যক্ষ্মা মুক্ত পঞ্চায়তৰ উদ্যোগ, যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে এক হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিত্সা আৰু পৰিয়াল-কেন্দ্ৰিক শুশ্ৰূষা-আৰ্হিৰ শুভাৰম্ভ ঘোষণা
ভাৰতে যুক্ষ্মামুক্ত সমাজ নিশ্চিত কৰাৰ দিশত প্ৰদান কৰা প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছে
২০২৫ চনৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ বাবে ভাৰতৰ উত্তম পৰিকল্পনা, উচ্চাকাংক্ষা আৰু কাৰ্যক্ৰমৰ উত্তম ৰূপায়ণৰ ব্যৱস্থা আছে: ‘ষ্টপ টিবি’ৰ কাৰ্যবাহী সঞ্চালক
“কাশীয়ে যক্ষ্মাৰ দৰে ৰোগ বিৰোধী যুঁজৰ গোলকীয় সংকল্প গ্ৰহণৰ ক্ষেত্ৰত নতুন শক্তি সঞ্চাৰিত কৰিব”
“ভাৰতে ‘এক বিশ্ব যুক্ষ্মা সন্মিলন’ৰ জৰিয়তে বিশ্ব-কল্যাণৰ আন এটা সংকল্প পূৰণ কৰিছে”
“যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতৰ প্ৰয়াস হৈছে এক নতুন আৰ্হি”
“যক্ষ্মা ৰোগৰ বিৰুদ্ধে হোৱা যুঁজত জনসাধাৰণৰ অংশগ্ৰহণ হৈছে ভাৰতৰ ডাঙৰ অৱদান”
“ভাৰতে এই মুহূৰ্তত ২০২৫ চনৰ ভিতৰত যক্ষ্মাৰোগ নিৰ্মূল কৰাৰ লক্ষ্যেৰে কাম কৰি আছে”
“ভাৰতৰ সকলো অভিযান, উদ্ভাৱন আৰু আধুনিক প্ৰযুক্তিগত সুবিধাৰে অধিকৰো অধিক সংখ্যক দেশ লাভান্বিত হোৱাটোকে মই বিচাৰিছো”

হৰ হৰ মহাদেৱ।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

 

মোৰ বাবে এয়া বহুত আনন্দৰ কথা যে ‘One World TB Summit’ কাশীত হৈ আছে। সৌভাগ্যবশতঃ মই কাশীৰ সাংসদো। কাশী নগৰী, সেই শাশ্বত ধাৰা, যি হাজাৰ হাজাৰ বছৰ ধৰি মানৱতাৰ প্ৰয়াস আৰু পৰিশ্ৰমৰ সাক্ষী হৈ আছে। কাশীয়ে এই কথাৰ সাক্ষ্য দিয়ে যে প্ৰত্যাহ্বান লাগে যিমানেই ডাঙৰ নহওক কিয়, যেতিয়া সকলোৰে প্ৰয়াস হয়, তেতিয়াই নতুন পথো ওলায়। মোৰ বিশ্বাস আছে যে টিবিৰ দৰে বেমাৰৰ বিৰুদ্ধে আমাৰ বিশ্বজনীন সংকল্পক কাশীয়ে এটা নতুন শক্তি দিব।

মই ‘One World TB Summit’ত দেশ-বিদেশৰ পৰা কাশীলৈ অহা সকলো অতিথিকে হৃদয়ৰ পৰা আদৰণি জনাইছো, তেওঁলোকক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

এখন দেশ হিচাপে ভাৰতৰ বিচাৰধাৰাৰ প্ৰতিবিম্ব 'বসুধৈৱ কুটুম্বকম', অৰ্থাৎ- গোটেই পৃথিৱী এটা পৰিয়াল! এই ভাবনাৰে জিলিকে। এই প্ৰাচীন বিচাৰে আজি আধুনিক বিশ্বক সমন্বিত দৃষ্টিভংগী দি আছে, সমন্বিত সমাধান দি আছে। সেয়ে প্ৰেছিডেণ্ট হিচাপে, ভাৰতৰ জি20 ছামিটৰো থীম হৈছে ‘One world, One Family, One Future’! এই থীম এটা পৰিয়াল হিচাপে সমগ্ৰ বিশ্বৰ উমৈহতীয়া ভৱিষ্যতৰ সংকল্প। কিছু সময়ৰ আগতেই ভাৰতে ‘One earth, One health’ দৃষ্টিভংগীকো আগবঢ়োৱাৰ পদক্ষেপ লৈছে। আৰু এতিয়া ‘One World TB Summit’ৰ জৰিয়তে ভাৰতে Global Goodৰ আৰু এটা সংকল্প সম্পূৰ্ণ কৰি আছে।

