৰিক শুশ্ৰূষা-আৰ্হিৰ শুভাৰম্ভ ঘোষণা
ভাৰতে যুক্ষ্মামুক্ত সমাজ নিশ্চিত কৰাৰ দিশত প্ৰদান কৰা প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে
২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে ভাৰতৰ উত্তম পৰিকল্পনা, উচ্চাকাংক্ষা আৰু কাৰ্যক্ৰমৰ উত্তম ৰূপায়ণৰ ব্যৱস্থা আছে: ‘ষ্টপ টিবি’ৰ কাৰ্যবাহী সঞ্চালক
“কাশীয়ে যক্ষ্মাৰ দৰে ৰোগ বিৰোধী যুঁজৰ গোলকীয় সংকল্প গ্ৰহণৰ ক্ষেত্ৰত নতুন শক্তি সঞ্চাৰিত কৰিব”
“ভাৰতে ‘এক বিশ্ব যুক্ষ্মা সন্মিলন’ৰ জৰিয়তে বিশ্ব-কল্যাণৰ আন এটা সংকল্প পূৰণ কৰিছে”
“যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতৰ প্ৰয়াস হৈছে এক নতুন আৰ্হি”
“যক্ষ্মা ৰোগৰ বিৰুদ্ধে হোৱা যুঁজত জনসাধাৰণৰ অংশগ্ৰহণ হৈছে ভাৰতৰ ডাঙৰ অৱদান”
“ভাৰতে এই মুহূৰ্তত ২০২৫ চনৰ ভিতৰত যক্ষ্মাৰোগ নিৰ্মূল কৰাৰ লক্ষ্যেৰে কাম কৰি আছে”
“ভাৰতৰ সকলো অভিযান, উদ্ভাৱন আৰু আধুনিক প্ৰযুক্তিগত সুবিধাৰে অধিকৰো অধিক সংখ্যক দেশ লাভান্বিত হোৱাটোকে মই বিচাৰিছো”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।