বন্ধুসকল,

২০১৪ৰ পাছৰ পৰাই ভাৰতে যি নতুন চিন্তা আৰু পদক্ষেপেৰে টিবিৰ বিৰুদ্ধে কাম কৰিবলৈ আৰম্ভ কৰে, সেয়া নিতান্তই অভূতপূৰ্ব। ভাৰতৰ এই প্ৰয়াস আজি সমগ্ৰ বিশ্বই এই কাৰণেও জানিব বিচাৰিব, কিয়নো এয়া টিবিৰ বিৰুদ্ধে বিশ্বজনীন যুদ্ধৰ এটা নতুন মডেল। যোৱা ৯ বছৰত ভাৰতে টিবিৰ বিৰুদ্ধে এই যুদ্ধত অনেক প্ৰয়াসত একেলগে কাম কৰিছে। যেনে People’s participation- জন অংশগ্ৰহণ, Enhancing nutrition- পোষণৰ বাবে বিশেষ অভিযান, Treatment innovation- চিকিৎসাৰ বাবে নতুন ৰণনীতি, Tech integration- টেকনিকৰ ভৰপূৰ ব্যৱহাৰ, আৰু Wellness and prevention, ভাল স্বাস্থ্যক উদগণি দিয়া ফিট ইণ্ডিয়া, খেলো ইণ্ডিয়া, যোগৰ দৰে অভিযান।

 

বন্ধুসকল,

টিবিৰ বিৰুদ্ধে যুঁজত ভাৰতে যি বহুত ডাঙৰ কাম কৰিছে, সেয়া হৈছে People’s Participation, জন অংশগ্ৰহণ। ভাৰতে কেনেকৈ এক অভিনৱ অভিযান চলালে, এয়া জনাটো বিদেশৰ পৰা অহা আমাৰ অতিথিসকলৰ বাবে বহুত হৃদয়স্পৰ্শী হ'ব।

বন্ধুসকল,

আমি 'টিবি-মুক্ত ভাৰত'ৰ অভিযানত সংযুক্ত হ'বলৈ দেশৰ মানুহক 'নি-ক্ষয়মিত্ৰ' হোৱাৰ আহ্বান জনাইছিলো। ভাৰতত টিবিৰ বাবে স্থানীয় ভাষাত ক্ষয় শব্দ প্ৰচলিত। এই অভিযানৰ পাছত, প্ৰায় ১০ লাখ টিবি ৰোগীক, দেশৰ সাধাৰণ নাগৰিকে এডপ্ট কৰে, আঁকোৱালি লয়। আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ দেশত ১০-১২ বছৰৰ শিশুও 'নি-ক্ষয়মিত্ৰ' হৈ টিবিৰ বিৰুদ্ধে যুঁজ আগবঢ়াই আছে। এনেধৰণৰ কিমান যে শিশু আছে, যি নিজৰ 'পিগিবেংক' ভাঙি টিবি ৰোগীক এডপ্ট কৰিছে। টিবিৰ ৰোগীৰ বাবে এই 'নি-ক্ষয়মিত্ৰ'ৰ অৰ্থনৈতিক সহযোগ এক হাজাৰ কোটি টকাতকৈ ওপৰ পাইছেগৈ। টিবিৰ বিৰুদ্ধে পৃথিৱীত ইমান ডাঙৰ কমিউনিটি ইনিচিয়েটিভ চলাটো, অত্যন্ত প্ৰেৰণাদায়ক। মই আনন্দিত যে বিদেশত থকা প্ৰবাসী ভাৰতীয়য়ো বৃহৎ সংখ্যাত এই প্ৰয়াসত ভাগ লৈছে। আৰু মই আপোনালোকৰ ওচৰতো কৃতজ্ঞ। আপোনালোকে আজি বাৰাণসীৰ পাঁচজন লোকৰ বাবে ঘোষণা কৰি দিলে।

 

বন্ধুসকল,

'নি-ক্ষয়মিত্ৰ' এই অভিযানে এটা ডাঙৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত টিবিৰ ৰোগীসকলক বহুত সহায় কৰিছে। এই প্ৰত্যাহ্বান হৈছে- টিবিৰ ৰোগীৰ পোষণ, তেওঁলোকৰ Nutrition। ইয়াক দেখিয়েই ২০১৮ত আমি টিবি ৰোগীৰ বাবে Direct Benefit Transferৰ ঘোষণা কৰিছিলো। তেতিয়াৰ পৰা এতিয়ালৈকে টিবি ৰোগীৰ বাবে, প্ৰায় ২ হাজাৰ কোটি টকা, পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ পঠিওৱা হৈছে। প্ৰায় ৭৫ লাখ ৰোগী ইয়াৰ দ্বাৰা উপকৃত হৈছে। এতিয়া 'নি-ক্ষয়মিত্ৰ'ৰ পৰা পোৱা শক্তিয়ে টিবি ৰোগীসকলক নতুন শক্তি দি আছে।

বন্ধুসকল,

পুৰণি এপ্ৰোচেৰে আগবাঢ়ি নতুন পৰিণতি পোৱা কঠিন। কোনো টিবি ৰোগী চিকিৎসাৰ পৰা আঁতৰি নাথাকক, ইয়াৰ বাবে আমি নতুন ৰণনীতিৰ ওপৰত কাম কৰিলো। টিবি ৰোগীৰ ষ্ক্ৰিণিঙৰ বাবে, তেওঁলোকৰ ট্ৰিটমেণ্টৰ বাবে, আমি আয়ুষ্মান ভাৰত যোজনাৰে সংযুক্ত কৰিলো। টিবিৰ বিনামূলীয়া পৰীক্ষাৰ বাবে, আমি দেশজুৰি লেবৰ সংখ্যা বঢ়ালো। এনেধৰণৰ ঠাই, য'ত টিবি ৰোগীৰ সংখ্যা বেছি, তাত আমি বিশেষ কাৰ্য যোজনা প্ৰস্তুত কৰিছো। আজি এই পদক্ষেপতে এইটো বহুত ডাঙৰ কাম হৈছে 'টিবি-মুক্ত পঞ্চায়ত', এই 'টিবি-মুক্ত পঞ্চায়ত'ত প্ৰতিখন গাঁৱৰ নিৰ্বাচিত জন প্ৰতিনিধি লগ হৈ সংকল্প কৰিব যে এতিয়া আমাৰ গাঁৱত এজনো টিবি ৰোগী নাথাকিব। তেওঁলোকক আমি সুস্থ কৰিমেই। আমি টিবি ৰোধ কৰিবলৈ ৬ মাহৰ কোৰ্ছৰ ঠাইত কেৱল ৩ মাহৰ চিকিৎসাও আৰম্ভ কৰি আছো। আগতে ৰোগীয়ে ৬ মাহলৈকে প্ৰতিদিনেই ঔষধ ল'ব লাগিছিল। এতিয়া নতুন ব্যৱস্থাত ৰোগীয়ে সপ্তাহত কেৱল এবাৰ ঔষধ ল'ব লাগিব। অৰ্থাৎ ৰোগীৰ সুস্থতাও বাঢ়িব আৰু তেওঁৰ ঔষধৰ ক্ষেত্ৰতো সহজ হ'ব।

 