‘ষ্টপ টিবি’ৰ কাৰ্যবাহী সঞ্চালক ড০ লুচিকা দিটিউৱে বক্তব্য আগবঢ়াই কয় যে বিশ্বৰ অন্যতম পুৰণি চহৰ বাৰাণসীত বিশ্বৰ হাজাৰ বছৰ পুৰণি ৰোগ অৰ্থাৎ ‘টিউবাৰকলছিছ’(টিবি) বা যক্ষ্মা সম্পৰ্কে আলোচনা কৰিবলৈ সন্মিলনখন কৰা অনুষ্ঠিত হৈছে। তেওঁ কয় যে ভাৰতত যক্ষ্মা ৰোগৰ প্ৰাদূৰ্ভাৱ যথেষ্ট বেছি, কিন্তু ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে ভাৰতৰ উত্তম পৰিকল্পনা, উচ্চাকাংক্ষা আৰু কাৰ্যক্ৰমৰ উত্তম ৰূপায়ণৰ ব্যৱস্থা আছে। তেওঁ ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত ‘জি-২০’ৰ বিশ্বব্যাপী কল্যাণমূলক বিষয়বস্তু- ‘এক বিশ্ব এক স্বাস্থ্য’ৰ গুৰুত্ব সন্দৰ্ভতো ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে ২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ পথেৰে আগবাঢ়িছে। ভাৰতৰ দৰে দেশৰ প্ৰচেষ্টাৰ ফলতে যক্ষ্মা ৰোগৰ পৰীক্ষণ তথা চিকিৎসা নোপোৱা লোকৰ সংখ্যা ইতিহাসত এই প্ৰথমবাৰৰ বাবে ৩ নিযুতৰ তললৈ নামিছে। তেওঁ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ তথা যক্ষ্মা মুক্ত ভাৰতৰ বাবে গ্ৰহণ কৰা ব্যাপক উদ্যোগৰ  বাবে্ ভাৰতক প্ৰশংসা কৰাৰ লগতে ২০২৫ চনৰ ভিতৰত ভাৰতে যক্ষ্মা ৰোগ নিৰ্মূল কৰিব বুলি ভাৰতৰ সমৰ্থনত বিশ্বাস ব্যক্ত কৰে। তেওঁ ২২ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাৰ সময়ত নিউয়ৰ্কত যক্ষ্মা ৰোগ সন্দৰ্ভত অনুষ্ঠিতব্য ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ বৈঠকখনৰ বিষয়ে অৱগত কৰে আৰু বৈঠকত প্ৰধানমন্ত্ৰীক উপস্থিত থকাৰ বাবেও অনুৰোধ জনায়। তেওঁ যক্ষ্মা ৰোগৰ বিৰুদ্ধে চলা এই যুঁজত বিশ্বৰ আন নেতাসকলক নেতৃত্ব দিবলৈ আৰু অনুপ্ৰাণিত কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত অনুষ্ঠিত হোৱা এক বিশ্ব যক্ষ্মা সন্মিলনত আনন্দৰে উল্লেখ কৰে যে তেওঁ এই চহৰখনৰ এজন সংসদ সদস্যও। কাশী চহৰখন এক চিৰন্তন ধাৰাৰ দৰে, যি হাজাৰ হাজাৰ বছৰ ধৰি মানৱতাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সাক্ষী হৈ আহিছে। "বাধা যিয়েই নহওঁক, কাশীয়ে সদায় প্ৰমাণ কৰি আহিছে যে 'সবকা প্ৰয়াস' (সকলোৰে প্ৰচেষ্টা)ৰ জৰিয়তে নতুন উপায় সৃষ্টি কৰিব পৰা যায়," বুলি তেওঁ মন্তব্য কৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে কাশীয়ে যক্ষ্মাৰ দৰে ৰোগৰ বিৰুদ্ধে চলা যুঁজখনত গোলকীয় সমাধানৰ দিশত নতুন শক্তি সঞ্চাৰিত কৰিব।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এখন দেশ হিচাপে ভাৰতৰ আদৰ্শৰ প্ৰতিফলন হৈছে ‘বসুধৈৱ কুটুম্বকম’, অৰ্থাৎ ‘সমগ্ৰ বিশ্বই হৈছে এটা পৰিয়াল’। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰাচীন আদৰ্শই আজিৰ উন্নত বিশ্বক এক সুসংহত দৃষ্টিভংগী আৰু একত্ৰিত সমাধান প্ৰদান কৰিছে। ‘জি-২০’ৰ সভাপতি হিচাপে ভাৰতে এনে বিশ্বাসকে আধাৰ কৰি 'এক পৰিয়াল, এক বিশ্ব, এক ভৱিষ্যত'ৰ বিষয়বস্তু বাছনি কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "জি-২০’ৰ বিষয়বস্তু হৈছে সমগ্ৰ বিশ্বৰ অংশীদাৰিত্বমূলক ভৱিষ্যতৰ বাবে এক সংকল্প"। ভাৰতে বিশ্বত 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ দৃষ্টিভংগী আগবঢ়াই আহিছে আৰু এক বিশ্ব যক্ষ্মা সন্মিলনৰ জৰিয়তে বিশ্বজোৰা কল্যাণৰ সংকল্পসমূহ উপলব্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পিছত যক্ষ্মা ৰোগৰ মোকাবিলাৰ বাবে ভাৰতে যি প্ৰতিশ্ৰুতি আৰু দৃঢ়তাৰে নিজকে সমৰ্পিত কৰিছিল সেয়া অভূতপূৰ্ব আছিল। ভাৰতৰ প্ৰচেষ্টা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যক্ষ্মা ৰোগৰ বিৰুদ্ধে বিশ্বজোৰা যুদ্ধৰ বাবে এয়া এক হৈছে এক নতুন আৰ্হি।  তেওঁ যোৱা ৯টা বছৰত যক্ষ্মা ৰোগৰ বিৰুদ্ধে এক বহুমুখী দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে বুলি ব্যাখ্যা দাঙি ধৰে। তেওঁ জনসাধাৰণৰ অংশগ্ৰহণ, পুষ্টি বৃদ্ধি, চিকিৎসা উদ্ভাৱন, প্ৰযুক্তি একত্ৰীকৰণ আৰু ‘ফিট ইণ্ডিয়া’, ‘যোগ’ আৰু ‘খেলো ইণ্ডিয়া’ৰ দৰে সুস্থতা তথা প্ৰতিৰোধ সম্পৰ্কীয় পদক্ষেপ গ্ৰহণৰ প্ৰসংগও উল্লেখ কৰে।