বন্ধুসকল,

টিবি-মুক্ত হ'বলৈ ভাৰতে টেকনলজিৰো যিমান পাৰি বেছি ব্যৱহাৰ কৰি আছে। প্ৰত্যেক টিবি ৰোগীৰ বাবে আৱশ্যকীয় যতন ট্ৰেক কৰিবলৈ আমি নি-ক্ষয় পৰ্টেল বনাইছো। আমি ইয়াৰ বাবে ডেটা ছাইঞ্চৰো বহুত আধুনিক ৰূপত ব্যৱহাৰ কৰি আছো। স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰে লগলাগি sub-national disease surveillanceৰ বাবে এটা নতুন পদ্ধতিও ডিজাইন কৰিছে। গ্লবেল লেভেলত ডব্লিউ এইচ অ'ৰ উপৰিও, ভাৰত এনেধৰণৰ মডেল বনোৱা একমাত্ৰ দেশ।

 

বন্ধুসকল,

এনেধৰণৰ প্ৰয়াসৰ বাবেই আজি ভাৰতত টিবি ৰোগীৰ সংখ্যা কমি আছে। কৰ্ণাটক আৰু জম্মু-কাশ্মীৰক টিবি-মুক্ত পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে। জিলা স্তৰতো ভাল কামৰ বাবে পুৰস্কাৰ ঘোষণা কৰা হৈছে। মই এই সফলতা প্ৰাপ্ত কৰা সকলোকে বহুত বহুত অভিনন্দন জনাইছো। টিবি শেষ কৰাৰ গ্লবেল টাৰ্গেট হৈছে ২০৩০। ভাৰতে এতিয়া ২০২৫ পৰ্যন্ত টিবি শেষ কৰাৰ লক্ষ্যৰ ওপৰত কাম কৰি আছে। পৃথিৱীতকৈ পাঁচ বছৰৰ আগতেই আৰু ইমান ডাঙৰ দেশে বহুত ডাঙৰ সংকল্প লৈছে। ভাৰতত আমি কোভিডৰ সময়ত স্বাস্থ্য আন্তঃগাঁথনিৰ সক্ষমতা বৃদ্ধি কৰিছো। আমি Trace, Test, Track, Treat and Technologyৰ ওপৰত কাম কৰি আছো। এই ৰণনীতিয়ে টিবিৰ বিৰুদ্ধে আমাৰ যুদ্ধতো যথেষ্ট সহায় কৰি আছে। ভাৰতৰ এই লোকেল এপ্ৰোচত, বৃহৎ গ্লবেল সম্ভাৱনা আছে, যাক আমি একেলগে প্ৰয়োগ কৰা দৰকাৰ। আজি টিবিৰ চিকিৎসাৰ বাবে ৮০ শতাংশ ঔষধ ভাৰতত হয়। ভাৰতৰ ফাৰ্মা কোম্পানীসমূহৰ এই সামৰ্থ্য, টিবিৰ বিৰুদ্ধে বিশ্বজনীন অভিযানৰ বহুত ডাঙৰ শক্তি। মই বিচাৰো ভাৰতৰ এনে সকলো শক্তিৰ, সকলো ইনভেচনৰ, আধুনিক টেকনলজিৰ, এই সকলো প্ৰয়াসৰ মুনাফা সৰ্বাধিক দেশে পাওক, কিয়নো আমি গ্লবেল গুডৰ বাবে সংকল্পবদ্ধ। এই ছামিটত অন্তৰ্ভুক্ত আমি সকলো দেশে ইয়াৰ বাবে এটা ব্যৱস্থাপনা বিকশিত কৰিব পাৰো। মোৰ বিশ্বাস আছে যে আমাৰ এই সংকল্প নিশ্চয় সিদ্ধ হ'ব- Yes, We can End TB। 'টিবি হাৰিব, ভাৰত জিকিব' আৰু যেনেকৈ আপোনালোকে কৈছে- 'টিবি হাৰিব, পৃথিৱী জিকিব'।

বন্ধুসকল,

মোৰ মনলৈ এটা পুৰণি কাহিনী আহিছে। আপোনালোক সকলোৱেই জানে যে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে লেপ্ৰছি সমাপ্ত কৰিবলৈ বহুত কাম কৰিছিল। আৰু যেতিয়া তেওঁ সবৰমতী আশ্ৰমত আছিল, এবাৰ তেওঁক আহমেদাবাদৰ এখন লেপ্ৰছি হাস্পতাল উদ্ঘাটন কৰিবলৈ নিমন্ত্ৰণ কৰা হৈছিল। গান্ধীজীয়ে তেতিয়া মানুহক কৈছিল যে মই উদ্ঘাটনৰ বাবে নাহো। গান্ধীজীৰ নিজৰ এটা বিশেষত্ব আছিল। ক'লে যে মই উদ্ঘাটনৰ বাবে নাযাওঁ। মোৰ তো আনন্দ তেতিয়া হ'ব যেতিয়া আপোনালোকে মোক সেই লেপ্ৰোছি হাস্পতালত তলা লগাবলৈ মাতিব। অৰ্থাৎ তেওঁ লেপ্ৰোছি সমাপ্ত কৰি সেই হাস্পতালখনেই বন্ধ কৰিব বিচাৰিছিল। গান্ধীজীৰ নিধনৰ পাছতো সেই হাস্পতাল দশক দশক ধৰি একেদৰে চলি থাকিল। ২০০১ চনত গুজৰাটৰ মানুহে মোক যেতিয়া সেৱাৰ সুযোগ দিলে, তেতিয়া মোৰ মনত আছিল যে গান্ধীজীৰ এটা কাম ৰৈ গ'ল তলা লগোৱাৰ, মই অলপ চেষ্টা কৰা ভাল। তেতিয়াই লেপ্ৰোছিৰ বিৰুদ্ধে অভিযানক নতুন গতি দিয়া হয়। আৰু পৰিণাম কি হ'ল? গুজৰাটত লেপ্ৰোছিৰ হাৰ, ২৩ শতাংশৰ পৰা কমি ১ শতাংশৰো কম হ'ল। ২০০৭ চনত মই মুখ্যমন্ত্ৰী হৈ থাকোতে সেই লেপ্ৰোছি হাস্পতালত তলা লাগিল, গান্ধীজীৰ সপোন পূৰণ হ'ল। আৰু সেইবাবেই মই টিবিৰ বিৰুদ্ধে ভাৰতৰ সফলতাক লৈ বহুত আশ্বস্ত।

 

আজিৰ নতুন ভাৰতক নিজৰ লক্ষ্য আহৰণ কৰা বাবে জনা যায়। ভাৰতে Open Defecation Free হোৱাৰ সংকল্প ল'লে আৰু তাক প্ৰাপ্ত কৰি দেখুৱালে। ভাৰতে সৌৰ শক্তি জেনেৰেচন কেপাচিটিৰো লক্ষ্য সময়ৰ আগতেই আহৰণ কৰি দেখুৱাই দিলে। ভাৰতে পেট্ৰলত নিৰ্ধাৰিত শতাংশৰ ইথানল ব্ৰেণ্ডিঙৰ লক্ষ্যও সময়ৰ আগতেই আহৰণ কৰি দেখুৱালে। জনভাগিদাৰীৰ এই শক্তিয়ে সমগ্ৰ বিশ্বৰ বিশ্বাস বঢ়াই আছে। হয়, মোৰ আপোনালোকৰ প্ৰতি এটা আহ্বানো আছে। টিবি ৰোগীৰ মাজত প্ৰায়ে সজাগতা কম দেখা যায়, কিবা নহয় কিবা পুৰণি সামাজিক চিন্তাৰ কাৰণে তেওঁলোকৰ এই ৰোগ লুকুৱাই ৰখাৰ চেষ্টা দেখা যায়। সেয়ে আমি এই ৰোগীসকলক যিমান পাৰি বেছি সজাগ কৰাৰ ওপৰতো সমানেই মনোযোগ দিব লাগিব।