জনসাধাৰণৰ অংশগ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা ৰোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত ‘নি-ক্ষয় মিত্ৰ অভিযান’ৰ কথা কয়। প্ৰায় ১০ লাখ যক্ষ্মা ৰোগীক নাগৰিকসকলে গ্ৰহণ কৰিছে আৰু আনকি ১০-১২ বছৰ বয়সৰ শিশুও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে বুলি তেওঁ জনাবলৈ দিয়ে। এই কাৰ্যসূচীৰ অধীনত যক্ষ্মা ৰোগীসকলৈ আগবঢ়োৱা আৰ্থিক সহযোগিতা পুঁজিৰ পৰিমাণ এক হাজাৰ কোটি টকালৈকে বৃদ্ধি পাইছে। তেওঁ আন্দোলনটোক 'অনুপ্ৰেৰণাদায়ক' বুলি অভিহিত কৰে আৰু প্ৰৱাসী ভাৰতীয়সকলেও ইয়াত অংশগ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰে।

যক্ষ্মা ৰোগীসকলৰ বাবে পুষ্টি-যোগানক মুখ্য প্ৰত্যাহ্বানৰ কথা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা ৰোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত ‘নি-ক্ষয় মিত্ৰ অভিযান’ৰ অৱদানৰ কথা বৰ্ণনা কৰে। তেওঁ জানিবলৈ দি কয় যে চৰকাৰে ২০১৮ চনত যক্ষ্মা ৰোগীসকলৰ বাবে ‘প্ৰত্যক্ষ লাভ হস্তান্তৰণ আঁচনি’ ঘোষণা কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে, তেওঁলোকৰ চিকিৎসাৰ বাবে প্ৰায় ২০০০ কোটি টকা পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰিব পৰা হৈছে, আৰু প্ৰায় ৭৫ লাখ যক্ষ্মা ৰোগী ইয়াৰ দ্বাৰা লাভান্বিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, "নি-ক্ষয় মিত্ৰসকল এতিয়া সকলো যক্ষ্মা ৰোগীৰ বাবে শক্তিৰ এক নতুন উৎস হৈ পৰিছে"। পুৰণি উপায়েৰে অনুশীলন কৰি নতুন সমাধানত উপনীত হোৱাটো অত্যন্ত কঠিন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যক্ষ্মা ৰোগীসকলে যাতে চিকিৎসাৰ পৰা বঞ্চিত হবলগীয়া নহয় তাৰ বাবে চৰকাৰে নতুন ৰণনীতিৰে কাম কৰিছে। তেওঁ যক্ষ্মা ৰোগ নিৰূপণ আৰু চিকিৎসাৰ বাবে ‘আয়ুষ্মান ভাৰত আঁচনি’ আৰম্ভ কৰা, দেশত পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰা আৰু যক্ষ্মা ৰোগীৰ সংখ্যা অধিক থকা চহৰসমূহক লক্ষ্য কৰি অঞ্চল-নিৰ্দিষ্ট কৰ্ম নীতি প্ৰস্তুত কৰাৰ নিদৰ্শন দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে আজি 'যক্ষ্মা মুক্ত পঞ্চায়ত অভিযান' নামৰ এক নতুন অভিযানো আৰম্ভ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে ৬ মাহৰ পৰিৱৰ্তে যক্ষ্মা প্ৰতিৰোধৰ বাবে ৩ মাহৰ চিকিৎসা কাৰ্যসূচী আৰম্ভ কৰিছে জানিবলৈ দিয়ে। তেওঁ জনায় যে আগতে ৰোগীসকলে ৬ মাহৰ বাবে প্ৰতিদিনে ঔষধ গ্ৰহণ কৰিব লগা হৈছিল কিন্তু এতিয়া, নতুন প্ৰণালীত, ৰোগীয়ে সপ্তাহত মাত্ৰ এবাৰহে ঔষধ গ্ৰহণ কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে যক্ষ্মা মুক্ত ভাৰত অভিযানত প্ৰযুক্তিৰ সংহতকৰণৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ‘নি-ক্ষয় পৰ্টেল’ আৰু তথ্য বিজ্ঞানৰ ব্যৱহাৰে এই ক্ষেত্ৰত বহুদূৰ আগবাঢ়াই নিছে। স্বাস্থ্য মন্ত্ৰালয়-‘আইচিএমআৰ’-য়ে ‘উপ-ৰাষ্ট্ৰীয় ৰোগ নিৰীক্ষণ ব্যৱস্থা’ৰ বাবে এক নতুন পদ্ধতি বিকশিত কৰিছে। ইয়াৰ সুবাদত ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ বাহিৰে এনে ধৰণৰ পদ্ধতি থকা ভাৰত হৈছে একমাত্ৰ দেশ।

যক্ষ্মা ৰোগীৰ সংখ্যা অৱনমিত হোৱা আৰু কৰ্ণাটক আৰু জম্মু-কাশ্মীৰক আজি বঁটা প্ৰদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০৩০ চনৰ ভিতৰত যক্ষ্মাৰোগ নিৰ্মূলৰ বাবে বিশ্বই গ্ৰহণ কৰা লক্ষ্যৰ বিপৰীতে ভাৰতে ২০২৫ চনৰ ভিতৰতে এই ৰোগ নিৰ্মূলৰ সংকল্প গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। মহামাৰীৰ সময়ত সামৰ্থ্য-বৰ্দ্ধন আৰু স্বাস্থ্য আন্তঃগাঁথনি সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ৰোগৰ বিৰুদ্ধে যুঁজত ‘ট্ৰেছ, টেষ্ট, ট্ৰেক, ট্ৰিট আৰু টেকনল’জী’ৰ অপৰিসীম ব্যৱহাৰৰ কথা উল্লেখ কৰে। "ভাৰতৰ এই স্থানীয় দৃষ্টিভংগীত এক বৃহৎ বিশ্বজোৰা সম্ভাৱনা নিহিত আছে," তেওঁ সেই সম্ভাৱনাক সামূহিকভাৱে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যক্ষ্মাৰ ঔষধৰ ৮০ শতাংশই ভাৰতত তৈয়াৰ কৰা হয়। "ভাৰতৰ এনে সকলো অভিযান, উদ্ভাৱন আৰু আধুনিক প্ৰযুক্তিৰ সুবিধাৰে অধিকৰ পৰা অধিক দেশ লাভান্বিত হোৱাটো মই বিচাৰো। এই সন্মিলনৰ সৈতে জড়িত সকলো দেশে ইয়াৰ বাবে এক প্ৰণালী বিকশিত কৰিব পাৰে। মই নিশ্চিত যে আমাৰ এই সংকল্প নিশ্চিতভাৱেই পূৰণ হ'ব- নিশ্চয়, আমি যক্ষ্মা ৰোগ নিৰ্মূল কৰিব পাৰোঁ," প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

কুষ্ঠ ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ অৱদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত কুষ্ঠ চিকিৎসালয় উদ্বোধন কৰিবলৈ গান্ধীজীক মাতি অনাৰ সময়ত সংঘটিত এটা ঘটনাৰ কথা কয়। তেওঁ স্মৰণ কৰে যে গান্ধীজীয়ে অনুষ্ঠানটোত উপস্থিত লোকসকলক কৈছিল যে তেওঁ চিকিত্সালয়খনৰ দুৱাৰত তলা ওলমি থকা দেখিলেহে সুখী হ'ব। প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে চিকিৎসালয়খন কিন্তু কেইবা দশক ধৰি একেধৰণে চলি আছিল আৰু কুষ্ঠ ৰোগৰো অন্ত হোৱা নাছিল। ২০০১ চনত গুজৰাটৰ জনসাধাৰণে তেওঁক সুযোগ দিয়াৰ সময়ত কুষ্ঠ ৰোগ বিৰোধী অভিযানক নতুন গতি প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে গুজৰাটত কুষ্ঠ ৰোগৰ হাৰ ২৩%ৰ পৰা সম্প্ৰতি ১% তকৈয়ো তললৈ হ্ৰাস পাইছে। প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা কালতে উল্লিখিত কুষ্ঠ চিকিৎসালয়খন ২০০৭ চনত বন্ধ কৰি দিয়া হৈছিল।  