বন্ধুসকল,

যোৱা বছৰবোৰত কাশীত স্বাস্থ্য সেৱাৰ দ্ৰুত বিকাশ হোৱাৰ ফলতো টিবিৰ লগতে বিভিন্ন ৰোগৰ ৰোগীসকলৰ যথেষ্ট সহায় হৈছে। আজি ইয়াত National Centre for Disease Controlৰ বাৰাণসী শাখাৰো শিলান্যাস হৈছে। জনস্বাস্থ্য নিৰীক্ষণ গোটৰ কামো আৰম্ভ হৈছে। আজি বিএইচইউত চাইল্ড কেয়াৰ ইউনিটেই হওক, ব্লাডবেংকৰ আধুনিকীকৰণ হওক, আধুনিক ট্ৰমা চেণ্টাৰ নিৰ্মাণেই হওক, ছুপাৰ স্পেচিয়েলিটি ব্লক হওক, বেনাৰসৰ মানুহৰ বহুত কামত আহিছে। পণ্ডিত মদন মোহন মালব্য কেঞ্চাৰ চেণ্টাৰত এতিয়ালৈকে ৭০ হাজাৰৰো অধিক ৰোগীৰ চিকিৎসা কৰা হৈছে। এই লোকসকলে চিকিৎসাৰ বাবে লক্ষ্ণৌ, দিল্লী বা মুম্বাইলৈ যোৱাৰ প্ৰয়োজন হোৱা নাই। একেদৰে বেনাৰসত কবীৰচৌৰা হাস্পতাল হওক, জিলা চিকিৎসালয় হওক, ডাইলিছিছ, চিটী স্কেনৰ দৰে বহু সুবিধা বঢ়োৱা হৈছে। কাশী অঞ্চলৰ গাঁওসমূহতো আধুনিক স্বাস্থ্য সুবিধা বিকশিত কৰি থকা হৈছে। জিলাসমূহত হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰবিলাককো বহু সুবিধাৰে সংযুক্ত কৰা হৈছে। আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে বেনাৰসৰ দেৰলাখৰো অধিক মানুহে হাস্পতালত ভৰ্তি হৈ নিজৰ বিনামূলীয়া চিকিৎসা কৰাইছে। প্ৰায় ৭০ ঠাইত জন ঔষধি কেন্দ্ৰৰ পৰা ৰোগীয়ে সস্তাত ঔষধ পাই আছে। এই সকলো প্ৰয়াসৰ লাভ পূৰ্বাঞ্চলৰ মানুহে, বিহাৰৰ পৰা অহা মানুহেও পাই আছে।

 

বন্ধুসকল,

ভাৰতে নিজৰ অভিজ্ঞতা, নিজৰ বিশেষজ্ঞতা, নিজৰ ইচ্ছাশক্তিৰ সৈতে টিবি-মুক্তিৰ অভিযানত লাগি আছে। ভাৰতে প্ৰতিখন দেশৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈও নিৰন্তৰ তৎপৰ। টিবিৰ বিৰুদ্ধে আমাৰ অভিযান, সকলোৰে প্ৰয়াসতে সফল হ'ব। মোৰ বিশ্বাস আছে যে আমাৰ আজিৰ প্ৰয়াসে আমাৰ সুৰক্ষিত ভৱিষ্যতক শক্তিশালী কৰিব, আমি অনাগত প্ৰজন্মক এখন উন্নত পৃথিৱী দিব পাৰিম। মই আপোনালোকৰো বহুত কৃতজ্ঞ। আপোনালোকে ভাৰতৰ ইমান ডাঙৰ প্ৰশংসা কৰিলে। মোক নিমন্ত্ৰণ দিলে। মই আপোনালোকৰ ওচৰত হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই এক শুভ আৰম্ভণি আৰু ‘World TB Day’ৰ দিনা মোৰ সকলোকে ইয়াৰ সফলতা আৰু এক দৃঢ় সংকল্পৰ সৈতে আগবাঢ়িবলৈ অনেক শুভকামনা জনাইছো। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually

Media Coverage

Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Unnati Sharma on winning Bronze in Women’s 63 kg Judo
August 02, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Unnati Sharma on winning the Bronze medal in the Women’s 63 kg Judo category at the Commonwealth Games 2026.

The Prime Minister said that Unnati Sharma’s commitment and determination were clearly visible throughout the competition.

Shri Modi wished her continued success in all her future endeavours.

The Prime Minister wrote on X;

“More glory for India in Judo!

Congratulations to Unnati Sharma for winning the Bronze Medal in the Women's 63 kg category at the Commonwealth Games 2026. Her commitment and determination were clearly visible during the games. May she keep excelling in all her forthcoming endeavours.

#CWG2026”