তেওঁ সামাজিক সংগঠনসমূহৰ ভূমিকা আৰু ইয়াত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰসংগতো আলোকপাত কৰে আৰু যক্ষ্মা ৰোগৰ বিৰুদ্ধে ভাৰতৰ সফলতা সন্দৰ্ভত বিশ্বাস ব্যক্ত কৰে। "আজিৰ নতুন ভাৰতে নিৰ্দ্ধাৰিত লক্ষ্য প্ৰাপ্তিত দেখুওৱা সাফল্যৰ বাবে জনাজাত" বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে আৰু মুকলিত কৰা ‘শৌচাভ্যাসৰ পৰা মুক্তি’ৰ প্ৰতিশ্ৰুতি পূৰণ, সৌৰ শক্তি উৎপাদন ক্ষমতাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ লগতে নিৰ্ধাৰিত সময়ৰ আগতে পেট্ৰ'লত নিৰ্দ্ধাৰিত শতাংশৰ ইথানল মিশ্ৰণৰ লক্ষ্য প্ৰাপ্ত কৰাৰ উদাহৰণ দাঙি ধৰে। "জনসাধাৰণৰ অংশগ্ৰহণৰ শক্তিয়ে সমগ্ৰ বিশ্বৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে" বুলি তেওঁ মন্তব্য কৰে আৰু যক্ষ্মা ৰোগৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ সফলতাক জনসাধাৰণৰ অংশগ্ৰহণৰ কৃতিত্ব দিয়ে। তেওঁ সকলোকে যক্ষ্মা ৰোগীসকলক ৰোগবিধৰ বিষয়ে সজাগ কৰাৰ ক্ষেত্ৰত সমানে মনোযোগ দিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কাশীতো স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ বাৰাণসী শাখাৰ আজি উদ্বোধন কৰা হয়। ৰাজহুৱা স্বাস্থ্য নিৰীক্ষণ গোটেও আজিৰে পৰাই কাম-কাজ আৰম্ভ কৰিছে। তেওঁ ‘বিএইচইউৰ চাইল্ড কেয়াৰ ইনষ্টিটিউট’, ‘ৰক্ত ভাণ্ডাৰ’ৰ আধুনিকীকৰণ, ‘আধুনিক ট্ৰমা চেণ্টাৰ’, ‘ছুপাৰ-স্পেচিয়েলিটী ব্লক’ আৰু ‘পণ্ডিত মদন মোহন মালৱীয় কৰ্কট কেন্দ্ৰ’ৰ কথা উল্লেখ কৰে য'ত ৭০ হাজাৰৰো অধিক ৰোগীয়ে চিকিৎসা লাভ কৰিছে। তেওঁ কবীৰ চৌৰা চিকিৎসালয়, জিলা চিকিৎসালয়, ডায়েলেছিছ সুবিধা, ‘চিটি স্কেন’ সুবিধা আৰু কাশীৰ গ্ৰাম্য অঞ্চলত স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে।  বাৰাণসীত আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ১.৫ লাখৰো অধিক ৰোগীয়ে বিনামূলীয়া চিকিৎসা লাভ কৰিছে আৰু ৭০ টাতকৈয়ো অধিক ‘জনঔষধী কেন্দ্ৰ’ই ৰোগীসকলক সুলভ মূল্যত ঔষধ প্ৰদান কৰি আছে।

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে দেশৰ অভিজ্ঞতা, দক্ষতা আৰু ইচ্ছাশক্তিৰ ব্যৱহাৰ কৰি ‘যক্ষ্মা নিৰ্মূলৰ অভিযান’ত নিয়োজিত হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতে প্ৰতিখন দেশক সহায় কৰিবলৈ নিৰন্তৰ সাজু হৈ আছে। "যক্ষ্মা ৰোগৰ বিৰুদ্ধে আমাৰ অভিযান কেৱল ‘সবকা প্ৰয়াস’ (সকলোৰে প্ৰচেষ্টা)ৰ দ্বাৰাহে সফল হ'ব। মই বিশ্বাস কৰোঁ, আজি আমাৰ প্ৰচেষ্টাই আমাৰ সুৰক্ষিত ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব আৰু আমি আমাৰ ভৱিষ্যত প্ৰজন্মক এখন উন্নত পৃথিৱী হস্তান্তৰ কৰিবগৈ পাৰিম।"

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী অনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক আৰু ষ্টপ টিবিৰ কাৰ্যবাহী সঞ্চালক ড০ লুচিকা দিতিউ অনুষ্ঠানটোত উপস্থিত আছিল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific

Media Coverage

Samsung to manufacture AI data center HVAC products in India, expanding to Asia-Pacific
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.